< আদিপুস্তক 43 >

1 কনান দেশত আকালে ভয়ানক ৰূপ লৈ উঠিল।
Lakota v deželi pa je bila huda.
2 মিচৰ দেশৰ পৰা কিনি অনা শস্য খাই শেষ হোৱাত, তেওঁলোকৰ বাপেকে ক’লে, “তোমালোকে আকৌ যোৱা আৰু আমাৰ বাবে কিছুমান শস্য কিনি আনাগৈ।”
Pripetilo se je, ko so pojedli žito, ki so ga prinesli iz Egipta, da jim je njihov oče rekel: »Ponovno pojdite, kupite nam malo hrane.«
3 যিহূদাই তেওঁক ক’লে, “সেই পুৰুষে আমাক দৃঢ়ভাৱে সতর্ক কৰি দি কৈছিল যে, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা।’
Juda mu je spregovoril, rekoč: »Človek nam je slovesno izpričal, rekoč: ›Ne boste videli mojega obraza, razen če bo z vami vaš brat.‹
4 এতিয়া তুমি যদি আমাৰ ভাইক আমাৰ লগত পঠোৱা, তেতিয়াহে আমি নামি গৈ তোমাৰ কাৰণে শস্য কিনি আনিম।
Če hočeš z nami poslati našega brata, bomo šli dol in ti kupili hrano,
5 কিন্তু যদি নপঠোৱা, তেন্তে আমি নাযাওঁ; কিয়নো সেই লোকে আমাক কৈছিল, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা’।”
toda če ga nočeš poslati, ne bomo šli dol, kajti človek nam je rekel: ›Ne boste videli mojega obraza, razen če bo z vami vaš brat.‹«
6 ইস্ৰায়েলে ক’লে, “তোমালোকে মোলৈ কিয় এনে দুর্ব্যৱহাৰ কৰিলা? তোমালোকৰ যে এজন ভাই আছে সেই কথানো লোকজনক কিয় ক’লা?”
Izrael je rekel: »Zakaj postopate z menoj tako slabo, da ste možu povedali, da imate še brata?«
7 তেওঁলোকে ক’লে, “সেই লোকজনে আমাৰ আৰু আমাৰ পৰিয়ালৰ সম্বন্ধে পুংখানুপুংখভাবে সুধিছিল; তেওঁ সুধিছিল, ‘তোমালোকৰ পিতা এতিয়াও জীয়াই আছে নে? তোমালোকৰ আৰু কোনো ভাই আছে নে?’ আমিও তেওঁৰ প্রশ্নবোৰৰ উত্তৰ সেইদৰেই দিছিলোঁ; পাছত তেওঁ যে আমাক ‘তোমালোকৰ ভাইক লৈ আনা’ বুলি ক’ব অামি কেনেকৈ জানিম?”
Rekli so: »Mož nas je strogo povprašal o našem stanju in o našem sorodstvu, rekoč: › Ali vaš oče še živi? Imate še enega brata?‹ In povedali smo mu glede na pomen teh besed. Mar bi lahko zagotovo vedeli, da bo rekel: ›Svojega brata pripeljite dol?‹«
8 তেতিয়া যিহূদাই পিতৃ ইস্ৰায়েলক ক’লে, “আপুনি বিন্যামীনক মোৰ লগত পঠাওঁক; আমি, আপুনি আৰু আমাৰ সন্তানবোৰেৰে সৈতে উভয়ে যেন নমৰি জীয়াই থাকিম, তাৰ বাবে আমি সোনকালে ওলাই যাওঁহক।
Juda pa je svojemu očetu Izraelu rekel: »Pošlji dečka z menoj in bomo vstali ter šli, da bomo lahko živeli in ne umrli, tako mi, kakor ti in tudi naši malčki.
