< ২ সামুয়েল 17 >

1 তাৰ পাছত অহীথোফলে অবচালোমক ক’লে, “মোক আপুনি বাৰ হাজাৰ লোকক বাচি ল’ব দিয়ক আৰু মই আজি ৰাতিয়েই উঠি গৈ দায়ূদৰ পিচত খেদি যাওঁ৷
Derpå sagde Akitofel til Absalon; " Lad mig udvælge 12000 Mand og bryde op i Nat og sætte efter David.
2 যেতিয়া তেওঁ ক্লান্ত আৰু দুৰ্বল হোৱা যেন দেখিম, মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাসত পেলাম৷ তাতে তেওঁৰ লগৰ সকলো মানুহ পলাই যাব আৰু মই অকল ৰজাকহে বধ কৰিম৷
Når jeg overfalder ham, medens han er udmattet og modfalden, kan jeg indjage ham Skræk, og alle hans Folk vil flygte, så at jeg kan fælde Kongen uden at røre nogen anden;
3 এইদৰে মই সকলো লোকক আপোনাৰ ফাললৈ আনিম যি দৰে এজনী কন্যা তেওঁৰ স্ৱামীৰ ওচৰলৈ আহে৷ তাতে সকলো লোক আপোনাৰ অধীনত শান্তিৰে থাকিব।”
så bringer jeg hele Folket tilbage til dig, som en Brud vender tilbage til sin Mand. Du attrår jo dog kun en enkelt Mands Liv, og hele Folket vil da være uskadt!"
4 তেতিয়া অহীথোফলৰ এই কথাত অবচালোম আৰু ইস্ৰায়েলৰ সকলো বৃদ্ধ লোকে সন্তোষ পালে।
Det Forslag tiltalte Absalon og alle Israels Ældste.
5 তেতিয়া অবচালোমে ক’লে, “এতিয়া অৰ্কীয়া হূচয়ক মাতা আৰু তেওঁ কি কয় সেই বিষয়ে আমি শুনো।”
Men Absalon sagde: "Kald dog også Arkiten Husjaj hid, for at vi også kan høre, hvad han råder til!"
6 যেতিয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া অবচালোমে তেওঁক অহীথোফলে কোৱা কথাষাৰ বুজাই ক’লে আৰু হূচয়ক সুধিলে বোলে, “অহীথোফলে যি কথা ক’লে আমি সেইদৰে কৰিম নে? যদি কৰিব নালাগে, তেনেহ’লে আপুনিয়েই আমাক পৰামর্শ দিয়ক।”
Da Husjaj kom ind, sagde Absalon til ham: "Det og det har Akitofel sagt; skal vi følge hans Råd? Hvis ikke, så sig du din Mening!"
7 তেতিয়া হূচয়ে অবচালোমক ক’লে, “অহীথোফলে এইবাৰ দিয়া দিহা ভাল নহয়।”
Husjaj svarede Absalon: "Denne Gang er Akitofels Råd ikke godt!"
8 হূচয়ে আৰু ক’লে, “আপুনি জানে যে আপোনাৰ পিতৃ আৰু তেওঁৰ লোকসকল বীৰ যোদ্ধা আৰু তেওঁলোকৰ খং পোৱালি কাঢ়ি নিয়া হাবিৰ ভালুকৰ দৰে ৷ আপোনাৰ পিতৃ এজন যুদ্ধাৰু; তেওঁ সৈন্যসকলৰ লগত আজি ৰাতি নাথাকিব৷
Og Husjaj sagde fremdeles: "Du ved, at din Fader og hans Mænd er Helte, og bitre i Hu er de som en Bjørn på Marken, hvem Ungerne er taget fra; desuden er din Fader en rigtig Kriger, som ikke lægger sig til Hvile om Natten med Folkene.
