< ২ সামুয়েল 19 >

1 যোৱাবক কোৱা হ’ল, “চাওক, ৰজাই অবচালোমৰ বাবে ক্ৰন্দন আৰু শোক কৰিছে।”
And it was told Joab, Behold, the king weepeth and mourneth for Absalom.
2 সেই দিনাখনৰ জয় সকলো সৈন্যৰ পক্ষে শোক হৈ পৰিল, কাৰণ সেইদিনা লোকসকলে, “ৰজাই নিজ পুত্ৰৰ বিষয়ে বেজাৰ কৰিছে বুলি শুনিলে।”
And the victory that day was turned into mourning unto all the people: for the people heard say that day, The king grieveth for his son.
3 যুদ্ধৰ পৰা পলাই যোৱা লোকসকলে যিদৰে লাজ পাই চোৰৰ নিচিনাকৈ লুকাই লুকাই যায়, তেনেকৈ লোকসকলে সেই দিনাখন চোৰৰ দৰে নগৰত সোমাল।
And the people gat them by stealth that day into the city, as people that are ashamed steal away when they flee in battle.
4 ৰজাই নিজ মুখ ঢাকি, বৰ মাতেৰে চিঞৰি কান্দি কান্দি কবলৈ ধৰিলে, “হায়, মোৰ পুত্ৰ অবচালোম! হায়, অবচালোম! হায়, মোৰ পুত্ৰ! মোৰ পুত্ৰ!”
And the king covered his face, and the king cried with a loud voice, O my son Absalom, O Absalom, my son, my son!
5 পাছে যোৱাবে ঘৰৰ ভিতৰত সোমাই ৰজাৰ ওচৰলৈ গৈ ক’লে, “যিসকলে আপোনাৰ প্ৰাণ, আপোনাৰ পো-জী সকলৰ প্ৰাণ আপোনাৰ ভাৰ্য্যাসকলৰ আৰু উপপত্নী সকলৰ প্ৰাণ ৰক্ষা কৰিলে, আপোনাৰ সেই দাসবোৰক লাজত পেলালে,
And Joab came into the house to the king, and said, Thou hast shamed this day the faces of all thy servants, which this day have saved thy life, and the lives of thy sons and of thy daughters, and the lives of thy wives, and the lives of thy concubines;
6 কিয়নো আপোনাক ঘিণাওঁতা সকলক আপুনি প্ৰেম কৰে আৰু আপোনাক প্ৰেম কৰোঁতা সকলক আপুনি ঘিণ কৰে৷ কিয়নো আজি আপুনি প্ৰকাশ কৰিলে, যে, অধ্যক্ষ আৰু দাসবোৰ আপোনাৰ আগত একোৱেই নহয়৷ কাৰণ আজি মোৰ এনে বিশ্বাস হৈছে, যে, যদি অবচালোম জীয়াই থাকিলহেঁতেন আৰু আমি সকলোৱে মৰিলোঁহেঁতেন, তেতিয়া বোধহয় আপুনি ভাল পালেহেঁতেন।
in that thou lovest them that hate thee, and hatest them that love thee. For thou hast declared this day, that princes and servants are nought unto thee: for this day I perceive, that if Absalom had lived, and all we had died this day, then it had pleased thee well.
7 এই হেতুকে এতিয়া আপুনি উঠি বাহিৰলৈ গৈ, আপোনাৰ সৈন্যসকলক শান্ত্বনাৰ কথা কওঁক, কিয়নো মই যিহোৱাৰ নামেৰে শপত খাই কৈছোঁ, যদি আপুনি বাহিৰলৈ গৈ তেওঁলোকক নকয়, তেন্তে এই ৰাতি আপোনাৰ লগত আৰু এজনো লোক নাথাকিব৷ আৰু আপোনাৰ যৌৱন কালৰে পৰা এতিয়ালৈকে আপোনালৈ যিমান অমঙ্গল ঘটিছে, সেই আটাইবোৰতকৈ আপোনাৰ এই অমঙ্গল অতি গুৰুতৰ হ’ব।”
Now therefore arise, go forth and speak comfortably unto thy servants: for I swear by the LORD, if thou go not forth, there will not tarry a man with thee this night: and that will be worse unto thee than all the evil that hath befallen thee from thy youth until now.
