< ২ সামুয়েল 13 >

1 তাৰ পাছত এনেকুৱা ঘটনা হ’ল, যে, দায়ূদৰ পুত্ৰ অবচালোমৰ তামাৰ নামেৰে এজনী শুৱনি ভনীয়েক আছিল। আৰু দায়ূদৰ পুত্ৰ অম্নোন তাইলৈ কামাসক্ত হ’ল;
さてダビデの子アブサロムには名をタマルという美しい妹があったが、その後ダビデの子アムノンはこれを恋した。
2 অম্নোনে মনতে এনে দুখ পালে, যে, সি নিজ ভনীয়েক তামাৰৰ কাৰণে নৰিয়া পৰিল৷ তাই কুমাৰী আছিল, আৰু সেই কাৰণে অম্নোনে তাইলৈ কিবা কৰিবলৈ দুসাধ্য বুলি ভাবিলে।
アムノンは妹タマルのために悩んでついにわずらった。それはタマルが処女であって、アムノンは彼女に何事もすることができないと思ったからである。
3 দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাদবৰ নামেৰে অম্নোনৰ এজন বন্ধু আছিল৷ যোনাদব এজন বৰ চতুৰ লোক আছিল।
ところがアムノンにはひとりの友だちがあった。名をヨナダブといい、ダビデの兄弟シメアの子である。ヨナダブはひじょうに賢い人であった。
4 সি অম্নোনক সুধিলে, হে ৰাজপুত্ৰ তুমি প্ৰতি দিনে এনেকৈ নিৰুৎসাহ হৈছা কিয়? সেই বিষয়ে মোক নোকোৱানে? তেতিয়া অম্নোনে তাক উত্তৰ দি ক’লে, “মোৰ ককাই অবচালোমৰ ভনীয়েক তামাৰলৈ মই প্ৰেমাসক্ত হৈছোঁ।”
彼はアムノンに言った、「王子よ、あなたは、どうして朝ごとに、そんなにやせ衰えるのですか。わたしに話さないのですか」。アムノンは彼に言った、「わたしは兄弟アブサロムの妹タマルを恋しているのです」。
5 তেতিয়া যোনাদৰে তাক ক’লে, “তুমি নিজৰ খাটৰ ওপৰত শুই নৰিয়াৰ ভাও ধৰা৷ যেতিয়া তোমাৰ পিতৃয়ে তোমাক চাবলৈ আহিব তেতিয়া তেওঁক ক’বা, ‘অনুগ্ৰহ কৰি মোৰ ভনী তামাৰক মোক আহাৰ দিবৰ বাবে মোৰ আগত পঠিয়াই দিয়ক আৰু মোৰ আগত আহাৰ যুগুত কৰা দেখি যেন তাইৰ হাতে ভোজন কৰোঁ, এই কাৰণে মোৰ ওচৰলৈ আহিবলৈ তাইক আজ্ঞা কৰক’।”
ヨナダブは彼に言った、「あなたは病と偽り、寝床に横たわって、あなたの父がきてあなたを見るとき彼に言いなさい、『どうぞ、わたしの妹タマルをこさせ、わたしの所に食物を運ばせてください。そして彼女がわたしの目の前で食物をととのえ、彼女の手からわたしが食べることのできるようにさせてください』」。
6 তেতিয়া অম্নোনে নৰিয়াৰ ভাও ধৰি পৰি থাকিল৷ তাতে ৰজাই তাক চাবলৈ আহোতে, অম্নোনে ৰজাক ক’লে, “মই বিনয় কৰোঁ, মোৰ ভনী তামাৰক মোৰ অসুস্থতাৰ বাবে মোৰ আগত যেন আহাৰ যোগাৰ কৰে আৰু মই তাইৰ হাতে যেন ভোজন কৰোঁ এই কাৰণে মোৰ ওচৰলৈ আহিবলৈ তাইক আজ্ঞা কৰক৷”
そこでアムノンは横になって病と偽ったが、王がきて彼を見た時、アムノンは王に言った、「どうぞわたしの妹タマルをこさせ、わたしの目の前で二つの菓子を作らせて、彼女の手からわたしが食べることのできるようにしてください」。