9 চাওঁক, এতিয়া তেওঁ হয়তো কোনো এটা গাতত নাইবা আন কোনো ঠাইত লুকাই আছে৷ তেতিয়া এনে ঘটিব যে, আৰম্ভতে তোমাৰ লোকসকলৰ মাজত কেইজনমান লোক পতিত হ’ব আৰু তেতিয়া সেই বিষয়ে শুনা লোকসকলে ক’ব বোলে, ‘অবচালোমৰ পাছত যাওঁতা লোকসকলৰ মাজত হত্যা হৈছে।’
For Øjeblikket holder han sig sikkert skjult i en Kløft eller et andet Sted; falder der nu straks i Begyndelsen nogle af Folkene, vil det rygtes, og man vil sige, at Absalons Tilhængere har lidt Nederlag;
10 ১০ সেই সময়ত যি সকল সাহিয়াল লোক, যি সকলৰ সাহস সিংহৰ নিচিনা, তেওঁলোকো পমি যাব কাৰণ আপোনাৰ পিতৃ যে এজন বীৰ পুৰুষ আৰু তেওঁৰ লগৰ লোকসকলো যে সাহিয়াল, সেই বিষয়ে সকলো ইস্ৰায়েলে জানে।
og da bliver selv den tapre, hvis Mod er som Løvens, forsagt; thi hele Israel ved, at din Fader er en Helt og hans Ledsagere tapre Mænd.
11 ১১ কিন্তু মই এই পৰামৰ্শ দিওঁ যে দানৰে পৰা বেৰ-চেবালৈকে, সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্যক ইস্ৰায়েলক আপোনাৰ আগত গোট খুউৱা হওঁক আৰু যেন আপুনি নিজেও যুদ্ধলৈ যাওঁক।
Mit Råd er derfor: Lad hele Israel fra Dan til Be'ersjeba samles om dig, talrigt som Sandet ved Havet, og drag selv med i deres Midte.
12 ১২ তেতিয়া যি কোনো ঠাইত তেওঁক পোৱা যাব, সেই ঠাইতে আমি তেওঁৰ গুৰিত উপস্থিত হৈ, মাটিত নিয়ৰ পৰাৰ দৰে তেওঁৰ ঢাকি ধৰিল৷ তাতে তেওঁক আৰু তেওঁৰ লগত যোৱা মানুহৰ মাজৰ কোনো এজনকো অৱশিষ্ট নাৰাখিম।
Støder vi så på ham et eller andet Sted, hvor han nu befinder sig, kan vi falde over ham som Dug over Jorden, og der skal ikke blive en eneste tilbage, hverken han eller nogen af alle hans Mænd;
13 ১৩ যদি তেওঁ কোনো নগৰত আশ্ৰয় লয়, তেন্তে গোটেই ইস্ৰায়েলে সেই নগৰলৈ জৰী আনিব আৰু আমি সেই নগৰখন বান্ধি, জুৰিলৈকে তাক এনেধৰণে টানি লৈ যাম যে সেই ঠাইত এটি সৰু শিলো নাথাকিব৷”
men kaster han sig ind i en By, skal hele Israel lægge Reb om den, og vi vil slæbe den ned i Dalen, så der ikke bliver Sten på Sten tilbage af den!" Da sagde Absalon og alle Israels Mænd: "Arkiten Husjajs Råd er bedre end Akitofels!"
14 ১৪ তেতিয়া অবচালোম আৰু ইস্ৰায়েলৰ লোকসকলে ক’লে, “অহীথোফলৰ পৰামৰ্শতকৈ অৰ্কীয়া হূচয়ৰ দিহাই উত্তম।” কিয়নো অবচালোমৰ ওপৰত অমঙ্গল ঘটাবৰ কাৰণে অহীথোফলৰ উত্তম পৰামৰ্শ ব্যৰ্থ কৰিবলৈ যিহোৱাই সেই বিষয়ে থিৰ কৰিছিল।
HERREN havde nemlig sat sig for at gøre Akitofels gode Råd til Skamme, for at HERREN kunde bringe Ulykke over Absalon.
15 ১৫ তাৰ পাছত হূচয়ে চাদোক আৰু অবিয়াথৰ এই দুজন পুৰোহিতক ক’লে, “অহীথোফলে অবচালোমক আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক এনে-তেনে পৰামৰ্শ দিছিল কিন্তু মই হ’লে অন্য পৰামৰ্শ দিলোঁ।
Derpå sagde Husjaj til Præsterne Zadok og Ebjatar: "Det og det Råd har Akitofel givet Absalon og Israels Ældste, og det og det Råd har jeg givet.
