< দ্বিতীয় বিবরণ 23 >

1 যি পুৰুষৰ অণ্ডকোষ চূর্ণ বা গুপুত অঙ্গ কটা হৈছে, তেওঁ যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
Non intravit eunuchus attritis vel amputatis testiculis et abscisso veretro, ecclesiam Domini.
2 কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
Non ingredietur mamzer, hoc est, de scorto natus, in ecclesiam Domini, usque ad decimam generationem.
3 কোনো অম্মোনীয়া বা মোৱাবীয়া লোক যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
Ammonites et Moabites etiam post decimam generationem non intrabunt ecclesiam Domini, in æternum:
4 কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত আপোনালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং আপোনালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল।
quia noluerunt vobis occurrere cum pane et aqua in via quando egressi estis de Ægypto: et quia conduxerunt contra te Balaam filium Beor de Mesopotamia Syriæ, ut malediceret tibi:
5 কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিলিয়মৰ কথা নুশুনিলে; আপোনালোকক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনালোকৰ পক্ষে সেই শাও আশীৰ্ব্বাদত পৰিণত কৰিলে।
et noluit Dominus Deus tuus audire Balaam, vertitque maledictionem eius in benedictionem tuam, eo quod diligeret te.
6 আপোনালোক জীয়াই থাকেমানে কেতিয়াও তেওঁলোকৰ মঙ্গল কি উন্নতিৰ চেষ্টা নকৰিব।
Non facies cum eis pacem, nec quæras eis bona cunctis diebus vitæ tuæ in sempiternum.
7 কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল।
Non abominaberis Idumæum, quia frater tuus est: nec Ægyptium, quia advena fuisti in terra eius.
8 আপোনালোকৰ মাজত বাস কৰাৰ পাছত তৃতীয় পুৰুষৰ পৰা তেওঁলোক যিহোৱাৰ সমাজত সোমাব পাৰিব।
Qui nati fuerint ex eis, tertia generatione intrabunt in ecclesiam Domini.
9 শত্রুসকলৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি ওলাই যোৱা সময়ত, সকলো মন্দৰ পৰা আপোনালোকে নিজক দূৰৈত ৰাখিব।
Quando egressus fueris adversus hostes tuos in pugnam, custodies te ab omni re mala.
10 ১০ আপোনালোকৰ মাজত যদি কোনো পুৰুষ ৰাতি ঘটা ঘটনাৰ কাৰণে অশুচি হয়, তেন্তে সি ছাউনিৰ বাহিৰলৈ যাব লাগিব; ছাউনিৰ ভিতৰলৈ ঘূৰি নাহিব।
Si fuerit inter vos homo, qui nocturno pollutus sit somnio, egredietur extra castra,
11 ১১ সন্ধিয়া হৈ আহিলে তেওঁ নিজে পানীত গা ধুব। সূৰ্য মাৰ যোৱাৰ পাছত তেওঁ ছাউনিলৈ ঘূৰি যাব পাৰিব।
et non revertetur, priusquam ad vesperam lavetur aqua: et post solis occasum regredietur in castra.
12 ১২ পায়খানাৰ কাৰণে আপোনালোকে ছাউনিৰ বাহিৰত এটা ঠাই ঠিক কৰি ল’ব লাগিব।
Habebis locum extra castra, ad quem egrediaris ad requisita naturæ,
13 ১৩ আপোনালোৰ সা-সামগ্রীৰ মাজত মাটি খান্দিবলৈ এখন খন্তি থাকিব। পায়খানা কৰাৰ আগতে আপোনালোকে তাৰে গাত কৰি মলখিনি আকৌ মাটিৰে ঢাকি দিব।
gerens paxillum in balteo. Cumque sederis, fodies per circuitum, et egesta humo operies
14 ১৪ আপোনালোকক ৰক্ষা কৰিবলৈ, আৰু আপোনালোকৰ শত্রুবোৰক আপোনালোকৰ হাতত তুলি দিবলৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, আপোনালোকে ছাউনি পবিত্ৰ কৰি ৰাখিব লাগিব যাতে আপোনালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ আপোনালোকৰ পৰা বিমুখ হৈ নাযায়।
quo revelatus es (Dominus enim Deus tuus ambulat in medio castrorum, ut eruat te, et tradat tibi inimicos tuos) et sint castra tua sancta, et nihil in eis appareat fœditatis ne derelinquat te.
