< পাঁচনি 23 >

1 পৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক’লে, “হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ৷”
ατενισας δε ο παυλος τω συνεδριω ειπεν ανδρες αδελφοι εγω παση συνειδησει αγαθη πεπολιτευμαι τω θεω αχρι ταυτης της ημερας
2 এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকা সকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷
ο δε αρχιερευς ανανιας επεταξεν τοις παρεστωσιν αυτω τυπτειν αυτου το στομα
3 তেতিয়া পৌলে তেওঁক ক’লে, “হে বগাকৈ লিপা গড়, ঈশ্বৰে আপোনাকহে অাঘাত কৰিবলৈ উদ্যত হৈ আছে৷ আপুনি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলঙ্ঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে?”
τοτε ο παυλος προς αυτον ειπεν τυπτειν σε μελλει ο θεος τοιχε κεκονιαμενε και συ καθη κρινων με κατα τον νομον και παρανομων κελευεις με τυπτεσθαι
4 তাতে ওচৰত থিয় হৈ থকা সকলে ক’লে, “তই ঈশ্বৰৰ মহা-পুৰোহিতক অপমান কৰ নে?”
οι δε παρεστωτες ειπον τον αρχιερεα του θεου λοιδορεις
5 পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে, ‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”
εφη τε ο παυλος ουκ ηδειν αδελφοι οτι εστιν αρχιερευς γεγραπται γαρ αρχοντα του λαου σου ουκ ερεις κακως
6 পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহাসভাত ৰিঙিয়াই ক’লে, “হে ভাইসকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷”
γνους δε ο παυλος οτι το εν μερος εστιν σαδδουκαιων το δε ετερον φαρισαιων εκραξεν εν τω συνεδριω ανδρες αδελφοι εγω φαρισαιος ειμι υιος φαρισαιου περι ελπιδος και αναστασεως νεκρων εγω κρινομαι
7 তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ’ল, আৰু লোকসকল দুভাগত ভাগ হ’ল৷
τουτο δε αυτου λαλησαντος εγενετο στασις των φαρισαιων [και των σαδδουκαιων] και εσχισθη το πληθος
8 কিয়নো চদ্দূকীসকলে পুনৰুত্থান, স্বৰ্গৰ দূত আৰু আত্মা, এইবোৰ নাই বুলি কয়, কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷
σαδδουκαιοι μεν γαρ λεγουσιν μη ειναι αναστασιν μηδε αγγελον μητε πνευμα φαρισαιοι δε ομολογουσιν τα αμφοτερα
9 তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচীসকলৰ ফলীয়া বিধানৰ অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্‌যুদ্ধ কৰি ক’লে, “আমি এই মানুহ জনৰ ওচৰত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক’লে;”
εγενετο δε κραυγη μεγαλη και ανασταντες οι γραμματεις του μερους των φαρισαιων διεμαχοντο λεγοντες ουδεν κακον ευρισκομεν εν τω ανθρωπω τουτω ει δε πνευμα ελαλησεν αυτω η αγγελος μη θεομαχωμεν
10 ১০ তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷
πολλης δε γενομενης στασεως ευλαβηθεις ο χιλιαρχος μη διασπασθη ο παυλος υπ αυτων εκελευσεν το στρατευμα καταβηναι και αρπασαι αυτον εκ μεσου αυτων αγειν τε εις την παρεμβολην
11 ১১ তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”
τη δε επιουση νυκτι επιστας αυτω ο κυριος ειπεν θαρσει παυλε ως γαρ διεμαρτυρω τα περι εμου εις ιερουσαλημ ουτως σε δει και εις ρωμην μαρτυρησαι
12 ১২ পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
