< ২ বংশাবলি 25 >

1 অমচিয়াই পঁচিশ বছৰ বয়সত ৰাজপদ লৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃ যিৰূচালেম-নিবাসিনী যিহোৱাদ্দন আছিল।
Amacjá je bil star petindvajset let, ko je začel kraljevati in v Jeruzalemu je kraljeval devetindvajset let. Ime njegove matere je bilo Joadána iz Jeruzalema.
2 যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল, কিন্তু সিদ্ধ মনেৰে কৰা নাছিল।
Delal je to, kar je bilo pravilno v Gospodovih očeh, toda ne s popolnim srcem.
3 তেওঁ ৰজা হিচাপে নিজৰ অধিকাৰ প্ৰায় ভালদৰে স্থাপিত কৰাৰ পাছত, তেওঁৰ পিতৃ ৰজাক বধ কৰা নিজৰ দাসবোৰক তেওঁ বধ কৰিছিল।
Pripetilo se je torej, ko mu je bilo kraljestvo utrjeno, da je usmrtil svoja služabnika, ki sta ubila kralja, njegovega očeta.
4 কিন্তু তেওঁ তেওঁলোকৰ সন্তান সকলক বধ কৰা নাছিল৷ মোচিৰ ব্যৱস্থা-পুস্তকখনত লিখা যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ কাৰ্য কৰিছিল; ব্যৱস্থা-পুস্তকত লিখা আছিল, “পুত্ৰসকলৰ কাৰণে পিতৃসকল আৰু পিতৃসকলৰ কাৰণে পুত্ৰসকল নমৰিব৷ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে মৰিব।”
Toda njunih otrok ni usmrtil, temveč je storil, kakor je to zapisano v postavi Mojzesove knjige, kjer je Gospod zapovedal, rekoč: ›Očetje ne bodo umrli zaradi otrok niti ne bodo otroci umrli zaradi očetov, temveč bo vsak človek umrl zaradi svojega lastnega greha.‹
5 তদুপৰি অমচিয়াই যিহূদাক এক গোট কৰিছিল আৰু গোটেই যিহূদা আৰু বিন্যামীনৰ পিতৃবংশ অনুসাৰে সহস্ৰপতি আৰু শতপতিসকলৰ অধীনত লোকসকলক শৃংখলাকৈ ৰাখিছিল। বিশ বছৰতকৈ অধিক বয়সীয়া লোকসকলক হিচাব কৰিলে, আৰু যাঠী-ঢাল ধৰি যুদ্ধলৈ যাব পৰা তিনি লাখ মনোনীত লোকক বিচাৰি পাইছিল।
Poleg tega je Amacjá zbral skupaj Juda in jih postavil za tisočnike in stotnike, glede na hiše njihovih očetov, po vsem Judu in Benjaminu. Preštel jih je od starosti dvajset let navzgor in jih našel tristo tisoč izbranih mož, zmožnih iti na vojno, ki so lahko zgrabili sulico in ščit.
6 তেওঁ এশ কিক্কৰ ৰূপ বেচ হিচাবে দি ইস্ৰায়েলৰ পৰা এক লাখ পৰাক্ৰমী বীৰ পুৰুষ আনিছিল।
Najel je tudi sto tisoč močnih junaških mož iz Izraela za sto talentov srebra.
7 কিন্তু ঈশ্বৰৰ এজন লোক তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহাৰাজ, ইস্ৰায়েলৰ সৈন্য আপোনাৰ লগত যাবলৈ নিদিব, কাৰণ ইস্ৰায়েলৰ লগত নাইবা ইফ্ৰয়িমৰ কোনো সন্তানৰ লগত যিহোৱা নাথাকে।
Toda tam je prišel k njemu Božji mož, rekoč: »Oh kralj, naj Izraelova vojska ne gre s teboj, kajti Gospod ni z Izraelom, namreč z vsemi Efrájimovi otroci.
