< যাত্রাপুস্তক 32 >

1 পৰ্ব্বতৰ পৰা নামি আহিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণৰ চাৰিওফালে গোট খাই তেওঁক ক’লে, “আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰোঁ। কিয়নো যি দেৱতবোৰে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল, সেই মোচিৰ লগত কি হ’ল, সেই বিষয়ে আমি একো নাজানো।”
When the people saw that Moses delayed to come down from the mountain, the people gathered themselves together to Aaron, and said to him, "Come, make us gods, which shall go before us; for this Moses, the man who brought us up out of the land of Egypt, we do not know what has become of him."
2 তেতিয়া হাৰোণে তেওঁলোকক ক’লে, “আপোনালোকে আপোনালোকৰ ভাৰ্যা, পুত্র আৰু জীয়েক সকলৰ কাণৰ সোণৰ ফুলিবোৰ সোলোকাই মোৰ ওচৰলৈ আনক।”
Aaron said to them, "Take off the golden rings, which are in the ears of your wives, of your sons, and of your daughters, and bring them to me."
3 সকলো লোকে নিজৰ নিজৰ কাণৰ পৰা সোণৰ ফুলিবোৰ সোলোকাই হাৰোণৰ ওচৰলৈ আনিলে।
All the people took off the golden rings which were in their ears, and brought them to Aaron.
4 হাৰোণে তেওঁলোকৰ পৰা সোণ ল’লে, আৰু সেইবোৰ সাঁচত ঢলি এটা দামুৰিৰ আকৃতিৰে সোণৰ দামুৰি তৈয়াৰ কৰিলে। তাৰ পাছত লোকসকলে ক’লে, “হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া।”
He received what they handed him, and fashioned it with an engraving tool, and made it a molten calf; and they said, "These are your gods, Israel, which brought you up out of the land of Egypt."
5 হাৰোণে যেতিয়া এইবোৰ দেখিলে, তেতিয়া সেই দামুৰিটোৰ আগত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; আৰু “কাইলৈ যিহোৱাৰ সন্মানৰ উদ্দেশ্যে উৎসৱ হ’ব”; এইবুলি তেওঁ ঘোষণা কৰিলে।
When Aaron saw this, he built an altar before it; and Aaron made a proclamation, and said, "Tomorrow shall be a feast to the LORD."
6 লোকসকলে তাৰ পাছ দিনা ৰাতিপুৱাতে উঠি হোম-বলি উৎসৰ্গ কৰিলে, আৰু মঙ্গলাৰ্থক বলি দিলে। তাৰ পাছত তেওঁলোকে ভোজন পান কৰিবলৈ বহিলে, আৰু ভোজন কৰাৰ পাছত উঠি আনন্দেৰে উৎসৱ পালন কৰিলে।
They rose up early on the next day, and offered burnt offerings, and brought peace offerings; and the people sat down to eat and to drink, and rose up to play.
7 তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ লোকসকলৰ ওচৰলৈ বেগাই যোৱা; কাৰণ যি লোকসকলক তুমি মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোকে নিজেই নিজকে ভ্ৰষ্ট কৰিছে।
And the LORD spoke to Moses, saying, "Go down at once, for your people whom you brought up out of the land of Egypt have corrupted themselves.
8 তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।”
They have turned aside quickly out of the way which I commanded them. They have made themselves a molten calf, and have worshiped it, and have sacrificed to it, and said, 'These are your gods, Israel, which brought you up out of the land of Egypt.'"
9 যিহোৱাই মোচিক পুনৰ ক’লে, “মই সেই লোকসকলক দেখিলোঁ। চোৱা, তেওঁলোক ঠৰডিঙীয়া লোক।
The LORD said to Moses, "I have seen these people, and look, they are a stiff-necked people.
10 ১০ সেয়ে এতিয়া মোক বাধা দিবলৈ চেষ্টা নকৰিবা। তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, সেয়ে মই তেওঁলোকক সংহাৰ কৰিম। তাৰ পাছতহে মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম।”
Now therefore leave me alone, that my wrath may burn hot against them, and that I may consume them; and I will make of you a great nation."
11 ১১ কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, “হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
Moses pleaded with the LORD his God, and said, "O LORD, why does your wrath burn hot against your people, that you have brought forth out of the land of Egypt with great power and with a mighty hand?
12 ১২ মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক।
Why should the Egyptians speak, saying, 'He brought them forth for evil, to kill them in the mountains, and to consume them from the surface of the earth?' Turn from your fierce wrath, and repent of this evil against your people.
