< উপদেশক 9 >

1 সেয়ে মই এই সকলো বিষয়ে চিন্তা কৰিলোঁ আৰু দেখিলোঁ যে, ধাৰ্মিক আৰু জ্ঞানী লোকসকল তথা তেওঁলোকৰ সকলো কার্য ঈশ্বৰৰ হাতত। কোনেও নাজানে তেওঁক প্ৰেম কৰা হ’ব নে ঘৃণা কৰা হ’ব।
Доиста све ово сложих у срце своје да бих расветлио све то, како су праведни и мудри и дела њихова у руци Божијој, а човек не зна ни љубави ни мржње од свега што је пред њим.
2 সকলোৰে ক্ষেত্রত শেষ পৰিণতি একেই। ভৱিষ্যতে একেই ঘটে। ধাৰ্মিক হওঁক বা দুষ্ট হওঁক, সৎ আৰু বেয়া, শুচি আৰু অশুচি, বলি উৎসর্গ কৰক বা নকৰক সকলোলৈকে একে ঘটে; যেনেদৰে সৎ লোকৰ মৃত্যু হয়, তেনেদৰে পাপীৰো হয়; ঈশ্বৰৰ ওচৰত প্রতিশ্রুতি দিয়াজনৰ যেনেদৰে মৃত্যু হয়, তেনেকৈ প্রতিশ্রুতি দিবলৈ ভয় কৰা জনৰো হয়।
Све бива свима једнако: праведнику бива као безбожнику, добром и чистом као нечистом, оном који приноси жртву као оном који не приноси, како добром тако грешнику, оном који се куне као оном који се боји заклетве.
3 সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয়, তাৰ ভিতৰত অতি দুখৰ বিষয় এয়ে যে, একে দশা সকলোলৈকে ঘটে; মানুহৰ হৃদয়বোৰ দুষ্টতাৰে পৰিপূর্ণ আৰু জীয়াই থাকে মানে তেওঁলোকৰ হৃদয়ত উন্মত্ততা থাকে। তাৰ পাছত তেওঁৰ মৃত্যু হয়।
А то је најгоре од свега што бива под сунцем што свима једнако бива, те је и срце људско пуно зла, и лудост им је у срцу док су живи, а потом умиру.
4 সকলো জীৱিত লোকৰ কাৰণে আশা আছে। এই প্রবাদ আছে যে, ‘মৃত সিংহতকৈ জীৱিত কুকুৰেই শ্রেয়’।
Јер ко ће бити изабран? У живих свих има надања; и псу живом боље је него мртвом лаву.
5 কিয়নো জীৱিত লোকসকলে জানে যে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু মৃতলোকসকলে একোকেই নাজানে; মৃত লোকে পাবৰ কাৰণে একো পুৰস্কাৰ নাই, কাৰণ তেওঁলোকৰ কথা মানুহে পাহৰি যায়।
Јер живи знају да ће умрети, а мртви не знају ништа нити им има плате, јер им се спомен заборавио.
6 তেওঁলোকৰ প্ৰেম, ঘৃণা আৰু হিংসা সকলো বিলুপ্ত হৈ যায়। সূৰ্যৰ তলত কৰা যিকোনো কাৰ্যত তেওঁলোকৰ পুনৰ কোনো ভাগ নাথাকিব।
И љубави њихове и мржње њихове и зависти њихове нестало је, и више немају дела никада ни у чему што бива под сунцем.
7 সেয়ে তুমি গৈ আনন্দেৰে নিজৰ আহাৰ ভোজন কৰা আৰু হৰ্ষিত হৃদয়েৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো তোমাৰ সকলো কৰ্ম ঈশ্বৰে পূর্বৰে পৰা গ্ৰহণ কৰিলে।
Хајде, једи хлеб свој с радошћу, и веселог срца пиј вино своје, јер су мила Богу дела твоја.
8 সকলো সময়তে বস্ত্ৰ বগা বস্ত্র পিন্ধি আৰু মূৰত তেল দি আনন্দ প্রকাশ কৰিবা।
Свагда нека су ти хаљине беле, и уља на глави твојој да не недостаје.
9 সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই যি সকলো অস্থায়ী আয়ুসৰ কাল দিছে, তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্রমত এয়ে তোমাৰ পাবলগা ভাগ।
Уживај живот са женом коју љубиш свега века свог таштог, који ти је дат под сунцем за све време таштине твоје, јер ти је то део у животу и од труда твог којим се трудиш под сунцем.
10 ১০ তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই। (Sheol h7585)
Све што ти дође на руку да чиниш, чини по могућности својој, јер нема рада ни мишљења ни знања ни мудрости у гробу у који идеш. (Sheol h7585)
11 ১১ সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ: যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয়, এনে নহয়; বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায়, এনে নহয়; পৰিবর্তে, সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্রভাৱান্বিত হয়।
Опет видех под сунцем да није до брзих трка, ни рат до храбрих, ни хлеб до мудрих, ни богатство до разумних, ни добра воља до вештих, него да све стоји до времена и згоде.
12 ১২ কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব। যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকৈ বিপদ হঠাতে মানুহৰ ওপৰলৈ আহে আৰু তেওঁক ফান্দত পেলায়।
Јер човек не зна време своје, него као што се рибе хватају мрежом несрећном и као што се птице хватају пруглом, тако се хватају синови човечији у зао час, кад навали на њих изненада.
13 ১৩ মই সূৰ্যৰ তলত প্রজ্ঞা সম্বন্ধে আন এক বিষয় দেখিলোঁ আৰু সেয়ে মোলৈ অতি গুৰুতৰ বোধ হ’ল।
Видех и ову мудрост под сунцем, која ми се учини велика:
14 ১৪ এখন সৰু নগৰত অতি তাকৰ মানুহ আছিল; এজন শক্তিশালী ৰজাই নগৰখনৰ বিৰুদ্ধে আহি তাক অৱৰোধ আক্রমণ কৰিবলৈ বৰ বৰ কোঁঠ সাজিলে।
Беше мален град и у њему мало људи; и дође на њ велик цар, и опколи га и начини око њега велике опкопе.
15 ১৫ সেই নগৰত এজন জ্ঞানৱান দৰিদ্ৰ মানুহক পোৱা গ’ল; তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে; কিন্তু কোনেও সেই দৰিদ্ৰ মানুহজনক সোঁৱৰণ নকৰিলে।
А нађе се у њему сиромах човек мудар, који избави град мудрошћу својом, а нико се не сећаше тог сиромаха човека.
16 ১৬ সেয়ে মই ক’লোঁ, “শক্তিতকৈ প্রজ্ঞা উত্তম; কিন্তু দৰিদ্র লোকৰ প্ৰজ্ঞাক হেয়জ্ঞান কৰা হয় আৰু তেওঁৰ কথা কোনেও নুশুনে।”
Тада ја рекох: Боља је мудрост него снага, ако се и не мараше за мудрост оног сиромаха и речи се његове не слушаху.
17 ১৭ অজ্ঞানীসকলৰ মাজত কৰা এজন শাসনকর্তাৰ গর্জনতকৈ বৰং জ্ঞানৱানৰ শান্ত-সৌম্য কথা শুনা ভাল।
Речи мудрих људи ваља с миром слушати више него вику оног који заповеда међу лудима.
18 ১৮ যুদ্ধৰ অস্ত্ৰ-শস্ত্রতকৈ প্রজ্ঞা উত্তম; কিন্তু এজন পাপীয়ে অনেক ভাল কার্য নষ্ট কৰে।
Боља је мудрост него оружје убојито; али један грешник квари многа добра.

< উপদেশক 9 >