< ২ বংশাবলি 30 >

1 পাছত লোকসকলে যেন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ আহে, সেই বাবে হিষ্কিয়াই ইস্ৰায়েলৰ আৰু যিহূদাৰ সকলো ফালে দূত পঠিয়ালে আৰু ইফ্ৰয়িম ও মনচিৰ লোকসকললৈকো পত্ৰ লিখিলে।
וַיִּשְׁלַ֨ח יְחִזְקִיָּ֜הוּ עַל־כָּל־יִשְׂרָאֵ֣ל וִֽיהוּדָ֗ה וְגַֽם־אִגְּרֹות֙ כָּתַב֙ עַל־אֶפְרַ֣יִם וּמְנַשֶּׁ֔ה לָבֹ֥וא לְבֵית־יְהוָ֖ה בִּֽירוּשָׁלָ֑͏ִם לַעֲשֹׂ֣ות פֶּ֔סַח לַיהוָ֖ה אֱלֹהֵ֥י יִשְׂרָאֵֽל׃
2 কিয়নো ৰজা, তেওঁৰ পাত্ৰ মন্ত্ৰীসকল আৰু যিৰূচালেমত থকা গোটেই সমাজে একেলগে আলোচনা কৰি দ্বিতীয় মাহত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ স্থিৰ কৰিছিল।
וַיִּוָּעַ֨ץ הַמֶּ֧לֶךְ וְשָׂרָ֛יו וְכָל־הַקָּהָ֖ל בִּירוּשָׁלָ֑͏ִם לַעֲשֹׂ֥ות הַפֶּ֖סַח בַּחֹ֥דֶשׁ הַשֵּׁנִֽי׃
3 প্ৰয়োজনতকৈ কম সংখ্যক পুৰোহিতে নিজকে পবিত্ৰ কৰাত আৰু প্ৰজাসকলেও যিৰূচালেমলৈ আহি গোট খাবলৈ নহা বাবে, তেওঁলোকে নিস্তাৰ-পৰ্ব্ব উচিত ধৰণে পালন কৰিব পৰা নাছিল।
כִּ֣י לֹ֧א יָכְל֛וּ לַעֲשֹׂתֹ֖ו בָּעֵ֣ת הַהִ֑יא כִּ֤י הַכֹּהֲנִים֙ לֹֽא־הִתְקַדְּשׁ֣וּ לְמַדַּ֔י וְהָעָ֖ם לֹא־נֶאֶסְפ֖וּ לִֽירוּשָׁלָֽ͏ִם׃
4 এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায় বোধ হ’ল।
וַיִּישַׁ֥ר הַדָּבָ֖ר בְּעֵינֵ֣י הַמֶּ֑לֶךְ וּבְעֵינֵ֖י כָּל־הַקָּהָֽל׃
5 এই হেতুকে, তেওঁলোকে যেন যিৰূচালেমলৈ আহি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰে, এই কাৰণে তেওঁলোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েলৰ সকলো ফালে ঘোষণা কৰিবলৈ বিবেচনাৰে সিদ্ধান্ত ল’লে৷ আচলতে শাস্ত্ৰৰ আজ্ঞামতে তেওঁলোকে বহু লোক লগ লাগি তাক পালন কৰা নাছিল।
וַיַּֽעֲמִ֣ידוּ דָבָ֗ר לְהַעֲבִ֨יר קֹ֤ול בְּכָל־יִשְׂרָאֵל֙ מִבְּאֵֽר־שֶׁ֣בַע וְעַד־דָּ֔ן לָבֹ֞וא לַעֲשֹׂ֥ות פֶּ֛סַח לַיהוָ֥ה אֱלֹהֵֽי־יִשְׂרָאֵ֖ל בִּירוּשָׁלָ֑͏ִם כִּ֣י לֹ֥א לָרֹ֛ב עָשׂ֖וּ כַּכָּתֽוּב׃
6 পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ, ইস্ৰায়েল আৰু যিহূদাৰ সকলো ঠাইলৈ গ’ল৷ আৰু এই কথা ক’লে যে, “হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অচূৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে অব্ৰাহাম, ইচহাক আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেৱোঁ যেন তোমালোকলৈ ঘূৰি চাব পাৰে।
