< দ্বিতীয় বিবরণ 21 >

1 আপোনাৰ ঈশ্বৰ যিহোৱাই, যি দেশ অধিকাৰৰ অৰ্থে আপোনাক দিছে, তাৰ পথাৰত যদি কোনো লোকৰ মৃতদেহ পৰি থকা দেখা পোৱা, কিন্তু তাক কোনে হত্যা কৰিলে সেয়ে জনা নাযায়;
Če je nekdo najden ubit na polju, ki ti ga Gospod, tvoj Bog, daje v last, ležeč na polju in se ne ve kdo ga je umoril,
2 তেতিয়া আপোনালোকৰ মাজৰ বয়জ্যেষ্ঠলোক আৰু বিচাৰকৰ্ত্তাসকল বাহিৰলৈ গৈ, সেই হতহোৱা লোকজনৰ মৃতদেহৰ চাৰিওফালে থকা নগৰবোৰৰ দুৰত্বৰ মাপ ল’ব।
potem bodo prišli tvoje starešine in tvoji sodniki in bodo izmerili [razdaljo] do mest, ki so naokoli tega, ki je umorjen.
3 যেতিয়া আপোনালোকে নিহত ব্যক্তিজনৰ সকলোতকৈ ওচৰত থকা চহৰ খনৰ বিষয়ে জানিব, সেই নগৰৰ বৃদ্ধ লোকসকলে, জাকৰ পৰা এনে এজনী চেঁউৰী গৰু ল’ব যাৰ দ্বাৰাই যুৱলি টনা আদি কোনো কাম কৰোঁৱা নাই।
Zgodilo se bo, da mesto, ki je bliže umorjenemu človeku, celo starešine tega mesta bodo vzeli telico, s katero še niso delali in ki še ni vlekla jarma,
4 পাছত সেই নগৰৰ বৃদ্ধ লোকসকলে চেঁউৰী গৰুজনী লৈ, হাল নোবোৱা, গুটি নিসিচাঁ পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ, সেই উপত্যকাত গৰুজনীৰ ডিঙি বিচ্ছেদ কৰিব।
in starešine tega mesta bodo telico privedli dol v valovito dolino, ki ni niti obdelana niti posejana in tam, v dolini, bodo telici zlomili vrat
5 আৰু লেবীসকলৰ সন্তান পুৰোহিতসকলো অৱশ্যেই তালৈ যাব; কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোকসকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব।
in duhovniki, sinovi Lévijevcev, se bodo približali, kajti njih je Gospod, tvoj Bog, izbral, da mu služijo in da blagoslavljajo v Gospodovem imenu, in po njihovi besedi bo vsaka polemika in vsak udarec preizkušen
6 সেই শৱটোৰ ওচৰত থকা নগৰৰ উপত্যকাত আটাই বৃদ্ধসকলে, গৰুজনীৰ দিঙি বিচ্ছেদ কৰাৰ ওপৰত নিজৰ নিজৰ হাত ধুব।
in vse starešine tega mesta, ki je bliže umorjenemu človeku, si bodo roke umili nad telico, ki je obglavljena v dolini
7 আৰু এই লোকসকলে ক’ব “আমাৰ হাতে এই ৰক্তপাত কৰা নাই আৰু আমি এই ঘটনাও দেখা নাই।
in odgovorili bodo ter rekli: ›Naše roke niso prelile te krvi niti naše oči tega niso videle.
8 হে যিহোৱা, তুমি মুক্ত কৰা তোমাৰ প্ৰজা ইস্ৰায়েলক ক্ষমা কৰি, তোমাৰ প্ৰজা ইস্ৰায়েলৰ গাত নিৰ্দোষীৰ ৰক্তপাতৰ দোষ নেপেলাবা।” তাতে তেওঁলোকলৈ সেই ৰক্তপাতৰ দোষ ক্ষমা কৰা হ’ব।
Bodi usmiljen, oh Gospod, svojemu ljudstvu Izraelu, ki si ga odkupil in ne polagaj nedolžne krvi na svoje ljudstvo Izrael, ki je najbliže.‹ In kri jim bo odpuščena.
9 এইদৰে আপোনালোকে যিহোৱাৰ দৃষ্টিত যি ভাল, তাকেই কৰি আপোনালোকৰ মাজৰ পৰা নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ দূৰ কৰিব।
Tako boš izmed sebe odvzel krivdo nedolžne krvi, ko boš storil to, kar je pravilno v Gospodovih očeh.
10 ১০ যেতিয়া আপোনালোকে আপোনালোকৰ শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাব, তেতিয়া আপোনাৰ ঈশ্বৰ যিহোৱাই সেই লোকসকলক পৰাস্ত কৰিব আৰু আপোনালোকে শত্রুবোৰক বন্দীকৰি আনিব পাৰিব।
Ko greš naprej v vojno zoper svoje sovražnike in ti jih Gospod, tvoj Bog, izroči v tvoje roke in si jih zajel kot ujetnike
11 ১১ আৰু সেই বন্দী কৰি অনা লোকসকলৰ মাজত কোনো সুন্দৰী যুৱতীক দেখি মুগ্ধহৈ আপুনি যদি তাইক বিয়া কৰি পত্নী কৰিব খোজে,
in vidiš med ujetniki lepo žensko in imaš do nje poželenje, da bi jo imel za svojo ženo,
12 ১২ তেন্তে তেওঁক আপোনাৰ ঘৰলৈ নিব আৰু তাই নিজৰ মুৰ খুৰাই নখ কাটি,
potem jo boš privedel domov, v svojo hišo. Ona si bo obrila svojo glavo in postrigla svoje nohte
13 ১৩ বন্দী অৱস্থাৰ কাপোৰ সোলোকাই থৈ, আপোনাৰ ঘৰত থাকি বাপেক-মাকৰ কাৰণে পুৰা এমাহ শোক প্রকাশ কৰিব; তাৰ পাছত আপুনি তাইৰ ওচৰলৈ যাব পাৰিব বা তেওঁৰ স্বামী হ’ব, আৰু তাই আপোনাৰ ভাৰ্য্যা হ’ব।
in iz sebe bo odložila oblačila svojega ujetništva in ostala bo v tvoji hiši in cel mesec bo objokovala svojega očeta in svojo mater. Potem boš šel noter k njej in boš njen soprog in ona bo tvoja žena.
