< যাত্রাপুস্তক 17 >

1 তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজে যিহোৱাৰ নিৰ্দেশ অনুসাৰে চীন মৰুভূমিৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ৰফীদীমত তম্বু তৰিলে; কিন্তু সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
וַ֠יִּסְעוּ כָּל־עֲדַ֨ת בְּנֵֽי־יִשְׂרָאֵ֧ל מִמִּדְבַּר־סִ֛ין לְמַסְעֵיהֶ֖ם עַל־פִּ֣י יְהוָ֑ה וַֽיַּחֲנוּ֙ בִּרְפִידִ֔ים וְאֵ֥ין מַ֖יִם לִשְׁתֹּ֥ת הָעָֽם׃
2 সেই অৱস্থাৰ কাৰণে লোকসকলে মোচিক দোষ ধৰি ক’লে, “আমাক খাবলৈ পানী দিয়ক।” মোচিয়ে তেওঁলোকক ক’লে, “আপোনালোকে মোৰে সৈতে কিয় বিবাদ কৰিছে?” যিহোৱাক আপোনালোকে কিয় পৰীক্ষা কৰিছে?”
וַיָּ֤רֶב הָעָם֙ עִם־מֹשֶׁ֔ה וַיֹּ֣אמְר֔וּ תְּנוּ־לָ֥נוּ מַ֖יִם וְנִשְׁתֶּ֑ה וַיֹּ֤אמֶר לָהֶם֙ מֹשֶׁ֔ה מַה־תְּרִיבוּן֙ עִמָּדִ֔י מַה־תְּנַסּ֖וּן אֶת־יְהוָֽה׃
3 লোকসকল পিয়াহত আতুৰ হ’ল, আৰু মোচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক’লে, “আপুনি কিয় আমাক মিচৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক, আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিচৰৰ পৰা আনিলে নেকি?”
וַיִּצְמָ֨א שָׁ֤ם הָעָם֙ לַמַּ֔יִם וַיָּ֥לֶן הָעָ֖ם עַל־מֹשֶׁ֑ה וַיֹּ֗אמֶר לָ֤מָּה זֶּה֙ הֶעֱלִיתָ֣נוּ מִמִּצְרַ֔יִם לְהָמִ֥ית אֹתִ֛י וְאֶת־בָּנַ֥י וְאֶת־מִקְנַ֖י בַּצָּמָֽא׃
4 তাৰ পাছত মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “মই এই লোকসকলৰ সৈতে কি কৰিম? তেওঁলোকে মোক শিল দলিয়াই মাৰিবলৈ প্ৰায় যুগুত হৈ আছে।”
וַיִּצְעַ֤ק מֹשֶׁה֙ אֶל־יְהוָ֣ה לֵאמֹ֔ר מָ֥ה אֶעֱשֶׂ֖ה לָעָ֣ם הַזֶּ֑ה ע֥וֹד מְעַ֖ט וּסְקָלֻֽנִי׃
5 তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজন মানক লগত লৈ, লোক সকলৰ আগে আগে যোৱা; আৰু তুমি যিডাল লাখুটিৰে নদীত প্ৰহাৰ কৰিছিলা, তোমাৰ সেই লাখুটিকো লগত লৈ যোৱা।