13 ১৩ আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।”
Remember Abraham, Isaac, and Israel, your servants, to whom you swore by your own self, and said to them, 'I will multiply your descendants as the stars of the sky, and all this land that I have spoken of I will give to your descendants, and they shall inherit it forever.'"
14 ১৪ তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।
The LORD changed his mind about the disaster which he said he would do to his people.
15 ১৫ তাৰ পাছত মোচিয়ে ঘূৰি, সাক্ষ্য ফলি দুখন হাতত লৈ পৰ্ব্বতৰ পৰা নামি আহিল। সেই ফলিৰ আগফালৰ আৰু পিছফালৰ দুয়ো পিঠিতে লিখা আছিল।
Moses turned, and went down from the mountain, with the two tablets of the testimony in his hand; tablets that were written on both their sides; on the one side and on the other they were written.
16 ১৬ সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনীও ঈশ্বৰে নিজে লিখা আছিল।
The tablets were the work of God, and the writing was the writing of God, engraved on the tables.
17 ১৭ যিহোচূৱাই যেতিয়া লোকসকলৰ চিঞঁৰ শুনিলে, তেতিয়া তেওঁ মোচিক ক’লে, “ছাউনিত যুদ্ধৰ শব্দ হৈছে।”
When Joshua heard the noise of the people as they shouted, he said to Moses, "There is the noise of war in the camp."
18 ১৮ কিন্তু মোচিয়ে তেওঁক ক’লে, “এয়ে জয় ধ্বনিৰ শব্দ নহয়; আৰু পৰাজয়ী লোকসকলৰো শব্দ নহয়, কিন্তু গান গোৱাৰহে শব্দ মই শুনিবলৈ পাইছোঁ।”
He said, "It isn't the voice of those who shout for victory, neither is it the voice of those who cry for being overcome; but the noise of those who sing that I hear."
19 ১৯ মোচিয়ে যেতিয়া তম্বুৰ ওচৰ চাপি আহিল, তেতিয়া তেওঁ সেই দামুৰিটোক দেখিলে, আৰু লোকসকলে তেতিয়া নাচি আছিল। তেওঁ ক্রোধাম্বিত হ’ল। তেওঁৰ হাতৰ পৰা সেই ফলি দুখন পৰি গ’ল; আৰু পৰ্ব্বতৰ তলত পৰি ভাঙি গ’ল।
It happened, as soon as he came near to the camp, that he saw the calf and the dancing: and Moses' anger grew hot, and he threw the tablets out of his hands, and broke them beneath the mountain.
20 ২০ লোকসকলে নিৰ্মাণ কৰা দামুৰিটো লৈ জুইত পুৰি দিলে। পুৰা দামুৰিটোক পিহি ধূলিৰ নিচিনা কৰি পানীত মিহলাই ইস্ৰায়েলী লোকসকলক পান কৰালে।
He took the calf which they had made, and burnt it with fire, ground it to powder, and scattered it on the water, and made the children of Israel drink of it.
21 ২১ তাৰ পাছত মোচিয়ে হাৰোণক ক’লে, “এই লোকসকলে তোমাক কি কৰিছিল, যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা?”
Moses said to Aaron, "What did these people do to you, that you have brought a great sin on them?"
22 ২২ হাৰোণে ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ ক্ৰোধ প্ৰজ্বলিত নহওঁক; আপুনি এই লোকসকলক জানে, যে তেওঁলোক দুষ্ট কাৰ্যত কিমান আসক্ত।
Aaron said, "Do not let the anger of my lord grow hot. You know the people, that they are set on evil.
23 ২৩ তেওঁলোকে মোক ক’লে, ‘আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰক; কাৰণ যি মোচিয়ে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই মোচিৰ কি হ’ল, সেই বিষয়ে আমি নাজানো’।
For they said to me, 'Make us gods, which shall go before us; for this Moses, the man who brought us up out of the land of Egypt, we do not know what has become of him.'
24 ২৪ সেয়ে মই তেওঁলোকক ক’লোঁ, ‘যি কোনো লোকৰ সোণৰ অলঙ্কাৰ আছে, সেই সকলোবোৰ সোলোকাই দিয়ক’। তেতিয়া তেওঁলোকে সেই সোণবোৰ মোক দিলে, আৰু মই সেইবোৰ জুইত পেলাই দিলোঁ; আৰু এই দামুৰি বাহিৰলৈ ওলাই আহিল।”
I said to them, 'Whoever has any gold, let them take it off:' so they gave it to me; and I threw it into the fire, and out came this calf."