15 ১৫ কোনো দাসে যদি নিজৰ গৰাকীৰ পৰা পলাই আহি আপোনালোকৰ ওচৰত আশ্রয় লয়, আপোনালোকে তাক তাৰ গৰাকীৰ হাতত শোধাই নিদিব।
Non trades servum domino suo, qui ad te confugerit.
16 ১৬ সেই দাসে যি কোনো এখন নগৰত আপোনালোকৰ মাজত, য’তে বাস কৰিব বিচাৰে, তাতে বাস কৰিবলৈ দিব। তাক উপদ্ৰৱ নকৰিব।
Habitabit tecum in loco, qui ei placuerit, et in una urbium tuarum requiescet: ne contristes eum.
17 ১৭ ইস্ৰায়েলৰ যুৱতীসকলৰ মাজত যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়; ইস্ৰায়েলীয়া পুৰুষৰ মাজতো যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়।
Non erit meretrix de filiabus Israel, nec scortator de filiis Israel.
18 ১৮ পুৰষ হওঁক বা মহিলাই হওঁক, যি জনে বেশ্যাৰ জীৱন কটায়, তেওঁৰ উপার্জনৰ ধন কোনো সঙ্কল্প-সিদ্ধিৰ অৰ্থে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ নানিব; কাৰণ সেই ধৰণৰ পুৰুষ আৰু মহিলাক আপোনালোকৰ ঈশ্বৰ যিহোৱাই ঘৃণা কৰে।
Non offeres mercedem prostibuli, nec pretium canis in domo Domini Dei tui, quidquid illud est quod voveris: quia abominatio est utrumque apud Dominum Deum tuum.
19 ১৯ আপোনালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিব - সেই সুদ ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক।
Non fœnerabis fratri tuo ad usuram pecuniam, nec fruges, nec quamlibet aliam rem:
20 ২০ অন্য জাতিৰ লোকসকলৰ পৰা আপোনালোকে ধাৰ দি সুদ ল’ব পাৰে, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰে। এইদৰে চলিলে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, সেই দেশত আপোনালোকে যিহতে হাত দিব, সকলো কাৰ্যতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।
sed alieno. Fratri autem tuo absque usura id, quo indiget, commodabis: ut benedicat tibi Dominus Deus tuus in omni opere tuo in Terra, ad quam ingredieris possidendam.
21 ২১ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যদি আপোনালোকে কোনো সঙ্কল্প কৰে, তেন্তে তাক পূৰণ কৰিবলৈ পলম নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পৰা তাক নিশ্চয়ে আদায় কৰিব; তাক পূৰণ নকৰিলে আপোনালোকৰ পাপ হ’ব।
Cum votum voveris Domino Deo tuo, non tardabis reddere: quia requiret illud Dominus Deus tuus. Et si moratus fueris, reputabitur tibi in peccatum.
22 ২২ কিন্তু সঙ্কল্প নকৰিলে, তাত কোনো পাপ নহ’ব।
Si nolueris polliceri, absque peccato eris.
23 ২৩ আপোনালোকৰ মুখৰ পৰা যি সঙ্কল্পৰ কথা ক’ব, তাক আপোনালোকে পূৰণ কৰিবই লাগিব, কাৰণ আপোনালোকে স্ব-ইচ্ছাৰে নিজ মুখেৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত সেই প্ৰতিজ্ঞা কৰিছে।
Quod autem semel egressum est de labiis tuis, observabis, et facies sicut promisisti Domino Deo tuo, et propria voluntate et ore tuo locutus es.
24 ২৪ আনৰ দ্ৰাক্ষাবাৰীলৈ গৈ আপোনালোকে ইচ্ছামতে হেঁপাহ পলুৱাই আঙুৰ খাব পাৰিব, কিন্তু লৈ যোৱাৰ বাবে আপোনালোকৰ পাত্ৰত অলপো নল’ব।
Ingressus vineam proximi tui, comede uvas quantum tibi placuerit: foras autem ne efferas tecum.
25 ২৫ অন্যৰ শস্যক্ষেত্রত গৈ আপোনালোকে নিজ হাতেৰে থোক ছিঙিব পাৰিব, কিন্তু শস্যত কাচি লগাব নোৱাৰিব।
Si intraveris in segetem amici tui, franges spicas, et manu conteres: falce autem non metes.

< দ্বিতীয় বিবরণ 23 >