8 তাতে ৰজা উঠি নগৰৰ দুৱাৰৰ মুখতে বহি থাকিল। তেতিয়া, ৰজা নগৰৰ দুৱাৰত বহি আছে বুলি সকলো লোকক কোৱা হ’ল বোলে, “চোৱা, ৰজা দেখোন দোৱাৰ মুখত বহি আছে৷” তেতিয়া সকলো লোক ৰজাৰ ওচৰলৈ আহিল। ইতিমধ্যে ইস্ৰায়েলত থকা প্ৰতিজন লোক নিজ নিজ তম্বুলৈ পলাই গ’ল।
Then the king arose, and sat in the gate. And they told unto all the people, saying, Behold, the king doth sit in the gate: and all the people came before the king. Now Israel had fled every man to his tent.
9 ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত সকলো লোকে পৰস্পৰে বিবাদ কৰি ক’লে, “ৰজাই শত্ৰুবোৰৰ হাতৰ পৰা আমাক নিস্তাৰ কৰিছিল৷ পলেষ্টীয়াসকলৰ হাতৰ পৰাও আমাক উদ্ধাৰ কৰিছিল আৰু এতিয়া তেওঁ অবচালোমৰ ভয়ত দেশৰ পৰা পলাই গ’ল।
And all the people were at strife throughout all the tribes of Israel, saying, The king delivered us out of the hand of our enemies, and he saved us out of the hand of the Philistines; and now he is fled out of the land from Absalom.
10 ১০ আৰু অবচালোম, আমি যিজনক আমাৰ ওপৰত ৰজা অভিষেক কৰিছিলোঁ, তেওঁৰো ৰণত মৃত্যু হ’ল। গতিকে, এতিয়া তোমালোকে কিয় ৰজাক ওভোটাই অনাৰ বিষয়ে একো নোকোৱা?”
And Absalom, whom we anointed over us, is dead in battle. Now therefore why speak ye not a word of bringing the king back?
11 ১১ পাছত দায়ুদ ৰজাই চাদোক আৰু অবিয়াথৰ পুৰোহিতৰ গুৰিলৈ দূত পঠাই কোৱালে, বোলে, “তোমালোকে যিহূদাৰ বৃদ্ধসকলক কোৱা, ‘ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ তোমালোক কিয় সকলোতকৈ পাছ পৰিছাহঁক, যিহেতু ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ, গোটেই ইস্ৰায়েলৰ নিবেদন ৰজাৰ গুৰিত উপস্থিত হ’ল?
And king David sent to Zadok and to Abiathar the priests, saying, Speak unto the elders of Judah, saying, Why are ye the last to bring the king back to his house? seeing the speech of all Israel is come to the king, [to bring him] to his house.
12 ১২ তোমালোকেই মোৰ ভাই, মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ৷ তেন্তে তোমালোকে ৰজাক ওভোটাই নিবলৈ কিয় সকলোতকৈ পিচ পৰিছাহঁক?’
Ye are my brethren, ye are my bone and my flesh: wherefore then are ye the last to bring back the king?
13 ১৩ আৰু তোমালোকে অমাচাকো ক’বা, ‘তুমি জানো মোৰ হাড়ৰো হাড়, মঙহৰো মঙহ নোহোৱা? তুমি যদি এতিয়াৰ পৰা মোৰ সৈন্যসকলৰ বাবে যোৱাবৰ ঠাইত প্ৰধান সেনাপতি নোহোৱা, তেন্তে ঈশ্বৰে মোক অধিক আনকি তাতোধিক দণ্ড দিয়ক’।”
And say ye to Amasa, Art thou not my bone and my flesh? God do so to me, and more also, if thou be not captain of the host before me continually in the room of Joab.
