< ২ বংশাবলি 13 >

1 যাৰবিয়াম ৰজাৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়াই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷
בשנת שמונה עשרה למלך ירבעם וימלך אביה על יהודה
2 তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম মীখায়া আছিল৷ তেখেত গিবিয়া নিবাসী উৰিয়েলৰ জীয়েক আছিল। সেই সময়ত অবিয়া আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
שלוש שנים מלך בירושלם ושם אמו מיכיהו בת אוריאל מן גבעה ומלחמה היתה בין אביה ובין ירבעם
3 অবিয়াই যুদ্ধাৰু বীৰ পুৰুষ থকা সৈন্য সামন্তৰ চাৰি লাখ মনোনীত লোক লগত লৈ যুদ্ধ কৰিবলৈ গ’ল৷ যাৰবিয়ামে আঠ লাখ মনোনীত বলৱান বীৰপুৰুষ লগত লৈ তেওঁৰ বিৰুদ্ধে বেহু পাতিলে।
ויאסר אביה את המלחמה בחיל גבורי מלחמה ארבע מאות אלף איש בחור וירבעם ערך עמו מלחמה בשמונה מאות אלף איש בחור גבור חיל
4 অবিয়াই ইফ্ৰয়িমৰ পৰ্বতীয়া অঞ্চলত থকা চমাৰয়িম পৰ্বতৰ ওপৰত থিয় হৈ ক’লে, “হে যাৰবিয়াম আৰু গোটেই ইস্ৰায়েল লোক, মোৰ কথা শুনা!
ויקם אביה מעל להר צמרים אשר בהר אפרים ויאמר שמעוני ירבעם וכל ישראל
5 ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই যে ইস্ৰায়েলৰ ৰাজ্যভাৰ চিৰকাললৈকে দায়ূদক আৰু তেওঁৰ সন্তান সকলক পৰম্পৰাগত এটি নিয়মেৰে দিলে, সেই বিষয়ে জানো তোমালোকে নাজানা?
הלא לכם לדעת כי יהוה אלהי ישראל נתן ממלכה לדויד על ישראל לעולם לו ולבניו ברית מלח
6 তথাপি দায়ূদৰ পুত্ৰ চলোমনৰ দাস নবাটৰ পুত্ৰ যাৰবিয়াম তেওঁৰ প্ৰভুৰ বিৰুদ্ধে উঠি বিদ্ৰোহী হ’ল;
ויקם ירבעם בן נבט עבד שלמה בן דויד וימרד על אדניו
7 আৰু কেতবোৰ পাষণ্ড ও অসাৰ চিত্তৰ লোকসকল তেওঁৰ ওচৰত গোট খালে৷ তেওঁলোকে চলোমনৰ পুত্ৰ ৰহবিয়ামৰ বিৰুদ্ধে নিজকে সবল কৰিলে; যেতিয়া ৰহবিয়াম ডেকা আৰু অনভিজ্ঞ হোৱাত তেওঁলোকৰ আগত নিজকে সবল কৰিব নোৱাৰিছিল।
ויקבצו עליו אנשים רקים בני בליעל ויתאמצו על רחבעם בן שלמה ורחבעם היה נער ורך לבב ולא התחזק לפניהם
8 আৰু এতিয়া তোমালোকে দায়ূদৰ সন্তান সকলৰ হাতত থকা যিহোৱাৰ ৰাজ্যৰ বিৰুদ্ধে নিজকে সবল কৰিব পাৰিম বুলি ভাবিছাহঁক৷ তোমালোক অতিশয় এক বৃহৎ সৈন্যৰ দল আৰু দেৱতা স্বৰূপে তোমালোকৰ বাবে যাৰবিয়ামে সজা সোণৰ দামুৰি কেইটা তোমালোকৰ লগত আছে।
