< ২ যোহন 1 >

1 ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তান সকলক মই সত্য প্ৰেম কৰোঁ; একমাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে৷
ο πρεσβυτερος εκλεκτη κυρια και τοις τεκνοις αυτης ους εγω αγαπω εν αληθεια και ουκ εγω μονος αλλα και παντες οι εγνωκοτες την αληθειαν
2 কাৰণ সেই সত্য আমাৰ অন্তৰত আছে আৰু আমাৰ সৈতে চিৰকাল থাকিব৷ (aiōn g165)
δια την αληθειαν την μενουσαν εν ημιν και μεθ ημων εσται εις τον αιωνα (aiōn g165)
3 পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীচু খ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি, সত্যত আৰু প্ৰেমত আমাৰে সৈতে আছে।
εσται μεθ ημων χαρις ελεος ειρηνη παρα θεου πατρος και παρα κυριου ιησου χριστου του υιου του πατρος εν αληθεια και αγαπη
4 আমি পিতৃৰ পৰা পোৱা আজ্ঞা গ্ৰহণ কৰাৰ দৰে আপোনাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি, মই অতি আনন্দিত হৈছোঁ৷
εχαρην λιαν οτι ευρηκα εκ των τεκνων σου περιπατουντας εν αληθεια καθως εντολην ελαβομεν παρα του πατρος
5 হে ভদ্ৰ মহিলা, এতিয়া মই আপোনাক মিনতি কৰোঁ যে, আপোনালৈ মই কোনো এটা নতুন আজ্ঞা লিখা নাই, কিন্তু আমি আৰম্ভণিৰে পৰা পোৱাৰ দৰে পৰস্পৰে প্ৰেম কৰা উচিত।
και νυν ερωτω σε κυρια ουχ ως εντολην γραφων σοι καινην αλλα ην ειχομεν απ αρχης ινα αγαπωμεν αλληλους
6 আৰু প্ৰেম এইটোৱে হয়, য’ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলোঁ৷ এই আজ্ঞা আপোনালোকে আৰম্ভণিৰে পৰা শুনি আহিছে, সেয়েহে ইয়াতে আপোনালোকে চলক।
και αυτη εστιν η αγαπη ινα περιπατωμεν κατα τας εντολας αυτου αυτη εστιν η εντολη καθως ηκουσατε απ αρχης ινα εν αυτη περιπατητε
7 কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।
οτι πολλοι πλανοι εισηλθον εις τον κοσμον οι μη ομολογουντες ιησουν χριστον ερχομενον εν σαρκι ουτος εστιν ο πλανος και ο αντιχριστος
8 আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক৷ এই কাৰণতে নিজলৈ সাৱধান হ’ব।
βλεπετε εαυτους ινα μη απολεσωμεν α ειργασαμεθα αλλα μισθον πληρη απολαβωμεν
9 যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
πας ο παραβαινων και μη μενων εν τη διδαχη του χριστου θεον ουκ εχει ο μενων εν τη διδαχη του χριστου ουτος και τον πατερα και τον υιον εχει
10 ১০ যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব।
ει τις ερχεται προς υμας και ταυτην την διδαχην ου φερει μη λαμβανετε αυτον εις οικιαν και χαιρειν αυτω μη λεγετε
11 ১১ যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়।
ο γαρ λεγων αυτω χαιρειν κοινωνει τοις εργοις αυτου τοις πονηροις
12 ১২ আপোনালোকলৈ লিখিবৰ বাবে মোৰ অনেক কথা আছে আৰু সেইবোৰ চিঠি আকাৰে কাগজৰ পাতত লিখিবলৈ মই ইচ্ছা নকৰোঁ৷ কিন্তু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেয়েহে আপোনালোকৰ ওচৰলৈ গৈ মুখা-মুখি হৈ কথা পাতিবৰ বাবে মই আশা কৰি আছোঁ।
πολλα εχων υμιν γραφειν ουκ εβουληθην δια χαρτου και μελανος αλλα ελπιζω ελθειν προς υμας και στομα προς στομα λαλησαι ινα η χαρα ημων η πεπληρωμενη
13 ১৩ আপোনাৰ মনোনীত ভনীয়েৰাৰ সন্তান সকলে আপোনাক শুভেচ্ছা জনাইছে।
ασπαζεται σε τα τεκνα της αδελφης σου της εκλεκτης αμην

< ২ যোহন 1 >