< দ্বিতীয় বিবরণ 11 >

1 “আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব আৰু তেওঁ যি বিচাৰিছে, তাক কৰিব আৰু তেওঁৰ নির্দেশ, নিয়ম, শাসন-প্ৰণালী আৰু আজ্ঞাবোৰ নিতৌ পালন কৰিব।
ama itaque Dominum Deum tuum et observa praecepta eius et caerimonias iudicia atque mandata omni tempore
2 মই আপোনালোকৰ সন্তানসকলৰ কাৰণে কোৱা নাই, যিসকলে ঈশ্বৰ যিহোৱাৰ শাস্তি, তেওঁৰ মহান কার্য, তেওঁৰ শক্তিশালী হাত আৰু পৰাক্রম প্রর্দশনৰ কথা জনা নাছিল আৰু দেখাও নাছিল;
cognoscite hodie quae ignorant filii vestri qui non viderunt disciplinam Domini Dei vestri magnalia eius et robustam manum extentumque brachium
3 মিচৰৰ দেশত মিচৰৰ ৰজা ফৰৌণলৈ কৰা তেওঁৰ চিন আৰু কার্যবোৰো তেওঁলোকে দেখা নাছিল।
signa et opera quae fecit in medio Aegypti Pharaoni regi et universae terrae eius
4 যিহোৱাই মিচৰীয় সৈন্যদললৈ, তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰলৈ যি কৰিছিল আৰু সৈন্যদলে যেতিয়া আপোনালোকৰ পাছে পাছে খেদি আহিছিল, তেতিয়া কেনেকৈ তেওঁ চূফ সাগৰৰ পানীত তেওঁলোকক সম্পূর্ণকে ডুবাই দিছিল আৰু কেনেকৈ তেওঁলোকক ধ্বংস কৰিছিল, তাকো দেখা নাই।
omnique exercitui Aegyptiorum et equis ac curribus quomodo operuerint eos aquae Rubri maris cum vos persequerentur et deleverit eos Dominus usque in praesentem diem
5 আপোনালোকে এই ঠাইলৈ আহি নোপোৱালৈকে আপোনালোকৰ কাৰণে তেওঁ মৰুপ্রান্তৰৰ মাজত কি কৰিছিল, তাকো আপোনালোকৰ সন্তানসকলে দেখা নাই।
vobisque quae fecerit in solitudine donec veniretis ad hunc locum
6 ৰূবেণ ফৈদৰ ইলিয়াবৰ পুতেক দাথন আৰু অবীৰামৰ প্রতি তেওঁ যি কৰিছিল অর্থাৎ সমগ্র ইস্ৰায়েলীয়া লোকৰ মাজত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক, তেওঁলোকৰ তম্বু আৰু সকলোবোৰ প্রাণীক যিদৰে গ্রাস কৰিছিল সেয়াও তেওঁলোকে দেখা নাছিল।
et Dathan atque Abiram filiis Heliab qui fuit filius Ruben quos aperto ore suo terra absorbuit cum domibus et tabernaculis et universa substantia eorum quam habebant in medio Israhelis
7 কিন্তু যিহোৱাৰ সেই মহৎ মহৎ কার্যবোৰ আপোনালোকেই নিজ চকুৰে দেখিছিল।
oculi vestri viderunt omnia opera Domini magna quae fecit
8 এই হেতুকে, মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো তাক পালন কৰিব যাতে যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যর্দন নদী অতিক্রম কৰি যাব, সেই ঠাইলৈ গৈ আপোনালোক শক্তিশালী হৈ তাক অধিকাৰ কৰি ল’ব পাৰে আৰু
ut custodiatis universa mandata illius quae ego hodie praecipio vobis et possitis introire et possidere terram ad quam ingredimini
9 যিহোৱাই আপোনালোকৰ পূর্বপুৰুষ আৰু তেওঁলোকৰ বংশধৰৰ ওচৰত দুগ্ধ-মধু বোৱা যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল, সেই দেশত যেন আপোনালোক অনেক দিন জীয়াই থাকিব পাৰে।
multoque in ea vivatis tempore quam sub iuramento pollicitus est Dominus patribus vestris et semini eorum lacte et melle manantem
10 ১০ কিয়নো যি দেশ অধিকাৰ কৰিবলৈ আপোনালোক গৈছে, সেইখন যি দেশৰ পৰা আপোনালোক ওলাই আহিছে সেই মিচৰ দেশৰ নিচিনা নহয়; য’ত আপোনালোকে শস্য সিঁচি, শাকনি বাৰীত যেনেকৈ কৰা হয় তেনেকৈ ভৰিৰে পানী দিয়াৰ কার্য কৰিছিল।
terra enim ad quam ingredieris possidendam non est sicut terra Aegypti de qua existi ubi iacto semine in hortorum morem aquae ducuntur inriguae
11 ১১ কিন্তু যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈছে, সেই ঠাই পাহাৰ আৰু উপত্যকাৰে ভৰা। সেই দেশে পানী আকাশৰ পৰা পানী পায়;