14 ১৪ আৰু এইদৰে তেওঁ যিহূদাৰ সকলো লোকৰ মন জিকিলে, যেন সকলোৰে মন এজনৰহে হ’ল৷ তাতে তেওঁলোকে ৰজালৈ এই কথা কৈ পঠালে, বোলে, “আপুনি আৰু আপোনাৰ দাসবোৰ পুনৰায় উভটি আহক।”
And he bowed the heart of all the men of Judah, even as [the heart of] one man; so that they sent unto the king, [saying], Return thou, and all thy servants.
15 ১৫ তেতিয়া ৰজাই উভটি যৰ্দ্দনলৈ আহিল। সেই সময়তে যিহূদাৰ লোকসকলে ৰজাক যৰ্দ্দন পাৰ কৰি আগ বঢ়াই লৈ যাবলৈ গিলগললৈ আহিল।
So the king returned, and came to Jordan. And Judah came to Gilgal, to go to meet the king, to bring the king over Jordan.
16 ১৬ তেতিয়া দায়ুদ ৰজাক আগ বঢ়াবৰ বাবে, বহূৰীম-নিবাসী গেৰাৰ পুত্ৰ বিন্যামীনীয়া চিমিয়ীয়ে খৰখেদাকৈ যিহূদাৰ লোকসকলৰ লগত গ’ল।
And Shimei the son of Gera, the Benjamite, which was of Bahurim, hasted and came down with the men of Judah to meet king David.
17 ১৭ আৰু তেওঁৰ লগত বিন্যামীনীয়া এক হাজাৰ লোক আৰু চৌলৰ বংশৰ দাস চীবা আৰু লগত তেওঁৰ পোন্ধৰজন পুত্ৰ আৰু বিশজন দাস আছিল৷ তেওঁলোকে ৰজাৰ সাক্ষাতে যৰ্দ্দনৰ মাজেৰে পাৰ হৈছিল।
And there were a thousand men of Benjamin with him, and Ziba the servant of the house of Saul, and his fifteen sons and his twenty servants with him; and they went through Jordan in the presence of the king.
18 ১৮ তেতিয়া তেওঁলোকে ৰজাৰ পৰিয়ালসমূহক পাৰ কৰিবৰ কাৰণে আৰু তেওঁ যি ভাল দেখে, তাকে কৰিবৰ বাবে সিপাৰলৈ লৈ গৈছিল। ৰজাই যৰ্দ্দন পাৰ হোৱাৰ পিচত গেৰাৰ পুত্ৰ সেই চিমিয়ীই ৰজাৰ আগত দীঘল দি পৰি প্ৰণাম জনালে৷
And there went over a ferry boat to bring over the king’s household, and to do what he thought good. And Shimei the son of Gera fell down before the king, when he was come over Jordan.
19 ১৯ আৰু চিমিয়ীই ৰজাক ক’লে, “মোৰ প্ৰভুৱে মোক অপৰাধী বুলি গণনা নকৰিব, মোৰ প্ৰভু মহাৰাজ যিৰূচালেমৰ পৰা ওলাই অহা দিনা আপোনাৰ এই দাসে যি অকৰ্ম কৰিছিল, তাক আপুনি সোঁৱৰণ কৰি মনত নাৰাখিব।
And he said unto the king, Let not my lord impute iniquity unto me, neither do thou remember that which thy servant did perversely the day that my lord the king went out of Jerusalem, that the king should take it to his heart.
20 ২০ কিয়নো মই যে পাপ কৰিলোঁ, তাক আপোনাৰ এই দাসে জানে৷ চাওঁক, এই হেতুকে মোৰ প্ৰভু মহাৰাজক আগ বঢ়াই নিবলৈ যোচেফৰ সকলো বংশৰ মাজত প্ৰথমে ময়েই আজি নামি আহিছোঁ।”
For thy servant doth know that I have sinned: therefore, behold, I am come this day the first of all the house of Joseph to go down to meet my lord the king.
21 ২১ কিন্তু চৰূয়াৰ পুত্ৰ অবীচয়ে উত্তৰ দি ক’লে, “সেই বাবেই জানো চিমিয়ীৰ প্ৰাণদণ্ড হোৱাটো উচিত নহ’ব নে? কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত জনক শাও দিছিল।”
But Abishai the son of Zeruiah answered and said, Shall not Shimei be put to death for this, because he cursed the LORD’S anointed?