ועתה אתם אמרים להתחזק לפני ממלכת יהוה ביד בני דויד ואתם המון רב ועמכם עגלי זהב אשר עשה לכם ירבעם לאלהים
9 তোমালোকে যিহোৱাৰ পুৰোহিত হাৰোণৰ সন্তান সকলক আৰু লেবীয়াসকলক খেদি দিয়া নাই জানো? অন্য দেশীয় জাতিবোৰৰ দৰে নিজৰ বাবে পুৰোহিত পাতি লোৱা নাই জানো? ইয়াতে যিজনে এটা দমৰা আৰু সাতোটা মেৰ লৈ নিজকে পুৰোহিত কৰাবলৈ আহে, তেওঁ সেই ঈশ্বৰ নোহোৱাবোৰৰ পুৰোহিত হ’ব পাৰে।
הלא הדחתם את כהני יהוה את בני אהרן והלוים ותעשו לכם כהנים כעמי הארצות--כל הבא למלא ידו בפר בן בקר ואילם שבעה והיה כהן ללא אלהים
10 ১০ কিন্তু আমাৰ বাবে হ’লে যিহোৱাই আমাৰ ঈশ্বৰ আৰু আমি তেওঁক ত্যাগ কৰা নাই৷ আৰু যিহোৱাৰ পৰিচৰ্যা কৰোঁতা পুৰোহিত হাৰোণৰ সন্তান সকল, আৰু নিজ নিজ কামত লাগি থকা লেবীয়াসকল আমাৰ আছে৷
ואנחנו יהוה אלהינו ולא עזבנהו וכהנים משרתים ליהוה בני אהרן והלוים במלאכת
11 ১১ তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে প্ৰতি দিনে ৰাতিপুৱা আৰু সন্ধিয়া বেলা হোম-বলি উৎসৰ্গ কৰে আৰু সুগন্ধি ধূপ জ্বলায়৷ আৰু পবিত্ৰ মেজৰ ওপৰত যিহোৱাৰ আগত দিয়া পিঠা সজায় ৰাখে আৰু সন্ধিয়া বেলা জ্বলাবৰ বাবে প্ৰদীপবোৰৰ সৈতে সোণৰ দীপাধাৰ যুগুতাই থয়৷ কিয়নো আমি আমাৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰোঁ, কিন্তু তোমালোকে তেওঁক ত্যাগ কৰিলা।
ומקטרים ליהוה עלות בבקר בבקר ובערב בערב וקטרת סמים ומערכת לחם על השלחן הטהור ומנורת הזהב ונרתיה לבער בערב בערב--כי שמרים אנחנו את משמרת יהוה אלהינו ואתם עזבתם אתו
12 ১২ আৰু চোৱা, ঈশ্বৰ আমাৰ সঙ্গী হৈ আমাৰ আগত যাওঁতা হৈছে; আৰু তেওঁৰ পুৰোহিতসকল তোমালোকৰ বিৰুদ্ধে মহাধ্বনি কৰা তেওঁলোকৰ তূৰীও আছে। হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে যুদ্ধ নকৰিবা, কিয়নো তেতিয়া তোমালোকে কৃতকাৰ্য্য নহ’বা৷
והנה עמנו בראש האלהים וכהניו וחצצרות התרועה--להריע עליכם בני ישראל אל תלחמו עם יהוה אלהי אבתיכם--כי לא תצליחו
13 ১৩ কিন্তু যাৰবিয়ামে তেওঁলোকক আক্ৰমণ কৰিবৰ অৰ্থে যুগুত হ’ল আৰু গুপুতে এদল সৈন্য তেওঁলোকৰ পাছ ফাললৈ ঘূৰাই পঠালে; তাতে এদল লোক যিহূদাৰ আগফালে আৰু সেই গুপুতে পঠোৱা দলটো তেওঁলোকৰ পাছফালে আছিল।
וירבעם הסב את המארב לבוא מאחריהם ויהיו לפני יהודה והמארב מאחריהם