γενομενης δε ημερας ποιησαντες τινες των ιουδαιων συστροφην ανεθεματισαν εαυτους λεγοντες μητε φαγειν μητε πιειν εως ου αποκτεινωσιν τον παυλον
13 ১৩ সেই চক্ৰান্ত কৰা লোক চল্লিশ জনতকৈ অধিক আছিল৷
ησαν δε πλειους τεσσαρακοντα οι ταυτην την συνωμοσιαν πεποιηκοτες
14 ১৪ তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ ক’লে, “পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷
οιτινες προσελθοντες τοις αρχιερευσιν και τοις πρεσβυτεροις ειπον αναθεματι ανεθεματισαμεν εαυτους μηδενος γευσασθαι εως ου αποκτεινωμεν τον παυλον
15 ১৫ এই কাৰণে আপোনালোকৰ মহাসভাৰ সৈতে এই বিষয়ে অধিক নিশ্চিত ভাবে জানিবৰ ছলেৰে, আপোনালোকৰ ওচৰলৈ তেওঁক আনিবৰ বাবে হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব, তেতিয়া সি আপোনালোকৰ ওচৰ আহি নাপাওঁতেই আমি তাক বধ কৰিবলৈ সাজু হৈ থাকিম৷”
νυν ουν υμεις εμφανισατε τω χιλιαρχω συν τω συνεδριω οπως αυριον αυτον καταγαγη προς υμας ως μελλοντας διαγινωσκειν ακριβεστερον τα περι αυτου ημεις δε προ του εγγισαι αυτον ετοιμοι εσμεν του ανελειν αυτον
16 ১৬ কিন্তু পৌলৰ ভাগিনিয়েকে তেওঁলোকৰ এই খাপ দিয়া কথা শুনি, দুর্গত সোমাই গৈ পৌলক ক’লে৷
ακουσας δε ο υιος της αδελφης παυλου το ενεδρον παραγενομενος και εισελθων εις την παρεμβολην απηγγειλεν τω παυλω
17 ১৭ তেতিয়া পৌলে এজন এশৰ সেনাপতিক মাতি ক’লে, “এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এই বিষয়ে কোনো সম্বাদ জনাবলৈ আছে৷”
προσκαλεσαμενος δε ο παυλος ενα των εκατονταρχων εφη τον νεανιαν τουτον απαγαγε προς τον χιλιαρχον εχει γαρ τι απαγγειλαι αυτω
18 ১৮ তেতিয়া তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ ক’লে, “আপোনাৰ আগত এই ডেকাৰ কিবা কথা কবলৈ আছে বুলি বন্দীয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে৷”
ο μεν ουν παραλαβων αυτον ηγαγεν προς τον χιλιαρχον και φησιν ο δεσμιος παυλος προσκαλεσαμενος με ηρωτησεν τουτον τον νεανιαν αγαγειν προς σε εχοντα τι λαλησαι σοι
19 ১৯ হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ, এফলীয়া হৈ গুপুতে সুধিলে, “মোক ক’বলৈ তোমাৰ কি কথা আছে?”
επιλαβομενος δε της χειρος αυτου ο χιλιαρχος και αναχωρησας κατ ιδιαν επυνθανετο τι εστιν ο εχεις απαγγειλαι μοι
20 ২০ ডেকাজনে ক’লে, “আপুনি পৌলৰ বিষয়ে সুধি জানিব খোজাৰ নিচিনাকৈ, তেওঁক কালিলৈ মহাসভালৈ যেন লৈ যাব, আপোনাৰ আগত এনে নিবেদন কৰিবলৈ ইহুদী সকলে সিদ্ধান্ত কৰিছে৷
ειπεν δε οτι οι ιουδαιοι συνεθεντο του ερωτησαι σε οπως αυριον εις το συνεδριον καταγαγης τον παυλον ως μελλοντα τι ακριβεστερον πυνθανεσθαι περι αυτου
21 ২১ এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞাৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷”
συ ουν μη πεισθης αυτοις ενεδρευουσιν γαρ αυτον εξ αυτων ανδρες πλειους τεσσαρακοντα οιτινες ανεθεματισαν εαυτους μητε φαγειν μητε πιειν εως ου ανελωσιν αυτον και νυν ετοιμοι εισιν προσδεχομενοι την απο σου επαγγελιαν
22 ২২ তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক বিদায় দিয়াৰ পূর্বে এই আদেশ দিলে, “তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা, পুনৰ কাকো নকবা৷”
ο μεν ουν χιλιαρχος απελυσεν τον νεανιαν παραγγειλας μηδενι εκλαλησαι οτι ταυτα ενεφανισας προς με
