< যাত্রাপুস্তক 6 >

1 তেতিয়া যিহোৱাই মোচিক ক’লে, “ফৌৰণলৈ মই কি কৰিম, এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে, মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোক সকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰৌণে নিজই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।”
तेव्हा परमेश्वर मोशेला म्हणाला, “मी आता फारोला काय करतो ते तू बघशील; मी माझे बाहुबल त्यास दाखवले म्हणजे मग तो माझ्या लोकांस जाऊ देईल. कारण माझ्या बाहुबलामुळे तो त्यांना आपल्या देशातून बाहेर घालवून देईल.”
2 ঈশ্বৰে মোচিৰ সৈতে কথা পাতি তেওঁক ক’লে, “মই যিহোৱা।
मग देव मोशेला म्हणाला, “मी परमेश्वर आहे
3 মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগতো সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলোঁ, কিন্তু মোৰ যিহোৱা নামৰ দ্বাৰাই মই তেওঁলোকক পৰিচয় দিয়া নাই।
मी अब्राहाम, इसहाक व याकोब यांना सर्वसमर्थ देव म्हणून प्रगट झालो; परंतु मी त्यांना परमेश्वर या माझ्या नावाने त्यांना माहीत नव्हतो.
4 ইয়াৰ উপৰিও যি কনান দেশত তেওঁলোকে বিদেশীৰ দৰে বাস কৰিছিল, আৰু অনাই বনাই ঘুৰি ফুৰিছিল, সেই দেশ তেওঁলোকক দিবলৈ মই তেওঁলোকৰ সৈতে এটা নিয়ম স্থিৰ কৰিছিলোঁ।
ज्या कनान देशात ते उपरी होते तो परदेश त्यांना वतन देण्याविषयीचा करार मी त्यांच्याशी केला आहे.
5 তাৰ উপৰিও, মিচৰীয়া সকলে বন্দীকামত লগোৱা ইস্ৰায়েলী লোক সকলৰ ক্রন্দন মই শুনিলো, আৰু মোৰ সেই নিয়মটি মই স্মৰণ কৰিলোঁ।
ज्या इस्राएलाला मिसऱ्यांनी दास करून ठेवले आहे त्यांचे कण्हणे ऐकून मी आपल्या कराराची आठवण केली आहे.
6 এই হেতুকে ইস্ৰায়েলী লোক সকলক কোৱা, ‘মই যিহোৱা; মই মিচৰীয়া সকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্রদর্শন কৰিম; আৰু ন্যায় বিচাৰৰ মহা-কৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম।
तेव्हा इस्राएलाला सांग, मी तुमचा परमेश्वर आहे; मी तुम्हास मिसऱ्यांच्या दास्यातून सोडवीन आणि मी तुम्हास त्यांच्या अधिकारातून मुक्त करीन, आणि मी आपले सामर्थ्य दाखवून व सामर्थ्यशाली निवाड्याची कृती करून तुम्हास सोडवीन.
7 মই তোমালোকক মোৰ নিজৰ লোক কৰি ল’ম, আৰু মইয়ে তোমালোকৰ ঈশ্বৰ হ’ম। তোমালোকক মিচৰৰ বন্দীত্বৰ পৰা উলিয়াই অনা ময়েই যে তোমালোকৰ সেই ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবা।
मी तुम्हास आपले लोक करून घेईन आणि मी तुमचा देव होईन. मी तुम्हास मिसऱ्यांच्या दास्यातून काढून आणतो तो मी तुमचा देव परमेश्वर आहे हे तुम्हास समजेल.
8 মই যি দেশ অব্ৰাহাম, ইচহাক, আৰু যাকোবক দিম বুলি শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক নিম, আৰু তোমালোকৰ অধিকাৰৰ অৰ্থেও সেই দেশ মই তোমালোকক দিম; ময়েই যিহোৱা’।”
जो देश मी अब्राहाम, इसहाक व याकोबास देण्याची मी हात वर करून शपथ वाहिली होती त्यामध्ये मी तुम्हास नेईन; व तो मी तुम्हास वतन करून देईन. मी परमेश्वर आहे.”
9 যেতিয়া মোচি গৈ ইস্ৰায়েলী লোক সকলক সেই কথা কলে; তেতিয়া তেওঁলোকে কঠিন বন্দীকামৰ বাবে নিৰুৎসাহ হৈ মোচিৰ কথাত মন নিদিলে।
तेव्हा मोशेने हे सर्व इस्राएल लोकांस सांगितले. परंतु त्यांच्या बिकट दास्यामुळे ते नाउमेद झाल्यामुळे ते त्याचे म्हणणे ऐकेनात.
