< ২ বংশাবলি 2 >

1 পাছত চলোমনে যিহোৱাৰ নামেৰে এটা গৃহ আৰু নিজৰ বাবে এটা ৰাজগৃহ নিৰ্ম্মাণ কৰিবলৈ থিৰ কৰিলে।
Salomon se je odločil, da zgradi hišo za Gospodovo ime in hišo za svoje kraljestvo.
2 তেওঁ বোজা ববৰ বাবে সত্তৰ হাজাৰ লোক আৰু পৰ্বতত কাঠ কাটিবলৈ আশী হাজাৰ লোকক নিয়োগ কৰিলে আৰু তেওঁলোকৰ কাম তদাৰক কৰিবলৈ তিনি হাজাৰ ছশ লোকক নিযুক্ত কৰিলে।
Salomon je naročil sedemdeset tisoč možem, da nosijo bremena in osemdeset tisočim, da sekajo na gori in tri tisoč šeststotim, da jih nadzorujejo.
3 তেতিয়া চলোমনে তূৰৰ ৰজা হীৰমৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “যে বাস কৰিবলৈ এটা গৃহ নিৰ্ম্মাণ কৰোঁতে যিদৰে মোৰ পিতৃ দায়ূদলৈ এৰচ কাঠ পঠিয়াই আপুনি সহায় কৰিছিল, সেইদৰে মোলৈকো কৰক।
Salomon je poslal k tirskemu kralju Hurámu, rekoč: »Kakor si ti postopal z mojim očetom Davidom in si mu poslal cedre, da mu zgradijo hišo, da prebiva v njej, celo tako postopaj z menoj.
4 চাওঁক, মই মোৰ ঈশ্বৰ যিহোৱাৰ নামেৰে এটা গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ; তেওঁৰ আগত সু-গন্ধি ধূপ জ্বলাবলৈ, নৃত্য দৰ্শন-পিঠা দিবলৈ আৰু প্ৰতি ৰাতিপুৱা ও সন্ধিয়া কালত, বিশ্ৰামবাৰত, ন-জোনত আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ সকলো উৎসৱত হোম-বলি উৎসর্গ কৰিবলৈ তাক পবিত্ৰ কৰিম৷ সেয়ে ইস্ৰায়েলে সদায় কৰিব লগা কাৰ্য।
Glej, gradim hišo imenu Gospoda, svojega Boga, da mu jo posvetim in da pred njim zažigam dišeče kadilo in za neprestane hlebe navzočnosti, za žgalne daritve zjutraj in zvečer, na šabate, na mlaje in na slovesne praznike Gospoda, našega Boga. To je odredba za Izraela na veke.
5 আৰু মই যি গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ, সেয়ে অতি বৃহৎ হ’ব, কিয়নো আমাৰ ঈশ্বৰ আন সকলো দেৱতাবোৰতকৈ মহান।
Hiša, ki jo gradim, je velika, kajti velik je naš Bog nad vsemi bogovi.
6 কিন্তু যি স্থলত বিশ্ৱব্ৰহ্মাণ্ডত আৰু স্বৰ্গৰো স্বৰ্গই তেওঁক ধাৰণ কৰিব নোৱাৰে, এনে স্থলত, কোনে তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিব পাৰিব? কেৱল তেওঁৰ আগত ধূপ জ্বলোৱা উদ্দেশ্যৰ বাহিৰে, মই কোন, যে তেওঁৰ বাবে গৃহ নিৰ্ম্মাণ কৰিব পাৰোঁ?
Toda kdo mu je zmožen zgraditi hišo, glede na to, da ga nebo in nebesa nebes ne morejo obseči? Kdo sem potem jaz, da bi mu zgradil hišo, razen da pred njim zažigam daritev?
