< এজরা 7 >

1 এই সকলো হোৱাৰ পাছত, ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ সময়ত ইজ্ৰাৰ বংশধৰসকল, চৰায়া, অজৰিয়া, হিল্কিয়া,
Po těch pak věcech, za kralování Artaxerxa krále Perského, Ezdráš syn Saraiáše, syna Azariášova, syna Helkiášova,
2 চল্লুম, চাদোক, অহীটুব,
Syna Sallumova, syna Sádochova, syna Achitobova,
3 অমৰিয়া, অজৰিয়া, মৰায়োৎ,
Syna Amariášova, syna Azariášova, syna Meraiotova,
4 জৰহীয়া, উজ্জী, বুক্কী,
Syna Zerachiášova, syna Uzi, syna Bukki,
5 অবীচুৱা, পীনহচ, ইলিয়াজৰ, তাৰ পাছত হাৰোণ প্রধান পুৰোহিত।
Syna Abisuova, syna Fínesova, syna Eleazarova, syna Aronova, kněze nejvyššího,
6 ইজ্ৰা বাবিল ত্যাগ কৰিলে। ঈশ্বৰ যিহোৱাই ইস্রায়েলক দিয়া মোচিৰ বিধান-পুস্তকৰ তেওঁ এজন পাৰ্গত অধ্যাপক আছিল। তেওঁ যি বস্তুৱেই খুজিছিল ৰজাই তেওঁক দিছিল, কাৰণ ঈশ্বৰ যিহোৱা তেওঁৰ লগত আছিল।
Tento Ezdráš vyšel z Babylona, a byl člověk zběhlý v zákoně Mojžíšově, kterýž dal Hospodin Bůh Izraelský, a dal mu král podlé toho, jakž ruka Hospodina Boha jeho byla s ním, všecko, zač ho koli žádal.
7 ইস্ৰায়েলৰ বংশধৰ সকলৰ কিছুমানক, আৰু পুৰোহিতসকল, লেবীয়াসকল, মন্দিৰৰ গায়কসকল, দুৱৰীসকল, আৰু যি সকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল, তেওঁলোকো ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্ৱৰ সপ্তম বছৰত যিৰূচালেমলৈ গৈছিল।
Vyšli také synové Izraelští a kněží, i Levítové a zpěváci, vrátní a Netinejští do Jeruzaléma, léta sedmého Artaxerxa krále.
8 ইজ্রা সেই একে বছৰৰ পঞ্চম মাহত যিৰূচালেমলৈ গৈ পালে।
A přišel do Jeruzaléma pátého měsíce. Tenť jest rok sedmý krále Daria.
9 তেওঁ প্ৰথম মাহৰ, প্ৰথম দিনা বাবিল ত্যাগ কৰিছিল। তেওঁৰ ওপৰত ঈশ্বৰৰ দৃষ্টি মঙ্গলময় আছিল আৰু পঞ্চম মাহৰ প্ৰথম দিনা তেওঁ যিৰূচালেমলৈ গৈ পাইছিল।
Prvního zajisté dne měsíce prvního vyšel z Babylona, a prvního dne měsíce pátého přišel do Jeruzaléma s pomocí Boha svého.
10 ১০ ইজ্ৰা যিহোৱাৰ বিধান-পুস্তকৰ আজ্ঞাবোৰ অধ্যয়ন আৰু পালন কৰিবলৈ, বিধান-প্রণালী আৰু আজ্ঞাবোৰ শিকাবলৈ নিজৰ মন স্থিৰ কৰিলে।
Nebo Ezdráš byl uložil v srdci svém, aby zpytoval zákon Hospodinův i plnil jej, a aby učil lid Izraelský ustanovením a soudům.
11 ১১ ৰজা অৰ্তক্ষত্ৰ ইস্ৰায়েলৰ আজ্ঞাবোৰৰ আৰু বিধানৰ অধ্যাপক পুৰোহিত ইজ্ৰাক দিয়া আজ্ঞা এইখন:
Tento pak jest přípis listu, kterýž dal král Artaxerxes Ezdrášovi knězi umělému v zákoně, zběhlému v těch věcech, kteréž přikázal Hospodin, a v ustanoveních jeho v Izraeli:
12 ১২ “স্বৰ্গৰ ঈশ্বৰৰ বিধান-পুস্তকৰ অধ্যাপক পুৰোহিত ইজ্ৰালৈ ৰজাৰো ৰজা অৰ্তক্ষত্ৰৰ নমস্কাৰ।
Artaxerxes, král nad králi, Ezdrášovi knězi umělému v zákoně Boha nebeského, muži zachovalému i Cheenetským.