10 ১০ সেয়ে যিহোৱাই মোচিক ক’লে,
१०मग परमेश्वर मोशेशी बोलला व म्हणाला,
11 ১১ “তুমি গৈ মিচৰৰ ৰজা ফৰৌণক কোৱা যে, ইস্ৰায়েলী লোক সকলক আপোনাৰ দেশৰ পৰা ওলাই যাবলৈ এৰি দিয়ক।”
११“तू जाऊन मिसराचा राजा फारो याला सांग की इस्राएली लोकांस तुझ्या देशातून जाऊ दे”
12 ১২ মোচিয়ে যিহোৱাক ক’লে, “যদি ইস্ৰায়েলী লোক সকলেই মোৰ কথা নুশুনে; তেনেহ’লে ফৰৌণে মোৰ কথা কিয় শুনিব? যিহেতু মই কথা কোৱাত নিপুণ নহয়।”
१२तेव्हा मोशे परमेश्वरास म्हणाला, “इस्राएली लोकांनी माझे ऐकले नाही, तर फारो माझे कसे ऐकेल? कारण मी अजिबात चांगला वक्ता नाही.”
13 ১৩ যিহোৱাই মোচি আৰু হাৰোণৰ লগত কথা পাতিলে; আৰু মিচৰ দেশৰ পৰা ইস্রায়েলী লোক সকলক উলিয়াই দিবলৈ ইস্ৰায়েলী লোক আৰু মিচৰ দেশৰ ৰজা ফৰৌণৰ বাবে তেওঁ আজ্ঞা দিলে।
१३परमेश्वराने मोशे व अहरोन यांना इस्राएल लोकांस मिसर देशातून बाहेर नेण्याविषयी आज्ञा देऊन इस्राएल लोकांकडे आणि तसेच मिसरी राजा फारो याच्याकडे पाठवले.
14 ১৪ এওঁলোকেই নিজৰ পিতৃ-বংশৰ প্রধান লোক আছিল: ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ ৰূবেণ, আৰু ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী। এওঁলোক আছিল ৰূবেণ গোষ্ঠীৰ পূৰ্বপুৰুষ।
१४मोशे व अहरोन यांच्या पूर्वजांपैकी प्रमुख पुरुषांची नावे अशीः इस्राएलाचा ज्येष्ठ पुत्र रऊबेन. त्याची मुले हनोख, पल्लू, हेस्रोन व कर्मी. हे रऊबेनाचे कुळ.
15 ১৫ চিমিয়োনৰ পুত্র সকল আছিল যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল কনানীয়া মহিলাৰ পুত্র আছিল। এওঁলোক আছিল চিমিয়োন গোষ্ঠীৰ পূৰ্বপুৰুষ।
१५शिमोनाचे पुत्र यमुवेल, यामीन, ओहद, याखीन, जोहर व (कनानी स्त्री पोटी झालेला शौल); ही शिमोनाची कूळे.
16 ১৬ লেবীৰ পুত্র সকলৰ সৈতে তেওঁলোকৰ বংশধৰ নাম এই তালিকাত উল্লেখিত আছে। তেওঁলোকৰ নাম হ’ল: গেৰ্চোন, কহাৎ, আৰু মৰাৰী। লেবী এশ সাতত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
१६लेवीचे आयुष्य एकशे सदतीस वर्षांचे होते. लेवीच्या वंशावळीप्रमाणे त्याच्या पुत्रांची नावे हेः गेर्षोन, कहाथ, व मरारी.
17 ১৭ গেৰ্চোনৰ পুত্ৰ লিবনী আৰু চিমিয়ী আছিল।
१७गेर्षोनाचे पुत्रः त्यांच्या त्यांच्या कुळाप्रमाणे हेः गेर्षोनाचे दोन पुत्र लिब्नी व शिमी.
18 ১৮ কহাতৰ পুত্র সকল হ’ল অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল। কহাত এশ তেত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
१८कहाथाचे पुत्रः अम्राम, इसहार, हेब्रोन व उज्जियेल. कहाथाचे आयुष्य एकशे तेहतीस वर्षांचे होते.
19 ১৯ মৰাৰীৰ পুত্র সকল হ’ল মহলী আৰু মুচী। এওঁলোক বংশধৰ সকলৰ সৈতে লেবী গোষ্ঠীৰ পূৰ্বপুৰুষ আছিল।
१९मरारीचे पुत्रः महली व मूशी. लेवीची कुळे त्याच्या वंशावळीप्रमाणे ही होती.