7 এই হেতুকে এনে এজন নিপূণ লোক পঠিয়াই দিয়ক, যিজনে সোণ, ৰূপ, পিতল, লোহা আৰু বেঙেনা বৰণীয়া, সেন্দুৰ বৰণীয়া ও নীল বৰণীয়া সূতাৰে বন কৰাত আৰু নানাবিধ বাখৰ কটাত পাকৈত৷ যিহূদাত আৰু যিৰূচালেমত মোৰ পিতৃ দায়ূদে যোগান ধৰাৰ দৰে, তেওঁ মোৰ সৈতে থকা এই নিপূণ লোকসকলৰ লগত কাম কৰিব।
Pošlji mi torej sedaj človeka, spretnega za delo v zlatu, v srebru, v bronu, v železu, v vijolični, v karmezinu in modri in da lahko vešče rezbari z veščimi možmi, ki so z menoj v Judeji in v Jeruzalemu, ki jih je priskrbel moj oče David.
8 আৰু এৰচ, দেবদাৰু আৰু অলগূম কাঠ এইবিলাকো লিবানোনৰ পৰা মোৰ ইয়ালৈ পঠিয়াই দিয়ক; কিয়নো মই জানো, যে আপোনাৰ দাসবোৰ লিবানোনত কাঠ কটাত নিপূণ৷ চাওঁক, মোৰ দাসবোৰ আপোনাৰ দাসবোৰৰ লগত থাকিব,
Pošlji mi tudi cedrovino, cipresovino in sandalovino iz Libanona, kajti vem, da tvoji služabniki lahko vešče sekajo les na Libanonu in glej, moji služabniki bodo s tvojimi služabniki,
9 যাতে তেওঁলোকে মোৰ অৰ্থে প্ৰচুৰ পৰিমাণে কাঠ যুগুত কৰিব পাৰিব; কিয়নো মই যি গৃহ নিৰ্ম্মাণ কৰিব খুজিছোঁ, সেয়ে মহৎ আৰু আশ্চর্যজনক হ’ব।
celo, da mi pripravijo lesa v obilju, kajti hiša, ki jo nameravam zgraditi, bo čudovito velika.
10 ১০ আৰু চাওঁক, মই আপোনাৰ দাসবোৰলৈ যি সকল কাঠকটীয়া পঠালোঁ, তেওঁলোকৰ বাবে বিশ হাজাৰ পৰিমাণৰ মৰা ঘেঁহু ধান, বিশ হাজাৰ পৰিমাণৰ মৰা যৱ, বিশ হাজাৰ বাৰ স্নান কৰিব পৰা জোখৰ দ্ৰাক্ষাৰস আৰু বিশ হাজাৰ বাৰ স্নান কৰিব পৰা জোখৰ তেল পঠাই দিম।”
Glej, tvojim služabnikom, sekalcem, ki sekajo les, bom dajal dvajset tisoč mer zmlete pšenice, dvajset tisoč mer ječmena, dvajset tisoč čebrov vina in dvajset tisoč čebrov olja.«
11 ১১ তেতিয়া তূৰৰ ৰজা হীৰমে চলোমনলৈ এই উত্তৰ লিখি পঠিয়ালে, “যিহোৱাই তেওঁৰ নিজ প্ৰজাসকলক প্ৰেম কৰে, সেই বাবে তেওঁ তেওঁলোকৰ ওপৰত আপোনাক ৰজা পাতিলে।”
Potem je tirski kralj Hurám odgovoril v pisanju, ki ga je poslal Salomonu: ›Ker Gospod ljubi svoje ljudstvo, te je naredil kralja nad njimi.‹
12 ১২ হীৰমে পুনৰ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক, যিজনে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে আৰু যিজনে যিহোৱাৰ উদ্দেশ্যে এটা গৃহ আৰু নিজৰ বাবে এটা ৰাজ গৃহ সাজিব, এনে দূৰদৰ্শী আৰু বুদ্ধিমান জ্ঞানী পুত্ৰ তেওঁ দায়ুদ ৰজাক দিলে।
Poleg tega je Hurám rekel: »Blagoslovljen bodi Gospod, Izraelov Bog, ki je naredil nebo in zemljo, ki je kralju Davidu dal modrega sina, opremljenega z razumnostjo in razumevanjem, da lahko gradi hišo za Gospoda in hišo za svoje kraljestvo.