23 ২৩ তেতিয়া তেওঁ এশৰ সেনাপতি সকলৰ দুজনক ওচৰলৈ মাতি আনি আজ্ঞা দিলে, “ৰাতি ন বজাত চীজাৰিয়া যাবলৈ দুশ জন সৈন্য, সত্তৰ জন অশ্বাৰোহী আৰু দুশ বৰছা-ধাৰী সৈন্য যুগুত কৰা৷”
και προσκαλεσαμενος δυο τινας των εκατονταρχων ειπεν ετοιμασατε στρατιωτας διακοσιους οπως πορευθωσιν εως καισαρειας και ιππεις εβδομηκοντα και δεξιολαβους διακοσιους απο τριτης ωρας της νυκτος
24 ২৪ আৰু পৌলক নিৰাপদে ফীলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে।
κτηνη τε παραστησαι ινα επιβιβασαντες τον παυλον διασωσωσιν προς φηλικα τον ηγεμονα
25 ২৫ পাছত তেওঁ এইদৰে পত্ৰ লিখি দিলে,
γραψας επιστολην περιεχουσαν τον τυπον τουτον
26 ২৬ “মহামহিম শ্ৰীযুক্ত ফীলিক্স দেশাধিপতিলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ৷
κλαυδιος λυσιας τω κρατιστω ηγεμονι φηλικι χαιρειν
27 ২৭ এই মানুহ জনক ইহুদী লোকে ধৰি বধ কৰিবলৈ উদ্যত হৈছে, সেনাবোৰে সৈতে গৈ, এওঁ এজন ৰোমীয়া মানুহ বুলি জানি, মই এওঁক উদ্ধাৰ কৰিলোঁ৷
τον ανδρα τουτον συλληφθεντα υπο των ιουδαιων και μελλοντα αναιρεισθαι υπ αυτων επιστας συν τω στρατευματι εξειλομην αυτον μαθων οτι ρωμαιος εστιν
28 ২৮ পাছত কি কাৰণে তেওঁলোকে এওঁক অপবাদ দিছে, তাক জানিবৰ মনেৰে তেওঁলোকৰ মহাসভালৈ এওঁক নিয়াও হৈছিল৷
βουλομενος δε γνωναι την αιτιαν δι ην ενεκαλουν αυτω κατηγαγον αυτον εις το συνεδριον αυτων
29 ২৯ তাতে প্ৰাণদণ্ড বা কাৰাদণ্ডৰ বন্ধন পোৱাৰ যোগ্য এনে কোনো অপবাদ দিয়া হোৱা নাই, কিন্তু তেওঁলোকৰ বিধানৰ ওপৰত বাদ-বিচাৰ কৰি কোনো দোষ ধৰা যেনহে পালোঁ৷
ον ευρον εγκαλουμενον περι ζητηματων του νομου αυτων μηδεν αξιον θανατου η δεσμων εγκλημα εχοντα
30 ৩০ পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ’ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলোঁ আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি।”
μηνυθεισης δε μοι επιβουλης εις τον ανδρα μελλειν εσεσθαι υπο των ιουδαιων εξαυτης επεμψα προς σε παραγγειλας και τοις κατηγοροις λεγειν τα προς αυτον επι σου ερρωσο
31 ৩১ পাছত সেনা সকলে আজ্ঞা অনুসাৰে ৰাতিতে পৌলক তুলি, আন্তপাত্ৰি নগৰলৈ নিলে৷
οι μεν ουν στρατιωται κατα το διατεταγμενον αυτοις αναλαβοντες τον παυλον ηγαγον δια της νυκτος εις την αντιπατριδα
32 ৩২ কিন্তু পাছদিনা অশ্বাৰোহী সকলক তেওঁৰ লগত যাবলৈ দি দুর্গলৈ উলটি আহিল৷
τη δε επαυριον εασαντες τους ιππεις πορευεσθαι συν αυτω υπεστρεψαν εις την παρεμβολην
33 ৩৩ পাছত তেওঁলোকে চীজাৰিয়া পাই, দেশাধিপতিক পত্ৰ খন দি, তেওঁৰ আগত পৌলকো হাজিৰ কৰালে৷
οιτινες εισελθοντες εις την καισαρειαν και αναδοντες την επιστολην τω ηγεμονι παρεστησαν και τον παυλον αυτω
34 ৩৪ তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি পৌল কোন প্ৰদেশৰ বুলি সুধিলে; পাছে কিলিকিয়াৰ বুলি জানি,
αναγνους δε ο ηγεμων και επερωτησας εκ ποιας επαρχιας εστιν και πυθομενος οτι απο κιλικιας
35 ৩৫ তেওঁ ক’লে, “তোমাৰ গুচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম৷” তেতিয়া তেওঁ হেৰোদৰ প্ৰিটৰিয়মত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে৷
διακουσομαι σου εφη οταν και οι κατηγοροι σου παραγενωνται εκελευσεν τε αυτον εν τω πραιτωριω ηρωδου φυλασσεσθαι

< পাঁচনি 23 >