< ২ বংশাবলি 4 >

1 তাৰ উপৰিও তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মান কৰিলে; সেয়ে দীঘে বিশ হাত, বহলে বিশ হাত আৰু ওখই দহ হাত আছিল।
Then he made an altar of bronze, twenty cubits long, twenty cubits wide, and ten cubits high.
2 তেওঁ সমুদ্ৰ-পাত্ৰটো সাঁচত ঢালি তাক সাজিলে৷ সেই পাত্ৰটো ঘূৰণীয়া আছিল৷ তাৰ এখন কাণৰ পৰা আনখনলৈ দশ হাত বহল আছিল৷ তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি বা ঘেৰ ত্ৰিশ হাত আছিল৷
Also he made the molten sea of ten cubits from brim to brim. It was round, five cubits high, and thirty cubits in circumference.
3 পাত্ৰখনৰ কানৰ তলৰ প্ৰত্যেক হাত জোখৰ ভিতৰত, দহোটাকৈ ষাঁড়গৰুৰ আকৃতি আছিল৷ পাত্ৰটো ঢলা সময়ত সেই গৰুৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
Under it was the likeness of oxen, which encircled it, for ten cubits, encircling the sea. The oxen were in two rows, cast when it was cast.
4 আৰু সেই সমুদ্ৰ-পাত্ৰটো বাৰটা গৰুৰ ওপৰত ৰখা হ’ল, সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূৱলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত বহুউৱা হ’ল আৰু সেইবোৰৰ পাছফাল ভিতৰফালে আছিল।
It stood on twelve oxen, three looking towards the north, three looking towards the west, three looking towards the south, and three looking towards the east; and the sea was set on them above, and all their hindquarters were inward.
5 সেই পাত্ৰখন চাৰি আঙুল ডাঠ; আৰু তাৰ কাণ বাটিৰ কাণ ও কনাৰি ফুলৰ নিচিনাকৈ সজা হ’ল৷ তাত তিনি হাজাৰ বৎ ধৰে।
It was a handbreadth thick. Its brim was made like the brim of a cup, like the flower of a lily. It received and held three thousand baths.
6 তেওঁ দহোটা প্ৰক্ষালন-পাত্ৰও সাজিলে; তাৰে পাঁচোটা সোঁ ফালে আৰু পাঁচোটা বাওঁফালে ধোৱাপখলা কৰিবৰ বাবে হ’ল; সেইবোৰত তেওঁলোকে উৎসৰ্গ কৰিব লগীয়া হোম-বলিৰ বস্তুবোৰ ধোৱে৷ কিন্তু সমুদ্ৰ-পাত্ৰটো হ’লে, পুৰোহিতসকলে গা ধুবৰ বাবে হ’ল।
He also made ten basins, and put five on the right hand and five on the left, to wash in them. The things that belonged to the burnt offering were washed in them, but the sea was for the priests to wash in.
7 আৰু তেওঁ বিধিমতে সোণৰ দহোটা দীপাধাৰ সাজিলে; তাৰ পাঁচোটা সোঁফালে আৰু পাঁচোটা বাওঁফালে মন্দিৰত স্থাপন কৰিলে।
He made the ten lamp stands of gold according to the ordinance concerning them; and he set them in the temple, five on the right hand and five on the left.
8 তেওঁ দহখন মেজ সাজি, তাৰ পাঁচখন সোঁফালে আৰু পাঁচখন বাওঁফালে মন্দিৰৰ ভিতৰত ৰাখিলে৷ আৰু পেয় দ্ৰব্য ঢালিবৰ বাবে সোণৰ এশ বাটি সাজিলে।
He made also ten tables, and placed them in the temple, five on the right side and five on the left. He made one hundred basins of gold.
9 তাত বাজে তেওঁ পুৰোহিতসকলৰ চোতাল, বৰ চোতাল আৰু চোতালৰ দুৱাৰ যুগুত কৰিলে আৰু সেই দুৱাৰবোৰত পিতলৰ পতা মাৰিলে।
Furthermore he made the court of the priests, the great court, and doors for the court, and overlaid their doors with bronze.
10 ১০ আৰু তেওঁ সমুদ্ৰ-পাত্ৰটো গৃহৰ সোঁকাষে পূৱদিশে দক্ষিণমুৱাঁকৈ স্থাপন কৰিলে।
He set the sea on the right side of the house eastward, towards the south.