sed montuosa est et campestris de caelo expectans pluvias
12 ১২ আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই দেশৰ যত্ন লয়; বছৰৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো সময়ত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ চকু সেই দেশৰ ওপৰত থাকে।
quam Dominus Deus tuus semper invisit et oculi illius in ea sunt a principio anni usque ad finem eius
13 ১৩ গতিকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ আৰু সমস্ত মন আৰু প্রাণেৰে তেওঁৰ সেৱা-আৰধনা কৰিবলৈ যি আজ্ঞা আজি মই আপোনালোকক দিলোঁ তাক আপোনালোকে বিশ্বস্ততাৰে পালন কৰিব।
si ergo oboedieritis mandatis meis quae hodie praecipio vobis ut diligatis Dominum Deum vestrum et serviatis ei in toto corde vestro et in tota anima vestra
14 ১৪ তেতিয়া যিহোৱাই সঠিক কালত আপোনালোকৰ দেশৰ ওপৰত আগতীয়া আৰু শেষতীয়া বৰষুণ পঠাব। তাতে আপোনালোকে প্রচুৰ শস্য, নতুন আঙ্গুৰৰ ৰস আৰু তেল গোটাব পাৰিব।
dabo pluviam terrae vestrae temporivam et serotinam ut colligatis frumentum et vinum et oleum
15 ১৫ আপোনালোকৰ পশুধনবোৰৰ কাৰণেও যিহোৱাই পথাৰত ঘাঁহ হবলৈ দিব; আপোনালোকেও তৃপ্ত হোৱাকৈ খাবলৈ পাব।
faenum ex agris ad pascenda iumenta et ut ipsi comedatis ac saturemini
16 ১৬ আপোনালোকৰ হৃদয় যেন ছলনাত পৰি ভ্রান্ত হৈ নাযায় আৰু আপোনালোকে আন দেৱতাবোৰৰ উপাসনা কৰি সেইবোৰৰ আগত যেন প্ৰণিপাত নকৰিব, তাৰ বাবে আপোনালোক নিজৰ বিষয়ে সাৱধান হ’ব;
cavete ne forte decipiatur cor vestrum et recedatis a Domino serviatisque diis alienis et adoretis eos
17 ১৭ তেনে কৰিলে আপোনালোকৰ ওপৰত যিহোৱাৰ ক্রোধ প্রজ্বলিত হৈ উঠিব আৰু তেওঁ আকাশৰ দুৱাৰ বন্ধ কৰি দিব, যাৰ ফলত বৰষুণ নহ’ব আৰু ভুমিয়ে নিজ ফল উৎপন্ন নকৰিব। যি উত্তম দেশ যিহোৱাই আপোনালোকক দিব, তাৰ পৰা আপোনালোক অতি শীঘ্রেই নিশ্চিহ্ন হৈ যাব।
iratusque Dominus claudat caelum et pluviae non descendant nec terra det germen suum pereatisque velociter de terra optima quam Dominus daturus est vobis
18 ১৮ এতেকে আপোনালোকে মোৰ এই কথাবোৰ নিজ নিজ হৃদয়ত আৰু মনত গাঁথি ৰাখিব; চিনস্বৰূপে সেইবোৰ হাতত বান্ধিব আৰু আপোনালোকৰ চকুৰ মাজত প্রতীকৰূপে ভূষিত কৰিব।
ponite haec verba mea in cordibus et in animis vestris et suspendite ea pro signo in manibus et inter vestros oculos conlocate
19 ১৯ আপোনালোকৰ নিজৰ সন্তানসকলক সকলো সময়তে, ঘৰত বহোঁতে বা বাটত যাওঁতে, শোওঁতে বা উঠোতে বা কোনো কার্য কৰোঁতে সেইবোৰৰ বিষয়ে শিক্ষা দিব।
docete filios vestros ut illa meditentur quando sederis in domo tua et ambulaveris in via et accubueris atque surrexeris
20 ২০ আপোনালোকে ঘৰৰ দুৱাৰৰ চৌকাঠত আৰু নগৰৰ প্রৱেশ দুৱাৰত সেইবোৰ লিপিবদ্ধ কৰি থ’ব।
scribes ea super postes et ianuas domus tuae
21 ২১ যিহোৱাই আপোনালোকৰ পূৰ্ব–পুৰুষসকলৰ ওচৰত যি দেশ দিয়াৰ প্রতিজ্ঞা কৰিছিল সেই দেশত আপোনালোক আৰু আপোনালোকৰ সন্তান সকল যিমানকাল এই পৃথিবীৰ ওপৰত আকাশ থাকিব সিমানকাল জীয়াই থাকিব।
ut multiplicentur dies tui et filiorum tuorum in terra quam iuravit Dominus patribus tuis ut daret eis quamdiu caelum inminet terrae
22 ২২ কিয়নো এই যি আজ্ঞাবোৰ মই আপোনালোকক আদেশ দিছোঁ, আপোনালোকে যদি যত্নেৰে সেই গোটেই ব্যৱস্থা পালন কৰি সেই মতে কাৰ্য কৰি নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে, তেওঁৰ সকলো পথত চলে, আৰু তেওঁত লাগি থাকে,