7 তেতিয়া দায়ূদে তামাৰৰ ঘৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, “এতিয়া তুমি তোমাৰ ককাই অম্নোনৰ ঘৰলৈ গৈ, তাৰ কাৰণে আহাৰ যুগুত কৰি দিয়া।”
ダビデはタマルの家に人をつかわして言わせた、「あなたの兄アムノンの家へ行って、彼のために食物をととのえなさい」。
8 তাতে তামাৰ নিজ ককাই অম্নোনে শুই থকা সেই ঘৰলৈ গ’ল৷ তামাৰে আটাগুড়ি লৈ খচি, তেওঁৰ আগতে পিঠা বনালে।
そこでタマルはその兄アムノンの家へ行ったところ、アムノンは寝ていた。タマルは粉を取って、これをこね、彼の目の前で、菓子を作り、その菓子を焼き、
9 তাই তাৰ সৈতে লৈ গৈ, সেই পিঠা তেওঁক দিলে কিন্তু তেওঁ খাবলৈ অমান্তি হ’ল৷ তেতিয়া অম্নোনে ক’লে, “মোৰ ওচৰৰ পৰা সকলো লোকক বাহিৰলৈ যাবলৈ দিয়া৷” তাতে সকলোৱে তেওঁৰ ওচৰৰ পৰা বাহিৰলৈ গ’ল।
なべを取って彼の前にそれをあけた。しかし彼は食べることを拒んだ。そしてアムノンは、「みな、わたしを離れて出てください」と言ったので、皆、彼を離れて出た。
10 ১০ তেতিয়া অম্মোনে তামাৰক ক’লে, “মই তোমাৰ হাতে ভোজন কৰিবৰ কাৰণে খোৱা বস্তুবোৰ মোৰ কোঁঠালিলৈ আনা৷” তেতিয়া তামাৰে নিজ হাতে বনোৱা সেই পিঠা লৈ ভিতৰ কোঁঠালিলৈ তেওঁৰ ককাই অম্নোনৰ ওচৰলৈ গ’ল।
アムノンはタマルに言った、「食物を寝室に持ってきてください。わたしはあなたの手から食べます」。そこでタマルは自分の作った菓子をとって、寝室にはいり兄アムノンの所へ持っていった。
11 ১১ যেতিয়া তাই পিঠা লৈ তেওঁৰ ওচৰলৈ আনিলে, তেতিয়া অম্নোনে তাইক ধৰি ক’লে, “হে মোৰ ভনী, আহা মোৰ লগত শয়ন কৰা।”
タマルが彼に食べさせようとして近くに持って行った時、彼はタマルを捕えて彼女に言った、「妹よ、来て、わたしと寝なさい」。
12 ১২ তাতে তাই উত্তৰ দি ক’লে, “নহয়, নহয়, মোৰ ককাই, মোক বলাৎকাৰ নকৰিবা কিয়নো ইস্ৰায়েলৰ মাজত এনে কৰ্ম কৰা অযুগুত৷ তুমি এনে মুৰ্খৰ কৰ্ম নকৰিবা!
タマルは言った、「いいえ、兄上よ、わたしをはずかしめてはなりません。このようなことはイスラエルでは行われません。この愚かなことをしてはなりません。
13 ১৩ মই কলৈ গৈ মোৰ মুখ ঢাকিম? আৰু তুমিও ইস্ৰায়েলৰ মাজত এজন লজ্জাহীন মুৰ্খৰ নিচিনা হ’বা। এই হেতুকে এতিয়া মই বিনয় কৰোঁ, তুমি ৰজাৰ আগত জনোৱা কিয়নো তেওঁ মোক তোমালৈ বিয়া দিবলৈ অসন্মত নহ’ব।”
わたしの恥をわたしはどこへ持って行くことができましょう。あなたはイスラエルの愚か者のひとりとなるでしょう。それゆえ、どうぞ王に話してください。王がわたしをあなたに与えないことはないでしょう」。
14 ১৪ কিন্তু অম্নোনে তাইৰ কথা শুনিবলৈ অসন্মত হ’ল আৰু নিজে তাইতকৈ বলী হোৱা হেতুকে, তেওঁ তাইক বলেৰে ধৰি তাইৰ লগত শয়ন কৰিলে।
しかしアムノンは彼女の言うことを聞こうともせず、タマルよりも強かったので、タマルをはずかしめてこれと共に寝た。