9 মই বিন্যামীনৰ বাবে জামিন হৈছোঁ। বিন্যামীনৰ দায়িত্বক লৈ আপুনি মোকে জগৰীয়া কৰিব। মই যদি তাক ঘূৰাই আনি আপোনাৰ সন্মুখলৈ নানো, তেন্তে চিৰকাল মই আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
Jaz bom poroštvo zanj. Iz moje roke ga boš zahteval. Če ti ga ne privedem in postavim predte, potem naj krivdo nosim na veke,
10 ১০ আমি যদি ইমান পলম নকৰিলোঁ হয়, ইতিমধ্যে আমি দ্বিতীয়বাৰো ঘূৰি আহিব পাৰিলোহেঁতেন।”
kajti razen, če se ne bi obotavljali, bi se zagotovo sedaj drugič vrnili.«
11 ১১ তেওঁলোকৰ পিতৃ ইস্ৰায়েলে তেতিয়া ক’লে, “যদি সেয়ে কৰিব লাগে, তেন্তে এতিয়া এটা কাম কৰা। সেই লোকৰ কাৰণে উপহাৰ হিচাবে তোমালোকৰ নিজৰ নিজৰ বস্তাত এই দেশৰ সকলোতকৈ উত্তম দ্ৰব্যবোৰৰ কিছু কিছু লৈ যোৱা; যেনে, কিছু বিষ নিৰাময়ৰ মলম, মৌজোল, মা-মচলা, গন্ধৰস, পেস্তা আৰু বাদাম।
Njihov oče Izrael jim je rekel: »Če mora biti to sedaj tako, storite tole. Vzemite od najboljših sadov dežele v svoje posode in odnesite dol človeku darilo, malo balzama, malo meda, dišave, miro, oreščke in mandlje.
12 ১২ তোমালোকৰ হাতত দুগুণ ধন লোৱা; কাৰণ তোমালোকৰ বস্তাৰ মুখত যি ধন তেওঁলোকে উভটাই দিলে, তাকো ঘূৰাই দিবলৈ লৈ যোৱা। হয়তো ভুলতে সেয়া তোমালোকক দিছিল।
V svoje roke vzemite dvojen denar. Denar, ki je bil priveden nazaj v ustjih vaših vreč, ga ponovno odnesite v svoji roki; morda je bila to pomota.
13 ১৩ তোমালোকৰ ভাইক লৈ সোনকালে সেই লোকৰ ওচৰলৈ আকৌ যোৱাহঁক।
Vzemite tudi svojega brata in vstanite, ponovno pojdite k človeku.
14 ১৪ সেই লোক জনে তোমালোকক যেন দয়া কৰে, সৰ্ব্বশক্তিমান ঈশ্বৰে ইয়াকে কৰক আৰু তোমালোকৰ আনজন ভাই চিমিয়োন আৰু বিন্যামীনক তোমালোকলৈ এৰি দিয়ে। মই যদি পুত্রহীনৰ শোক ভুগিব লগাই হয়, তেন্তে তেনেকৈয়ে থাকিম।”
Bog Vsemogočni pa naj vam da usmiljenje pred človekom, da lahko odpošlje proč vašega drugega brata in Benjamina. Če bom oropan svojih otrok, sem oropan.«
15 ১৫ তেতিয়া তেওঁলোকে সেই উপহাৰ, হাতত দুগুণ ধন আৰু বিন্যামীনক লগত লৈ মিচৰ দেশলৈ নামি গ’ল, আৰু তেওঁলোক যোচেফৰ সন্মুখত উপস্থিত হ’ল।
Možje so vzeli to darilo in v svojo roko vzeli dvojen denar in Benjamina. Vstali so in odšli dol k Egiptu in obstali pred Jožefom.
16 ১৬ তাতে তেওঁলোকৰ লগত বিন্যামীনক দেখি, যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক ক’লে, “এই লোকসকলক ঘৰৰ ভিতৰলৈ লৈ আহা আৰু এটা পশু মাৰি আহাৰ যুগুত কৰা; এই লোকসকলে দুপৰীয়া মোৰ সৈতে ভোজন কৰিব।”
Ko je Jožef z njimi zagledal Benjamina je gospodarju svoje hiše rekel: »Privedi te može domov in zakolji in pripravi, kajti ti možje bodo opoldan kosili z menoj.«
17 ১৭ যোচেফে যিদৰে ক’লে, ঘৰগিৰীয়ে সেইদৰেই কৰিলে; তেওঁ তেওঁলোকক যোচেফৰ ঘৰলৈ লৈ আহিল।
Človek je storil kakor je Jožef zaukazal in človek je može privedel v Jožefovo hišo.