20 ২০ অম্ৰমে তেওঁৰ পিতৃৰ ভনীয়েক যোকেবদক বিয়া কৰাইছিল। তেওঁ হাৰোণ আৰু মোচিক জন্ম দিছিল। অম্ৰম এশ সাতত্ৰিশ বছৰ জীয়াই আছিল আৰু তাৰ পাছত তেওঁৰ মৃত্যু হৈছিল।
२०अम्रामाने आपली आत्या योखबेद हिच्याशी लग्न केले, तिच्या पोटी त्यास अहरोन व मोशे हे दोन पुत्र झाले. अम्राम एकशे सदतीस वर्षे जगला.
21 ২১ যিচহৰৰ পুত্র সকল আছিল কোৰহ, নেফগ, আৰু জিখ্ৰী।
२१इसहाराचे पुत्रः कोरह, नेफेग व जिख्री.
22 ২২ উজ্জীয়েলৰ পুত্র সকল আছিল মিচায়েল, ইলিচাফন, আৰু চিথ্ৰী।
२२उज्जियेलाचे पुत्र: मिशाएल, एलसाफान व सिथ्री.
23 ২৩ হাৰোণে অম্মীনাদবৰ জীয়েক নহচোনৰ ভনীয়েক ইলীচেবাক বিয়া কৰিছিল। তেওঁ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক, জন্ম দিলে।
२३अहरोनाने अलीशेबाशी लग्न केले. (अलीशेबा अम्मीनादाबाची कन्या व नहशोनाची बहीण होती) त्यांना नादाब, अबीहू, एलाजार व इथामार ही मुले झाली.
24 ২৪ কোৰহৰ পুত্র সকল আছিল অচীৰ, ইলকানা, আৰু অবীয়াচক। এওঁলোক কোৰহীয়া গোষ্ঠীৰ পূৰ্বপুৰুষ।
२४कोरहाचे पुत्रः अस्सीर, एलकाना व अबीयासाफ; ही कोरहाची कुळे.
25 ২৫ হাৰোণৰ পুত্ৰ ইলিয়াজৰে পুটীয়েলৰ এজনী জীয়েকক বিয়া কৰিলে। তেওঁ পীনহচক জন্ম দিলে। এওঁলোকেই লেবীয়া সকলৰ বংশৰ সৈতে পিতৃবংশৰো প্রধান লোক আছিল।
२५अहरोनाचा पुत्र एलाजार याने पुटीयेलाच्या कन्येशी लग्न केले; तिच्या पोटी त्यास फिनहास हा पुत्र झाला. हे सर्व लोक म्हणजे इस्राएलाचा पुत्र लेवी याची वंशावळ होय.
26 ২৬ এই দুজন পুৰুষ হাৰোণ আৰু মোচিক যিহোৱাই কৈছিল, “তোমালোকে ইস্ৰায়েলৰ লোকসকলক তেওঁলোকৰ যুদ্ধাৰু দলৰ সৈতে মিচৰ দেশৰ পৰা উলিয়াই আনাগৈ।”
२६इस्राएल लोकांस मिसर देशातून बाहेर घेऊन जा असे परमेश्वराने ज्यांना सांगितले होते ते अहरोन व मोशे याच कुळातले.
27 ২৭ মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিবৰ বাবে মিচৰৰ ৰজা ফৰৌণক কোৱা লোক সকল মোচি আৰু হাৰোণেই হয়।
२७इस्राएल लोकांस मिसर देशातून बाहेर जाऊ द्यावे असे मिसराचा राजा फारो याच्याशी जे बोलले तेच हे अहरोन व मोशे.
28 ২৮ মিচৰ দেশত যেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতিছিল,
२८मग मिसर देशात परमेश्वर मोशेबरोबर बोलला.
29 ২৯ তেতিয়া যিহোৱাই মোচিক কৈছিল, “মই যিহোৱা; মই তোমাক যি যি কথা কলোঁ, সেই সকলো কথা তুমি মিচৰৰ ৰজা ফৰৌণৰ আগত গৈ কবা।”
२९परमेश्वर मोशेला म्हणाला, “मी परमेश्वर आहे. मी तुला सांगतो ते सर्व तू मिसराचा राजा फारो याला सांग.”
30 ৩০ কিন্তু মোচিয়ে যিহোৱাক কৈছিল, “মই কথা কোৱাত পাৰ্গত নহয়, সেয়ে ফৰৌণে মোৰ কথা কিয় শুনিব?”
३०परंतु मोशेने परमेश्वरासमोर उत्तर दिले, “मी तर चांगला वक्ता नाही. फारो राजा माझे ऐकणार नाही.”

< যাত্রাপুস্তক 6 >