< ২ বংশাবলি 31 >

1 এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।
Torej, ko je bilo vse to končano, je ves Izrael, ki je bil prisoten, odšel ven v Judova mesta in na koščke so razbili podobe, posekali ašere, podrli visoke kraje in oltarje iz vsega Juda in Benjamina, tudi v Efrájimu in Manáseju, dokler niso vseh uničili do konca. Potem so se vsi Izraelovi otroci vrnili, vsak mož k svoji posesti, v svoja lastna mesta.
2 আৰু হিষ্কিয়াই হোমাৰ্থক আৰু মঙ্গলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু যিহোৱাৰ ছাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবীয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে।
Ezekíja je določil skupine duhovnikov in Lévijevce po njihovih skupinah, vsakega moža glede na njegovo službo, duhovnike in Lévijevce, da služijo za žgalne daritve in za mirovne daritve, da se zahvaljujejo in da hvalijo v velikih vratih Gospodovih šotorov.
3 আৰু যিহোৱাৰ ব্যৱস্থাত লিখাৰ দৰে হোমৰ কাৰণে, ৰাতিপুৱা আৰু সন্ধ্যাবেলা হোমৰ কাৰণে আৰু বিশ্ৰাম-বাৰ, ন-জোন আৰু পৰ্ব্ব-সম্বন্ধীয় হোমৰ কাৰণে, ৰজাৰ সম্পত্তিৰ পৰা দান কৰিব লগা ভাগ তেওঁ নিৰূপণ কৰিলে।
Določil je tudi kraljev delež njegovega imetja za žgalne daritve, namreč za jutranje in večerne žgalne daritve, za šabatne žgalne daritve, za mlaje in za določene praznike, kakor je to zapisano v Gospodovi postavi.
4 আনকি পুৰোহিত আৰু লেবীয়াসকল যেন যিহোৱাৰ ব্যৱস্থাত আসক্ত থাকে, এই কাৰণে তেওঁলোকৰ ভাগ তেওঁলোকক দিবলৈ যিৰূচালেমত থকা লোকসকলক আজ্ঞা দিলে।
Poleg tega je zapovedal ljudstvu, ki je prebivalo v Jeruzalemu, naj dajo delež duhovnikom in Lévijevcem, da bi bili lahko ohrabreni v Gospodovi postavi.
5 এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইস্ৰায়েলৰ সন্তান সকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে।
Takoj, ko je bila zapoved razglašena, so Izraelovi otroci v obilju prinašali prvih sadov od žita, vina, olja, meda in od vsega donosa iz polja. Desetino od vseh stvari so prinašali v obilju.
6 আৰু ইস্ৰায়েলৰ ও যিহূদাৰ যি সন্তান সকলে যিহোদাৰ নানা নগৰত বাস কৰিছিল, তেওঁলোকেও গৰু আৰু ভেড়া ও ছাগলীৰ দহ ভাগৰ এভাগ আনি দ’ম কৰি হ’ল, যিবোৰ তেওঁলোকৰ ঈশ্বৰ যিহোৱালৈ উৎসৰ্গ কৰিবলৈ অনা হৈছিল।
Glede otrok iz Izraela in Juda, ki so prebivali v Judovih mestih, so tudi oni privedli desetino od volov in ovc in desetino od svetih stvari, ki so bile posvečene Gospodu, njihovemu Bogu in jih nalagali po kupih.
7 তৃতীয় মাহত তেওঁলোকে দ’মৰ প্ৰথম জাপ পেলাই সপ্তম মাহত সমাপ্ত কৰিলে।
V tretjem mesecu so začeli polagati temelj kupom in jih dokončali v sedmem mesecu.
8 যেতিয়া হিষ্কিয়া আৰু অধ্যক্ষসকলে আহি দ’মবোৰ দেখিলে, যিহোৱাক আৰু তেওঁৰ প্ৰজাসকল ইস্ৰায়েলক ধন্যবাদ দিলে।
Ko so Ezekíja in princi prišli in videli kupe, so blagoslovili Gospoda in njegovo ljudstvo Izrael.
9 তেতিয়া হিষ্কিয়াই সেই বোৰ দ’মৰ বিষয়ে পুৰোহিত আৰু লেবীয়াসকলক সুধিলে।
Potem je Ezekíja z duhovniki in Lévijevci spraševal glede teh kupov.
