< এস্থার 1 >

1 ৰজা অহচবেৰোচৰ দিনত (ৰজা অহচবেৰোচে ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল);
And it came to pass in the days of Ahasuerus (that is, the Ahasuerus that reigned from India even to Ethiopia, over a hundred and twenty-seven provinces),
2 সেই সময়ত, ৰজা অহচবেৰোচে চুচন ৰাজপ্রসাদত নিজৰ ৰাজসিংহাসনত বহিল।
in those days, when the king Ahasuerus sat on the throne of his kingdom, which was in Shushan the fortress,
3 তেওঁৰ ৰাজত্বৰ তৃতীয় বছৰত তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসৰ বাবে তেওঁ ভোজ পাতিলে। পাৰস্য আৰু মাদিয়াৰ সৈন্য, উচ্চ পদবীধাৰী লোক, আৰু প্ৰদেশৰ অধ্যক্ষ সকল তেওঁৰ আগত উপস্থিত হ’ল।
in the third year of his reign, he made a feast to all his princes and his servants; the power of Persia and Media, the nobles and the princes of the provinces being before him;
4 তেওঁ অনেক দিন, অৰ্থাৎ এশ আশী দিনলৈকে নিজৰ প্ৰতাপান্বিত ৰাজ্যৰ ঐশ্চৰ্য্য, আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে।
when he shewed the glorious wealth of his kingdom and the splendid magnificence of his grandeur many days, a hundred and eighty days.
5 সেই দিনবোৰ যেতিয়া সম্পূৰ্ন হ’ল, তেতিয়া ৰজাই সাত দিনলৈকে ভোজ দিলে। চুচনৰ ৰাজ-কোঁঠত উপস্থিত হোৱা সৰু কি বৰ সকলো প্ৰজাৰ কাৰণে তেওঁ ভোজ দিলে। এই ভোজ ৰাজ-গৃহৰ বাগিছাৰ চোতালত দিলে।
And when these days were expired, the king made a feast to all the people that were present in Shushan the fortress, both to great and small, seven days, in the court of the garden of the king's palace.
6 বাগিছাৰ চোতাল খন বগা আৰু বেঙুনীয়া কপাহী পৰ্দাৰে সজোৱা হৈছিল। পৰ্দাবোৰ মিহি শণ সুতা আৰু ৰঙা-বেঙেনা বৰণীয়া ৰচিৰে মমৰ শিলৰ খুটাত লগোৱা ৰূপৰ আঙুঠিত বন্ধা আছিল। ইয়াত বিচিত্ৰ চানেকীৰে টান শিলেৰে বন্ধা পদ পথ, মৰ্মৰ‍ শিল, মুকুতা আৰু চেপেটা শিলাখণ্ডত সোণৰ আৰু ৰূপৰ আসনবোৰ আছিল।
White, green, and blue [hangings] were fastened with cords of byssus and purple to silver rings and pillars of white marble; couches of gold and silver [lay] upon a pavement of red and white marble, and alabaster, and black marble.
7 তেওঁলোকক সোণৰ পিয়লাত পান কৰোঁৱা হৈছিল। প্রতিটো পিয়লা তুলনাহীন আছিল। ৰজাৰ মহত্ত্বতাৰ কাৰণে অধিক ৰাজকীয় দ্ৰাক্ষাৰস তেওঁলোকক দিয়া হৈছিল।
And they gave drink in vessels of gold (the vessels being diverse one from another), and royal wine in abundance, according to the king's bounty.
8 তেওঁলোকে বিধি অনুসাৰে দ্রাক্ষাৰস পান কৰিছিল, “দ্রাক্ষাৰস পান কৰাটো বাধ্যতা মূলক নাছিল।” কাৰণ যাৰ যি ইচ্ছা, তেওঁ সেই দৰে যেন কৰিব পাৰে, সেই বাবে ৰজাই তেওঁৰ ৰাজপ্রসাদৰ কৰ্মচাৰী সকলক আজ্ঞা দিছিল।
And the drinking was, according to commandment, without constraint; for so the king had appointed to all the magnates of his house, that they should do according to every man's pleasure.
