< আদিপুস্তক 29 >

1 পাছত যাকোবে যাত্ৰা কৰি কৰি পূৱদেশীয় লোকসকলৰ দেশ পালেগৈ।
Then Jacob went on his journey, and came to the land of the people of the east.
2 তাত তেওঁ চাৰিওফালে চাই পথাৰৰ মাজত এটা নাদ দেখা পালে। সেই নাদটোৰ ওচৰত তিনি জাক মেৰ-ছাগ শুই আছিল। ৰখীয়াবোৰে সেই নাদৰ পৰা জাকবোৰক পানী খুৱায়। নাদটোৰ মুখত এটা ডাঙৰ শিল আছিল।
He looked and saw a well in the field, and look, three flocks of sheep lying there by it. For out of that well they watered the flocks. The stone on the well's mouth was large.
3 যেতিয়া মেৰ-ছাগৰ জাকবোৰ আহি তাৰ কাষত গোট খায়, তেতিয়া ৰখীয়াবোৰে নাদৰ মুখৰ পৰা শিলটো আঁতৰাই মেৰ-ছাগবোৰক পানী খুৱায় আৰু তাৰ পাছত পুণৰায় নাদৰ মুখত শিলটো আগৰ দৰে থৈ দিয়ে।
Now all the flocks would be gathered there, and they would roll the stone from the well's mouth, and water the sheep, and put the stone again on the well's mouth in its place.
4 যাকোবে তেওঁলোকক সুধিলে “হে ভাইসকল, আপোনালোক ক’ৰ মানুহ?” তেওঁলোকে ক’লে “আমি হাৰণৰ মানুহ।”
Jacob said to them, "My brothers, where are you from?" They said, "We are from Haran."
5 যাকোবে তেওঁলোকক সুধিলে, “আপোনালোকে নাহোৰৰ পো-নাতি লাবনক চিনি পাইনে?” তেওঁলোকে ক’লে, “হয়, আমি চিনি পাওঁ।”
He said to them, "Do you know Laban, the grandson of Nahor?" They said, "We know him."
6 তেওঁ তেওঁলোকক সুধিলে, “তেওঁ ভালে আছেনে?” তেওঁলোকে ক’লে, “হয়, তেওঁ ভালে আছে; সৌৱা চাওঁক, তেওঁৰ জীয়েক ৰাহেলে মেৰ-ছাগৰ জাক লৈ আহিছে।”
He said to them, "Is it well with him?" They said, "It is well. See, Rachel, his daughter, is coming with the sheep."
7 যাকোবে ক’লে, “চোৱা, বেলি পৰিবলৈ এতিয়াও বহুত দেৰি আছে; পশুবোৰ এঠাইত গোট খোৱাৰ সময় এতিয়াও হোৱা নাই। আপোনালোকে মেৰ-ছাগবোৰক পানী খুৱাই আকৌ চৰাবলৈ লৈ যাওঁক।”
He said, "Look, it is still the middle of the day, not time to gather the livestock together. Water the sheep, and go, pasture them."
8 কিন্তু তেওঁলোকে ক’লে, “আটাইবোৰ পশুৰ জাক একেলগে গোট নাখায় মানে আমি সেইবোৰক পানী খুৱাব নোৱাৰোঁ; পাছত নাদৰ মুখৰ পৰা শিলটো আতৰোৱা হব আৰু তেতিয়াহে আমি মেৰ-ছাগবোৰক পানী খুৱাব পাৰিম।”
They said, "We can't, until all the flocks are gathered together, and they roll the stone from the well's mouth. Then we water the sheep."
9 যাকোবে তেওঁলোকৰ সৈতে কথাবাৰ্তা হৈ থাকোঁতেই, ৰাহেলে নিজৰ পিতৃৰ মেৰ-ছাগবোৰক লৈ সেই ঠাই পালেহি; কিয়নো তেওঁ সেই জাকবোৰক চৰাইছিল।
While he was yet speaking with them, Rachel came with her father's sheep, for she was tending them.
10 ১০ যাকোবে নিজৰ মোমায়েক লাবনৰ জীয়েক ৰাহেল আৰু তেওঁৰ মেৰ-ছাগবোৰক দেখি ওচৰ চাপি গ’ল। তেওঁ নাদৰ মুখৰ পৰা শিলচটা আঁতৰাই দি মেৰ-ছাগৰ জাকক পানী খুৱালে।
It happened, when Jacob saw Rachel the daughter of Laban, his mother's brother, and the sheep of Laban, his mother's brother, that Jacob went over and rolled the stone from the well's mouth and watered the flock of Laban his mother's brother.
11 ১১ তাৰ পাছত যাকোবে ৰাহেলক চুমা খাই বৰকৈ কান্দিবলৈ ধৰিলে।
Jacob kissed Rachel, and wept loudly.