10 ১০ তাতে চাদোকৰ বংশৰ অজৰিয়া প্ৰধান পুৰোহিতে তেওঁক এই উত্তৰ দিলে, “যেতিয়াৰে পৰা লোকসকলে যিহোৱাৰ গৃহলৈ উপহাৰ আনিবলৈ ধৰিলে, তেতিয়াৰে পৰা আমি হেপাহ পলুৱাই খাইছোঁ আৰু অনেক বাকি থাকিও গ’ল; কিয়নো যিহোৱাই তেওঁৰ প্ৰজাসকলক আশীৰ্ব্বাদ কৰিলে৷ এই হেতুকে এই বৰ বৰ দ’মবোৰ বাকী থাকিল।”
Véliki duhovnik Azarjá iz Cadókove hiše mu je odgovoril in rekel: »Odkar je ljudstvo začelo prinašati daritve v Gospodovo hišo, smo imeli dovolj za jesti in obilje je preostalo, kajti Gospod je blagoslovil svoje ljudstvo in to, kar je ostalo, je ta velika zaloga.«
11 ১১ তেতিয়া, হিষ্কিয়াই যিহোৱাৰ গৃহত কেতবোৰ কোঁঠালি যুগুত কৰিবলৈ আজ্ঞা দিয়াত তেওঁলোকে সেইবোৰ যুগুত কৰিলে।
Potem je Ezekíja zapovedal, da pripravijo sobe v Gospodovi hiši in pripravili so jih
12 ১২ তেতিয়া তেওঁলোকে উপহাৰ, দশম ভাগ আৰু পবিত্ৰীকৃত বস্তুবোৰ বিশ্বাসীৰূপে ভিতৰলৈ আনিলে৷ সেইবোৰৰ ওপৰত প্ৰথম ভঁৰালী লেবীয়া কননীয়া আৰু দ্বিতীয় ভঁৰালী তেওঁৰ ভায়েক চিমিয়ী আছিল।
in vanje so zvesto prinašali daritve, desetine in posvečene stvari, nad katerimi je bil poveljnik, Lévijevec Konanjá in njegov brat Šimí je bil naslednji.
13 ১৩ আৰু যিহীয়েল, অজৰিয়া, নহৎ, অচাহেল, যিৰীমোৎ, যোজাবদ, ইলীয়েল, যিস্মখিয়া, মহৎ আৰু বনায়া, এওঁলোকক হিষ্কিয়া ৰজাৰ আৰু ঈশ্বৰৰ গৃহৰ অধ্যক্ষ অজৰিয়া আজ্ঞাতে কননীয়া আৰু তেওঁৰ ভায়েকক চিমিয়ীৰ অধীনত নিযুক্ত কৰা হ’ল।
Jehiél, Azazjá, Nahat, Asaél, Jerimót, Jozabád, Eliél, Jismahjá, Mahat in Benajá so bili nadzorniki pod roko Konanjája in njegovega brata Šimíja na zapoved kralja Ezekíja in Azarjája, poveljnika Božje hiše.
14 ১৪ আৰু যিম্নাৰ পুত্ৰ কোৰি নামেৰে যি লেবীয়া মানুহ পূৱ ফালৰ দুৱাৰৰ দুৱৰী আছিল, যিহোৱাই পোৱা উপহাৰ আৰু মহা পবিত্ৰ বস্তুবোৰ বিলাবৰ অৰ্থে, ঈশ্বৰৰ উদ্দেশ্যে ইচ্ছামতে মুক্তহস্তে দিয়া বস্তুবোৰৰ ওপৰত তেওঁ অধ্যক্ষ হ’ল।
Koré, sin Lévijevca Jimnáha, vratar proti vzhodu, je bil nad prostovoljnimi daritvami Bogu, da razdeljuje daritve Gospodu in najsvetejše stvari.