9 ৰাণী ৱষ্টীয়েও অহচবেৰোচৰ ৰাজপ্রসাদত মহিলা সকলৰ বাবে ভোজ দিলে।
Also the queen Vashti made a feast for the women of the royal house which belonged to king Ahasuerus.
10 ১০ সপ্তম দিনৰ দিনা ৰজাই দ্ৰাক্ষাৰস পান কৰি প্ৰফুল্লিত হৈ আছিল, আৰু তেওঁ মহূমন, বিজথা, হৰ্বোনা, বিগথা, অবগথা, জেথৰ, আৰু কৰ্কচক (ৰজা অহচবেৰোচৰ আগত পৰিচৰ্যা কৰা এই সাত জন কৰ্মচাৰী),
On the seventh day, when the king's heart was merry with wine, he commanded Mehuman, Biztha, Harbona, Bigtha, and Abagtha, Zethar, and Carcas, the seven chamberlains that served in the presence of king Ahasuerus,
11 ১১ ৰাণী ৱষ্টীক তেওঁৰ ৰাজমুকুটৰ সৈতে তেওঁৰ ওচৰলৈ আনিবলৈ ক’লে। তেওঁ লোকসকলক আৰু কৰ্মচাৰী সকলক ৰাণীৰ সৌন্দৰ্য দেখুৱাব বিচাৰিছিল, কাৰণ তেওঁৰ মুখমণ্ডল অতি আকৰ্ষণীয় আছিল।
to bring Vashti the queen before the king with the royal crown to shew the peoples and the princes her beauty; for she was of beautiful countenance.
12 ১২ কিন্তু কৰ্মচাৰী সকলৰ দ্বাৰাই ৰজাই তেওঁৰ ওচৰলৈ আনিবলৈ দিয়া আজ্ঞা ৰাণী ৱষ্টীয়ে মানিবলৈ অসন্মত হ’ল। তাতে ৰজাই ক্ৰোধাম্বিত হ’ল, আৰু তেওঁৰ অন্তৰত ক্ৰোধাগ্নি জ্বলি উঠিল।
But the queen Vashti refused to come at the word of the king which was [sent] by the chamberlains; and the king was very wroth, and his fury burned in him.
13 ১৩ তাৰ পাছত ৰজাই জ্ঞানীলোক আৰু যি সকলে সময়ৰ মূল্য বুজে তেওঁলোকৰ লগত আলোচনা কৰিলে, (কিয়নো বিচাৰ আৰু ব্যৱস্থা জনা সকললৈ ৰজাই সেইদৰে কৰে)।
And the king said to the wise men who knew the times (for so was the king's business [conducted] before all that knew law and judgment;
14 ১৪ সেই সময়ত তেওঁৰ অতি ঘনিষ্ট পাৰস্য আৰু মাদিয়াৰ সাত জন কোঁৱৰ এওঁলোক: কৰ্চনা, চেথৰ, অদমথা, তৰ্চীচ, মেৰচ, মৰ্চনা, আৰু মমুকণ। এওঁলোকৰ ৰজাৰ ওচৰলৈ যোৱাৰ অধিকাৰ আছিল, আৰু তেওঁলোকে ৰাজ্যৰ ভিতৰত উচ্চখাপৰ কাৰ্যালয় স্থাপন কৰিছিল।
and the next to him were Carshena, Shethar, Admatha, Tarshish, Meres, Marsena, [and] Memucan, the seven princes of Persia and Media, who saw the king's face, and who sat first in the kingdom),
15 ১৫ ৰাণী ৱষ্টীয়ে কৰ্মচাৰীৰ দ্বাৰাই পঠোৱা, ৰজা অহচবেৰোচৰ আজ্ঞা অমান্য কৰিছিল। সেয়ে বিধি অনুসাৰে ৰাণী ৱষ্টীৰ প্রতি কি কৰা হ’ব?”
What shall be done to the queen Vashti according to law, because she has not performed the word of the king Ahasuerus by the chamberlains?
