< ২ বংশাবলি 7 >

1 যেতিয়া চলোমনৰ প্ৰাৰ্থনা শেষ হ’ল, তেতিয়া আকাশৰ পৰা অগ্নি নামি আহি হোম-বলি আৰু আন বলিসমূহ গ্ৰাস কৰিলে আৰু যিহোৱাৰ প্ৰতাপেৰে সেই গৃহ পৰিপূৰ্ণ হ’ল।
А кад сврши Соломун молитву, сиђе огањ с неба и спали жртву паљеницу и друге жртве, и славе Господње напуни се дом,
2 তেতিয়া পুৰোহিতসকলে যিহোৱাৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰিলে; কিয়নো যিহোৱাৰ প্ৰতাপেৰে তেওঁৰ গৃহ পৰিপূৰ্ণ হৈ আছিল।
Те не могаху свештеници ући у дом Господњи, јер се славе Господње напуни дом Господњи.
3 অগ্নি নামি আহি থকাত আৰু গৃহৰ ওপৰত যিহোৱাৰ প্ৰতাপ পৰিপূর্ণ হৈ থকা সময়ত ইস্ৰায়েলৰ সন্তান সকলে চাই আছিল৷ তেওঁলোকে মূৰ দোঁৱাই, শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰি যিহোৱাক ধন্যবাদ জনালে৷ তেওঁলোকে ক’লে “কিয়নো তেওঁ মঙ্গলময়, সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷”
А сви синови Израиљеви видећи где сиђе огањ и слава Господња на дом савише се лицем к земљи до пода и поклонише се и хвалише Господа, јер је добар, јер је довека милост Његова.
4 তাৰ পাছত ৰজা আৰু সকলো প্ৰজাই যিহোৱাৰ আগত বলিদান কৰিলে।
И цар и сав народ принесоше жртве пред Господом.
5 ৰজা চলোমন বাইশ হাজাৰ গৰু আৰু এক লাখ বিশ হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু সকলোৱে মিলি ঈশ্বৰৰ গৃহ প্ৰতিষ্ঠা কৰিলে।
И принесе цар Соломун на жртву двадесет и две хиљаде волова и сто и двадесет хиљада оваца, и тако посветише дом Божји цар и сав народ.
6 পুৰোহিতসকলে নিজ নিজ সেৱা কৰা ঠাইত থিয় হৈ আছিল; আৰু যিহোৱাৰ ধন্যবাদ কৰি দায়ুদ ৰজাই যিহোৱাৰ গীত গাবৰ কাৰণে যি বাদ্য-যন্ত্ৰ নিৰ্ম্মাণ কৰিছিল, সেই বাদ্যযন্ত্ৰ লেবীয়াসকলে হাতত লৈ থিয় হ’ল আৰু বাদ্য বজাই দায়ূদৰ ৰচিত গীত গাই ক’লে, বোলে, “কিয়নো যিহোৱাৰ দয়া চিৰকাললৈকে থাকে৷” পুৰোহিতসকলেও তেওঁলোকৰ আগত তূৰী বজালে; আৰু গোটেই ইস্ৰায়েল থিয় হ’ল।
А свештеници стајаху на служби својој, и Левити са справама за песме Господње што их беше начинио цар Давид да хвале Господа, јер је довека милост Његова, песмом Давидовом коју им даде; а други свештеници трубљаху у трубе према њима, а сви синови Израиљеви стајаху.
7 চলোমনে যিহোৱাৰ গৃহৰ সম্মুখত থকা চোতালৰ মাজ-মজিয়াটো পবিত্ৰ কৰিছিল৷ সেই ঠাইতেই তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ তেল উৎসৰ্গ কৰিছিল, কাৰণ তেওঁ সজা পিতলৰ যজ্ঞবেদীয়ে সেই হোমবলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল ধৰিব নোৱাৰিছিল।
И посвети Соломун средину трема који је пред домом Господњим, јер онде принесе жртве паљенице и претилину од жртава захвалних, јер на бронзаном олтару који начини Соломун, не могоше стати жртве паљенице и дари и претилина њихова.
8 এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগত গোটেই ইস্ৰায়েলে হমাতৰ প্ৰৱেশ স্থানৰ পৰা মিচৰ জুৰিলৈকে সেই উৎসৱ মহা-সমাজে সাত দিন ধৰি পালন কৰিলে।
У то време светкова Соломун светковину седам дана и сав Израиљ с њим, сабор веома велик од Емата до потока мисирског.
9 পাছত অষ্টম দিনা তেওঁলোকে ধৰ্মসভা পাতিলে; কিয়নো তেওঁলোকে সাত দিন যজ্ঞবেদী প্ৰতিষ্ঠা কৰিছিল আৰু সাত দিন উৎসৱ কৰিছিল।
И у осми дан празноваше празник, јер посвећивање олтара светковаше седам дана, и светковину седам дана.
10 ১০ চলোমনে সপ্তম মাহৰ তেইশ দিনৰ দিনা নিজ নিজ তম্বুলৈ লোকসকলক আনন্দিত আৰু সন্তুষ্ট মনেৰে বিদায় দিলে; কিয়নো যিহোৱাই দায়ুদ, চলোমন আৰু তেওঁৰ প্ৰজা ইস্ৰায়েললৈ মঙ্গল কৰিলে৷
А двадесет трећег дана седмог месеца отпусти народ к шаторима њиховим, и беху радосни и весели ради добра што учини Господ Давиду и Соломуну и Израиљу народу свом.