16 ১৬ এতেকে তোমালোকে বেগাই দায়ূদৰ ওচৰলৈ মানুহ পঠিয়াই তেওঁক কোৱা যে, ‘আপুনি আজি ৰাতি আৰাবাহ’ৰ মৰুপ্ৰান্তৰ পাৰ ঘাটত নাথাকিব কিন্তু কোনো প্ৰকাৰে সেই ঠাই পাৰ হৈ যাব, নহ’লে মহাৰাজ আৰু আপোনাৰ লগৰ সকলো লোক গ্ৰাসিত হ’ব’।”
Skynd eder nu at sende Bud til David og bring ham det Bud: Bliv ikke Natten over ved vadestederne på Jordansletten, men søg over på den anden Side, for at ikke Kongen og alle hans Folk skal gå til Grunde!"
17 ১৭ সেই সময়ত যোনাথন আৰু অহীমাচ অয়িন-ৰোগেলৰ জুৰিত বাস কৰি আছিল; তাতে এগৰাকী দাসীয়ে গৈ গৈ তেওঁলোকক বাতৰিসমূহ দিছিল৷ এইদৰে তেওঁলোকে দায়ুদ ৰজাৰ ওচৰত বাতৰি দিবলৈ যায় যাতে তেওঁলোকক নগৰত সোমোৱা কোনো লোকে দেখা নাপায়।
Jonatan og Ahima'az stod ved Rogelkilden, hvorhen en Tjenestepige til Stadighed kom og bragte dem Melding, hvorefter de gik hen og bragte Kong David Melding; thi de turde ikke vise sig i Byen.
18 ১৮ কিন্তু এইবাৰ এজন যুৱকে তেওঁলোকক দেখি অবচালোমৰ আগত জনালে৷ তেতিয়া যোনাথন আৰু অহীমাচ দুয়ো শীঘ্ৰে গুচি গৈ, বহূৰীমত থকা এজন মানুহৰ ঘৰত উপস্থিত হ’ল। সেই জন মানুহৰ চোতালত এটা নাদ আছিল আৰু দুয়ো সেই নাদলৈ নামি গ’ল।
Men en ung Mand opdagede dem og meldte det til Absalon; så skyndte de sig begge bort og kom ind hos en Mand i Bahurim. Han havde en Brønd i Gården, og i den steg de ned;
19 ১৯ তেতিয়া সেই মানুহ জনৰ পত্নীয়ে নাদৰ মুখত কাপোৰ এখন পাৰি, তাৰ ওপৰত খৰচিয়া পিঠাগুৰি মেলি দিলে; তাতে যোনাথন আৰু অহীমাচ সেই নাদত থকা বুলি কোনেও নাজানিলে।
Konen tog et Tæppe, bredte det ud over Brønden og hældte Korn derpå, så at man intet kunde opdage.
20 ২০ পাছত অবচালোমৰ দাসবোৰে সেই ঘৰৰ মহিলা গৰাকীৰ ওচৰলৈ গৈ সুধিলে, “অহীমাচ আৰু যোনাথন ক’ত আছে?” তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁলোকক ক’লে, “তেওঁলোক নদীখন পাৰ হৈ গ’ল৷” তাতে সেই ঠাইত তেওঁলোক দুয়োকে বিচাৰি নাপাই যিৰূচালেমলৈ ঘূৰি আহিল।
Nu kom Absalons Folk imod i Huset til Konen og spurgte: "Hvor er Ahima'az og Jonatan?" Konen svarede: "De gik over Vandbækken!" Så søgte de efter dem, men da de ikke fandt dem, vendte de tilbage til Jerusalem.