וַיֵּלְכוּ֩ הָרָצִ֨ים בָּֽאִגְּרֹ֜ות מִיַּ֧ד הַמֶּ֣לֶךְ וְשָׂרָ֗יו בְּכָל־יִשְׂרָאֵל֙ וִֽיהוּדָ֔ה וּכְמִצְוַ֥ת הַמֶּ֖לֶךְ לֵאמֹ֑ר בְּנֵ֣י יִשְׂרָאֵ֗ל שׁ֤וּבוּ אֶל־יְהוָ֗ה אֱלֹהֵי֙ אַבְרָהָם֙ יִצְחָ֣ק וְיִשְׂרָאֵ֔ל וְיָשֹׁב֙ אֶל־הַפְּלֵיטָ֔ה הַנִּשְׁאֶ֣רֶת לָכֶ֔ם מִכַּ֖ף מַלְכֵ֥י אַשּֽׁוּר׃
7 তোমালোক ওপৰ পিতৃসকলৰ আৰু ভাইসকলৰ নিচিনা নহ’বা; তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলে আৰু তেওঁ তেওঁলোকক বিনষ্ট হ’বলৈ এৰি দিলে; ইয়াক তোমালোকে দেখিছা।
וְאַל־תִּֽהְי֗וּ כַּאֲבֹֽותֵיכֶם֙ וְכַ֣אֲחֵיכֶ֔ם אֲשֶׁ֣ר מָעֲל֔וּ בַּיהוָ֖ה אֱלֹהֵ֣י אֲבֹותֵיהֶ֑ם וַיִּתְּנֵ֣ם לְשַׁמָּ֔ה כַּאֲשֶׁ֖ר אַתֶּ֥ם רֹאִֽים׃
8 তোমালোকে তোমালোকৰ ওপৰ পিতৃসকলৰ দৰে ঠৰডিঙীয়া নহ’বা; কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ শোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা তেওঁৰ ধৰ্মধামত প্ৰৱেশ কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা।
עַתָּ֕ה אַל־תַּקְשׁ֥וּ עָרְפְּכֶ֖ם כַּאֲבֹותֵיכֶ֑ם תְּנוּ־יָ֣ד לַיהוָ֗ה וּבֹ֤אוּ לְמִקְדָּשֹׁו֙ אֲשֶׁ֣ר הִקְדִּ֣ישׁ לְעֹולָ֔ם וְעִבְדוּ֙ אֶת־יְהוָ֣ה אֱלֹהֵיכֶ֔ם וְיָשֹׁ֥ב מִכֶּ֖ם חֲרֹ֥ון אַפֹּֽו׃
9 কিয়নো তোমালোক যদি পুনৰায় যিহোৱালৈ ঘূৰা, তেন্তে তোমালোকৰ ভাইসকল আৰু সন্তান সকল, বন্দী কৰি নিয়াসকলৰ পৰা কৃপা পাই এই দেশলৈ উলটি আহিব; কাৰণ তোমালোকৰ ঈশ্বৰ যিহোৱা কৃপাৱান আৰু মৰমীয়াল। তোমালোক তেওঁলৈ উলটিলে, তেওঁ তোমালোকৰ পৰা বিমুখ নহ’ব৷”
כִּ֣י בְשׁוּבְכֶ֞ם עַל־יְהוָ֗ה אֲחֵיכֶ֨ם וּבְנֵיכֶ֤ם לְרַחֲמִים֙ לִפְנֵ֣י שֹֽׁובֵיהֶ֔ם וְלָשׁ֖וּב לָאָ֣רֶץ הַזֹּ֑את כִּֽי־חַנּ֤וּן וְרַחוּם֙ יְהוָ֣ה אֱלֹהֵיכֶ֔ם וְלֹא־יָסִ֤יר פָּנִים֙ מִכֶּ֔ם אִם־תָּשׁ֖וּבוּ אֵלָֽיו׃ פ
10 ১০ পাছত বাৰ্তাবাহকসকল গোটেই ইফ্ৰয়িম আৰু মনচিৰ অঞ্চলৰ সকলো নগৰৰ পৰা জবূলূনলৈকে গ’ল; কিন্তু লোকসকলে তেওঁলোকক হাঁহিলে আৰু খেঁজেলিয়ালে।