11 ১১ এইদৰে চলোমনে যিহোৱাৰ গৃহ আৰু ৰাজগৃহ সাজি সমাপ্ত কৰিলে৷ যিহোৱাৰ গৃহত ও নিজৰ গৃহত যি যি কৰ্ম কৰিবলৈ চলোমনে স্থিৰ কৰিছিল, তেওঁ সেই সকলোকেই সিদ্ধ কৰিলে।
И сврши Соломун дом Господњи и дом царски, и би срећан у свему што беше наумио да начини у дому Господњем и у дому свом.
12 ১২ পাছত যিহোৱাই ৰাতি চলোমনক দৰ্শন দি ক’লে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মোৰ যজ্ঞগৃহ বুলি এই ঠাই মনোনীত কৰিলোঁ।
Потом јави се Господ Соломуну ноћу и рече му: Услишио сам молбу твоју и изабрао сам то место да ми буде дом за жртве.
13 ১৩ মই যদি আকাশ এনেকৈ বন্ধ কৰোঁ, যে, বৰষুণ নহ’ব বা দেশ গ্ৰাস কৰিবলৈ কাকতি ফৰিঙক আজ্ঞা কৰোঁ বা নিজ প্ৰজাসকলৰ মাজলৈ মহামাৰী পঠাওঁ,
Ако затворим небо да не буде дажда, или ако заповедим скакавцима да попасу земљу, или ако пустим помор на народ свој,
14 ১৪ তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
И понизи се народ мој, на који је призвано име моје, и помоле се, и потраже лице моје, и поврате се од злих путева својих, и ја ћу тада услишити с неба и опростићу им грех њихов, и исцелићу земљу њихову.
15 ১৫ আজিৰ পৰা এই ঠাইত কৰা প্ৰাৰ্থনালৈ মোৰ চকু মেলা আৰু মোৰ কাণ পতা হ’ব।
И очи ће моје бити отворене и уши моје пригнуте к молитви с тог места.
16 ১৬ কিয়নো মোৰ নাম চিৰকাললৈকে থাকিবৰ কাৰণে মই এই গৃহ মনোনীত কৰি পবিত্ৰ কৰিলোঁ; আৰু সকলো সময়ত এই ঠাইলৈ মোৰ চকু আৰু ইয়াত মোৰ মন থাকিব।
Јер сада изабрах и посветих дом тај да буде име моје ту довека; и биће ту очи моје и срце моје вазда.
17 ১৭ আৰু তুমিও যদি তোমাৰ পিতৃ দায়ূদৰ দৰে মোৰ সাক্ষাতে চলা আৰু মই তোমাক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা আৰু মোৰ বিধি ও শাসন প্ৰণালীবোৰ পালন কৰা,
А ти ако узидеш преда мном како је ишао Давид отац твој, творећи све што сам ти заповедио и држећи уредбе моје и законе моје,
18 ১৮ তেনেহলে মই তোমাৰ ৰাজ সিংহাসন স্থাপন কৰিম, যিদৰে তোমাৰ পিতৃ দায়ূদে সৈতে নিয়ম স্থাপন কৰোঁতে কৈছিলোঁ যে, বোলে, ‘তোমালোকৰ বংশধৰৰ সন্তান সকলে ইস্ৰায়েলৰ ওপৰত শাসন কৰোঁতে তেওঁলোক কেতিয়াও বিফল নহ’ব৷’
Утврдићу престо царства твог како сам обећао Давиду оцу твом говорећи: Неће ти нестати човека који би владао у Израиљу.
19 ১৯ কিন্তু যদি তোমালোকে মোৰ পৰা বিমুখ হৈ, মই তোমালোকৰ সন্মুখত স্থাপন কৰা মোৰ বিধি আৰু আজ্ঞাবোৰ ত্যাগ কৰা আৰু ইতৰ দেবতাবোৰক সেৱা পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা,
Али ако се одвратите, и оставите уредбе моје и заповести моје, које сам вам дао, и отидете и станете служити другим боговима и клањати им се,
20 ২০ তেনেহ’লে, মই তেওঁলোকক দিয়া দেশৰ পৰা উচ্ছন্ন কৰিম; আৰু নিজ নামৰ কাৰণে মই পবিত্ৰ কৰা এই গৃহকো মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম আৰু সকলো জাতিৰ মাজত তাক দৃষ্টান্ত আৰু বিদ্ৰূপৰ বিষয় কৰিম।
Тада ћу их истребити из земље своје коју сам им дао, и овај дом који сам посветио имену свом одбацићу од себе, и учинићу од њега причу и подсмех међу свим народима.
21 ২১ আৰু এই যি গৃহ ইমান ওখ হৈছে, ইয়াৰ ওচৰেদি যোৱা প্ৰতিজন লোকে আচৰিত হৈ সুধিব যে, ‘এই দেশলৈ আৰু এই গৃহলৈ যিহোৱাই কিয় এইদৰে কাৰ্য কৰিলে?’
И дом овај колико је славан, ко год прође мимо њ, зачудиће му се и рећи ће: Зашто учини ово Господ од ове земље и од овог дома?
22 ২২ তেতিয়া আন আন লোকসকলে উত্তৰ দি ক’ব, ‘এওঁলোকৰ পূৰ্বপুৰুষসকলে মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা নিজৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক এওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেবতাবোৰত আসক্ত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱাপূজাও কৰিলে৷ এই কাৰণে যিহোৱাই এওঁলোকৰ ওপৰত এই আটাই অমঙ্গল ঘটালে’৷”
И одговориће се: Јер одуставише Господа Бога отаца својих, који их изведе из земље мисирске, и узеше друге богове и клањаше им се и служише им, зато пусти на њих све ово зло.

< ২ বংশাবলি 7 >