15 ১৫ তাৰ পাছত অম্নোনে তাইক অতিশয় ঘিণ কৰিব ধৰিলে৷ তেওঁ যি পৰিমানে তাইলৈ কামাসক্ত আছিল তাতকৈ অধিক পৰিমাণে তাইক ঘিণ কৰিব ধৰিলে। এই হেতুকে অম্নোনে তাইক ক’লে, “উঠি গুচি যোৱা।”
それからアムノンは、ひじょうに深くタマルを憎むようになった。彼女を憎む憎しみは、彼女を恋した恋よりも大きかった。アムノンは彼女に言った、「立って、行きなさい」。
16 ১৬ তাতে তাই তেওঁক ক’লে, “এনে নকৰিবা! কিয়নো তুমি মোলৈ কৰা প্ৰথম দোষতকৈ, মোক বাহিৰ কৰি উলিয়াই খেদাতোহে বেচিকৈ বেয়া!” কিন্তু অম্নোনে তাইৰ কথা নুশুনিলে৷
タマルはアムノンに言った、「いいえ、兄上よ、わたしを返すことは、あなたがさきにわたしになさった事よりも大きい悪です」。しかしアムノンは彼女の言うことを聞こうともせず、
17 ১৭ তাৰ সলনি তেওঁ নিজৰ দাসক মাতি ক’লে, “এইক মোৰ ওচৰৰ পৰা উলিয়াই নে আৰু তাইৰ পাছত দুৱাৰৰ ডাং লগাই দে।”
彼に仕えている若者を呼んで言った、「この女をわたしの所から外におくり出し、そのあとに戸を閉ざすがよい」。
18 ১৮ তেতিয়া তেওঁৰ দাসে তাইক বাহিৰ কৰি দি তাইৰ পাছত দুৱাৰৰ ডাং লগাই দিলে। সেই কণ্যাৰ গাত দীঘল অলংকাৰপূর্ণ চোলা আছিল, কিয়নো বিয়া নিদিয়া ৰাজকুমাৰীসকলে সেইৰূপ চোলা পিন্ধে।
この時、タマルは長そでの着物を着ていた。昔、王の姫たちの処女である者はこのような着物を着たからである。アムノンのしもべは彼女を外に出して、そのあとに戸を閉ざした。
19 ১৯ তেতিয়া তামাৰে নিজৰ মুৰত ছাঁই ল’লে, আৰু নিজৰ গাত থকা সেই দীঘল অলংকাৰপূর্ণ চোলা ফালি মুৰত হাত দি চিঞৰি কান্দি কান্দি গুচি আহিল।
タマルは灰を頭にかぶり、着ていた長そでの着物を裂き、手を頭にのせて、叫びながら去って行った。
20 ২০ তাৰ পাছত তাইৰ ককায়েক অবচালোমে তাইক সুধিলে, “তোমাৰ ককাই অম্নোন তোমাৰ লগত আছিল নেকি? কিন্তু এতিয়া হে মোৰ ভনী, মনে মনে থাকা, সি তোমাৰ ককাই; এই কথাত বৰকৈ দুখ নকৰিবা।” তেতিয়াৰে পৰা তামাৰ বিষাদ মনেৰে নিজ ককাই অবচালোমৰ ঘৰত থাকিল।
兄アブサロムは彼女に言った、「兄アムノンがあなたと一緒にいたのか。しかし妹よ、今は黙っていなさい。彼はあなたの兄です。この事を心にとめなくてよろしい」。こうしてタマルは兄アブサロムの家に寂しく住んでいた。
21 ২১ পাছে দায়ুদ ৰজাই এই সকলো কথা শুনি অতিশয় ক্ৰুদ্ধ হ’ল।
ダビデ王はこれらの事をことごとく聞いて、ひじょうに怒った。
22 ২২ আৰু অবচালোমে অম্নোনক ভাল বেয়া একোকে নক’লে; কিয়নো তেওঁৰ ভনীয়েক তামাৰক অম্নোনে বলাৎকাৰ কৰাৰ কাৰণে অবচালোমে তাক ঘিণ কৰিলে।
アブサロムはアムノンに良いことも悪いことも語ることをしなかった。それはアムノンがアブサロムの妹タマルをはずかしめたので、アブサロムが彼を憎んでいたからである。