14 ১৪ পাছত যিহূদাৰ লোকসকলে মুখ ঘূৰাই যেতিয়া তেওঁলোকৰ আগফালে আৰু পাছফালে যুদ্ধ হোৱা দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু পুৰোহিতসকলে তূৰী বজালে;
ויפנו יהודה והנה להם המלחמה פנים ואחור ויצעקו ליהוה והכהנים מחצצרים (מחצרים) בחצצרות
15 ১৫ তেতিয়া যিহূদাৰ লোকসকলে সিংহনাদ কৰি উঠিল; যিহূদাৰ লোকসকলে এনে সিংহনাদ কৰোঁতে, ঈশ্বৰে অবিয়াৰ আৰু যিহূদাৰ আগত যাৰবিয়ামক আৰু গোটেই ইস্ৰায়েলক প্ৰহাৰ কৰিলে।
ויריעו איש יהודה ויהי בהריע איש יהודה והאלהים נגף את ירבעם וכל ישראל לפני אביה ויהודה
16 ১৬ তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিহূদাৰ সন্মুখৰ পৰা পলাল অাৰু ঈশ্বৰে তেওঁলোকক যিহূদাৰ হাতত শোধাই দিলে।
וינוסו בני ישראל מפני יהודה ויתנם אלהים בידם
17 ১৭ অবিয়া আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ মাজত মহা সংহাৰেৰে সংহাৰ কৰিলে; তাতে ইস্ৰায়েলৰ মাজত পাঁচলাখ মনোনীত লোকৰ মৃত্যু হ’ল।
ויכו בהם אביה ועמו מכה רבה ויפלו חללים מישראל חמש מאות אלף איש בחור
18 ১৮ এইদৰে সেই সময়ত ইস্ৰায়েলৰ সন্তান সকলক বশ কৰা হ’ল; যিহূদাৰ সন্তান সকল জয়ী হ’ল, কিয়নো তেওঁলোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ওপৰত তেওঁলোকে ভাৰসা ৰাখিছিল।
ויכנעו בני ישראל בעת ההיא ויאמצו בני יהודה כי נשענו על יהוה אלהי אבותיהם
19 ১৯ পাছত অবিয়াই যাৰবিয়ামৰ পাছে পাছে খেদি গৈ, তেওঁৰ খনদিয়েক নগৰ অৰ্থাৎ বৈৎএল আৰু তাৰ উপনগৰ, যচানা আৰু তাৰ উপনগৰ আৰু ইফ্ৰোণ আৰু তাৰ উপনগৰবোৰ অধিকাৰ ল’লে।
וירדף אביה אחרי ירבעם וילכד ממנו ערים את בית אל ואת בנותיה ואת ישנה ואת בנותיה ואת עפרון (עפרין) ובנתיה
20 ২০ অবিয়াৰ দিনত যাৰবিয়াম কেতিয়াও বলৱান হ’ব নোৱাৰিলে৷ পাছত যিহোৱাই তেওঁক প্ৰহাৰ কৰাত, তেওঁৰ মৃত্যু হ’ল।
ולא עצר כח ירבעם עוד בימי אביהו ויגפהו יהוה וימת
21 ২১ কিন্তু অবিয়া বলৱান হৈ উঠিল; তেওঁ চৌদ্ধ গৰাকী মহিলা বিয়া কৰালে৷ তেওঁৰ ঔৰসত বাইশজন পুতেক আৰু ষোল্লজনী জীয়েক জন্ম লৈছিল।
ויתחזק אביהו--וישא לו נשים ארבע עשרה ויולד עשרים ושנים בנים ושש עשרה בנות
22 ২২ অবিয়াৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ কাৰ্য আৰু তেওঁ কোৱা কথা ইদ্দো ভাববাদীৰ টীকা শাস্ত্ৰখনত লিখা আছে।
ויתר דברי אביה ודרכיו ודבריו--כתובים במדרש הנביא עדו

< ২ বংশাবলি 13 >