< এজেকিয়েল 25 >

1 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
नंतर परमेश्वराचे वचन माझ्याकडे आले की,
2 “হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তান সকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
“मानवाच्या मुला, तू आपले मुख अम्मोन्यांच्या लोकांविरूद्ध लाव आणि त्यांच्याविरुद्ध भविष्य सांग.
3 তুমি অম্মোনৰ সন্তান সকলক কোৱা, ‘তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা। প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: মোৰ ধৰ্মধাম যেতিয়া অপবিত্ৰ হৈছিল তেতিয়া তাৰ অহিতে আৰু ইস্ৰায়েল-ভূমি ধ্বংস হোৱাত তাৰ অহিতে আৰু যিহূদা বংশ দেশান্তৰলৈ যোৱাৰ সময়ত সেই বংশৰ অহিতে “ভাল হৈছে!” এইবুলি তোমালোকে কৈছিলা।
अम्मोनाच्या लोकांस सांग, प्रभू परमेश्वराचे वचन ऐका. प्रभू परमेश्वर असे म्हणतो की, माझे पवित्रस्थान बाटविण्यात आले तेव्हा त्याविरूद्ध होता आणि इस्राएल देश उद्ध्वस्त करण्यात आला, तेव्हा तिच्याविरूद्ध होता आणि यहूदाचे घराणे जेव्हा बंदिवासात गेले तेव्हा त्यांच्याविरुद्ध तू, अहा! म्हणालास,
4 এই হেতুকে চোৱা! অধিকাৰৰ অৰ্থে মই তোমাক পূৱদেশীয় লোকসকলৰ হাতত শোধাই দিম; তেওঁলোকে তোমাৰ মাজত নিজ নিজ ছাউনি পাতিব আৰু তোমাৰ মাজত নিজৰ নিজৰ বসতিস্থান কৰিব। তেওঁলোকে তোমাৰ ফল খাব আৰু তোমাৰ গাখীৰ পান কৰিব।
म्हणून पाहा! मी तुला पूर्वेकडच्या लोकांस त्यांची मालमत्ता देईन. ते तुमच्याविरुध्द छावणी देतील आणि आपले तंबू तुमच्यात देतील. ते तुझे फळ खातील व ते तुझे दूध पितील.
5 আৰু মই ৰব্বাক উটৰ শাল বনাম আৰু অম্মোনৰ লোকসকলৰ দেশখন মেৰ শোৱা গঁৰাল কৰিম, তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!
आणि मी राब्बाचे उंटासाठी कुरण करीन व अम्मोन लोकांच्या कळपासाठी शेत करीन. मग तुम्हास समजेल की मी परमेश्वर आहे.
6 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা।
कारण प्रभू परमेश्वर असे म्हणतो, की तू इस्राएल देशाविरूद्ध टाळ्या वाजविल्या व तुझे पाय आपटले व आपल्या मनापासून तुच्छतेने आनंद केलास.
7 এই হেতুকে চোৱা! মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক শোধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম! দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহোৱা, ইয়াকে তুমি জানিবা’!”
म्हणून पाहा! मी आपल्या हाताने तुला तडाखा देईन आणि तुला राष्ट्रांस लूट असे देईन. मी तुला दुसऱ्या लोकांपासून कापून दूर करीन आणि तुझा नाश करीन. मी तुला देशामधून नाहीसे करीन आणि तेव्हा तुला समजेल मी परमेश्वर आहे.
8 প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা! যিহূদা-বংশ আন সকলো জাতিৰ দৰেই হ’ল!”
प्रभू परमेश्वर असे म्हणतो, कारण मवाब व सेईर म्हणतात ‘पाहा! यहूदाचे घराणे सर्व इतर राष्ट्रांसारखेच आहे.