si enim custodieritis mandata quae ego praecipio vobis et feceritis ea ut diligatis Dominum Deum vestrum et ambuletis in omnibus viis eius adherentes ei
23 ২৩ তেন্তে যিহোৱাই আপোনালোকৰ আগৰ পৰা এই আটাই জাতিবোৰক দূৰ কৰিব, আৰু আপোনালোকে আপোনালোকতকৈ মহান আৰু শক্তিশালী জাতিবোৰক উচ্ছেদ কৰিব।
disperdet Dominus omnes gentes istas ante faciem vestram et possidebitis eas quae maiores et fortiores vobis sunt
24 ২৪ আপোনালোকে যি যি ঠাইত ভৰি দিব, সেই সকলো ঠাই আপোনালোকৰে হ’ব; মৰুভূমিৰ পৰা লিবানোন পর্যন্ত আৰু ইউফ্রেটিচ নদীৰ পৰা ভূমধ্য সাগৰলৈকে আপোনালোকৰ সীমা হ’ব।
omnis locus quem calcaverit pes vester vester erit a deserto et Libano a flumine magno Eufraten usque ad mare occidentale erunt termini vestri
25 ২৫ আপোনালোকৰ আগত কোনো লোক থিয় হ’ব নোৱাৰিব; আপোনালোকে সেই দেশত যলৈকে যাব, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক কোৱা বাক্য অনুসাৰে তেওঁলোকৰ মনত আপোনালোকৰ সমন্ধে এক ভয় আৰু আতঙ্ক ভাৱৰ সৃষ্টি কৰিব।
nullus stabit contra vos terrorem vestrum et formidinem dabit Dominus Deus vester super omnem terram quam calcaturi estis sicut locutus est vobis
26 ২৬ চোৱা, আজি মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ।
en propono in conspectu vestro hodie benedictionem et maledictionem
27 ২৭ আজি মই আপোনালোকৰ ওচৰত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞাবোৰ দিলোঁ, সেইবোৰলৈ যদি আপোনালোকে মনোযোগ দিয়ে, তেন্তে আপোনালোকে আশীৰ্ব্বাদ পাব।
benedictionem si oboedieritis mandatis Domini Dei vestri quae ego praecipio vobis
28 ২৮ কিন্তু যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদিয়ে, আৰু মই আজি আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তাৰ পৰা আঁতৰি আপোনালোকে নজনা আন দেৱতাৰ পাছত চলে, তেন্তে আপোনালোকে শাও পাব।
maledictionem si non audieritis mandata Domini Dei vestri sed recesseritis de via quam ego nunc ostendo vobis et ambulaveritis post deos alienos quos ignoratis
29 ২৯ আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া সেই দেশত ঈশ্বৰ যিহোৱাই আপোনালোকক যেতিয়া লৈ যাব, তেতিয়া গৰিজ্জীম পৰ্বতত সেই আশীৰ্ব্বাদ, আৰু এবাল পৰ্ব্বতত সেই শাও প্ৰকাশ কৰিব।
cum introduxerit te Dominus Deus tuus in terram ad quam pergis habitandam pones benedictionem super montem Garizim maledictionem super montem Hebal
30 ৩০ সেই দুই পৰ্বত যৰ্দ্দনৰ সিপাৰত পশ্চিমফালৰ বাটৰ পশ্চিমত গিলগলৰ সন্মুখত অৰাবা-নিবাসী কনানীয়াসকলৰ দেশৰ মাজত মোৰিৰ এলোন গছবোৰৰ ওচৰত নহয় নে?
qui sunt trans Iordanem post viam quae vergit ad solis occubitum in terra Chananei qui habitat in campestribus contra Galgalam quae est iuxta vallem tendentem et intrantem procul
31 ৩১ কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাক অধিকাৰ কৰিবৰ অৰ্থে আপোনালোকে তাত সোমাবলৈ যৰ্দ্দন পাৰ হৈ যাব। আপোনালোকে তাক অধিকাৰ কৰি তাতে বসতি কৰিব।
vos enim transibitis Iordanem ut possideatis terram quam Dominus Deus vester daturus est vobis et habeatis ac possideatis illam
32 ৩২ এই কাৰণে, মই আজি আপোনালোকৰ আগত যি যি বিধি আৰু শাসন-প্ৰণালী প্ৰকাশ কৰিছোঁ, সেই সকলোকে পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব।”
videte ergo ut impleatis caerimonias atque iudicia quae ego hodie ponam in conspectu vestro

< দ্বিতীয় বিবরণ 11 >