22 ২২ তাতে দায়ূদে ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক আছে, যে, আজি তোমালোক মোৰ বিৰোধিতা কৰিছা? আজি ইস্ৰায়েলৰ মাজত জানো কোনো লোকৰ প্ৰাণদণ্ড হোৱা উচিত? কিয়নো আজি যে মই ইস্ৰায়েলৰ ওপৰত ৰজা হলোঁ, ইয়াক জানো মই নাজানো?”
And David said, What have I to do with you, ye sons of Zeruiah, that ye should this day be adversaries unto me? shall there any man be put to death this day in Israel? for do not I know that I am this day king over Israel?
23 ২৩ পাছত ৰজাই চিমিয়ীক ক’লে, “তোমাৰ প্ৰাণদণ্ড নহ’ব; এই বুলি ৰজাই শপত খাই তেওঁক প্ৰতিজ্ঞা কৰিলে।
And the king said unto Shimei, Thou shalt not die. And the king sware unto him.
24 ২৪ তেতিয়া চৌলৰ পুত্ৰ মফিবোচতে ৰজাৰে সৈতে সাক্ষাৎ হবলৈ নামি আহিল৷ ৰজা ওলাই যোৱা দিনৰে পৰা শান্তিৰে ঘৰলৈ উলটি অহা দিনলৈকে তেওঁ নিজৰ ভৰি ধোৱা নাই, তেওঁৰ গোফ ছটা নাই আৰু কাপোৰো ধোৱা নাই।
And Mephibosheth the son of Saul came down to meet the king; and he had neither dressed his feet, nor trimmed his beard, nor washed his clothes, from the day the king departed until the day he came home in peace.
25 ২৫ তেওঁ ৰজাক দেখা কৰিবলৈ যিৰূচালেমলৈ আহোতে, ৰজাই তেওঁক ক’লে, “হে মফিবোচৎ, তুমি মোৰ লগত কিয় নগ’লা?”
And it came to pass, when he was come to Jerusalem to meet the king, that the king said unto him, Wherefore wentest not thou with me, Mephibosheth?
26 ২৬ তাতে তেওঁ উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মোৰ দাসে মোক প্ৰবঞ্চনা কৰিলে; কাৰণ আপোনাৰ এই দাসে কৈছিল, ‘মই গাধটি সজোৱাই তাৰ ওপৰত উঠি, মহাৰাজৰ লগত যাম; কিয়নো আপোনাৰ এই দাস খোৰা।’
And he answered, My lord, O king, my servant deceived me: for thy servant said, I will saddle me an ass, that I may ride thereon, and go with the king; because thy servant is lame.
27 ২৭ মোৰ দাস চীবায়ে, মোৰ প্ৰভু মহাৰাজৰ আগত, আপোনাৰ এই দাসৰ বদনাম কৰিলে৷ কিন্তু মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য৷ এতেকে আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি তাকে কৰক।
And he hath slandered thy servant unto my lord the king; but my lord the king is as an angel of God: do therefore what is good in thine eyes.
28 ২৮ কিয়নো মোৰ প্ৰভু মহাৰাজৰ সাক্ষাতে মোৰ সকলো পিতৃ-বংশ কেৱল মৃত্যুৰ যোগ্য আছিল, তথাপি আপুনি আপোনাৰ মেজত ভোজন কৰোঁতা সকলৰ মাজত আপোনাৰ এই দাসক বহুৱালে৷ এই হেতুকে ৰজাৰ আগত কাতৰোক্তি কৰিবলৈ মোৰ নো আৰু কি অধিকাৰ আছে?”
For all my father’s house were but dead men before my lord the king: yet didst thou set thy servant among them that did eat at thine own table. What right therefore have I yet that I should cry any more unto the king?
29 ২৯ তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি এতিয়াও আৰু নিজৰ কথাকে কিয় কৈ আছা? মই সিদ্ধান্ত ল’লো যে, তুমি আৰু চীবা, দুয়োয়ে সেই মাটি ভাগ বাঁটি লোৱা।”
And the king said unto him, Why speakest thou any more of thy matters? I say, Thou and Ziba divide the land.