11 ১১ ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা আৰু তেজ ছটিওৱা পাত্ৰ হীৰমে নিৰ্ম্মাণ কৰিলে। এইদৰে হূৰমে চলোমন ৰজাৰ বাবে ঈশ্বৰৰ গৃহত কৰা কাৰ্যবোৰ কৰি সামৰিলে।
Huram made the pots, the shovels, and the basins. So Huram finished doing the work that he did for King Solomon in God’s house:
12 ১২ তেওঁ সেই স্তম্ভ দুটা, সেই স্তম্ভৰ মুৰৰ ঘূৰণীয়া ভাগ দুটা আৰু মাথলা দুটা সেই স্তম্ভৰ মুৰৰ মাথলেৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে দুখন জালৰ আকৃতিৰ বস্তু আছিল৷
the two pillars, the bowls, the two capitals which were on the top of the pillars, the two networks to cover the two bowls of the capitals that were on the top of the pillars,
13 ১৩ আৰু সেই দুখন জালৰ আকৃতিৰ বস্তুৰ বাবে চাৰিশ ডালিম, অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘুৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ আকৃতিৰ বস্তুৰ বাবে দুশাৰী ডালিম সাজিলে৷
and the four hundred pomegranates for the two networks—two rows of pomegranates for each network, to cover the two bowls of the capitals that were on the pillars.
14 ১৪ তেওঁ আধাৰবোৰ, সেই আধাৰবোৰৰ ওপৰত ৰাখিবলৈ প্ৰক্ষালন পাত্ৰবোৰ,
He also made the bases, and he made the basins on the bases—
15 ১৫ এটা সমুদ্ৰ-পাত্ৰ আৰু তাৰ তলৰ গৰু বাৰটা সাজিলে।
one sea, and the twelve oxen under it.
16 ১৬ ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, ত্ৰিশূল আদি সকলো সঁজুলি, তেওঁৰ প্ৰধান শিল্পকৰ হীৰমে চলোমন ৰজাৰ কাৰণে যিহোৱাৰ গৃহৰ বাবে চকচকিয়া পিতলেৰে সাজিলে।
Huram-abi also made the pots, the shovels, the forks, and all its vessels for King Solomon, for the LORD’s house, of bright bronze.
17 ১৭ ৰজাই যৰ্দ্দনৰ সমথলত চুক্কোৎ আৰু চৰেদাৰ মাজত থকা আলতীয়া মাটিত তাক ঢলালে।
The king cast them in the plain of the Jordan, in the clay ground between Succoth and Zeredah.
18 ১৮ আৰু চলোমনে যিবোৰ পাত্ৰ সাজিলে, সেই আটাইবোৰ অনেক আছিল; কিয়নো সেইবোৰ পিতলৰ ওজন কিমান, তাক জনা নগ’ল।
Thus Solomon made all these vessels in great abundance, so that the weight of the bronze could not be determined.
19 ১৯ আৰু চলোমনে ঈশ্বৰৰ গৃহৰ সকলো বস্তু নিৰ্ম্মাণ কৰালে অৰ্থাৎ সোণৰ বেদী, দৰ্শন-পিঠা থবৰ বাবে মেজ কেইখন;
Solomon made all the vessels that were in God’s house: the golden altar, the tables with the show bread on them,
20 ২০ আৰু অন্তঃস্থানৰ সন্মুখত বিধিমতে জ্বলাবৰ বাবে প্ৰদীপে সৈতে নিৰ্ম্মল সোণৰ দীপাধাৰবোৰ শুদ্ধ সোণৰ আছিল;
and the lamp stands with their lamps to burn according to the ordinance before the inner sanctuary, of pure gold;
21 ২১ সোণৰ ফুল, প্ৰদীপ, শলাকানি-কটা, সকলোৱেই অতি শুদ্ধ সোণৰ৷
and the flowers, the lamps, and the tongs of gold that was purest gold;
22 ২২ নিৰ্ম্মল সোণৰ কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা আৰু এঙেৰা ধৰা; আৰু গৃহৰ প্ৰবেশস্থানৰ বিষয়ে ক’বলৈ গ’লে, অতি পবিত্ৰ স্থানৰ ভিতৰৰ দুৱাৰ আৰু গৃহৰ অৰ্থাৎ মন্দিৰৰ দুৱাৰ সোণৰ আছিল।
and the snuffers, the basins, the spoons, and the fire pans of pure gold. As for the entry of the house, its inner doors for the most holy place and the doors of the main hall of the temple were of gold.

< ২ বংশাবলি 4 >