12 ১২ তেওঁ ৰাহেলক জনালে যে, তেওঁ তাইৰ পিতৃৰ আত্মীয়, ৰিবেকাৰ ল’ৰা। তেতিয়া ৰাহেলে দৌৰি গৈ নিজৰ পিতৃক এই কথা জনালে।
Jacob told Rachel that he was her father's brother, and that he was Rebekah's son. She ran and told her father.
13 ১৩ লাবনে নিজৰ ভনীয়েকৰ ল’ৰা যাকোব অহাৰ খবৰ পাই আগবঢ়াই নিবলৈ দৌৰি আহি তেওঁক সাৱটি ধৰি চুমা খালে আৰু নিজৰ ঘৰলৈ লৈ গ’ল। তেতিয়া যাকোবে লাবনক তেওঁ অহাৰ সকলো কথা জনালে।
It happened, when Laban heard the news of Jacob, his sister's son, that he ran to meet Jacob, and embraced him, and kissed him, and brought him to his house. Jacob told Laban all these things.
14 ১৪ লাবনে তেওঁক ক’লে, “তুমি সচাঁকৈয়ে মোৰ শৰীৰৰ হাড় আৰু মঙহৰ লোক।” তাৰ পাছত যাকোব লাবনৰ ঘৰত এমাহ থাকিল।
Laban said to him, "Surely you are my bone and my flesh." He lived with him for a month.
15 ১৫ এদিন লাবনে যাকোবক ক’লে, “তুমি মোৰ আত্মীয় হোৱা বাবে জানো বিনা পাৰিশ্রমিককেৰে মোৰ সেৱা কৰা উচিত? তুমি কি বেচ লবা, তাক মোক কোৱা।”
Laban said to Jacob, "Because you are my brother, should you therefore serve me for nothing? Tell me what your wages should be?"
16 ১৬ লাবনৰ দুজনী জীয়েক আছিল; তাৰে বৰ জনীৰ নাম লেয়া আৰু সৰু জনীৰ নাম ৰাহেল।
Laban had two daughters. The name of the older was Leah, and the name of the younger was Rachel.
17 ১৭ লেয়াৰ চকু দুটা দুৰ্বল দৃষ্টিশক্তিৰ আছিল; কিন্তু ৰাহেল গঠণত ধুনীয়া আৰু দেখনীয়া আছিল।
Leah looked rather plain, but Rachel was beautiful in form and beautiful in appearance.
18 ১৮ যাকোবে ৰাহেলক প্ৰেম কৰিছিল; সেয়ে তেওঁ ক’লে, “আপোনাৰ সৰু ছোৱালী ৰাহেলৰ কাৰণে মই সাত বছৰ আপোনাৰ সেৱা কৰি দিম।”
Jacob loved Rachel. He said, "I will serve you seven years for Rachel, your younger daughter."
19 ১৯ তেতিয়া লাবনে ক’লে, “ৰাহেলক আন কোনো মানুহক দিয়াতকৈ তোমাক দিয়াই ভাল; তুমি মোৰ লগতে থাকা।”
Laban said, "It is better that I give her to you, than that I should give her to another man. Stay with me."
20 ২০ সেয়ে, যাকোবে ৰাহেলৰ কাৰণে সাত বছৰ সেৱা কার্য কৰিলে; ৰাহেলক প্ৰেম কৰাৰ কাৰণেই সেই বছৰবোৰ যাকোবৰ মনত মাত্র অলপ দিন যেন লাগিল।
Jacob served seven years for Rachel, and it seemed only a few days to him because of his love for her.
21 ২১ তাৰ পাছত যাকোবে লাবনক ক’লে, “মোৰ কামৰ কাল পূৰ হৈ গ’ল; গতিকে মই যেন বিবাহত বহিব পাৰোঁ, সেয়ে মোৰ ভাৰ্যাক মোক দিয়ক।”
Jacob said to Laban, "Give me my wife, for my time is completed, so that I may sleep with her."
22 ২২ তেতিয়া লাবনে সেই ঠাইৰ সকলো মানুহক গোটাই এটা ভোজৰ আয়োজন কৰিলে।
Laban gathered together all the people of the place, and gave a feast.
23 ২৩ পাছত সন্ধিয়া সময়ত লাবনে তেওঁৰ জীয়েক লেয়াক আনি যাকোবৰ ওচৰত দিলে আৰু যাকোবে লেয়াক শয্যাৰ সঙ্গী কৰিলে।
It happened in the evening, that he took Leah his daughter and brought her to him, and he slept wit her.
24 ২৪ লাবনে নিজৰ দাসী জিল্পাক জীয়েক লেয়াক তেওঁৰ দাসী হিচাবে দিলে।
Laban gave Zilpah his female servant to his daughter Leah as a servant.
