< এজেকিয়েল 4 >

1 হে মনুষ্য সন্তান, তুমি এটা ইটা লোৱা আৰু নিজৰ সন্মুখত ৰাখা। তাৰ পাছত সেই ইটাটোৰ ওপৰত যিৰূচালেম নগৰৰ নক্সা আঁকা।
«و تو نیز‌ای پسر انسان آجری بگیر و آن راپیش روی خود بگذار و شهر اورشلیم را برآن نقش نما.۱
2 আৰু তাক অৱৰোধ কৰা, তাৰ বিপৰীতে কোঁঠ সাজা, তাৰ বিপৰীতে হাদাম বান্ধা, তাৰ বিপৰীতে চাৰিওফালে ছাউনি পাতা আৰু তাৰ বিপৰীতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা।
و آن را محاصره کن و در برابرش برجها ساخته، سنگری در مقابلش برپا نما و به اطرافش اردو زده، منجنیقها به هر سوی آن برپاکن.۲
3 আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা। আৰু তালৈ কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ কাৰণে এয়ে চিন হ’ব।
و تابه آهنین برای خود گرفته، آن را در میان خود و شهر، دیواری آهنین بگذار و روی خود رابر آن بدار و محاصره خواهد شد و تو آن رامحاصره کن تا آیتی به جهت خاندان اسرائیل بشود.۳
4 তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইস্ৰায়েল-বংশৰ অপৰাধৰ ভাৰ ৰাখা; তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁলোকৰ অপৰাধ ববা।
پس تو بر پهلوی چپ خود بخواب و گناه خاندان اسرائیل را بر آن بگذار. موافق شماره روزهایی که بر آن بخوابی، گناه ایشان را متحمل خواهی شد.۴
5 কিয়নো মই তেওঁলোকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ কাৰণে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ তিনিশ নব্বৈ দিন কৰিলোঁ; এইদৰে তুমি ইস্ৰায়েল বংশৰ অপৰাধ ববা।
و من سالهای گناه ایشان را مطابق شماره روزها یعنی سیصد و نود روز بر تونهاده‌ام. پس متحمل گناه خاندان اسرائیل خواهی شد.۵
6 যেতিয়া তুমি এইদৰে এই দিনবোৰ সম্পূৰ্ণ কৰিবা, তাৰ পাছত দ্বিতীয় বাৰৰ বাবে আকৌ সোঁকাষে শুবা আৰু চল্লিশ দিনলৈকে যিহূদা-বংশৰ অপৰাধ ববা; মই এক এক বছৰ তোমাৰ কাৰণে এক এক দিন কৰিলোঁ।
و چون اینها را به انجام رسانیده باشی، بازبه پهلوی راست خود بخواب و چهل روزمتحمل گناه خاندان یهودا خواهی شد. هر روزی را به جهت سالی برای تو قرار داده‌ام.۶
7 তুমি বাহু উদং কৰি যিৰূচালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিবা।
و بازوی خود را برهنه کرده، روی به محاصره اورشلیم بدار و به ضد آن نبوت کن.۷
8 কাৰণ চোৱা! মই ৰছীৰে তোমাক বান্ধিম; তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিবা।
و اینک بندها بر تومی نهم و تا روزهای محاصره ات را به اتمام نرسانیده باشی از پهلو به پهلوی دیگرت نخواهی غلطید.۸
9 আৰু তুমি নিজৰ বাবে ঘেঁহু, যৱ, মাহ, মচুৰ বজৰা আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা; তুমি কাতি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে তিনিশ নব্বৈ দিন তাক ভোজন কৰিবা।
پس گندم و جو و باقلا و عدس و ارزن وجلبان برای خود گرفته، آنها را در یک ظرف بریزو خوراکی از آنها برای خود بپز و تمامی روزهایی که به پهلوی خود می‌خوابی، یعنی سیصد و نود روز آن را خواهی خورد.۹
10 ১০ ভোজনৰ আহাৰ তুমি ভোজন কৰিবা আৰু প্ৰতিদিনে বিশ চেকল জোখৰ আহাৰ খাবা। তুমি সময়ে সময়ে ইয়াক ভোজন কৰিবা।
وغذایی که می‌خوری به وزن خواهد بود، یعنی بیست مثقال برای هر روز. وقت به وقت آن راخواهی خورد.۱۰
11 ১১ আৰু তুমি পানী জোখ কৰি লৈ এক হীনৰ ছয় ভাগৰ এভাগ পানী পান কৰিবা।
و آب را به پیمایش یعنی سدس یک هین خواهی نوشید. آن را وقت به وقت خواهی نوشید.۱۱
12 ১২ আৰু তুমি যৱৰ পিঠাৰ দৰে তাক তৈয়াৰ কৰি ভোজন কৰিবা; আৰু তেওঁলোকৰ চকুৰ আগতে, মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা।
و قرصهای نان جو که می‌خوری، آنها را بر سرگین انسان در نظر ایشان خواهی پخت.۱۲
13 ১৩ যিহোৱাই পুনৰ ক’লে, “যি জাতিবোৰৰ মাজলৈ মই এই ইস্ৰায়েল সন্তান সকলক খেদিম, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।”
و خداوند فرمود به همین منوال بنی‌اسرائیل نان نجس در میان امت هایی که من ایشان را به میان آنها پراکنده می‌سازم خواهندخورد.»۱۳
14 ১৪ তেতিয়া মই ক’লোঁ, “হায় হায় প্ৰভু যিহোৱা! চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই! কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।”
پس گفتم: «آه‌ای خداوند یهوه اینک جان من نجس نشده و از طفولیت خود تا به حال میته یادریده شده را نخورده‌ام و خوراک نجس به دهانم نرفته است.»۱۴
15 ১৫ তেতিয়া তেওঁ মোক ক’লে, “মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ দিলোঁ; তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা।
آنگاه به من گفت: «بدان که سرگین گاو را به عوض سرگین انسان به تو دادم، پس نان خود را بر آن خواهی پخت.»۱۵
16 ১৬ ইয়াৰ উপৰিও তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, চোৱা! মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে,
و مرا گفت: «ای پسر انسان اینک من عصای نان را در اورشلیم خواهم شکست و نان را به وزن و عسرت خواهندخورد و آب را به پیمایش و حیرت خواهندنوشید.۱۶
17 ১৭ তেওঁলোকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।
زیرا که محتاج نان و آب خواهند شد وبه حیرت بر یکدیگر نظر خواهند انداخت و به‌سبب گناهان خود گداخته خواهند شد.۱۷

< এজেকিয়েল 4 >