8 কিন্তু আপুনি যদি তেনে কৰ্ম কৰি সাহসী আৰু শক্তিশালী হৈও যুদ্ধলৈ যায়, তথাপি ঈশ্বৰে হ’লে আপোনাক শত্রুবোৰৰ হাতত পেলাই দিব; কিয়নো সহায় কৰিবলৈ আৰু তলতীয়া কৰিবলৈ ঈশ্বৰৰ শক্তি আছে।”
Toda če ti hočeš iti, stori to, bodi močan za bitko. Bog ti bo storil, da padeš pred sovražnikom, kajti Bog ima moč, da pomaga in da podere.«
9 তেতিয়া অমচিয়াই ঈশ্বৰৰ সেই লোকজনক ক’লে, “কিন্তু সেই ইস্ৰায়েলীয়া সৈন্যদলক মই যি এশ কিক্কৰ ৰূপ দিলোঁ তাৰ বাবে আমি কি কৰিম?” ঈশ্বৰৰ লোকজনে ক’লে, “যিহোৱাই আপোনাক তাতকৈয়ো অধিক দিব পাৰে।”
Amacjá je rekel Božjemu možu: »Toda kaj naj storimo zaradi stotih talentov, ki sem jih dal Izraelovi vojski?« Božji mož je odgovoril: » Gospod ti je zmožen dati veliko več kakor to.«
10 ১০ তেতিয়া অমচিয়াই ইফ্ৰয়িমৰ পৰা তেওঁৰ ওচৰলৈ অহা সেই সৈন্যদলক নিজ নিজ ঘৰলৈ যাবৰ বাবে পৃথক কৰি দিছিল৷ তেতিয়া যিহূদাৰ বিৰুদ্ধে তেওঁলোকৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁলোকে অতি ক্ৰুদ্ধ হৈ নিজ নিজ ঠাইলৈ ঘূৰি গৈছিল।
Potem jih je Amacjá ločil, namreč vojsko, ki je prišla k njemu iz Efrájima, da gre ponovno domov. Zato je bila njihova jeza silno vžgana zoper Juda in domov so se vrnili v veliki jezi.
11 ১১ তাৰ পাছত অমচিয়া সাহসিয়াল হ’ল, আৰু তেওঁৰ নেতৃত্বত তেওঁৰ লোকসকলক লৱণ উপত্যকালৈ উলিয়াই লৈ গ’ল; তাতে তেওঁ চেয়ীৰৰ সন্তান সকলৰ দহ হাজাৰ লোকক পৰাস্ত কৰিছিল।
Amacjá se je okrepil in vodil svoje ljudstvo in odšel v solno dolino in jih izmed Seírovih otrok pobil deset tisoč.
12 ১২ যিহূদাৰ সৈন্যদলটোৱে তেওঁলোকৰ আন দহ হাজাৰ লোকক জীয়াই জীয়াই ধৰি বন্দী কৰি আনিছিল৷ তেওঁলোকে বন্দীসকলক পৰ্বতৰ টিঙলৈ তুলি নি সেই ঠাইৰ পৰা তললৈ পেলাই দিছিল, যাতে তেওঁলোকৰ আটাইবোৰক গুড়ি হৈ যায়।
Drugih deset tisoč pa so Judovi otroci pustili žive, jih odvedli ujete in jih privedli na vrh skale ter jih vrgli dol iz vrha skale, da so bili razbiti na koščke.
13 ১৩ কিন্তু অমচিয়াই তেওঁৰ লগত যুদ্ধ-যাত্ৰা কৰিবলৈ নিদি ওভোটাই পঠিওৱা সৈন্যদলৰ লোকসকলে চমৰিয়াৰ পৰা বৈৎ-হোৰোণলৈকে যিহূদাৰ নগৰবোৰ আক্ৰমণ কৰিলে৷ তেওঁলোকে তিনি হাজাৰ লোকক বধ কৰিলে আৰু বহুত বস্তু লুট কৰি নিলে।
Toda vojaki vojske, ki jih je Amacjá poslal nazaj, da ne bi šli z njim na bitko, so vpadli na Judova mesta od Samarije celo do Bet Horóna in pobili tri tisoč izmed njih in zajeli veliko plena.
14 ১৪ ইদোমীয়াসকলক বধ কৰি ঘূৰি অহাৰ পাছত, অমচিয়াই চেয়ীৰৰ সন্তান সকলৰ দেৱতাবোৰ লগত আনি নিজৰ দেৱতা বুলি সেইবোৰ স্থাপন কৰিলে৷ তেওঁ সেইবোৰৰ আগত প্ৰণিপাত কৰিবলৈ ও সেইবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ ধৰিলে।
Pripetilo se je torej, potem ko je Amacjá prišel od pokola Edómcev, da je prinesel bogove Seírjevih otrok in jih postavil, da bodo njegovi bogovi, se priklanjal pred njimi in jim zažigal kadilo.
