< এজেকিয়েল 5 >

1 “আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছত এখন তৰ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা।
“मग मानवाच्या मुला, स्वतःसाठी न्हाव्याच्या वस्तऱ्यासारखे धारधार अवजार घे व आपल्या डोक्याच्या केसांचे, दाढीचे मुंडन कर, केस तागडीत मोजून त्याचे वाटप कर
2 নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
वेढा दिलेला समय समाप्त झाल्यावर त्यातील तिसरा भाग शहराच्या मध्य भागी जाळून टाक. आणि तिसरा भाग तलवारीने कापून टाक व तिसरा भाग वाऱ्यावर उडवून टाक आणि या प्रकारे त्या लोकांचा पाठलाग तलवार करेल.
3 কিন্তু তুমি অলপ সংখ্যক চুলি ল’বা আৰু তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা।
थोडेसे केस कापून आपल्या कपड्याला बांधून टाक.
4 তাৰ পাছত তাৰে অধিক চুলি ল’বা আৰু জুইৰ মাজত পেলাই দিবা; আৰু জুইৰে পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব।
काही अजून केस घेऊन आगीत टाकून दे, आणि त्यास जाळून टाक, म्हणजे इस्राएलाच्या घराण्यावर आग त्यांच्या मागे बाहेर जाईल.
5 প্ৰভু যিহোৱাই এই কথা কৈছে: “এয়ে যিৰূচালেম; মই ইয়াক জাতিবোৰৰ মাজত স্থাপন কৰিলোঁ আৰু ইয়াৰ চাৰিওফালে আন জাতি সমূহ আছে।
परमेश्वर देव म्हणतो, ही यरूशलेम नगरी, जी इतर राष्ट्रांमध्ये आहे, जेथे मी तिला स्थापीले, आणि मी तिला इतर देशांनी आजूबाजुने वेढीले आहे.
6 কিন্তু ই মোৰ শাসন-প্রণালীবোৰৰ বিৰুদ্ধে জাতি সমূহতকৈয়ো অধিক দুষ্কৰ্ম কৰিলে আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকসকলতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে গ’ল, সেইবোৰত তেওঁলোক নচলিল।
पण तिने वाईट आचरण करून इतर देशांहून माझा धिक्कार केला आहे, आणि त्यांनी माझ्या न्यायीपणाचा व आज्ञाचा विरोध केला आहे.
7 এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ চাৰিওফালে থকা জাতিবোৰতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য নকৰিলা।
म्हणून परमेश्वर देव असे सांगतो; तुम्ही आजूबाजुच्या देशांपेक्षा अधिक त्रासदायक आहात. तुम्ही सभोवतालच्या देशाहून अधिक माझ्या फर्मानाचे पालन केले नाही.
8 এই কাৰণে” প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা! মই ময়েই তোমাৰ বিপক্ষ! আৰু মই জাতি সমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।
म्हणूनच परमेश्वर देव म्हणतो; पहा! मीच तुमच्या विरोधात काम करेन! तुम्हास केलेले शासन हे आजूबाजुच्या देशाच्या डोळ्यादेखत तुम्हावर होईल.
9 যিহক মই কেতিয়াও কৰা নাই আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম, তোমাৰ আটাই ঘিণলগীয়া কাৰ্যবোৰৰ কাৰণে তাকেই তোমাৰ মাজত কৰিম।
तुझ्या किळस आणणाऱ्या कार्यामुळे, मी आजवर केले नाही, आणि करणार नाही, असे मी तुझ्यासोबत करेल.
10 ১০ এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম!
१०तथापि बाप मुलांना, आणि मुले बापाला खाऊन टाकतील, कारण मी तुझ्यावर न्याय आणला आहे. तुमच्या उरलेल्या अंशाला चारही भागात फेकून देईल.
11 ১১ এই হেতুকে প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্যেৰে তুমি মোৰ পবিত্ৰ স্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম।
११म्हणून जसा मी राहलो, परमेश्वर देव म्हणतो, निश्चितच तुम्ही किळस राग आणणाऱ्या गोष्टी केल्या आहेत. म्हणून तुमची संख्या कमी करून तुमच्यावर दया करणार नाही.
12 ১২ তোমাৰ তিনি ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
१२घातक साथीच्या रोगाने तुम्हातील तिसरा भाग तुमच्या संख्येतून मी नाहीसा करेन, तुम्हामध्ये भयंकर दुष्काळ भुकमरी, सभोवताली तलवारीने तुझे लोक नाश पावतील. सर्व दिशांनी तलवार येऊन तुझा पिच्छा करील.
13 ১৩ এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।
१३तेव्हा राग पूर्ण होऊन समाधान पावेल, व माझा क्रोध शांत होईल असे त्यांना कळून येईल, परमेश्वर देव हे सर्व त्याच्या विरोधात आवेशाने म्हणाला.
14 ১৪ ইয়াৰ বাহিৰে, আটাই পথিকসকলৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবোৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম।
१४तुझ्या आजूबाजुच्या देशांमध्ये तुझा नाश व तुझी खरडपट्टी काढेन, जे तुझ्या आजूबाजूने येणारे जाणारे ते पहातील.
15 ১৫ তাতে, মই ক্ৰোধত, কোপত আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলোঁ। তোমাৰ চাৰিওফালে থকা সেই জাতিবোৰৰ কাৰণে সেই নগৰ ধিক্কাৰ, বিদ্রূপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ।
१५यरुशलेच्या बाबतीत इतर शेजारी लोकांसाठी चेतावनीचा इशारा असेल. त्यांना निंदा करण्याचे व अपमान करण्याचे कारण मिळेल. त्यांच्यावर शासन करून त्यांचा नाश केला असे परमेश्वर देव म्हणतो.
16 ১৬ “মই সেই সময়ত তেওঁলোকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম।
१६तुमच्यात कडूपणाचे बाण पाठवेन, त्याचा अर्थ असा होईल मी तुमचा विध्वंस होईल, त्यांच्या वरचा दुष्काळ अजून कठोर करून तुमच्या भाकरीचा आधार काढून टाकेन;
17 ১৭ মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ!”
१७दुष्काळ, रोगराई तुमच्यावर पाठवीन, तुम्ही आपत्यहीन व्हाल, साथीचा रोग, रक्तस्राव आणि तुम्हावर तलवार चालवीन. असे परमेश्वर देव म्हणतो.”

< এজেকিয়েল 5 >