< এস্থার 6 >

1 সেই ৰাতি ৰজাই টোপনি যাব নোৱাৰিলে। ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত ঘটা ঘটনাৱলীৰ কাৰ্য-বিৱৰণী আনিবলৈ আজ্ঞা দিলে; আৰু তেওঁলোকে উচ্চ-স্বৰে ৰজাৰ আগত তাক পাঠ কৰিলে।
Aquella noche se le fue el sueño al rey, y dijo que le trajesen el libro de las memorias de las cosas de los tiempos; y las leyeron delante del rey.
2 সেই কাৰ্য-বিৱৰণীত লিখা অনুসাৰে এই কথা গ’ম পোৱা গ’ল যে, ৰাজ-নপুংসক বিগথন আৰু তেৰচ নামেৰে দুজন প্রৱেশ দুৱাৰৰ দুৱৰীয়ে ৰজা অহচবেৰোচৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা বিষয়টো এই মৰ্দখয়েই ৰজাক জনাইছিল।
Y se halló escrito que Mardoqueo había denunciado de Bigtán y de Teres, dos eunucos del rey, de la guarda de la puerta, que habían procurado meter mano en el rey Asuero.
3 পাছত ৰজাই সুধিলে, “মৰ্দখয়ে কৰা এই কাৰ্যৰ বাবে তেওঁক কি সন্মান বা স্বীকৃতি প্রদান কৰা হৈছিল? তাৰ পাছত ৰজাৰ পৰিচৰ্যা কৰা যুৱক দাস সকলে তেওঁক ক’লে, “তেওঁৰ বাবে একো কৰা হোৱা নাই।”
Y dijo el rey: ¿Qué honra y qué grandeza se hizo a Mardoqueo por esto? Y respondieron los servidores del rey, sus oficiales: Nada se ha hecho con él.
4 ৰজাই সুধিলে, “চোতালত কোন আছে? সেই সময়ত ৰজাৰ আগত নিবেদন কৰি নিজে যুগুত কৰা ফাঁচি কাঠত মৰ্দখয়ক ফাঁচি দিবলৈ ৰাজগৃহৰ বাহিৰ চোতালত হামন সোমাইছিল।
Entonces dijo el rey: ¿Quién está en el patio? Y Amán había venido al patio de afuera de la casa del rey, para decir al rey que hiciese colgar a Mardoqueo en la horca que él le tenía preparada.
5 ৰজাৰ দাস সকলে তেওঁক ক’লে, “হামন চোতালত থিয় হৈ আছে।” তাতে ৰজাই ক’লে, “তেওঁক ভিতৰলৈ আহিব দিয়া।”
Y los servidores del rey le respondieron: He aquí Amán está en el patio. Y el rey dijo: Entre.
6 হামন যেতিয়া ভিতৰলৈ সোমাল, তেতিয়া ৰজাই তেওঁক ক’লে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ কি কৰা উচিত?” হামনে মনতে ভাবিলে, মোতকৈ বেছি ৰজাই আন কাক সন্মান দিবলৈ ইচ্ছা কৰিব?
Entró, pues, Amán, y el rey le dijo: ¿Qué se hará al hombre cuya honra desea el rey? Y dijo Amán en su corazón: ¿A quién deseará el rey hacer honra más que a mí?
7 সেয়ে হামনে ৰজাক ক’লে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে,
Y respondió Amán al rey: Al varón cuya honra desea el rey,
8 তেওঁৰ বাবে যি বস্ত্র ৰজাই পৰিধান কৰে সেই ৰাজকীয় বস্ত্র দিয়া যাওক, আৰু ৰাজকীয় মুকুটৰ সৈতে যি ঘোঁৰাত ৰজা উঠে, সেই ঘোঁৰা দিয়া যাওক।
traigan el vestido real de que el rey se viste, y el caballo en que el rey cabalga, y la corona real que está puesta en su cabeza;
9 তাৰ পাছত সেই বস্ত্ৰ আৰু ঘোঁৰা ৰজাৰ বিশেষ প্ৰধান কৰ্মচাৰী সকলৰ মাজৰ এজনৰ হাতত গতাই দিয়া হওক; আৰু ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁক সেই ৰাজ-বস্ত্ৰ পিন্ধোৱা হওক। পাছত তেওঁক সেই ঘোঁৰাত তুলি নগৰৰ মাজৰ পথেৰে লৈ যাবলৈ তেওঁলোকক কোৱা হওক। তেওঁৰ আগে আগে এই কথা ঘোষণা কৰা হওক যে, ‘ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব!’”