9 এই হেতুকে চোৱা! নগৰ কেইখনৰ পোনে, বৈৎ-যিচীমোৎ, বাল-মিয়োন আৰু কিৰিয়াথয়িম, দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰ কেইখনৰ পোনে,
यास्तव पाहा! मी मवाबाचा उतार उघडा करीन, त्याच्या सीमेवरील बेथ-यशिमोथ, बाल-मौन, किर्याथाईम ही वैभवी नगरे सुरुवात होतात,
10 ১০ অম্মোনৰ লোকসকলৰ অহিতে যিসকললৈ পূৱদেশীয় সন্তান সকলৰ বাবে মই মোৱাবৰ দাঁতিত বাট উলিয়াম, আৰু অম্মোনৰ লোকসকলক জাতিবোৰৰ সোঁৱৰণত নাথাকিবৰ বাবে মই অধিকাৰৰ অৰ্থে সেইবোৰ তেওঁলোকক দিম।
१०पूर्वेकडचे लोक जे कोणी अम्मोनी लोकांविरूद्ध आहेत. मी त्यांना त्यांचा ताबा देईन याकरिता की, अम्मोनी लोकांची आठवण राष्ट्रांमध्ये कोणी काढणार नाही.
11 ১১ আৰু মই মোৱাবক দণ্ড দিম, তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
११म्हणून मी मवाबाविरूद्ध न्याय तडीस नेईन आणि त्यांना समजेल की मीच परमेश्वर आहे.
12 ১২ প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।”
१२प्रभू परमेश्वर असे म्हणतो, अदोमाने यहूदाच्या घराण्याविरूद्ध सूड घेतला आहे आणि असे करून त्यांने अपराध केला आहे.
13 ১৩ সেইবাবে, প্ৰভু যিহোৱাই এই কথা কৈছে: “মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম, দদানলৈকে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
१३म्हणून प्रभू परमेश्वर, म्हणतो, “मी अदोमाला आपल्या हाताने तडाखा देईन आणि प्रत्येक पुरुषाचा व तेथील प्राण्यांचा नाश करीन. तेमानापासून ददानापर्यंत मी त्यांचा विध्वंस करीन, ते ठिकाण सोडून देईन. ते तलवारीने पडतील.
14 ১৪ মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম আৰু তেওঁলোকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য কৰিব! তেতিয়া, তেওঁলোকে মোৰ প্রতিশোধ বুজি পাব!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
१४याप्रकारे मी आपले लोक इस्राएल यांच्या हातून अदोमावर सूड घेईन आणि माझ्या क्रोधाप्रमाणे आणि माझ्या त्वेषाप्रमाणे ते अदोमाचे करतील. मग त्यांना माझा सूड कळेल. असे प्रभू परमेश्वर म्हणतो.
15 ১৫ প্ৰভু যিহোৱাই এই কথা কৈছে: “পলেষ্টীয়াসকলে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিশোধ ল’লে।”
१५प्रभू परमेश्वर असे म्हणतो, कारण आपल्या मनात फार जुने शत्रुत्व आणि तिरस्कार बाळगून पलिष्ट्यांनी यहूदावर सूड घेतला आहे आणि तिचा नाश केला आहे.
16 ১৬ এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই পলেষ্টীয়াসকলৰ অহিতে মোৰ হাত মেলি কৰেথীয়াসকলক উচ্ছন্ন কৰিম আৰু সমুদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম!
१६म्हणून, प्रभू परमेश्वर असे म्हणतो, पाहा! मी पलिष्ट्यांविरूद्ध आपला हात उगारीन आणि करेथी लोकांस कापून टाकीन आणि जे कोणी समुद्रकिनाऱ्यावरील अवशिष्ट राहिलेल्यांचा नाश करीन.
17 ১৭ আৰু কোপযুক্ত নানা ধমকি দি মই তেওঁলোকৰ ওপৰত মহা প্ৰতিকাৰ সাধিম; আৰু মই তেওঁলোকৰ ওপৰত প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!
१७कारण संतापाने मी त्यांच्याविरुद्ध भयंकर सूड घेऊन त्यांना मी शिक्षा करीन. मी त्यांच्यावर सूड उगवीन तेव्हा त्यांना समजेल की, मी परमेश्वर आहे.”

< এজেকিয়েল 25 >