30 ৩০ তেতিয়া মফিবোচতে ৰজাক ক’লে, “হয়, তেওঁ সকলোকে লওঁক; কাৰণ মোৰ প্ৰভু মহাৰাজ শান্তিৰে নিজ গৃহলৈ উলটি আহিল।”
And Mephibosheth said unto the king, Yea, let him take all, forasmuch as my lord the king is come in peace unto his own house:
31 ৩১ পাছে গিলিয়দীয়া বৰ্জ্জিলয়ে ৰোগেলীমৰ পৰা আহি, যৰ্দ্দনৰ সিপাৰে ৰজাক আগবঢ়াই থবলৈ তেওঁৰ লগত যৰ্দ্দন পাৰ হ’ল।
And Barzillai the Gileadite came down from Rogelim; and he went over Jordan with the king, to conduct him over Jordan.
32 ৩২ সেই বৰ্জ্জিলয় অতি বুঢ়া, আশী বছৰ বয়সীয়া, ৰজা মহনয়িমত থকা কালত তেওঁ ৰজাক আহাৰ যোগাইছিল; কাৰণ তেওঁ অতিশয় প্ৰতিপত্তিশালীলোক আছিল।
Now Barzillai was a very aged man, even fourscore years old: and he had provided the king with sustenance while he lay at Mahanaim; for he was a very great man.
33 ৩৩ পাছে ৰজাই বৰ্জ্জিলয়ক ক’লে, “তুমি মোৰ লগত পাৰ হৈ আহা, মই তোমাক যিৰূচালেমত মোৰ লগত থাকিবলৈ ব্যৱস্হা কৰি দিম।”
And the king said unto Barzillai, Come thou over with me, and I will sustain thee with me in Jerusalem.
34 ৩৪ কিন্তু বৰ্জ্জিলয়ে ৰজাক ক’লে, “মোৰ আয়ুসৰ নো আৰু কিমান দিন আছে, যে, মই মহাৰাজৰ লগত যিৰূচালেমলৈ উঠি যাম?
And Barzillai said unto the king, How many are the days of the years of my life, that I should go up with the king unto Jerusalem?
35 ৩৫ এতিয়া মোৰ আশী বছৰ বয়স৷ মই জানো ভাল-বেয়া ভেদ কৰিব পাৰোঁ? বা যি ভোজন কৰোঁ আৰু যি পান কৰোঁ, আপোনাৰ দাসে মই জানো তাৰ কিবা সোৱাদ বুজিব পাৰোঁ? বা এতিয়াও গায়ক আৰু গায়িকাসকলৰ গীতৰ সুৰ জানো শুনি পাওঁ? এনে স্থলত আপোনাৰ দাস, মোৰ প্ৰভু মহাৰাজৰ ভাৰ মই কিয় নো হম, কওঁকচোন?
I am this day fourscore years old: can I discern between good and bad? can thy servant taste what I eat or what I drink? can I hear any more the voice of singing men and singing women? wherefore then should thy servant be yet a burden unto my lord the king?
36 ৩৬ আপোনাৰ দাস মই কেৱল মহাৰাজক যৰ্দ্দন পাৰ কৰি লৈ আহিম৷ ৰজাই ইয়াৰ সলনি কেলেই নো এনে অনুগ্ৰহ কৰিব লাগে?
Thy servant would but just go over Jordan with the king: and why should the king recompense it me with such a reward?
37 ৩৭ কিন্তু মিনতি কৰোঁ, আপোনাৰ এই দাসক ঘৰলৈ উলটি যাবলৈ দিয়ক, যাতে মই নিজ নগৰত, নিজ পিতৃ-মাতৃৰ মৈদামৰ কাষতেই মৰিম। কিন্তু চাওক, এয়া আপোনাৰ দাস কিমহম৷ ইয়াক মোৰ প্ৰভু মহাৰাজৰ লগত পাৰ হৈ যাবলৈ দিয়ক আৰু আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি ইয়ালৈ তাকেই কৰক।”
Let thy servant, I pray thee, turn back again, that I may die in mine own city, by the grave of my father and my mother. But behold, thy servant Chimham; let him go over with my lord the king; and do to him what shall seem good unto thee.