13 ১৩ আৰু মই এতিয়া হীৰমৰ নিপুণ আৰু ভাল বেয়া বিচাৰ কৰিব পৰা এজন প্ৰতিভাসম্পন্ন লোক পঠিয়াইছোঁ,
Sedaj pošiljam spretnega moža, opremljenega z razumevanjem, od mojega očeta Huráma,
14 ১৪ তেওঁ দান বংশৰ এগৰাকী মহিলাৰ পুত্ৰ৷ তেওঁৰ পিতৃ তূৰীয়াৰ মানুহ আছিল৷ তেওঁ সোণ, ৰূপ, পিতল, লোহা, শিল, কাঠ আৰু বেঙেনা বৰণীয়া ও নীল বৰণীয়া সূতা, মিহি শণ সূতা আৰু সেন্দুৰ বৰণীয়া সূতাৰ কাম কৰাত নিপূণ৷ আৰু তেওঁ সকলো বিধৰ বাখৰ কটাত আৰু সকলো ৰূপাংকন কৰা কাৰ্যত তেওঁ নিপূণ। তেওঁক আপোনাৰ নিপুণ কর্মীসকলৰ লগত আৰু মোৰ প্ৰভু, আপোনাৰ পিতৃ দায়ূদৰ জ্ঞানী লোকসকলৰ লগত ঠাই দিয়া হওঁক।
sina ženske izmed Danovih hčera, njegov oče pa je bil človek iz Tira, vešč, da dela v zlatu, srebru, bronu, železu, kamnu, lesu, vijoličnem, modrem, tankem lanenem platnu in v karmezinu. Tudi da gravira vsako vrsto graviranja in da spozna vsako napravo, ki bo postavljena k njemu, s tvojimi spretnimi ljudmi in s spretnimi ljudmi mojega gospoda Davida, tvojega očeta.
15 ১৫ এই হেতুকে মোৰ প্ৰভুৱে কোৱাৰ দৰে, ঘেঁহু, যৱ, তেল আৰু দ্ৰাক্ষাৰস, তেওঁ আপোনাৰ এই দাসবোৰৰ ওচৰলৈ পঠিয়াই দিয়ক৷
Zdaj naj torej pšenico, ječmen in vino, o katerem je govoril moj gospod, pošlje svojim služabnikom,
16 ১৬ যিমান কাঠ আপোনাৰ প্ৰয়োজন হ’ব, সিমান কাঠ আমি লিবানোনত কাটি ল’ম৷ আৰু আমি ভূৰ বান্ধি সমুদ্ৰ-পথেদি গৈ যাফোত এইবোৰ আপোনাৰ ওচৰত থৈ আহিম, তাৰ পৰা আপুনি সেইবোৰ যিৰূচালেমলৈ লৈ যাব।”
mi pa bomo sekali les iz Libanona, kolikor ga boš potreboval in ga k tebi spravili na splavih po morju v Jopo, ti pa ga boš odpeljal gor v Jeruzalem.«
17 ১৭ আৰু চলোমনে তেওঁৰ পিতৃ দায়ূদে গণনা কৰাৰ দৰে ইস্ৰায়েল দেশত প্ৰবাস কৰা বিদেশী লোকসকলক গণনা কৰালে৷ তাতে গণনা কৰোঁতে এক লাখ ত্ৰেপন্ন হাজাৰ ছশ লোক পোৱা গ’ল।
Salomon je preštel vse tujce, ki so bili v deželi Izrael, po štetju, s katerim jih je preštel njegov oče David in najdenih je bilo sto triinpetdeset tisoč šeststo.
18 ১৮ তেওঁ সেইসকলৰ মাজত বোজা ববলৈ সত্তৰ হাজাৰ আৰু পৰ্বতত কাঠ কাটিবলৈ আশী হাজাৰ লোক নিয়োগ কৰিলে আৰু এই লোকসকলক কামত থাকোতে তদাৰক কৰিবলৈ তিনি হাজাৰ ছশ লোকক নিযুক্ত কৰিলে।
Sedemdeset tisoč izmed njih je postavil, da bodo nosilci bremen in osemdeset tisoč, da bodo sekalci na gori in tri tisoč šeststo nadzornikov, da ljudstvu pripravljajo delo.

< ২ বংশাবলি 2 >