< আমোস 7 >

1 প্ৰভু যিহোৱাই মোক এই দর্শন দেখুৱালে: “চোৱা, যেতিয়া দ্বিতীয়বাৰ শস্য বাঢ়িবলৈ আৰম্ভ কৰিলে, সেই সময়ত তেওঁ কাকতি ফৰিংবোৰ সৃষ্টি কৰিছিল। ৰজাই প্রথম শস্য দোৱাৰ পাছত এইটো আছিল দ্বিতীয় শস্যৰ খেতি।
Thus did the Lord Jehovah shew unto me; and behold, he formed locusts in the beginning of the shooting up of the latter growth, and behold, it was the latter growth after the king's mowings.
2 সেই কাকতি ফৰিংবোৰে যেতিয়া দেশৰ সকলো সেউজীয়া শাক-পাচলি খাই শেষ কৰি পেলাইছিল, তেতিয়া মই মিনতি কৰিলোঁ, “হে প্ৰভু যিহোৱা, অনুগ্রহ কৰি ক্ষমা কৰক; যাকোব নো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু।”
And it came to pass, when they had wholly eaten the grass of the land, that I said, O Lord Jehovah, forgive, I beseech thee! How shall Jacob arise? for he is small.
3 তেতিয়া যিহোৱাই এই বিষয়ত মন সলনি কৰি ক’লে, “এইদৰে নঘটিব।”
Jehovah repented for this: It shall not be, said Jehovah.
4 প্ৰভু যিহোৱাই মোক এইদৰে দর্শন দিলে: যিহোৱা ঈশ্বৰে বিচাৰৰ অর্থে অগ্নিক মাতিলে। সেই অগ্নিয়ে মহাসমুদ্রক শুকুৱাই পেলালে আৰু ভূমিকো গ্ৰাস কৰিবলৈ ধৰিলে।
Thus did the Lord Jehovah shew unto me; and behold, the Lord Jehovah called to contend by fire; and it devoured the great deep, and ate up the inheritance.
5 তেতিয়া মই কলোঁ, “হে প্ৰভু যিহোৱা, “মই অনুৰোধ কৰিছোঁ, আপুনি ক্ষান্ত হওঁক, যাকোব নো কেনেকৈ জীয়াই থাকিব? তেওঁ যে অতি সৰু।”
Then said I, O Lord Jehovah, cease, I beseech thee! How shall Jacob arise? for he is small.
6 তেতিয়া যিহোৱাই এই বিষয়ত মন সলনি কৰি ক’লে, “এইদৰে নঘটিব।”
Jehovah repented for this: This also shall not be, said the Lord Jehovah.
7 তেওঁ মোক পুনৰ এটা দর্শন দিলে: প্ৰভুৱে এডাল ওলোম-জৰী হাতত লৈ, ওলোমৰ জোখ লৈ তৈয়াৰ কৰা এটা দেৱালৰ ওচৰত থিয় হৈ আছিল।
Thus did he shew unto me; and behold, the Lord stood upon a wall [made] by a plumb-line, with a plumb-line in his hand.
8 যিহোৱাই মোক ক’লে, “হে আমোচ, তুমি কি দেখিছা?” তেতিয়া মই কলোঁ, “এডাল ওলোম জৰী দেখিছোঁ।” তেতিয়া প্ৰভুৱে ক’লে, “চোৱা, মই মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত এডাল ওলোম-জৰী ৰাখিছো।” তেওঁলোকক মই আৰু কেতিয়াও ক্ষমা নকৰিম।
And Jehovah said unto me, Amos, what seest thou? And I said, A plumb-line. And the Lord said, Behold, I will set a plumb-line in the midst of my people Israel: I will not again pass by them any more.
9 ইচহাকৰ বংশৰ ওখ ঠাইৰ মঠবোৰ ধ্বংস হ’ব আৰু ইস্রায়েলৰ পূণ্যধামবোৰ উচ্ছন্ন হ’ব; মই তৰোৱাল লৈ যাৰবিয়ামৰ বংশৰ বিৰুদ্ধে উঠিম।”
And the high places of Isaac shall be desolated, and the sanctuaries of Israel shall be laid waste; and I will arise against the house of Jeroboam with the sword.