וַיֹּ֨אמֶר יְהוָ֜ה אֶל־מֹשֶׁ֗ה עֲבֹר֙ לִפְנֵ֣י הָעָ֔ם וְקַ֥ח אִתְּךָ֖ מִזִּקְנֵ֣י יִשְׂרָאֵ֑ל וּמַטְּךָ֗ אֲשֶׁ֨ר הִכִּ֤יתָ בּוֹ֙ אֶת־הַיְאֹ֔ר קַ֥ח בְּיָדְךָ֖ וְהָלָֽכְתָּ׃
6 মই হোৰেবত শিলৰ ওপৰত তোমাৰ সন্মুখত থিয় হ’ম; আৰু তুমি সেই শিলটোক প্ৰহাৰ কৰিবা। তেতিয়া লোকসকলে খাবলৈ, সেই শিলৰ পৰা পানী ওলাব।” তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ পৰিচাৰকসকলৰ আগত সেইদৰে কৰিলে।
הִנְנִ֣י עֹמֵד֩ לְפָנֶ֨יךָ שָּׁ֥ם ׀ עַֽל־הַצּוּר֮ בְּחֹרֵב֒ וְהִכִּ֣יתָ בַצּ֗וּר וְיָצְא֥וּ מִמֶּ֛נּוּ מַ֖יִם וְשָׁתָ֣ה הָעָ֑ם וַיַּ֤עַשׂ כֵּן֙ מֹשֶׁ֔ה לְעֵינֵ֖י זִקְנֵ֥י יִשְׂרָאֵֽל׃
7 মোচিয়ে সেই ঠাইৰ নাম মচ্ছা আৰু মিৰীবা ৰাখিলে। কাৰণ সেই ঠাইতে ইস্ৰায়েলী লোকসকলে অভিযোগ কৰিছিল, আৰু “যিহোৱা আমাৰ মাজত আছে নে নাই?” এই কথা কৈ যিহোৱাৰ পৰীক্ষাৰ কৰিছিল।
וַיִּקְרָא֙ שֵׁ֣ם הַמָּק֔וֹם מַסָּ֖ה וּמְרִיבָ֑ה עַל־רִ֣יב ׀ בְּנֵ֣י יִשְׂרָאֵ֗ל וְעַ֨ל נַסֹּתָ֤ם אֶת־יְהוָה֙ לֵאמֹ֔ר הֲיֵ֧שׁ יְהוָ֛ה בְּקִרְבֵּ֖נוּ אִם־אָֽיִן׃ פ
8 সেই সময়ত অমালেকৰ লোকসকলে ৰফীদীমত ইস্ৰায়েলক আক্রমণ কৰিলে।
וַיָּבֹ֖א עֲמָלֵ֑ק וַיִּלָּ֥חֶם עִם־יִשְׂרָאֵ֖ל בִּרְפִידִֽם׃
9 সেয়ে মোচিয়ে যিহোচূৱাক ক’লে, “কিছুমান লোকক মনোনীত কৰি বাহিৰলৈ ওলাই গৈ, অমালেকৰ সৈতে যুদ্ধ কৰক। কাইলৈ মই ঈশ্বৰৰ লাখুটি হাতত লৈ পৰ্ব্বতৰ ওপৰত থিয় হ’ম।”
וַיֹּ֨אמֶר מֹשֶׁ֤ה אֶל־יְהוֹשֻׁ֙עַ֙ בְּחַר־לָ֣נוּ אֲנָשִׁ֔ים וְצֵ֖א הִלָּחֵ֣ם בַּעֲמָלֵ֑ק מָחָ֗ר אָנֹכִ֤י נִצָּב֙ עַל־רֹ֣אשׁ הַגִּבְעָ֔ה וּמַטֵּ֥ה הָאֱלֹהִ֖ים בְּיָדִֽי׃
10 ১০ মোচি, হাৰোণ, আৰু হূৰ যেতিয়া পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল, তেতিয়া যিহোচূৱাই মোচিৰ নিৰ্দেশ অনুসাৰে অমালেকৰ সৈতে যুদ্ধ কৰিলে।
וַיַּ֣עַשׂ יְהוֹשֻׁ֗עַ כַּאֲשֶׁ֤ר אָֽמַר־לוֹ֙ מֹשֶׁ֔ה לְהִלָּחֵ֖ם בַּעֲמָלֵ֑ק וּמֹשֶׁה֙ אַהֲרֹ֣ן וְח֔וּר עָל֖וּ רֹ֥אשׁ הַגִּבְעָֽה׃