15 ১৫ তেওঁৰ অধীনত এদন, মিন্যামীন, যেচুৱা, চময়ীয়া, অমৰীয়া আৰু চফনিয়া এওঁলোকেই পুৰোহিতসকলৰ নগৰবোৰত থাকিল৷ তেওঁলোকৰ বিভাগ অনুযায়ী সৰু কি বৰ, দৰকাৰী কি অদৰকাৰী ভাইসকলক পাল অনুসাৰে উপহাৰৰ ভাগ বাতি দিবলৈ নিৰূপিত কাৰ্যত নিযুক্ত হ’ল।
Poleg njega so bili Eden, Minjamín, Ješúa, Šemajá, Amarjá in Šehanjá v mestih duhovnikov, v svoji določeni službi, da dajo svojim bratom po skupinah, tako velikim kakor malim,
16 ১৬ যিসকলে বিভাগীয় পাল ক্ৰমে নিজ নিজ কৰিবলগীয়া কাৰ্য কৰিবলৈ দিনে দিনে যিহোৱাৰ গৃহত সোমায় - আনকি বংশাৱলী তালিকাত নাম লিখা তিনি বছৰ আৰু তাতোকৈ অধিক বয়সীয়া পুৰুষসকলকো এই বস্তুবোৰ বিলোৱা হয়।
poleg njihovega rodovnika moških, starih od treh let in navzgor, celó vsak, kdor vstopa v Gospodovo hišo, njegov dnevni delež za njihovo službo po njihovih zadolžitvah, glede na njihove skupine.
17 ১৭ আৰু পুৰোহিতসকলৰ তালিকাৰ বিষয়ে হ’লে সেয়ে তেওঁলোকৰ পিতৃ বংশৰ অনুসাৰে আছিল আৰু লেবীয়াসকলৰ তালিকাত পাল ক্ৰমে নিজ নিজ কৰিব লগীয়া কাৰ্য অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ নাম লিখা আছিল।
Tako rodovnikom duhovnikov po hiši njihovih očetov kot Lévijevcem od dvajsetih let starosti in navzgor po njihovih zadolžitvah, po njihovih skupinah.
18 ১৮ আৰু তেওঁলোকৰ আটাই শিশু, তিৰোতা, ল’ৰা, ছোৱালীৰ নাম লিখা তালিকাৰ বিষয়ে হ’লে, সেয়ে গোটেই সমাজলৈ যায়; কিয়নো তেওঁলোকে পবিত্ৰ বস্তুলৈ বিশ্বাসীৰূপে ব্যৱহাৰ কৰিছিল।
In rodovnikom vseh njihovih malčkov, njihovih žen, njihovih sinov in njihovih hčera po vsej skupnosti, kajti v njihovi določeni službi so se posvetili v svetosti.
19 ১৯ আৰু হাৰোণৰ সন্তান যি পুৰোহিতসকলে নিজ নিজ নগৰৰ চাৰিওফালে থকা পথাৰত বাস কৰে, তেওঁলোকৰ প্ৰত্যেক নগৰৰ নাম লিখাই দিয়া কেতবোৰ মানুহে পুৰোহিতসকলৰ আটাই পুৰুষক, আৰু লেবীয়াসকলৰ মাজত তালিকাত নাম লিখা সকলো মানুহক ভাগ বিলাই দিয়ে।
Tudi od sinov duhovnika Arona, ki so bili na poljih predmestij njihovih mest v vsakem posameznem mestu, možje, ki so bili določeni po imenu, da dajo deleže vsem moškim med duhovniki in vsem, ki so bili po rodovnikih prešteti med Lévijevci.
20 ২০ হিষ্কিয়াই যিহূদাৰ সকলোফালে এইদৰেই কৰিলে৷ আৰু নিজ যিহোৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য, সেই সকলো সম্পন্ন কৰিলে।
Tako je storil Ezekíja po vsem Judu in delal to, kar je bilo dobro, pravilno in resnično pred Gospodom, svojim Bogom.
21 ২১ আৰু তেওঁ নিজ ঈশ্বৰক বিচাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা-কৰ্ম, ব্যৱস্থা আৰু আজ্ঞাৰ বিষয়ে যি যি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে, সেইবোৰ নিজৰ সকলো মনেৰে কৰি কৃতকাৰ্য্য হ’ল।
V vsakem delu, ki ga je začel v službi Božje hiše, v postavi in v zapovedih, da išče svojega Boga, je to počel z vsem svojim srcem in uspeval.

< ২ বংশাবলি 31 >