23 ২৩ সম্পূর্ণ দুবছৰৰ পাছত ইফ্ৰয়িমৰ ওচৰত থকা বালহাচোৰত অবচালোমৰ লোকসকলে মেৰৰ নোম কটা কাম কৰি আছিল৷ তাতে অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক নিমন্ত্ৰণ কৰিলে।
満二年の後、アブサロムはエフライムの近くにあるバアル・ハゾルで羊の毛を切らせていた時、王の子たちをことごとく招いた。
24 ২৪ অবচালোমে ৰজাৰ ওচৰলৈ আহি ক’লে, “চাওঁক, আপোনাৰ এই দাসৰ লগত মেৰৰ নোম কটা লোকসকল আছে৷ এই কাৰণে মই বিনয় কৰোঁ, মহাৰাজ আৰু মহাৰাজৰ দাসবোৰ আপোনাৰ এই দাসৰ লগত আহক।”
そしてアブサロムは王のもとにきて言った、「見よ、しもべは羊の毛を切らせております。どうぞ王も王の家来たちも、しもべと共にきてください」。
25 ২৫ তাতে ৰজাই অবচালোমক ক’লে, “সেয়ে নহয় বোপা, আমি সকলোৱে নাযাওঁ; গ’লে তোমাৰ অধিক ভাৰহে হ’ব।” তথাপি তেওঁ বৰকৈ ধৰিলে; কিন্তু ৰজাই যাবলৈ মান্তি নহ’ল যদিও তেওঁক আশীৰ্ব্বাদ কৰিলে।
王はアブサロムに言った、「いいえ、わが子よ、われわれが皆行ってはならない。あなたの重荷になるといけないから」。アブサロムはダビデにしいて願った。しかしダビデは行くことを承知せず彼に祝福を与えた。
26 ২৬ তেতিয়া অবচালোমে ক’লে, “যদি সেয়ে নহয়, তেন্তে মোৰ ভাই অম্নোনক আমাৰ লগত যাবলৈ অনুমতি দিয়ক।” তেতিয়া ৰজাই তেওঁক ক’লে, “অম্নোন তোমাৰ লগত কিয় যাব লাগে?”
そこでアブサロムは言った、「それでは、どうぞわたしの兄アムノンをわれわれと共に行かせてください」。王は彼に言った、「どうして彼があなたと共に行かなければならないのか」。
27 ২৭ অবচালোমে বৰকৈ ধৰাত ৰজাই অম্নোনক আৰু সকলো ৰাজকোঁৱৰক তেওঁৰ লগত যাবলৈ অনুমতি দিলে।
しかしアブサロムは彼にしいて願ったので、ついにアムノンと王の子たちを皆、アブサロムと共に行かせた。
28 ২৮ অবচালোমে তেওঁৰ দাসবোৰক এই আজ্ঞা কৰিলে, বোলে, “ভালদৰে শুন৷ অম্নোনৰ মন কোন সময়ত দ্ৰাক্ষাৰসত প্ৰফুল্লিত হয়, তহঁতে তাক ভালকৈ চাবি আৰু যেতিয়া ‘অম্নোনক আঘাত কৰ’ বুলি মই তহঁতক কম, তেতিয়া তাক বধ কৰিবি, ভয় নকৰিবি; মই তহঁতক জানো হুকুম দিয়া নাই? সাহিয়াল হৈ বীৰত্ব দেখুওৱা।”
そこでアブサロムは若者たちに命じて言った、「アムノンが酒を飲んで、心楽しくなった時を見すまし、わたしがあなたがたに、『アムノンを撃て』と言う時、彼を殺しなさい。恐れることはない。わたしが命じるのではないか。雄々しくしなさい。勇ましくしなさい」。
29 ২৯ তেতিয়া অবচালোমৰ দাসবোৰে তেওঁৰ আজ্ঞাৰ দৰে অম্নোনলৈ কৰিলে। তেতিয়া আন আটাই ৰাজকোঁৱৰসকল উঠি, প্ৰতিজনে নিজ নিজ খছৰৰ পিঠিত উঠি পলাল।
アブサロムの若者たちはアブサロムの命じたようにアムノンにおこなったので、王の子たちは皆立って、おのおのその騾馬に乗って逃げた。
30 ৩০ তেওঁলোক বাটত থাকোঁতেই দায়ূদলৈ এই বাতৰি আহিল, বোলে, “অবচালোমে আটাইকেইজন ৰাজকোঁৱৰক বধ কৰিলে, তেওঁলোকৰ এজনো অৱশিষ্ট নাই।”