וַיִּֽהְי֨וּ הָרָצִ֜ים עֹבְרִ֨ים מֵעִ֧יר ׀ לָעִ֛יר בְּאֶֽרֶץ־אֶפְרַ֥יִם וּמְנַשֶּׁ֖ה וְעַד־זְבֻל֑וּן וַיִּֽהְיוּ֙ מַשְׂחִיקִ֣ים עֲלֵיהֶ֔ם וּמַלְעִגִ֖ים בָּֽם׃
11 ১১ তথাপি আচেৰৰ, মনচিৰ আৰু জবূলূনৰ কোনো কোনো লোকে নিজকে নম্ৰ কৰি যিৰূচালেমলৈ আহিল।
אַךְ־אֲנָשִׁ֛ים מֵאָשֵׁ֥ר וּמְנַשֶּׁ֖ה וּמִזְּבֻל֑וּן נִֽכְנְע֔וּ וַיָּבֹ֖אוּ לִירוּשָׁלָֽ͏ִם׃
12 ১২ তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।
גַּ֣ם בִּיהוּדָ֗ה הָֽיְתָה֙ יַ֣ד הָאֱלֹהִ֔ים לָתֵ֥ת לָהֶ֖ם לֵ֣ב אֶחָ֑ד לַעֲשֹׂ֞ות מִצְוַ֥ת הַמֶּ֛לֶךְ וְהַשָּׂרִ֖ים בִּדְבַ֥ר יְהוָֽה׃
13 ১৩ পাছত দ্বিতীয় মাহত খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবৰ অৰ্থে, যিৰূচালেমলৈ অনেক লোক আহিল। তাতে এক বৃহৎ সমাজ গোট খালে।
וַיֵּֽאָסְפ֤וּ יְרוּשָׁלַ֙͏ִם֙ עַם־רָ֔ב לַעֲשֹׂ֛ות אֶת־חַ֥ג הַמַּצֹּ֖ות בַּחֹ֣דֶשׁ הַשֵּׁנִ֑י קָהָ֖ל לָרֹ֥ב מְאֹֽד׃
14 ১৪ আৰু তেওঁলোকে উঠি আহি যিৰূচালেমত থকা যজ্ঞবেদীবোৰ আতৰালে আৰু ধূপ জ্বলোৱা আটাই বেদী গুচাই কিদ্ৰোণ উপত্যকাত জুই জ্বলাই সেইবোৰ পুৰিলে।
וַיָּקֻ֕מוּ וַיָּסִ֙ירוּ֙ אֶת־הַֽמִּזְבְּחֹ֔ות אֲשֶׁ֖ר בִּירוּשָׁלָ֑͏ִם וְאֵ֤ת כָּל־הַֽמְקַטְּרֹות֙ הֵסִ֔ירוּ וַיַּשְׁלִ֖יכוּ לְנַ֥חַל קִדְרֹֽון׃
15 ১৫ পাছত দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ বলি দিলে৷ পাছত পুৰোহিত আৰু লেবীয়াসকলে লাজ পাই তেওঁলোকে নিজকে শুচি কৰিলে আৰু যিহোৱাৰ গৃহলৈ হোম-বলিসমূহ আনিলে।
וַיִּשְׁחֲט֣וּ הַפֶּ֔סַח בְּאַרְבָּעָ֥ה עָשָׂ֖ר לַחֹ֣דֶשׁ הַשֵּׁנִ֑י וְהַכֹּהֲנִ֨ים וְהַלְוִיִּ֤ם נִכְלְמוּ֙ וַיִּֽתְקַדְּשׁ֔וּ וַיָּבִ֥יאוּ עֹלֹ֖ות בֵּ֥ית יְהוָֽה׃
16 ১৬ তেওঁলোকে ঈশ্বৰৰ লোক মোচিৰ ব্যৱস্থা অনুসাৰে তেওঁলোকে নিয়ম পালন কৰিলে আৰু নিজ নিজ ঠাইত থিয় হ’ল৷ পুৰোহিতসকলে লেবীয়াসকলৰ হাতৰ পৰা সেই তেজ লৈ সকলোলৈ চটিয়ালে।
וַיַּֽעַמְד֤וּ עַל־עָמְדָם֙ כְּמִשְׁפָּטָ֔ם כְּתֹורַ֖ת מֹשֶׁ֣ה אִישׁ־הָאֱלֹהִ֑ים הַכֹּֽהֲנִים֙ זֹרְקִ֣ים אֶת־הַדָּ֔ם מִיַּ֖ד הַלְוִיִּֽם׃
17 ১৭ কিয়নো সমাজৰ মাজত নিজকে শুচি নকৰা অনেক লোক আছিল; এই হেতুকে যিহোৱাৰ উদ্দেশ্যে বলি পবিত্ৰ কৰিবৰ অৰ্থে, অশুচি লোকসকলৰ বাবে নিস্তাৰ-পৰ্ব্বৰ বলি দিয়া কামত লেবীয়াসকল দায়িত্বত আছিল।