21 ২১ তেওঁলোক গুচি যোৱাৰ পাছত যোনাথন আৰু অহীমাচ নাদৰ বাহিৰলৈ উঠি আহিল৷ তাৰ পাছত দুয়ো দায়ুদ ৰজাক বাতৰি দিবলৈ গ’ল৷ তেওঁলোকে তেওঁক ক’লে, “আপোনালোক উঠক আৰু বেগাই পানীখিনি পাৰ হৈ যাওঁক কিয়নো অহীথোফলে আপোনালোকৰ বিৰুদ্ধে এনে-তেনে পৰামৰ্শ দিলে।”
Så snart de var gået bort, steg de to op af Brønden og gik hen og bragte Kong David Melding; og de sagde til David: "Bryd op og skynd eder over på den anden Side af Vandet; thi det og det Råd kom Akitofel med angående eder!"
22 ২২ তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ সকলোৱে উঠি যৰ্দ্দন পাৰ হ’ল৷ ৰাতিপুৱালৈ যৰ্দ্দন পাৰ নোহোৱাকৈ তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিল।
Da brød David op med alle sine Folk og satte over Jordan; og ved Daggry manglede ikke en eneste, alle var de kommet over Jordan.
23 ২৩ পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।
Men da Akitofel så, at hans Råd ikke blev fulgt, sadlede han sit Æsel og drog hjem til sin By; og efter at have beskikket sit Hus hængte han sig og døde. Han blev jordet i sin Faders Grav.
24 ২৪ তাৰ পাছত দায়ূদে মহনয়িমত আহিল৷ অবচালোমে হ’লে সকলো ইস্ৰায়েল লোকৰ সৈতে যৰ্দ্দন পাৰ হ’ল।
David havde nået Mahanajim, da Absalon tillige med alle Israels Mænd gik over Jordan.
25 ২৫ তেতিয়া অবচালোমে যোৱাবৰ সলনি অমাচাক প্ৰধান সেনাপতি পাতিলে। অমাচা ইস্ৰায়েলীয়া যিথ্ৰা নামেৰে এজন মানুহৰ পুত্ৰ আছিল৷ সেই মানুহ জনে যোৱাবৰ মাক চৰূয়াৰ ভনীয়েক নাহচৰ জীয়েক অবীগলত গমণ কৰিছিল।
Absalon havde i Joabs Sted sat Amasa over Hæren; Amasa var Søn af en Ismaelit ved Navn Jitra, som var gået ind til Abigajil, en Datter af Isaj og Søster til Joabs Moder Zeruja.
26 ২৬ তাৰ পাছত ইস্ৰায়েল আৰু অবচালোমে গিলিয়দ দেশত ছাউনি পাতিলে।
Og Israel og Absalon slog Lejr i Gilead.
27 ২৭ যি সময়ত দায়ূদে মহনয়িমত আহিছিল, অম্মোনৰ সন্তানসকলৰ ৰব্বাত থকা নাহচৰ পুত্ৰ চোবীয়ে, লো-দবৰাত থকা অম্মীয়েলৰ পুত্ৰ মাখীৰে আৰু ৰোগেলীমত থকা গিলিয়দীয়া বৰ্জ্জিলয়ে দায়ূদৰ আৰু তেওঁৰ লগৰ লোকসকলৰ কাৰণে
Men da David kom til Mahaoajim, bragte Sjobi, Nahasj's Søn fra Rabba i Ammon, Makir, Ammiels Søn fra Lodebar, og Gileaditen Barzillaj fra Rogelim
28 ২৮ শয্যা, চৰিয়া, মাটিৰ পাত্ৰ, ঘেঁহু, যৱ, আটাগুৰি, ভজা শস্য, লেচেৰা মাহ, মচুৰ মাহ, ভজামাহ,
Senge, Tæpper, Skåle og Lerkar; og Hvede, Byg, Mel, ristet Korn, Bønner, Linser,
29 ২৯ মৌ, মাখন, মেৰৰ জাক আৰু গৰু গাখীৰৰ পনিৰ আনিলে৷ এই লোকসকলে কৈছিল যে, “লোকসকলে মৰুপ্ৰান্তত ক্ষুধাতুৰ, শ্ৰান্ত, আৰু তৃষ্ণাতুৰ হৈছে।”
Honning, Surmælk, Småkvæg og Komælksost bragte de David og hans Folk til Føde; thi de tænkte: "Folkene er sultne, udmattede og tørstige i Ørkenen."

< ২ সামুয়েল 17 >