< ২ কৰিন্থীয়া 3 >

1 আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছোঁ নে? নাইবা আপোনালোকলৈ বা আপোনালোকৰ পৰা সুখ্যাতিৰ পত্ৰ পাবলৈ, কোনো কোনো লোকৰ নিচিনাকৈ আমাৰো প্ৰয়োজন আছে নে?
αρχομεθα παλιν εαυτους συνιστανειν ει μη χρηζομεν ως τινες συστατικων επιστολων προς υμας η εξ υμων συστατικων
2 আমাৰ হৃদয়ত লিখা আৰু সকলো মানুহে পঢ়ি জনিব পৰা সুখ্যাতিৰ পত্ৰ আপোনালোকেই হৈ আছে৷
η επιστολη ημων υμεις εστε εγγεγραμμενη εν ταις καρδιαις ημων γινωσκομενη και αναγινωσκομενη υπο παντων ανθρωπων
3 আপোনালোক আমাৰ দ্বাৰাই খ্ৰীষ্টৰ পৰা সম্পাদিত হোৱা পত্ৰ স্বৰূপে প্ৰকাশিত হ’ল, সেয়ে চিয়াঁহীৰে নহয়, কিন্তু জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা; শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয়ৰূপ ফলিতহে লিখা হ’ল।
φανερουμενοι οτι εστε επιστολη χριστου διακονηθεισα υφ ημων εγγεγραμμενη ου μελανι αλλα πνευματι θεου ζωντος ουκ εν πλαξιν λιθιναις αλλ εν πλαξιν καρδιαις σαρκιναις
4 আৰু ঈশ্বৰৰ প্ৰতি এয়ে দৃঢ় প্ৰত্যয় আমি খ্ৰীষ্টৰ দ্বাৰাই পালোঁ।
πεποιθησιν δε τοιαυτην εχομεν δια του χριστου προς τον θεον
5 আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ, এনে নহয়; কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়৷
ουχ οτι ικανοι εσμεν αφ εαυτων λογισασθαι τι ως εξ εαυτων αλλ η ικανοτης ημων εκ του θεου
6 তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবলৈ যোগ্য কৰিলে৷ সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰহে; কিয়নো আখৰৰ লিখনি সমূহে বধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে।
ος και ικανωσεν ημας διακονους καινης διαθηκης ου γραμματος αλλα πνευματος το γαρ γραμμα αποκτενει το δε πνευμα ζωοποιει
7 কিন্তু মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা আখৰৰ লিখনিৰে প্ৰমাণিত হ’ল, সেয়ে এনে প্ৰতাপযুক্ত হৈছিল যে, ইস্ৰায়েলৰ সন্তান সকলে মোচিৰ মূখলৈ একেথৰে চাব নোৱাৰিলে, যদিও সেই প্ৰতাপ ক্ৰমান্বয়ে কমি গৈছিল,
ει δε η διακονια του θανατου εν γραμμασιν εντετυπωμενη εν λιθοις εγενηθη εν δοξη ωστε μη δυνασθαι ατενισαι τους υιους ισραηλ εις το προσωπον μωυσεως δια την δοξαν του προσωπου αυτου την καταργουμενην
8 তেনেহলে আত্মাৰ পৰিচৰ্যা তাতকৈয়ো প্ৰতাপযুক্ত নহ’ব নে?
πως ουχι μαλλον η διακονια του πνευματος εσται εν δοξη
9 কিয়নো দণ্ডাজ্ঞাৰ পৰিচৰ্যা যদি প্ৰতাপযুক্ত হয়, তেনেহলে ধাৰ্মিকতাৰ পৰিচৰ্যা তাতকৈয়ো অধিক প্ৰতাপযুক্ত হয়!
ει γαρ η διακονια της κατακρισεως δοξα πολλω μαλλον περισσευει η διακονια της δικαιοσυνης εν δοξη
10 ১০ কাৰণ এনে অতিৰিক্ত প্ৰতাপৰ কাৰণে এই বিষয়ে সেই প্ৰতাপযুক্ত পৰিচৰ্যাৰ গৌৰৱ নাইকিয়া হ’ল।
και γαρ ου δεδοξασται το δεδοξασμενον εν τουτω τω μερει ενεκεν της υπερβαλλουσης δοξης
11 ১১ কাৰণ লুপ্ত হৈ যোৱাটো যদি কান্তিযুক্ত, তেনেহলে সদায় থকাটো তাতকৈ অধিক প্ৰতাপযুক্ত।
ει γαρ το καταργουμενον δια δοξης πολλω μαλλον το μενον εν δοξη
12 ১২ আমাৰ এনে আশা থকাত, আমি অতি উদাৰ চিত্তেৰে কথা কওঁ,
εχοντες ουν τοιαυτην ελπιδα πολλη παρρησια χρωμεθα
13 ১৩ আৰু ইস্ৰায়েলৰ সন্তান সকলে, সেই লুপ্ত হৈ যোৱাটোৰ শেষ যেন একেথৰে চাবলৈ নাপায়, এই কাৰণে মোচিয়ে যেনেকৈ তেওঁৰ মুখত ওৰণি ল’লে, আমি তেনেকৈ নকৰোঁ।
και ου καθαπερ μωυσης ετιθει καλυμμα επι το προσωπον εαυτου προς το μη ατενισαι τους υιους ισραηλ εις το τελος του καταργουμενου
14 ১৪ কিন্তু তেওঁলোকৰ মন কঠিন কৰা হ’ল৷ কিয়নো যেতিয়া পুৰণি বিধান পঢ়া হয়, তেতিয়া তেওঁলোকে আজিও সেই একে ওৰণি লয়। সেই ওৰণি এতিয়াও আতৰাই দিয়া হোৱা নাই, কাৰণ একমাত্র খ্রীষ্টৰ যোগেদিহে সেয়া সম্ভৱ হ’ল।
αλλ επωρωθη τα νοηματα αυτων αχρι γαρ της σημερον το αυτο καλυμμα επι τη αναγνωσει της παλαιας διαθηκης μενει μη ανακαλυπτομενον ο τι εν χριστω καταργειται
15 ১৫ কিন্তু এতিয়ালৈকে মোচিৰ পুস্তক পঢ়োঁতে, তেওঁলোকৰ হৃদয়ত সদায় ওৰণি আছে।
αλλ εως σημερον ηνικα αναγινωσκεται μωυσης καλυμμα επι την καρδιαν αυτων κειται
16 ১৬ কিন্তু যেতিয়া কোনো ব্যক্তি প্ৰভুলৈ ঘুৰে, তেতিয়া সেই ওৰণি আতৰাই দিয়া হয়।
ηνικα δ αν επιστρεψη προς κυριον περιαιρειται το καλυμμα
17 ১৭ প্ৰভুৱেই আত্মা; আৰু প্ৰভুৰ আত্মা য’ত, তাতেই স্বাধীনতা।
ο δε κυριος το πνευμα εστιν ου δε το πνευμα κυριου εκει ελευθερια
18 ১৮ আৰু আমি সকলোৱে, ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওতে চাওতে, সেই গৌৰৱৰ পৰা গৌৰৱ পাই, আত্মাৰূপ প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ, সেই একে প্ৰতিমূৰ্তিৰ হ’ব লাগিছোঁ।
ημεις δε παντες ανακεκαλυμμενω προσωπω την δοξαν κυριου κατοπτριζομενοι την αυτην εικονα μεταμορφουμεθα απο δοξης εις δοξαν καθαπερ απο κυριου πνευματος

< ২ কৰিন্থীয়া 3 >