כִּי־רַבַּ֥ת בַּקָּהָ֖ל אֲשֶׁ֣ר לֹא־הִתְקַדָּ֑שׁוּ וְהַלְוִיִּ֞ם עַל־שְׁחִיטַ֣ת הַפְּסָחִ֗ים לְכֹל֙ לֹ֣א טָהֹ֔ור לְהַקְדִּ֖ישׁ לַיהוָֽה׃
18 ১৮ কিয়নো ইফ্ৰয়িম, মনচি, ইচাখৰ আৰু জবূলূনৰ পৰা অহা এই বৃহৎ সমাবেশৰ মাজত অনেক লোকে নিজকে শুচি নকৰাকৈয়ে, লিখিত নিৰ্দেশৰ বিপৰীতে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাইছিল। কাৰণ হিষ্কিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, “মঙ্গলময় যিহোৱাই সকলোকে ক্ষমা কৰক
כִּ֣י מַרְבִּ֣ית הָעָ֡ם רַ֠בַּת מֵֽאֶפְרַ֨יִם וּמְנַשֶּׁ֜ה יִשָּׂשכָ֤ר וּזְבֻלוּן֙ לֹ֣א הִטֶּהָ֔רוּ כִּֽי־אָכְל֥וּ אֶת־הַפֶּ֖סַח בְּלֹ֣א כַכָּת֑וּב כִּי֩ הִתְפַּלֵּ֨ל יְחִזְקִיָּ֤הוּ עֲלֵיהֶם֙ לֵאמֹ֔ר יְהוָ֥ה הַטֹּ֖וב יְכַפֵּ֥ר בְּעַֽד׃
19 ১৯ যিকোনোৱে ধৰ্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।”
כָּל־לְבָבֹ֣ו הֵכִ֔ין לִדְרֹ֛ושׁ הָאֱלֹהִ֥ים ׀ יְהוָ֖ה אֱלֹהֵ֣י אֲבֹותָ֑יו וְלֹ֖א כְּטָהֳרַ֥ת הַקֹּֽדֶשׁ׃ ס
20 ২০ সেইবাবে যিহোৱাই হিষ্কিয়াৰ নিবেদন শুনি লোকসকলক শুচি কৰিলে।
וַיִּשְׁמַ֤ע יְהוָה֙ אֶל־יְחִזְקִיָּ֔הוּ וַיִּרְפָּ֖א אֶת־הָעָֽם׃ ס
21 ২১ এই হেতুকে যিৰূচালেমত উপস্থিত হৈ থকা ইস্ৰায়েলৰ সন্তান সকলে সাত দিনলৈকে মহা আনন্দেৰে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিলে৷ লেবীয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যেৰে যিহোৱাৰ উদ্দেশ্যে গীত গাই যিহোৱাৰ প্ৰশংসা কৰিলে।
וַיַּעֲשׂ֣וּ בְנֵֽי־יִ֠שְׂרָאֵל הַנִּמְצְאִ֨ים בִּירוּשָׁלַ֜͏ִם אֶת־חַ֧ג הַמַּצֹּ֛ות שִׁבְעַ֥ת יָמִ֖ים בְּשִׂמְחָ֣ה גְדֹולָ֑ה וּֽמְהַלְלִ֣ים לַ֠יהוָה יֹ֣ום ׀ בְּיֹ֞ום הַלְוִיִּ֧ם וְהַכֹּהֲנִ֛ים בִּכְלֵי־עֹ֖ז לַיהוָֽה׃ ס
22 ২২ আৰু যিসকল লেবীয়ালোক যিহোৱাৰ সেৱা কাৰ্যত নিপুণ আছিল, তেওঁলোকক হিষ্কিয়াই উৎসাহজনক কথা ক’লে। এইদৰে তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু তেওঁলোকৰ ওপৰ পিতৃ-সকলৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰোক্তি কৰি ধন্যবাদেৰে সাত দিনলৈকে ভোজ খালে।
