< ২ তীমথিয় 1 >

1 মই পৌল, খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি;
παυλος αποστολος ιησου χριστου δια θεληματος θεου κατ επαγγελιαν ζωης της εν χριστω ιησου
2 প্ৰিয় পুত্ৰ তীমথিয়ৰ সমীপলৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
τιμοθεω αγαπητω τεκνω χαρις ελεος ειρηνη απο θεου πατρος και χριστου ιησου του κυριου ημων
3 মই ঈশ্ৱৰক ধন্যবাদ দিওঁ, যি জন ঈশ্বৰক মোৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আৰাধনা কৰি অহা হৈছে, সেই জন ঈশ্বৰকে মই নিৰ্মল বিবেকেৰে আৰাধনা কৰোঁ; সেই জনৰ ওচৰত নিতৌ দিনে-ৰতিয়ে প্রার্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ,
χαριν εχω τω θεω ω λατρευω απο προγονων εν καθαρα συνειδησει ως αδιαλειπτον εχω την περι σου μνειαν εν ταις δεησεσιν μου νυκτος και ημερας
4 তোমাৰ চকুলো আনন্দেৰে পূৰ হোৱা চাবলৈ মই অতিশয় হাবিয়াহ কৰি আছোঁ।
επιποθων σε ιδειν μεμνημενος σου των δακρυων ινα χαρας πληρωθω
5 যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মা লোয়ী আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, বোধ কৰোঁ তেনে অকপট বিশ্ৱাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত৷
υπομνησιν λαμβανων της εν σοι ανυποκριτου πιστεως ητις ενωκησεν πρωτον εν τη μαμμη σου λωιδι και τη μητρι σου ευνικη πεπεισμαι δε οτι και εν σοι
6 এই কাৰণে মই তোমাক সোঁৱৰাইছো যে, মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্ৱৰৰ যি অনুগ্রহৰ বৰ তোমাক দান কৰা হ’ল, সেই বৰ পুনৰ জাগ্ৰত কৰা৷
δι ην αιτιαν αναμιμνησκω σε αναζωπυρειν το χαρισμα του θεου ο εστιν εν σοι δια της επιθεσεως των χειρων μου
7 কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
ου γαρ εδωκεν ημιν ο θεος πνευμα δειλιας αλλα δυναμεως και αγαπης και σωφρονισμου
8 এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা,
μη ουν επαισχυνθης το μαρτυριον του κυριου ημων μηδε εμε τον δεσμιον αυτου αλλα συγκακοπαθησον τω ευαγγελιω κατα δυναμιν θεου
9 কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল; (aiōnios g166)
του σωσαντος ημας και καλεσαντος κλησει αγια ου κατα τα εργα ημων αλλα κατ ιδιαν προθεσιν και χαριν την δοθεισαν ημιν εν χριστω ιησου προ χρονων αιωνιων (aiōnios g166)
10 ১০ কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে;
φανερωθεισαν δε νυν δια της επιφανειας του σωτηρος ημων ιησου χριστου καταργησαντος μεν τον θανατον φωτισαντος δε ζωην και αφθαρσιαν δια του ευαγγελιου
11 ১১ সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে।
εις ο ετεθην εγω κηρυξ και αποστολος και διδασκαλος εθνων
12 ১২ এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
δι ην αιτιαν και ταυτα πασχω αλλ ουκ επαισχυνομαι οιδα γαρ ω πεπιστευκα και πεπεισμαι οτι δυνατος εστιν την παραθηκην μου φυλαξαι εις εκεινην την ημεραν
13 ১৩ মোৰ যি যি কথা শুনিলা তাক নিৰাময় বাক্যৰ আর্হি হিচাপে লৈ খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা।
υποτυπωσιν εχε υγιαινοντων λογων ων παρ εμου ηκουσας εν πιστει και αγαπη τη εν χριστω ιησου
14 ১৪ যি উত্তম দান তোমাক গতাই দিয়া হৈছে, সেই দান আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখিবা।
την καλην παραθηκην φυλαξον δια πνευματος αγιου του ενοικουντος εν ημιν
15 ১৫ ফুগিল্ল আৰু হর্মগিনি আদি কৰি এচিয়াত থকা সকলোৱেই মোৰ পৰা বিমূখ হল৷ এই বিষয়ে তুমি জানি আছা।
οιδας τουτο οτι απεστραφησαν με παντες οι εν τη ασια ων εστιν φυγελος και ερμογενης
16 ১৬ অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল;
δωη ελεος ο κυριος τω ονησιφορου οικω οτι πολλακις με ανεψυξεν και την αλυσιν μου ουκ επαισχυνθη
17 ১৭ বৰং ৰোম নগৰত থাকোঁতে, তেওঁ অতি কষ্টেৰে মোক বিচাৰি পাইছিল -
αλλα γενομενος εν ρωμη σπουδαιοτερον εζητησεν με και ευρεν
18 ১৮ তেওঁ যাতে সেইদিনা প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু ইফিচতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল সেই বিষয়েও তুমি ভালকৈ জনা৷
δωη αυτω ο κυριος ευρειν ελεος παρα κυριου εν εκεινη τη ημερα και οσα εν εφεσω διηκονησεν βελτιον συ γινωσκεις

< ২ তীমথিয় 1 >