13 ১৩ মই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্য ইস্রায়েলৰ পৰা কোনো এজন লোকে, তেওঁলোকৰ পুৰোহিত ও লেবীয়াসকলৰ লগত যি জনে নিজৰ ইচ্ছাৰে যিৰূচালেমলৈ যাব খোজে, তেওঁলোকে আপোনাৰ লগত যাব পাৰে।
Ode mne jest přikázáno, kdož by koli v království mém z lidu Izraelského, a z kněží jeho i z Levítů, dobrovolně jíti chtěl s tebou do Jeruzaléma, aby šel.
14 ১৪ ঈশ্ৱৰৰ বিধান অনুসাৰে যিহূদা আৰু যিৰূচালেমৰ বিষয়ে সম্পূৰ্ণকৈ বুজি-বিচাৰ ল’বলৈ মই, ৰজাই আৰু মোৰ সাতজন পৰামৰ্শদাতাই আপোনাক পঠালোঁ।
Poněvadž jsi od krále a sedmi rad jeho poslán, abys dohlédal k Judstvu a k Jeruzalému podlé zákona Boha svého, kterýž máš v ruce své,
15 ১৫ তেওঁলোকে মুক্তভাৱে যিৰূচালেমত থকা ইস্রায়েলৰ ঈশ্ৱৰক, আৰু তেওঁৰ গৃহৰ বাবে দিয়া ৰূপ আৰু সোণ,
A abys donesl stříbro a zlato, kteréž král a rady jeho dobrovolně obětovali Bohu Izraelskému, jehož příbytek jest v Jeruzalémě,
16 ১৬ লগতে লোক সমূহৰ যোগেদি আৰু পুৰোহিত সকলৰ দ্বাৰাই মুক্তভাৱে যিৰূচালেমৰ ঈশ্বৰৰ গৃহৰ বাবে দিয়া দান আৰু বাবিলৰ লোকসকলে দিয়া সকলো ৰূপ আৰু সোণ লগত লৈ আহিব।
A všecko stříbro a zlato, kteréhož bys dostal ve vší krajině Babylonské u těch, kteříž by z lidu dobrovolně co obětovati chtěli, i s kněžími, kteříž by dobrovolně obětovali k domu Boha svého, kterýž jest v Jeruzalémě,
17 ১৭ সেয়ে আপুনি ষাঁড়-গৰু, মতা মেৰ-ছাগ, আৰু মেৰ-ছাগ পোৱালিবোৰ, ভক্ষ্য ও পেয়-নৈবেদ্যৰ বাবে কিনক। যিৰূচালেমত থকা আপোনাৰ ঈশ্বৰৰ গৃহৰ যজ্ঞ-বেদিৰ ওপৰত সেই বোৰ উৎসৰ্গ কৰিব।
Abys rychle nakoupil za to stříbro telat, skopců, beránků s suchými i mokrými obětmi jejich, a obětoval je na oltáři domu Boha vašeho v Jeruzalémě.
18 ১৮ অৱশিষ্ট থকা ৰূপ আৰু সোণেৰে আপুনি আৰু আপোনাৰ ভাইসকলে আপোনালোকৰ ঈশ্বৰৰ ইচ্ছা অনুসাৰে যি কৰিবলৈ ভাল দেখে তাকে কৰিব।
A což se koli tobě a bratřím tvým za dobré viděti bude, s ostatkem stříbra a zlata učiniti, vedlé vůle Boha vašeho učiňte.
19 ১৯ আপোনাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে আপোনাক মুক্তভাৱে দিয়া বস্তুবোৰ যিৰূচালেমত ঈশ্বৰৰ সাক্ষাতে দি দিব।
Nádoby pak, kteréžť jsou dány k službě domu Boha tvého, navrať před Bohem v Jeruzalémě,
20 ২০ তাৰ বাহিৰে আপোনাৰ ঈশ্বৰৰ গৃহৰ কাৰণে যি প্রয়োজনীয় বাকী থাকিব, সেইবোৰ মোৰ ৰাজভঁৰালৰ পৰা খৰচ কৰি কিনি ল’ব।
I jiné věci přináležející k domu Boha tvého. A což by bylo potřebí dáti, dáš z komory královské.
21 ২১ মই ৰজা অৰ্তক্ষত্ৰই নদীৰ সিপাৰে থকা সকলো কোষাধ্যক্ষক আজ্ঞা দিছোঁ যে, ‘ইজ্ৰাই তোমালোকৰ পৰা যি বস্তু খুজিব, তোমালোকে তেওঁক সম্পূৰ্ণকৈ দিবা।
A já, já Artaxerxes král poručil jsem všechněm výběrčím, kteříž jste za řekou, aby všecko, čehož by koli žádal od vás Ezdráš kněz, učitel zákona Boha nebeského, rychle se stalo,
22 ২২ এশ কিক্কৰলৈকে ৰূপ, এশ কোৰলৈকে ঘেঁহু, এশ বটললৈকে দ্রাক্ষাৰস, আৰু এশ বটললৈকে তেল, আৰু অপৰিমিতৰূপে লোণ দিব।
Až do sta centnéřů stříbra, a až do sta měr pšenice, a až do sta sudů vína, a až do sta tun oleje, a soli bez míry.