38 ৩৮ ৰজাই উত্তৰ দি ক’লে, “কিমহম মোৰ লগত পাৰ হৈ যাব, তুমি যিহকে ভাল দেখা মই ইয়ালৈ তাকে কৰিম আৰু তুমি মোক যি কৰিবলৈ কোৱা, মই তোমালৈ চাই তাকেই কৰিম।”
And the king answered, Chimham shall go over with me, and I will do to him that which shall seem good unto thee: and whatsoever thou shalt require of me, that will I do for thee.
39 ৩৯ পাছে সকলো মানুহে যৰ্দ্দন পাৰ হ’ল আৰু ৰজায়ো পাৰ হ’ল; পাছত ৰজাই বৰ্জ্জিলয়ক চুমা খাই বিদায় দিলে৷ তেওঁ নিজ ঠাইলৈ উভটি গ’ল।
And all the people went over Jordan, and the king went over: and the king kissed Barzillai, and blessed him; and he returned unto his own place.
40 ৪০ এইদৰে ৰজাই গিলগললৈ পাৰ হৈ গ’ল আৰু কিমহমেও তেওঁৰ লগত পাৰ হৈ গ’ল৷ যিহূদাৰ সকলো লোক আৰু ইস্ৰায়েলৰ অৰ্দ্ধেক লোকে ৰজাক পাৰ কৰি নিলে।
So the king went over to Gilgal, and Chimham went over with him: and all the people of Judah brought the king over, and also half the people of Israel.
41 ৪১ পাছে চোৱা, ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি ৰজাক ক’লে, “আমাৰ ভাই যিহূদাৰ লোকসকলে আপোনাক চুৰ কৰি, মহাৰাজক, আপোনাৰ পৰিয়ালক, আৰু দায়ূদৰ লগত তেওঁৰ সকলো লোকক, কিয় যৰ্দ্দন পাৰ কৰি আনিলে?”
And, behold, all the men of Israel came to the king; and said unto the king, Why have our brethren the men of Judah stolen thee away, and brought the king, and his household, over Jordan, and all David’s men with him?
42 ৪২ তাতে যিহূদাৰ সকলো লোকে ইস্ৰায়েলৰ লোকসকলক উত্তৰ দি ক’লে, “কাৰণ ৰজা আমাৰ ওচৰ-সম্বন্ধীয়া৷ তেন্তে এই কথাতে তোমালোকৰ কিয় খং উঠিছে? আমি জানো ৰজাৰ কিবা খাইছোঁ নাইবা ৰজাই জানো কিবা খৰচ দিব লগীয়া হৈছে?”
And all the men of Judah answered the men of Israel, Because the king is near of kin to us: wherefore then be ye angry for this matter? have we eaten at all of the king’s cost? or hath he given us any gift?
43 ৪৩ পাছে ইস্ৰায়েল লোকসকলে যিহূদাৰ লোকসকলক উত্তৰ দি ক’লে, “ৰজাৰ লগত আমাৰ সম্বন্ধত দহ ভাগ ফৈদ আছে, গতিকে দায়ূদত তোমালোকতকৈ আমাৰো ততোধিক স্বত্ব আছে৷ এই হেতুকে আমাক কিয় হেয়জ্ঞান কৰিলাহঁক? আৰু আমাৰ ৰজাক ওভোটাই অনাৰ কথা জানো প্ৰথমে আমি কোৱা নাছিলো?” এতিয়া ইস্ৰায়েল লোকসকলৰ কথাতকৈ যিহূদাৰ লোকসকলৰ কথাবোৰ বৰ কৰ্কশহে হৈ উঠিল।
And the men of Israel answered the men of Judah, and said, We have ten parts in the king; and we have also more [right] in David than ye: why then did ye despise us, that our advice should not be first had in bringing back our king? And the words of the men of Judah were fiercer than the words of the men of Israel.

< ২ সামুয়েল 19 >