15 ১৫ তেতিয়া অমচিয়ালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ যিহোৱাই তেওঁৰ ওচৰলৈ এজন ভাববাদী পঠিয়ালে, তেওঁ ৰজাক ক’লে, “যি জাতিৰ দেৱতাবোৰে নিজ প্ৰজাসকলক তোমাৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নোৱাৰিলে, সেইবোৰক তুমি কিয় বিচাৰ কৰিছা?”
Zato je bila Gospodova jeza vžgana zoper Amacjá in mu je poslal preroka, ki mu je rekel: »Zakaj si iskal za bogovi ljudstva, ki niso mogli rešiti svoje lastno ljudstvo iz tvoje roke?«
16 ১৬ ভাববাদীজনে ৰজাক সেই কথা কৈ থকাত, ৰজাই তেওঁক ক’লে, “আমি জানো তোমাক ৰাজ মন্ত্ৰী পাতিলোঁ? মনে মনে থাকা; তোমাৰ কিয় মৰিবলৈ মন?” তেতিয়া সেই ভাববাদীয়ে ক্ষান্ত হৈ ক’লে, “মই জানো যে ঈশ্বৰে তোমাক বিনষ্ট কৰিবলৈ থিৰ কৰিছে, সেই বাবে তুমি এই কাম কৰিলা আৰু মোৰ পৰামৰ্শ নুশুনিলা৷”
Pripetilo se je, ko je govoril z njim, da mu je kralj rekel: »Mar si postavljen za kraljevega svetovalca? Odnehaj. Zakaj bi bil udarjen?« Potem je prerok odnehal in rekel: »Vem, da je Bog določil, da te uniči, ker si to storil in nisi prisluhnil mojemu nasvetu.«
17 ১৭ তেতিয়া সেই সময়ত যিহূদাৰ অমচিয়া ৰজাই পৰামৰ্শ-দিওঁতাবোৰৰ পৰা পৰামর্শ লৈ, যেহূৰ নাতি যিহোৱাহজৰ পুত্ৰ যোৱাচ নামেৰে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ দূত পঠিয়াই ক’লে, “আহাঁ, আমি ইজনে সিজনে মুখা-মুখি হৈ যুদ্ধ কৰোঁহক।”
Potem je Judov kralj Amacjá sprejel nasvet in poslal k Jehoášu, Joaházovemu sinu, Jehújevemu sinu, Izraelovemu kralju, rekoč: »Pridi, poglejva drug drugemu v obraz.«
18 ১৮ তেতিয়া ইস্ৰায়েলৰ ৰজা যোৱাচে যিহূদাৰ ৰজা অমচিয়াৰ ওচৰলৈ মানুহ পঠিয়ালে, আৰু ক’লে, “লিবানোনত থকা কাঁইটৰ গছ এজোপাই লিবানোনত থকা এৰচ গছজোপালৈ কৈ পঠিয়াইছে, বোলে, ‘তোমাৰ জীয়েৰাক পত্নীৰূপে মোৰ পুত্ৰক দিয়া,’ কিন্তু লিবানোনত থকা এটা বনৰীয়া জন্তুৱে সেই ফালে ফুৰি, সেই কাঁইটৰ গছজোপাক মোহাৰি পেলালে।
Izraelov kralj Jehoáš pa je poslal k Judovemu kralju Amacjáju, rekoč: »Osat, ki je bil na Libanonu, je poslal k cedri, ki je bila na Libanonu, rekoč: ›Daj svojo hčer mojemu sinu za ženo.‹ In tam mimo je šla divja zver, ki je bila na Libanonu in pomendrala osat.
19 ১৯ তুমি কৈছিলা, ‘চোৱা, মই ইদোমক পৰাজয় কৰিলোঁ,’ আৰু তাতে তোমাৰ হৃদয়ে দৰ্প কৰিবলৈ তোমাৰ সফলতাত গৰ্ব্বী হৈছে; তুমি এতিয়া নিজ ঘৰতে থাকা; কিয় নিজ অমঙ্গলৰ অৰ্থে যুদ্ধ কৰি তুমি আৰু তোমাৰে সৈতে যিহূদাক পতিত কৰিবলৈ বিচাৰিছা?”