10 ১০ তাৰ পাছত বৈৎএলৰ পুৰোহিত অমচিয়াই ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ওচৰলৈ এই খবৰ কৈ পঠালে: “ইস্ৰায়েলৰ বংশৰ মাজত আপোনাৰ বিৰুদ্ধে আমোচে চক্ৰান্ত কৰিছে; দেশৰ লোকসকলে তেওঁৰ কোনো কথা সহিব পৰা নাই।
Then Amaziah the priest of Bethel sent to Jeroboam king of Israel, saying, Amos hath conspired against thee in the midst of the house of Israel: the land is not able to bear all his words.
11 ১১ আমোচে এই কথা কৈছে: ‘যাৰবিয়াম তৰোৱালৰ আঘাতৰ দ্বাৰাই মৃত্যু হ’ব; ইস্ৰায়েলে অৱশ্যেই নিজ দেশৰ পৰা বন্দী হৈ আন দেশলৈ যাব লাগিব’।”
For thus Amos saith: Jeroboam shall die by the sword, and Israel shall certainly go into captivity out of his land.
12 ১২ অমচিয়াই আমোচক ক’লে, “হে ভাৱবাদী, যোৱা! তুমি ইয়াৰ পৰা যিহূদা দেশলৈ গুচি যোৱা। তাতেই ভাৱবাদী হিচাবে জীৱিকা উলিওৱা আৰু তাতেই ভাৱবাণী প্ৰচাৰ কৰা।
And Amaziah said unto Amos, [Thou] seer, go, flee away into the land of Judah, and eat bread there, and prophesy there.
13 ১৩ কিন্তু বৈৎএলত হলে পুনৰ ভাৱবাণী প্ৰচাৰ নকৰিবা; কিয়নো এই ঠাই ৰজাৰ পুণ্যধাম আৰু এক ৰাজকীয় মন্দিৰ।”
But prophesy not again any more at Bethel; for it is the king's sanctuary, and it is the house of the kingdom.
14 ১৪ তেতিয়া আমোচে উত্তৰ দি অমচিয়াক ক’লে, “মই ভাববাদীও নহওঁ নাইবা ভাববাদীৰ শিষ্যও নহওঁ। মই এজন পশু-ৰখীয়া আৰু ডিমৰু গছবোৰৰ ফল সংগ্ৰহ কৰোঁতা আছিলোঁ।
And Amos answered and said to Amaziah, I was no prophet, neither was I a prophet's son; but I was a herdman, and a gatherer of sycamore fruit.
15 ১৫ যিহোৱাই মোক মেৰ-ছাগৰ জাক চৰোৱা কার্যৰ পৰা আনি মোক ক’লে, ‘তুমি যোৱা আৰু মোৰ ইস্ৰায়েলৰ লোকসকলৰ আগত গৈ ভাৱবাণী প্ৰচাৰ কৰা’।
And Jehovah took me as I followed the flock, and Jehovah said unto me, Go, prophesy unto my people Israel.
16 ১৬ তেনেহ’লে এতিয়া আপুনি যিহোৱাৰ বাক্য শুনক; আপুনি কৈছে, ‘ইস্ৰায়েলৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ নকৰিবা আৰু ইচহাকৰ বংশৰ বিৰুদ্ধেও প্রচাৰ নকৰিবা।’
And now hear thou the word of Jehovah: Thou sayest, Prophesy not against Israel, and utter not [words] against the house of Isaac.
17 ১৭ সেইবাবে যিহোৱাই এই কথা কৈছে: ‘তোমাৰ ভার্যা নগৰখনৰ মাজত বেশ্যা হ’ব, তোমাৰ ল’ৰা-ছোৱালী তৰোৱালৰ দ্বাৰাই পতিত হ’ব, তোমাৰ মাটি জুখি জুখি আনৰ মাজত ভগাই দিয়া হ’ব; তুমি নিজেও এক অশুচি দেশত মৰিবা, ইস্ৰায়েলক নিজ দেশৰ পৰা দেশান্তৰিত হ’ব’।”
Therefore thus saith Jehovah: Thy wife shall be a harlot in the city, and thy sons and thy daughters shall fall by the sword, and thy land shall be divided with the line; and thou shalt die in a land that is unclean; and Israel shall certainly go into captivity, out of his land.

< আমোস 7 >