וַיְדַבֵּ֣ר יְחִזְקִיָּ֗הוּ עַל־לֵב֙ כָּל־הַלְוִיִּ֔ם הַמַּשְׂכִּילִ֥ים שֵֽׂכֶל־טֹ֖וב לַיהוָ֑ה וַיֹּאכְל֤וּ אֶת־הַמֹּועֵד֙ שִׁבְעַ֣ת הַיָּמִ֔ים מְזַבְּחִים֙ זִבְחֵ֣י שְׁלָמִ֔ים וּמִ֨תְוַדִּ֔ים לַיהוָ֖ה אֱלֹהֵ֥י אֲבֹותֵיהֶֽם׃ ס
23 ২৩ পাছত গোটেই সমাজে এইদৰে পুনৰ সাত দিনলৈকে পালন কৰিবলৈ স্থিৰ কৰিলে আৰু সেইদৰেই তেওঁলোকে আনন্দেৰে পালন কৰিলে।
וַיִּוָּֽעֲצוּ֙ כָּל־הַקָּהָ֔ל לַעֲשֹׂ֕ות שִׁבְעַ֥ת יָמִ֖ים אֲחֵרִ֑ים וַיַּֽעֲשׂ֥וּ שִׁבְעַת־יָמִ֖ים שִׂמְחָֽה׃
24 ২৪ কিয়নো যিহূদাৰ ৰজা হিষ্কিয়াই সমাজক এক হাজাৰ ভতৰা, সাত হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিবৰ অৰ্থে দিছিল; আৰু অধ্যক্ষসকলে সমাজক এক হাজাৰ ষাঁড়, আৰু দহ হাজাৰ ভেড়া ও ছাগলী দিলে; আৰু পুৰোহিতসকলৰ মাজৰ অনেকে নিজক পবিত্ৰ কৰিলে।
כִּ֣י חִזְקִיָּ֣הוּ מֶֽלֶךְ־יְ֠הוּדָה הֵרִ֨ים לַקָּהָ֜ל אֶ֣לֶף פָּרִים֮ וְשִׁבְעַ֣ת אֲלָפִ֣ים צֹאן֒ ס וְהַשָּׂרִ֞ים הֵרִ֤ימוּ לַקָּהָל֙ פָּרִ֣ים אֶ֔לֶף וְצֹ֖אן עֲשֶׂ֣רֶת אֲלָפִ֑ים וַיִּֽתְקַדְּשׁ֥וּ כֹהֲנִ֖ים לָרֹֽב׃
25 ২৫ আৰু যিহূদাৰ গোটেই সমাজ, পুৰোহিতসকল আৰু লেবীয়াসকল, ইস্ৰায়েলৰ পৰা অহা লোকসকলৰ গোটেই সমাজ আৰু ইস্ৰায়েল দেশৰ পৰা অহা বা যিহূদাত থকা সকলো বিদেশী লোকসকল - সেই সকলোৱে আনন্দ কৰিলে।
וַֽיִּשְׂמְח֣וּ ׀ כָּל־קְהַ֣ל יְהוּדָ֗ה וְהַכֹּהֲנִים֙ וְהַלְוִיִּ֔ם וְכָל־הַקָּהָ֖ל הַבָּאִ֣ים מִיִּשְׂרָאֵ֑ל וְהַגֵּרִ֗ים הַבָּאִים֙ מֵאֶ֣רֶץ יִשְׂרָאֵ֔ל וְהַיֹּושְׁבִ֖ים בִּיהוּדָֽה׃
26 ২৬ এইদৰে যিৰূচালেমত বৰ আনন্দ হ’ল; কিয়নো ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনৰ দিনৰে পৰা যিৰূচালেমত এনেদৰে হোৱা নাছিল।
וַתְּהִ֥י שִׂמְחָֽה־גְדֹולָ֖ה בִּֽירוּשָׁלָ֑͏ִם כִּ֠י מִימֵ֞י שְׁלֹמֹ֤ה בֶן־דָּוִיד֙ מֶ֣לֶךְ יִשְׂרָאֵ֔ל לֹ֥א כָזֹ֖את בִּירוּשָׁלָֽ͏ִם׃ ס
27 ২৭ পাছত লেবীয়া, পুৰোহিতসকলে উঠি লোকসকলক আশীৰ্ব্বাদ কৰিলে৷ তেওঁলোকৰ মাত শুনা গ’ল আৰু তেওঁলোকৰ প্ৰাৰ্থনা স্বৰ্গলৈ অৰ্থাৎ পবিত্ৰ ঠাইত উঠিল, য’ত ঈশ্বৰ নিবাস কৰে।
וַיָּקֻ֜מוּ הַכֹּהֲנִ֤ים הַלְוִיִּם֙ וַיְבָרֲכ֣וּ אֶת־הָעָ֔ם וַיִּשָּׁמַ֖ע בְּקֹולָ֑ם וַתָּבֹ֧וא תְפִלָּתָ֛ם לִמְעֹ֥ון קָדְשֹׁ֖ו לַשָּׁמָֽיִם׃ פ

< ২ বংশাবলি 30 >