14 ১৪ পাছত যদি আপুনি তেওঁকলৈ সুখী নহয়নো, তেন্তে যি ঠাইলৈ তেওঁ যাবলৈ ইচ্ছা কৰে, সেই ঠাইলৈকে যাবলৈ দিব; কিন্তু কোনো ধন লৈ তাইক নেবেচিব, আপুনি তাইলৈ বেটী বা দাসীৰ নিচিনাকৈ ব্যৱহাৰ নকৰিব, কিয়নো আপুনি তাইক অপদস্থ কৰিলে।
In zgodilo se bo, če z njo ne boš imel veselja, potem jo boš pustil oditi kamor ona hoče. Toda, ker si jo ponižal, je nikakor ne boš prodal za denar, iz nje ne boš naredil trgovskega blaga.
15 ১৫ যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ। দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়;
Če ima mož dve ženi, eno ljubljeno in drugo osovraženo in sta mu rodili otroke, obe, ljubljena in osovražena in če je prvorojenec od tiste, ki je bila osovražena,
16 ১৬ তেতিয়া সেই ব্যক্তিয়ে পুতেক কেইজনক সম্পত্তিৰ ভাগকৰা দিনা, ঘৃণাৰ গৰাকীৰ পৰা হোৱা বৰ পুতেক থাকোঁতে, তেওঁ মৰমৰ গৰাকীৰ পুতেকক জ্যেষ্ঠাধিকাৰ দিব নোৱাৰিব।
potem se bo zgodilo, ko daje svojim sinovom podedovati to, kar ima, da ne sme narediti sina ljubljene prvorojenca pred sinom osovražene, ki je zares prvorojenec,
17 ১৭ কিন্তু অৱশ্যেই তেওঁ সকলো সম্পত্তিৰ দুভাগ দি এলাগীজনীৰ পুতেককে বৰ-পো বুলি স্বীকাৰ কৰিব। কাৰণ সেই সন্তান তেওঁৰ প্ৰথম সন্তান। প্রথমে জন্মপোৱা হিচাবে সমস্ত জ্যেষ্ঠাধিকাৰ তেওঁৰ আছে।
temveč bo sina osovražene priznal za prvorojenca s tem, da mu da dvojni delež od vsega, kar ima, kajti on je začetek njegove moči; pravica prvorojenca je njegova.
18 ১৮ কোনো এজন মাক-বোপেকৰ যদি জেদী ও বিৰোধী বা মাক দেউতাকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁলোকৰ কথা শুনিবলৈ অস্বীকাৰ কৰা ল’ৰা, কোনো মানুহৰ থাকিলে;
Če ima človek trmoglavega in upornega sina, ki noče ubogati glasu svojega očeta ali glasu svoje matere in ko sta ga karala, da ju noče poslušati,
19 ১৯ সেই ল’ৰা জনৰ বাপেক-মাকে তেওঁক ধৰি, নিজৰ নগৰৰ বয়জ্যেষ্ঠসকলৰ ওচৰলৈ আৰু তেওঁলোকে নিবাস কৰা নগৰৰ দুৱাৰ-মুখলৈ লৈ আহিব।
potem naj ga njegov oče in njegova mati primeta in ga privedeta k starešinam njegovega mesta in k velikim vratom njegovega kraja
20 ২০ নগৰৰ বয়জ্যেষ্ঠ লোকসকলক ক’ব “আমাৰ এই লৰাটি অবাধ্য আৰু বিৰোধী, আমাৰ কথা নুশুনে, তেওঁ অপব্যয়ী আৰু মদপী।”
in starešinam mesta bosta rekla: ›Ta najin sin je trmoglav in uporen, noče ubogati najinega glasu. Požeruh je in pijanec.‹
21 ২১ তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইস্ৰায়েলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব।
In vsi ljudje iz njegovega mesta ga bodo kamnali s kamni, da ta umre. Tako boš zlo odstranil proč izmed vas in ves Izrael bo slišal in se bal.
22 ২২ পাছত কোনো মানুহে যদি প্ৰাণ দণ্ডৰ যোগ্য পাপ কৰে আৰু তেওঁৰ প্ৰাণদণ্ড হয়; তেওঁৰ মৃত দেহতো এডাল গছত আঁৰি ৰাখিব;
Če je moški zagrešil greh, vreden smrti, in bo usmrčen in ga obesiš na drevo,
23 ২৩ কিন্তু তেওঁৰ মৃতদেহটো ৰাতি গছডালৰ ওপৰতে ৰাখি নথব; বৰং একেদিনাই দেহটো পুতি পেলাব। কিয়নো যি জনৰ শৱ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। সেই কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিবলৈ গৈছে, আপোনালোকে সেই দেশ অশুচি নকৰিব।
naj njegovo truplo ne ostane vso noč na drevesu, temveč ga boš vsekakor tisti dan pokopal (kajti ta, ki je obešen, je preklet od Boga), da tvoja dežela, ki ti jo Gospod, tvoj Bog, daje za dediščino, ne bo omadeževana.

< দ্বিতীয় বিবরণ 21 >