23 ২৩ স্বৰ্গৰ ঈশ্বৰৰ আজ্ঞাৰ পৰা অহা যিকোনো বস্তু তেওঁৰ গৃহৰ অৰ্থে ভক্তিভাৱে ব্যৱহাৰ কৰিব লাগে; কাৰণ তেওঁৰ ক্রোধ মোৰ আৰু মোৰ পুত্ৰসকলৰ ৰাজ্যৰ ওপৰত আনিম?
Což by koli bylo z rozkazu Boha nebeského, nechť rychle spraví k domu Boha nebeského. Nebo proč má býti prchlivost jeho proti království královu i synům jeho?
24 ২৪ আমি তেওঁলোকক জনাইছোঁ যে, পুৰোহিত, লেবীয়া, বাদ্যকৰ, দুৱৰী, বা মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা লোকসকল আৰু ঈশ্বৰৰ গৃহৰ দাসবোৰৰ মাজৰ কাৰো ওপৰতেই কোনো প্রকাৰৰ কৰ-কাটল ধাৰ্য্য কৰা নহ’ব’।
Také vám oznamujeme, aby na žádného z kněží a Levítů, zpěváků, vrátných, Netinejských a služebníků v domě Boha toho, platu, cla a úroku žádný úředník nevzkládal.
25 ২৫ হে ইজ্ৰা, আপোনাৰ ঈশ্বৰে আপোনাক দিয়া জ্ঞানেৰে, ঈশ্বৰৰ বিধান জনা এজনক শাসনকৰ্ত্তা আৰু বিচাৰকৰ্ত্তা নিযুক্ত কৰা উচিত, কাৰণ তেতিয়া তেওঁ নদীৰ সিপাৰে থকা লোকসকলক সেৱা কৰিব পাৰিব, আৰু যি সকলে বিধান নাজানে তেওঁলোকক নিশ্চয় শিকোৱাও প্রয়োজন।
Přesto, ty Ezdráši, podlé moudrosti Boha svého, kterouž jsi obdařen, nařídíš soudce a rádce, kteříž by soudili všecken lid, jenž jest za řekou, ze všech, kteříž povědomi jsou zákona Boha tvého. A kdo by neuměl, budete učiti.
26 ২৬ যি কোনোৱে ঈশ্বৰৰ বিধান বা ৰজাৰ বিধান সম্পূৰ্ণকৈ পালন নকৰে, তেওঁক প্ৰাণদণ্ডৰ দ্ৱাৰাই বা দেশান্তৰ কৰাৰ দ্ৱাৰাই বা সম্পত্তি আটক কৰণৰ দ্ৱাৰাই, বা বন্দী কৰাৰ দ্ৱাৰাই শাস্তি দিয়া হওক।”
Kdož by pak koli neplnil zákona Boha tvého a zákona králova, ať se i hned soud vynese o něm, buď k smrti, buďto k vypovědění jeho, neb aby na statku pokutován byl, aneb vězením trestán.
27 ২৭ আমাৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ প্রশংসা হওক; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহৰ গৌৰৱাম্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে,
Požehnaný Hospodin Bůh otců našich, kterýž dal to srdce královo, aby zvelebil dům Hospodinův, kterýž jest v Jeruzalémě,
28 ২৮ আৰু তেৱেঁই ৰজাৰ, তেওঁৰ পৰামৰ্শদাতাসকলৰ, আৰু তেওঁৰ সকলো পৰাক্ৰমী কৰ্মচাৰীসকলৰ আগত মোক বিশ্ৱাসীৰূপে বিস্তৃত কৰিলে। মোৰ ঈশ্বৰ যিহোৱাৰ হাত মোৰ লগত থকা বাবে, মই বলৱান হৈছোঁ, আৰু মোৰ লগত যাবলৈ ইস্ৰায়েলৰ মাজৰ পৰা মূল লোকসকলক গোটালোঁ।
A naklonil ke mně milosrdenstvím krále i rad jeho, i všech mocných knížat královských. Protož já posilněn jsa rukou Hospodina Boha svého nade mnou, shromáždil jsem z lidu Izraelského přednější, kteříž by šli se mnou.

< এজরা 7 >