16 ১৬ তেতিয়া মমুকণে ৰজা আৰু কৰ্মচাৰী সকলৰ উপস্থিতিত ক’লে, “ৰাণী ৱষ্টীয়ে যে কেৱল মহাৰাজৰ বিৰুদ্ধে অপৰাধ কৰিলে, এনে নহয়; কিন্তু সকলো কৰ্মচাৰী, আৰু অহচবেৰোচ ৰজাৰ প্ৰদেশত থকা সকলো লোকৰ বিৰুদ্ধে অপৰাধ কৰিলে।
Then said Memucan before the king and the princes, The queen Vashti has not done wrong to the king only, but also to all the princes, and to all the peoples that are in all the provinces of the king Ahasuerus.
17 ১৭ কাৰণ ৰাণীৰ এই কাৰ্যৰ বিষয়ে সকলো মহিলা জ্ঞাত হ’ব। ইয়াৰ বাবে মহিলা সকলে নিজৰ স্বামীক সেইদৰেই তুচ্ছ জ্ঞান কৰিব। মহিলা সকলে ক’ব, ‘অহচবেৰোচ ৰজাই ৰাণী ৱষ্টীক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিছিল, কিন্তু তেওঁ আজ্ঞা অমান্য কৰিছিল।’
For the act of the queen will come abroad to all women, so as to render their husbands contemptible in their eyes, when they shall say, The king Ahasuerus commanded the queen Vashti to be brought in before him, and she came not!
18 ১৮ ৰাণীৰ এই কৰ্মৰ বিষয়ে পাৰস্য আৰু মাদিয়াৰ ভদ্ৰ মহিলা সকলে শুনি সেই দিনটো অতিক্রম নোহোৱাৰ আগতে ৰজা আৰু কৰ্মচাৰী সকলক সেইদৰে ক’ব। সেয়ে এই কথা বহুত অপমান আৰু ক্ৰোধৰ বিষয় হ’ব।
And the princesses of Persia and Media who have heard of the queen's act, will say it this day to all the king's princes, and there will be contempt and anger enough.
19 ১৯ যদি এই কথাই মহাৰাজক সন্তুষ্ট কৰে, তেনেহলে ‘ৰাণী ৱষ্টী অহচবেৰোচ ৰজাৰ ওচৰলৈ পুনৰ আহিবলৈ নাপাব’; এই ৰাজ আজ্ঞা আপোনাৰ মুখৰ পৰা ওলাওক, আৰু ইয়াৰ যেন লৰ-চৰ নহয়। এই কাৰণে ইয়াক পাৰস্য আৰু মাদিয়া সকলৰ বিধিত লিখা হওক। তাৰ পাছত মহাৰাজে তেওঁৰ ৰাণীপদ তেওঁতকৈ উত্তম মহিলা এগৰাকীক দিয়ক।
If it please the king, let a royal order go forth from him, and let it be written among the laws of the Persians and the Medes, that it may not pass, That Vashti come no more before king Ahasuerus; and let the king give her royal estate to another that is better than she;
20 ২০ মহাৰাজে দিয়া আজ্ঞা যেতিয়া তেওঁৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰা যাব, তেতিয়া সৰু কি বৰ সকলো মহিলাই নিজৰ নিজৰ স্বামীক সন্মান কৰিব।”
and when the king's edict which he shall make shall be heard throughout his realm — for it is great — all the wives shall give to their husbands honour, from the greatest to the least.
21 ২১ তেতিয়া এই কথাত ৰজা আৰু প্রধান লোকসকল সন্তুষ্ট হ’ল; আৰু ৰজাই মমুকণে দিয়া প্রস্তাৱৰ দৰেই কৰিলে।
And the saying pleased the king and the princes; and the king did according to the word of Memucan.
22 ২২ তেওঁ সকলো ৰাজকীয় প্ৰদেশলৈ প্রতিখন প্রদেশৰ নিজৰ আখৰ অনুসাৰে আৰু প্ৰত্যেক লোকলৈ তেওঁলোকৰ ভাষা অনুসাৰে চিঠি পঠিয়ালে। ৰজাই আজ্ঞা দিলে যে, প্ৰতিজন পুৰুষ নিজৰ নিজৰ ঘৰৰ মূৰব্বী হওক। এই আজ্ঞা প্রত্যেক লোকৰ নিজৰ নিজৰ ভাষাত দিয়া হৈছিল।
And he sent letters into all the king's provinces, into every province according to the writing thereof, and to every people according to their language, That every man should bear rule in his own house, and should speak according to the language of his people.

< এস্থার 1 >