18 ১৮ যোচেফৰ ঘৰলৈ তেওঁলোকক লৈ যোৱাৰ বাবে তেওঁলোকে ভয়তে কোৱাকুই কৰি ক’লে, “আগৰ বাৰত যি ধন আমাৰ বস্তাৰ ভিতৰত উভটি গ’ল, তাৰ কাৰণেই আমাক তালৈ লৈ আনিছে নেকি; এইবাৰ হয়তো আমাৰ বিৰুদ্ধে দোষ বিচাৰি তেওঁ আমাক বন্দী কৰি থ’ব আৰু আমাৰ গাধবোৰকো লৈ আমাক তেওঁৰ দাস কৰি ৰাখিব।”
Možje pa so bili prestrašeni, ker so bili privedeni v Jožefovo hišo. Rekli so: »Zaradi denarja, ki je bil prvič vrnjen v naše vreče, smo bili privedeni noter; da lahko zoper nas iščejo priložnost in padejo na nas in vzamejo za sužnje nas in naše osle.«
19 ১৯ সেয়ে তেওঁলোকে যোচেফৰ ঘৰৰ দুৱাৰ মুখত ঘৰগিৰীজনৰ কাষলৈ গ’ল।
Približali so se oskrbniku Jožefove hiše ter se z njim posvetovali pri hišnih vratih
20 ২০ তেওঁলোকে ক’লে, “মালিক, আমি ইয়াৰ আগেয়েও প্রথমবাৰ শস্য কিনিবলৈ আহিছিলোঁ;
in rekli: »Oh gospod, prvič smo zares prišli dol, da kupimo hrano
21 ২১ কিন্তু উলটি যোৱাৰ পথত বিশ্রামৰ ঠাই পোৱাত আমি আমাৰ বস্তা মেলোতেই দেখিলোঁ যে, আমাৰ সম্পূর্ণ ধন প্ৰতিজনৰ বস্তাৰ মুখত আছিল; আমি এতিয়া সেই ধন উভটাই আনিছোঁ।
in pripetilo se je, ko smo prišli v gostišče, da smo odprli svoje vreče in glej, denar vsakega človeka je bil v ustju njegove vreče, naš denar v polni teži in mi smo ga ponovno prinesli v svoji roki.
22 ২২ ইয়াৰ উপৰিও আমি শস্য কিনিবলৈ লগত ধন আনিছোঁ। আমাৰ সেই ধন আমাৰ বস্তাৰ ভিতৰত কোনে যে সুমুৱাই দিছিল, তাক আমি নাজানো।”
In še en denar smo prinesli dol v svojih rokah, da kupimo hrano. Ne moremo povedati, kdo je naš denar položil v naše vreče.«
23 ২৩ সেই ঘৰগিৰীয়ে তেতিয়া কলে, “আপোনালোকে ভয় কৰিব নালাগে, শান্তি মনেৰে থাকক। আপোনালোকৰ আৰু আপোনালোকৰ পিতৃৰ ঈশ্বৰেই নিশ্চয়কৈ সেই ধন আপোনালোকৰ বস্তাত ৰাখিছিল। মই কিন্তু আপোনালোকৰ ধন পালোঁ।” পাছত ঘৰগিৰীজনে চিমিয়োনক বাহিৰ কৰি তেওঁলোকৰ ওচৰলৈ আনিলে।
Rekel je: »Mir vam bodi, ne bojte se. Vaš Bog in Bog vašega očeta vam je v vaše vreče dal zaklad. Jaz sem imel vaš denar.« In k njim je privedel Simeona.
24 ২৪ তাৰ পাছত ঘৰগিৰীয়ে সেই সকলো লোকক যোচেফৰ ঘৰৰ ভিতৰলৈ লৈ গৈ পানী দিলে আৰু তেওঁলোকে নিজৰ ভৰি ধুলে; তেওঁ তেওঁলোকৰ গাধবোৰকো খাবলৈ দিলে।
Človek je može privedel v Jožefovo hišo in jim dal vode in umili so si svoja stopala in njihovim oslom je dal krmo.
25 ২৫ যোচেফ দুপৰীয়া আহিব বুলি তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ যুগুত কৰি ৰাখিলে। কিয়নো তেওঁলোকে শুনিছিল যে তেওঁলোকৰ খোৱা-বোৱা তাতেই হ’ব।
In pripravili so darilo za Jožefa, ki je prišel opoldan, kajti slišali so, da bodo tam jedli kruh.
26 ২৬ যোচেফ যেতিয়া ঘৰলৈ আহিল, তেতিয়া তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ ঘৰৰ ভিতৰলৈ আনি তেওঁক দিলে আৰু মাটিত উবুৰি হৈ পৰি তেওঁক প্ৰণিপাত কৰিলে।
Ko je Jožef prišel domov, so mu prinesli darilo, ki je bilo v njihovi roki, v hišo in se mu priklonili k zemlji.
27 ২৭ তেওঁলোকৰ কুশল মঙ্গল জনাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ বৃদ্ধ পিতাৰ কথা যে তোমালোকে কৈছিলা, তেওঁ ভালে আছে নে? তেওঁ এতিয়ালৈকে জীয়াই আছে নে?”