11 ১১ মোচিয়ে যেতিয়া হাত ওপৰলৈ দাঙি ৰাখিছিল, তেতিয়া ইস্ৰায়েলৰ জয় হৈছিল; কিন্তু যেতিয়াই হাত তললৈ নমাইছিল, তেতিয়াই অমালেক জয়ী হ’বলৈ ধৰে।
וְהָיָ֗ה כַּאֲשֶׁ֨ר יָרִ֥ים מֹשֶׁ֛ה יָד֖וֹ וְגָבַ֣ר יִשְׂרָאֵ֑ל וְכַאֲשֶׁ֥ר יָנִ֛יחַ יָד֖וֹ וְגָבַ֥ר עֲמָלֵֽק׃
12 ১২ এইদৰে হাত দাঙি মোচিৰ হাত ভাগৰি পৰিল, তেতিয়া হাৰোণ আৰু হূৰে এচটা শিল আনি, তেওঁ বহিবৰ কাৰণে তেওঁৰ তলত হ’ল। সেই একে সময়তে হাৰোণ আৰু হূৰে, এজনে এফালে, আৰু আনজনে আন ফালে তেওঁৰ হাত দুখন ধৰি দাঙি ৰাখিলে। সেয়ে বেলি মাৰ নোযোৱালৈকে মোচিৰ হাত থিৰে থাকিল।
וִידֵ֤י מֹשֶׁה֙ כְּבֵדִ֔ים וַיִּקְחוּ־אֶ֛בֶן וַיָּשִׂ֥ימוּ תַחְתָּ֖יו וַיֵּ֣שֶׁב עָלֶ֑יהָ וְאַהֲרֹ֨ן וְח֜וּר תָּֽמְכ֣וּ בְיָדָ֗יו מִזֶּ֤ה אֶחָד֙ וּמִזֶּ֣ה אֶחָ֔ד וַיְהִ֥י יָדָ֛יו אֱמוּנָ֖ה עַד־בֹּ֥א הַשָּֽׁמֶשׁ׃
13 ১৩ তেতিয়া যিহোচূৱাই অমালেকৰ লোকসকলক তৰোৱালেৰে পৰাজয় কৰিলে।
וַיַּחֲלֹ֧שׁ יְהוֹשֻׁ֛עַ אֶת־עֲמָלֵ֥ק וְאֶת־עַמּ֖וֹ לְפִי־חָֽרֶב׃ פ
14 ১৪ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সোঁৱৰণৰ অৰ্থে এই কথা পুস্তকত লিখা, আৰু যিহোচূৱাক শুনোৱা; কাৰণ মই আকাশৰ তলৰ পৰা অমালেকৰ নাম সম্পূৰ্ণকৈ লুপ্ত কৰিম।”
וַיֹּ֨אמֶר יְהוָ֜ה אֶל־מֹשֶׁ֗ה כְּתֹ֨ב זֹ֤את זִכָּרוֹן֙ בַּסֵּ֔פֶר וְשִׂ֖ים בְּאָזְנֵ֣י יְהוֹשֻׁ֑עַ כִּֽי־מָחֹ֤ה אֶמְחֶה֙ אֶת־זֵ֣כֶר עֲמָלֵ֔ק מִתַּ֖חַת הַשָּׁמָֽיִם׃
15 ১৫ তেতিয়া মোচিয়ে এটা যজ্ঞবেদী নিৰ্মাণ কৰি, তাৰ নাম “যিহোৱা-নিচ্চী” ৰাখিলে।
וַיִּ֥בֶן מֹשֶׁ֖ה מִזְבֵּ֑חַ וַיִּקְרָ֥א שְׁמ֖וֹ יְהוָ֥ה ׀ נִסִּֽי׃
16 ১৬ তেওঁ এইদৰে কৰিলে, কিয়নো তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ বিৰুদ্ধ কৰিলে, সেয়ে তেওঁ কৈছিল, “যিহোৱাই প্রতিজ্ঞা কৰিলে যে, তেওঁ পুৰুষে, পুৰুষে অমালেকৰ সৈতে যুদ্ধ কৰিব।”
וַיֹּ֗אמֶר כִּֽי־יָד֙ עַל־כֵּ֣ס יָ֔הּ מִלְחָמָ֥ה לַיהוָ֖ה בַּֽעֲמָלֵ֑ק מִדֹּ֖ר דֹּֽר׃ פ

< যাত্রাপুস্তক 17 >