彼らがまだ着かないうちに、「アブサロムは王の子たちをことごとく殺して、ひとりも残っている者がない」という知らせがダビデに達したので、
31 ৩১ তেতিয়া ৰজাই উঠি নিজৰ কাপোৰ ফালি মাটিত দীঘল হৈ পৰিল; আৰু তেওঁৰ দাসবোৰেও নিজ নিজ কাপোৰ ফালি ৰজাৰ ওচৰত থিয় হৈ ৰ’ল।
王は立ち、その着物を裂いて、地に伏した。そのかたわらに立っていた家来たちも皆その着物を裂いた。
32 ৩২ তেতিয়া দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ সেই যোনাদবে মাত লগাই ক’লে, “সকলো ৰাজকোঁৱৰ যে হত হ’ল, মোৰ প্ৰভুৱে এনে নাভাবক, কিয়নো কেৱল অম্নোনৰহে মৃত্যু হৈছে। কাৰণ অবচালোমৰ ভনী তামাৰক বলাৎকাৰ কৰা দিনৰে পৰা অবচালোমে ইয়াক থিৰ কৰিছিল।
しかしダビデの兄弟シメアの子ヨナダブは言った、「わが主よ、王の子たちである若者たちがみな殺されたと、お考えになってはなりません。アムノンだけが死んだのです。これは彼がアブサロムの妹タマルをはずかしめた日から、アブサロムの命によって定められていたことなのです。
33 ৩৩ এতেকে সকলো ৰাজকোঁৱৰ মৰাৰ কথা মোৰ প্ৰভু ৰজাই যেন নিজ মনত ঠাই নিদিয়ে কিয়নো কেৱল অম্নোনহে মৰিছে।”
それゆえ、わが主、王よ、王の子たちが皆死んだと思って、この事を心にとめられてはなりません。アムノンだけが死んだのです」。
34 ৩৪ কিন্তু ইয়াৰ ভিতৰতে অবচালোম পলাল। পাছত ডেকা পৰিয়াই চকু তুলি চাই পৰ্বতৰ কাষৰ পৰা নিজৰ পাছফালে থকা বাটেদি অনেক লোকক অহা দেখিলে।
アブサロムはのがれた。時に見張りをしていた若者が目をあげて見ると、山のかたわらのホロナイムの道から多くの民の来るのが見えた。
35 ৩৫ তাতে যোনাদবে ৰজাক ক’লে, “সৌৱা চাওঁক, ৰাজকোঁৱৰসকল আহিছে; আপোনাৰ দাসৰ কথাৰ দৰে সেয়েই ঘটিল।”
ヨナダブは王に言った、「見よ、王の子たちがきました。しもべの言ったとおりです」。
36 ৩৬ এই কথা কোৱা মাত্ৰকে ৰাজকোঁৱৰসকল আহি পাই, চিঞৰি কান্দিবলৈ ধৰিলে৷ তাতে ৰজা আৰু তেওঁৰ আটাই দাসবোৰেও বৰকৈ কান্দিবলৈ ধৰিলে।
彼が語ることを終った時、王の子たちはきて声をあげて泣いた。王もその家来たちも皆、非常にはげしく泣いた。
37 ৩৭ কিন্তু অবচালোম পলাই গচুৰৰ ৰজা অম্মীহোৰৰ পুত্ৰ তল্ময়ৰ ওচৰলৈ গ’ল। দায়ূদে প্ৰতিদিনে নিজৰ পুত্ৰৰ কাৰণে শোক কৰিলে।
しかしアブサロムはのがれて、ゲシュルの王アミホデの子タルマイのもとに行った。ダビデは日々その子のために悲しんだ。
38 ৩৮ এইদৰে অবচালোম পলাই গচুৰলৈ গৈ, তাত তিনি বছৰ থাকিল।
アブサロムはのがれてゲシュルに行き、三年の間そこにいた。
39 ৩৯ পাছত দায়ুদ ৰজাই অবচালোমৰ ওচৰলৈ যাবলৈ হাবিয়াহ কৰিলে কিয়নো তেওঁ অম্নোনৰ মৃত্যু হোৱাত সেই বিষয়ে শান্ত্বনাপ্ৰাপ্ত হৈছিল।
王は心に、アブサロムに会うことを、せつに望んだ。アムノンは死んでしまい、ダビデが彼のことはあきらめていたからである。

< ২ সামুয়েল 13 >