Ti praviš: ›Glej, udaril si Edómce in tvoje srce te je povzdignilo do bahanja. Ostani torej doma, zakaj bi se vmešaval v svojo bolečino, da bi padel, celó ti in Juda s teboj?‹«
20 ২০ কিন্তু অমচিয়াই এই কথা নুশুনিলে কাৰণ ঈশ্বৰৰ পৰা এই ঘটনা হ’ল। কিয়নো লোকসকলে ইদোমীয়া দেৱতাবোৰক বিচাৰ কৰিছিল, সেই বাবে তেওঁলোকক নিজ শত্ৰুৰ হাতত তেওঁ শোধাই দিলে৷
Toda Amacjá ni hotel slišati, kajti to je prišlo od Boga, da bi jih on lahko izročil v roko njihovih sovražnikov, ker so iskali za edómskimi bogovi.
21 ২১ পাছত ইস্ৰায়েলৰ ৰজা যোৱাচে যুদ্ধ যাত্ৰা কৰিলে; তাতে তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ অধীনত থকা বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল৷
Tako je Izraelov kralj Jehoáš odšel gor in videla sta drug drugega v obraz, tako on in Judov kralj Amacjá, pri Bet Šemešu, ki pripada Judu.
22 ২২ তেতিয়া ইস্ৰায়েলৰ আগত যিহূদা বেয়াকৈ পৰাজিত হ’ল আৰু প্ৰতিজন লোকে নিজ নিজ তম্বুলৈ পলাই যাবলগীয়া হ’ল।
Juda je bil na slabšem pred Izraelom in pobegnili so vsak mož k svojemu šotoru.
23 ২৩ পাছত ইস্ৰায়েলৰ ৰজা যোৱাচে যিহোৱাহজৰ নাতি যোৱাচৰ পুত্ৰ যিহূদাৰ ৰজা অমচিয়াক বৈৎচেমচত ধৰি বন্দী কৰিলে। পাছত তেওঁক যিৰূচালেমলৈ লৈ আহিল আৰু তেতিয়া ইফ্ৰয়িমৰ দুৱাৰৰ পৰা চুকৰ দুৱাৰলৈকে যিৰূচালেমৰ গড়ৰ চাৰিশ হাত ভাঙি পেলালে।
Izraelov kralj Jehoáš je prijel Judovega kralja Amacjá, Joáševega sina, Joaházovega sina pri Bet Šemešu in ga privedel v Jeruzalem in porušil jeruzalemsko obzidje od Efrájimovih velikih vrat do vogalnih velikih vrat, štiristo komolcev.
24 ২৪ তেওঁ ঈশ্বৰৰ গৃহত ওবেদ-ইদোমৰ অধীনত ৰাখি থোৱা আটাই সোণ, ৰূপ আৰু সকলো পাত্ৰ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা বস্তুবোৰ আৰু বন্ধকস্বৰূপে দাসবোৰকো লৈ তেওঁ চমৰিয়ালৈ ঘূৰি গ’ল।
Vzel je vse zlato, srebro in vse posode, ki so bile najdene v Božji hiši z Obéd Edómom in zaklade kraljeve hiše, tudi talce in se vrnil v Samarijo.
25 ২৫ যিহোৱাহজৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা যোৱাচৰ মৃত্যুৰ পাছত, যোৱাচৰ পুত্ৰ যিহূদাৰ ৰজা অমচিয়া পোন্ধৰ বছৰ জীয়াই আছিল।
Joášev sin Amacjá, kralj Juda, je po smrti Izraelovega kralja, Joaházovega sina Jehoáša, živel petnajst let.
26 ২৬ অমচিয়াৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই জানো?
Torej preostala izmed Amacjájevih dejanj, prva in zadnja, glej, mar niso zapisana v knjigi Judovih in Izraelovih kraljev?
27 ২৭ অমচিয়াই যিহোৱাৰ পথ ত্যাগ কৰাৰ পাছত লোকসকলে যিৰূচালেমত তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল৷ সেয়ে তেওঁ লাখীচলৈ পলাই গৈছিল, কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠিয়ালে আৰু তেওঁক সেই ঠাইত বধ কৰালে।
Torej po času, ko se je Amacjá odvrnil od sledenja Gospodu, so v Jeruzalemu zoper njega skovali zaroto; on pa je pobegnil v Lahíš. Toda poslali so za njim v Lahíš in ga tam usmrtili.
28 ২৮ তেওঁলোকে তেওঁক ঘোঁৰাত তুলি আনিলে, আৰু যিহূদাৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিলে।
Pripeljali so ga na konjih in ga pokopali z njegovimi očeti v Judovem mestu.

< ২ বংশাবলি 25 >