25 ২৫ ৰাতিপুৱা হোৱাত যাকোবে আচৰিত হৈ দেখিলে যে, এওঁ দেখুন লেয়াহে! যাকোবে লাবনক ক’লে, “আপুনি মোলৈ এইটো কি কাম কৰিলে? ৰাহেলৰ কাৰণে মই জানো আপোনাৰ সেৱা কৰা নাছিলো? তেন্তে মোক কিয় ছলনা কৰিলে?”
It happened in the morning that, look, it was Leah. He said to Laban, "What is this you have done to me? Did I not work for you to have Rachel? Why then have you deceived me?"
26 ২৬ তেতিয়া লাবনে ক’লে, “ডাঙৰ জনীৰ আগেয়ে সৰু জনীক বিয়া দিয়া আমাৰ নিয়ম নাই।
Laban said, "It is not our custom here to give the younger before the firstborn.
27 ২৭ এতিয়া তুমি মোৰ এই ছোৱালীৰ বিবাহৰ উৎসৱ সপ্তাহ পূর্ণ কৰা। তুমি আৰু সাত বছৰ মোৰ সেৱা কৰিলে, আমি তোমাক আন জনীও দিম।”
Finish the week of this one, and I will give you the other also in exchange for the work which you are to serve with me for another seven years."
28 ২৮ তেতিয়া যাকোবে সেইদৰেই কৰিলে আৰু লেয়াৰ সপ্তাহো সম্পূর্ণ কৰিলে। তাৰ পাছত লাবনে তেওঁৰ জীয়েক ৰাহেলকো তেওঁৰ লগত বিয়া দিলে।
Then Jacob did so, and fulfilled her week. He gave him Rachel his daughter as wife.
29 ২৯ লাবনে তেওঁৰ দাসী বিলহাকো জীয়েক ৰাহেলক তেওঁৰ দাসী ৰূপে দিলে।
Laban gave to Rachel his daughter Bilhah, his female servant, to be her servant.
30 ৩০ এইদৰে যাকোবে ৰাহেলকো বিয়া কৰিলে; কিন্তু তেওঁ লেয়াতকৈ ৰাহেলক অধিক প্ৰেম কৰিলে; তাৰ পাছত তেওঁ আৰু সাত বছৰ খাটি লাবনৰ সেৱা কৰিলে।
So he slept with Rachel also, and he loved Rachel more than Leah. And he worked with him another seven years.
31 ৩১ যিহোৱাই লেয়াক অৱহেলা কৰা দেখি, তেওঁক গৰ্ভধাৰণৰ ক্ষমতা দিলে; কিন্তু ৰাহেল নিঃসন্তান হ’ল।
The LORD saw that Leah was unloved, so he made her fertile, but Rachel was barren.
32 ৩২ লেয়া গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তানৰ জন্ম দিলে আৰু তাৰ নাম থলে ৰূবেণ [পুত্ৰক চোৱা]; কিয়নো তেওঁ ক’লে, “যিহোৱাই মোৰ দুখ দেখিলে, সেয়ে এতিয়া মোৰ স্বামীয়ে মোক প্ৰেম কৰিব।”
Leah conceived, and bore a son, and she named him Reuben. For she said, "Because God has looked at my affliction, and given me a son. For now my husband will love me."
33 ৩৩ তাৰ পাছত লেয়া পুনৰ গৰ্ভৱতী হ’ল আৰু তেওঁৰ এটি পুত্ৰ জন্মিল। তেওঁ ক’লে, “মোক অৱহেলা কৰাৰ কথা যিহোৱাই শুনিলে আৰু সেয়ে মোক এই ল’ৰাটিও দিলে।” তেওঁ সেই পুত্রৰ নাম চিমিয়োন [শ্ৰৱণ] ৰাখিলে।
She conceived again, and bore a son, and said, "Because God has heard that I am unloved, he has therefore given me this son also." So she named him Simeon.
34 ৩৪ পুনৰ তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক’লে, “এইবাৰ মোৰ স্বামী মোত আসক্ত হ’ব; কিয়নো মই তেওঁলৈ তিনিটি পুত্ৰ প্ৰসৱ কৰিলোঁ।” এইবুলি তেওঁ ল’ৰাটোৰ নাম লেবী ৰাখিলে।
She conceived again, and bore a son. She said, "Now this time my husband will become attached to me, since I have given him three sons." Therefore he was named Levi.
35 ৩৫ তাৰ পাছত তেওঁ পুনৰায় গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক’লে, “এইবাৰ মই যিহোৱাৰ প্ৰশংসা কৰিম।” সেয়ে তেওঁ ল’ৰাটোৰ নাম যিহূদা ৰাখিলে; তাৰ পাছত তেওঁৰ আৰু সন্তান জন্ম নহ’ল।
She conceived again, and bore a son. She said, "This time will I praise the LORD." Therefore she named him Judah. Then she stopped bearing.

< আদিপুস্তক 29 >