25 ২৫ মোচিয়ে দেখিলে যে, হাৰোণৰ লোকসকলৰ ওপৰত নিয়ন্ত্রণ হেৰাইছে আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলি, তেওঁলোক শত্রুবোৰৰ আগত হাঁহিয়াতৰ পাত্র হৈছে।
When Moses saw that the people had broken loose, (for Aaron had let them loose for a derision among their enemies),
26 ২৬ তেতিয়া মোচিয়ে তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ ক’লে, “যিজন যিহোৱাৰ ফলীয়া, তেওঁ মোৰ ওচৰলৈ আহক।” লেবীৰ সকলো লোক তেওঁৰ চাৰিওকাষে গোট খালে।
then Moses stood in the gate of the camp, and said, "Whoever is on the LORD's side, come to me." All the sons of Levi gathered themselves together to him.
27 ২৭ তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তোমালোক প্ৰতিজনে নিজৰ তৰোৱাল নিজৰ কাষত বান্ধা, আৰু তম্বুৰ চাৰিওফালৰ এটা প্রবেশ দুৱাৰৰ পৰা আন প্রবেশ দুৱাৰলৈকে ঘূৰি গৈ নিজৰ ভাই, বন্ধু আৰু চুবুৰীয়া সকলক বধ কৰা’।”
He said to them, "Thus says the LORD, the God of Israel, 'Every man put his sword on his thigh, and go back and forth from gate to gate throughout the camp, and every man kill his brother, and every man his companion, and every man his neighbor.'"
28 ২৮ তেতিয়া লেবীয়া লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। সেইদিনা লোকসকলৰ মাজত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হ’ল।
The sons of Levi did according to the word of Moses: and there fell of the people that day about three thousand men.
29 ২৯ মোচিয়ে লেবীয়া লোকসকলক ক’লে, “আজিৰ পৰা যিহোৱাই তোমালোকক তেওঁৰ সেৱাৰ বাবে উৎসৰ্গ কৰিলে; কাৰণ তোমালোক প্রতিজনে তোমালোকৰ ভাইসকলৰ বিৰুদ্ধে কাৰ্য কৰিলা, সেয়ে যিহোৱা তোমালোকক আজি আশীৰ্ব্বাদ কৰিলে।”
And Moses said, "You have been consecrated today to the LORD, each one at the cost of his son and of his brother, so he has given a blessing to you this day."
30 ৩০ তাৰ পাছদিনা মোচিয়ে লোকসকলক ক’লে, “তোমালোকে মহাপাপ কৰিলা। মই এতিয়া যিহোৱাৰ ওচৰলৈ যাওঁ; যদি পাৰোঁ তেনেহ’লে মই তোমালোকৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম।”
It happened on the next day, that Moses said to the people, "You have committed a great sin. And now I will go up to God. Perhaps I can make atonement for your sin."
31 ৩১ মোচিয়ে যিহোৱাৰ ওচৰলৈ উভটি গৈ ক’লে, “হায় হায়, এই লোকসকলে মহাপাপ কৰিলে; আৰু নিজৰ বাবে এটা সোণৰ দেৱতা নিৰ্মাণ কৰিলে।
Moses returned to the LORD, and said, "Oh, this people have sinned a great sin, and have made themselves gods of gold.
32 ৩২ তথাপি এতিয়া অনুগ্রহ কৰি তেওঁলোকক ক্ষমা কৰক; কিন্তু যদি আপুনি ক্ষমা নকৰে, তেনেহ’লে আপুনি লিখা আপোনাৰ পুস্তকৰ পৰা মোৰ নাম বাহিৰ কৰি দিয়ক।”
Yet now, if you will, forgive their sin—and if not, please blot me out of your book which you have written."
33 ৩৩ যিহোৱাই মোচিক ক’লে, “যি জনে মোৰ বিৰুদ্ধে পাপ কৰিলে, সেই জনৰ নামহে মই মোৰ পুস্তকৰ পৰা বাহিৰ কৰিম।
The LORD said to Moses, "Whoever has sinned against me, him will I blot out of my book.
34 ৩৪ এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ, সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব; কিন্তু যি দিনা তেওঁলোকে দণ্ড পাব লাগে; সেই দিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম।”
Now go, lead the people to the place of which I have spoken to you. Look, my angel shall go before you. Nevertheless in the day when I punish, I will punish them for their sin."
35 ৩৫ তাৰ পাছত যিহোৱাই লোকসকলৰ ওপৰত মহামাৰী পঠাই আঘাত কৰিলে; কিয়নো লোকসকলে হাৰোণক দামুৰি নিৰ্মাণ কৰিবলৈ বাধ্য কৰিছিল।
The LORD struck the people, because they made the calf, which Aaron made.

< যাত্রাপুস্তক 32 >