Vprašal jih je o njihovi blaginji in rekel: » Ali je vaš oče zdrav, starec, o katerem ste govorili? Ali še živi?«
28 ২৮ তেওঁলোকে ক’লে, “আপোনাৰ দাস আমাৰ পিতৃ এতিয়াও জীয়াই আছে আৰু তেওঁ ভালে আছে।” এই বুলি তেওঁলোকে উবুৰি হৈ প্ৰণিপাত কৰিলে।
Odgovorili so: »Tvoj služabnik, naš oče, je dobrega zdravja, on je še vedno živ.« In sklonili so svoje glave in se globoko priklonili.
29 ২৯ তেতিয়া তেওঁ চকু তুলি নিজ মাকৰ পুতেক ভায়েক বিন্যামীনক দেখি ক’লে, “এওঁৱেই নেকি তোমালোকৰ সেই সৰু ভাই, যি জনৰ কথা তোমালোকে মোক কৈছিলা?” তেওঁ তাক ক’লে, “বোপা, ঈশ্বৰে তোমাক আশীর্বাদ কৰক।”
Povzdignil je svoje oči in zagledal svojega brata Benjamina, sina svoje matere ter rekel: » Ali je to vaš mlajši brat, o katerem ste mi govorili?« Rekel je: »Bog ti bodi milostljiv, moj sin.«
30 ৩০ নিজ ভায়েকক দেখি মৰমতে যোচেফৰ অন্তৰ শোকত ভাগি পৰিল। তেওঁ কান্দিবলৈ ঠাই বিচাৰি বেগাবেগিকৈ সেই ঠাইৰ পৰা ওলাই গ’ল আৰু নিজৰ কোঁঠালিত সোমাই কান্দিবলৈ ধৰিলে।
Jožef se je podvizal, kajti njegova notranjost je hrepenela za njegovim bratom in iskal je kje bi se zjokal in vstopil v svojo sobo in se tam zjokal.
31 ৩১ পাছত তেওঁ নিজৰ চকু-মুখ ধুই বাহিৰলৈ আহিল আৰু নিজকে নিয়ন্ত্রণ কৰি আহাৰ পৰিবেশন কৰিবলৈ ক’লে।
Umil si je obraz, odšel ven in se zadrževal ter rekel: »Pripravite kruh.«
32 ৩২ তেতিয়া দাসবোৰে যোচেফক, তেওঁৰ ভায়েক-ককায়েকসকলক আৰু যি মিচৰীয়সকলে যোচেফৰ লগত ভোজন কৰে, তেওঁলোকক বেলেগ বেলেগকৈ খাবলৈ দিলে; কিয়নো মিচৰীয়সকলে ইব্ৰীয়াসকলৰ সৈতে খোৱা-বোৱা নকৰে; কাৰণ সেয়া মিচৰীয়সকলৰ কাৰণে এক ঘৃণনীয় কাৰ্য।
Pripravili so posebej zanj in posebej zanje in posebej za Egipčane, ki so jedli z njim, ker Egipčani ne smejo jesti kruha s Hebrejci, kajti to je Egipčanom ogabnost.
33 ৩৩ ভায়েক-ককায়েকসকল যোচেফৰ সন্মুখত বয়স অনুসাৰে জ্যেষ্ঠৰ পৰা কনিষ্ঠজন বহিল। তাতে তেওঁলোক সকলোৱে একেলগে আচৰিত মানিলে।
Sedeli so pred njim, prvorojenec glede na njegovo pravico prvorojenstva in najmlajši glede na svojo mladost in možje so se čudili drug drugemu.
34 ৩৪ তাৰ পাছত যোচেফে তেওঁৰ নিজৰ সন্মুখৰ আহাৰৰ পৰা কিছু ভাগ ভায়েক-ককায়েকসকলক দিবলৈ দিলে। কিন্তু আন সকলো ভায়েক-ককায়েকসকলৰ ভাগতকৈ বিন্যামীনক পাঁচ গুণ অধিক দিয়া হ’ল। এইদৰে তেওঁলোকে যোচেফৰ সৈতে ভোজন-পান কৰি আনন্দ কৰিলে।
Vzel je in jim poslal jedi izpred sebe, toda Benjaminovih jedi je bilo petkrat več kakor od kateregakoli izmed njih. In pili so in bili veseli z njim.

< আদিপুস্তক 43 >