y den el vestido y el caballo en mano de alguno de los príncipes más nobles del rey, y vistan a aquel varón cuya honra desea el rey, y llévenlo en el caballo por la plaza de la ciudad, y pregonen delante de él: Así se hará al varón cuya honra desea el rey.
10 ১০ তেতিয়া ৰজাই হামনক ক’লে, “বেগাই আহাঁ, তুমি ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা লোৱা, আৰু তুমি কোৱাৰ দৰে ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়লৈ সেই দৰেই কৰা। তুমি কোৱা কথাৰ এটা কথাও ত্ৰুটি নকৰিবা।”
Entonces el rey dijo a Amán: Date prisa, toma el vestido y el caballo, como tú has dicho, y hazlo así con el judío Mardoqueo, que se sienta a la puerta del rey; no omitas nada de todo lo que has dicho.
11 ১১ তেতিয়া হামনে সেই ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা ল’লে, আৰু মৰ্দখয়ক বস্ত্ৰ পিন্ধাই ঘোঁৰাত তুলি নগৰৰ মাজেৰে ফুৰালে। তেওঁ মৰ্দখয়ৰ আগে আগে এই কথা ঘোষণা কৰিলে যে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব।”
Y Amán tomó el vestido y el caballo, y vistió a Mardoqueo, y lo llevó a caballo por la plaza de la ciudad, e hizo pregonar delante de él: Así se hará al varón cuya honra desea el rey.
12 ১২ তাৰ পাছত মৰ্দখয় ৰাজ-দুৱাৰলৈ উলটি গ’ল। কিন্তু হামনে শোক কৰি কাপোৰেৰে মুৰ ঢাকি নিজৰ ঘৰলৈ বেগাই গ’ল।
Después de esto Mardoqueo se volvió a la puerta del rey, y Amán se fue corriendo a su casa, enlutado y cubierta su cabeza.
13 ১৩ হামনে তেওঁৰ ভাৰ্যা জেৰচক আৰু তেওঁৰ সকলো বন্ধুক তেওঁলৈ ঘটা সকলো কথা ক’লে। তেতিয়া তেওঁৰ যি সকল লোক জ্ঞানৰ বাবে জনাজাত আছিল, তেওঁলোক আৰু তেওঁৰ ভাৰ্যা জেৰচে তেওঁক ক’লে, “যি মৰ্দখয়ৰ আগত আপোনাৰ সন্মান ম্লান হ’ব ধৰিছে, সেই মৰ্দখয় যদি যিহুদী বংশৰ লোক হয়, তেনেহলে আপুনি কেতিয়াও তেওঁক জয় কৰিব নোৱাৰিব, তেওঁৰ আগত আপোনাৰ নিশ্চয় সৰ্বনাশ হ’ব।”
Contó luego Amán a Zeres su mujer, y a todos sus amigos, todo lo que le había acontecido; y le dijeron sus sabios, y Zeres su mujer: Si de la simiente de los judíos es el Mardoqueo, delante de quien has comenzado a caer, no lo vencerás; antes caerás por cierto delante de él.
14 ১৪ তেওঁলোকে তেওঁৰ লগত কথা পাতি থাকোঁতেই ৰাজ-নপুংসক সকল আহি উপস্থিত হ’ল; আৰু ৰাণী ইষ্টেৰে যুগুত কৰা ভোজলৈ হামনক লৈ যাবলৈ খৰধৰ কৰিলে।
Aun estaban ellos hablando con él, cuando los eunucos del rey llegaron apresurados, para hacer venir a Amán al banquete que Ester había dispuesto.

< এস্থার 6 >