< ১ রাজাবলি 21 >

1 তাৰ পাছত এনে ঘটনা ঘটিল যে, যিজ্ৰিয়েলীয়া নাবোতৰ এখন দ্ৰাক্ষাবাৰী আছিল; আৰু সেই দ্রাক্ষাবাৰী যিজ্ৰিয়েলত চমৰিয়াৰ ৰজা আহাবৰ ৰাজ গৃহৰ ওচৰতে আছিল।
Zitatha izi, panachitika nkhani yokhudza Naboti wa ku Yezireeli amene anali ndi munda wamphesa ku Yezireeli, pafupi ndi nyumba ya mfumu Ahabu, mfumu ya ku Samariya.
2 আহাবে নাবোতক ক’লে, “তোমাৰ দ্ৰাক্ষাবাৰীখন মোক দিয়া, মই তাক শাকৰ বাৰী কৰিম, কাৰণ সেয়ে মোৰ ঘৰৰ ওচৰতে আছে; মই তাৰ সলনি তোমাক তাতকৈ উত্তম আন এখন দ্ৰাক্ষাবাৰী দিম, বা যদি তুমি ইচ্ছা কৰা তেনেহলে তাৰ যি ৰূপ হ’ব, তাৰ মূল্যও তোমাক দিম।”
Ahabu anawuza Naboti kuti, “Patse munda wako wa mpesa kuti ukhale munda wanga wa ndiwo zamasamba, popeza uli pafupi ndi nyumba yanga yaufumu. Mosinthana ndi mundawu ndidzakupatsa wina wabwino, kapena ngati ungafune, ndidzakupatsa ndalama pa mtengo wake wa mundawu.”
3 তেতিয়া নাবোতে আহাবক ক’লে, “মই যে মোৰ পৈতৃক সম্পত্তি আপোনাক দিম, যিহোৱাই সেই বিষয়ে নিষেধ কৰক।”
Koma Naboti anayankha Ahabu kuti, “Pali Yehova, sindingakupatseni cholowa cha makolo anga.”
4 তেতিয়া আহাবে খঙীয়াল আৰু অসন্তুষ্ট হৈ নিজ ৰাজ-গৃহলৈ ঘূৰি আহিল; কিয়নো যিজ্ৰিয়েলীয়া নাবোতে তেওঁক এই কথাষাৰেৰে উত্তৰ দিছিল বোলে, “মই মোৰ পৈতৃক সম্পত্তি আপোনাক নিদিওঁ।” তেওঁ নিজ শয্যাত বাগৰ দি, মুখ ঘূৰাই, অনাহাৰে থাকিল।
Pamenepo Ahabu anapita ku nyumba yake, wachisoni ndi wokwiya chifukwa Naboti wa ku Yezireeli anamuwuza kuti, “Sindidzakupatsani cholowa cha makolo anga.” Ahabu anakagona pa bedi lake atayangʼana kumbali ndipo anakana chakudya.
5 তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি যে আহাৰ গ্ৰহন কৰা নাই, তোমাৰ মনত এনে কি বেজাৰ আছে?”
Yezebeli mkazi wake analowa ndipo anamufunsa kuti, “Chifukwa chiyani mukuoneka achisoni? Chifukwa chiyani simukufuna chakudya?”
6 এনেতে ৰজাই তেওঁক ক’লে, “মই যিজ্ৰিয়েলীয়া নাবোতক কৈছিলোঁ, ‘তোমাৰ দ্ৰাক্ষাবাৰীখন মোলৈ বিক্ৰী কৰি দিয়া, বা তুমি যদি সন্তুষ্ট হোৱা তেনেহলে তাৰ সলনি মই তোমাক আন এখন দ্ৰাক্ষাবাৰীও দিম।’ তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, ‘মই মোৰ দ্ৰাক্ষাবাৰী আপোনাক নিদিওঁ’।”
Ahabu anayankha mkazi wake kuti, “Chifukwa chake nʼchakuti ine ndinamuwuza Naboti wa ku Yezireeli kuti, ‘Gulitse munda wako wa mpesa kapena ngati ungakonde ine ndidzakupatsa munda wina wabwino mʼmalo mwake.’ Koma iye anandiyankha kuti, ‘Sindidzakupatsani munda wanga wa mpesa.’”
7 তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁক ক’লে, “তুমিয়েই জানো এতিয়াও ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ নকৰা? উঠা আৰু ভোজন কৰা; তোমাৰ মন আনন্দিত হওঁক। যিজ্ৰিয়েলীয়া নাবোতৰ দ্ৰাক্ষাবাৰী মই তোমাৰ কৰিম।”
Ndipo Yezebeli mkazi wake anati, “Kodi umu ndi mmene mumachitira ngati mfumu ya Israeli? Dzukani, idyani! Sangalalani. Ine ndidzakutengerani munda wamphesa wa Naboti wa ku Yezireeli.”
8 পাছত ঈজেবলে আহাবৰ নামেৰে পত্ৰ লিখি তেওঁৰ মোহৰেৰে মোহৰ মাৰি, নাবোতৰ নগৰত বাস কৰা বৃদ্ধ লোকসকললৈ, তেওঁৰ সৈতে সভাত বহা প্ৰধান লোকসকল আৰু তেওঁৰ ওচৰ-চুবুৰীয়া সকলৰ ওচৰলৈ সেই পত্ৰবোৰ পঠিয়াই দিলে।
Choncho Yezebeli analemba makalata mʼdzina la Ahabu, nawadinda chidindo cha mfumu, nawatumiza makalatawo kwa akuluakulu ndi kwa anthu olemekezeka amene ankakhala ndi Naboti mu mzinda mwake.
9 তাই পত্ৰবোৰত এই কথা লিখিছিল, “তোমালোকে উপবাস প্ৰচাৰ কৰা; আৰু লোকসকলৰ মাজত নাবোতক ওখ পদত ঠাই দিয়া;
Mʼmakalatamo Yezebeli analemba kuti: “Lengezani kuti anthu asale chakudya ndipo muyike Naboti pa malo aulemu pakati pa anthu.
10 ১০ তেওঁৰ লগত দুজন অসৎ লোককো ঠাই দিয়া যেন সেই দুজন লোকে তেওঁৰ অহিতে সাক্ষ্য দি কয় বোলে, ‘তুমি ঈশ্বৰক আৰু ৰজাক শাও দিলা’।” তাৰ পাছত তোমালোকে তেওঁক বাহিৰলৈ উলিয়াই আনি তেওঁক শিল দলিয়াই বধ কৰা।
Koma muyike anthu awiri oyipa mtima moyangʼanana naye ndipo iwo achitire umboni kuti watemberera Mulungu ndiponso mfumu. Ndipo mumutulutse ndi kumuponya miyala ndi kumupha.”
11 ১১ তেতিয়া নাবোতৰ নগৰৰ লোকসকলে, অৰ্থাৎ সেই নগৰবাসী বৃদ্ধ আৰু প্ৰধান লোকসকলে, ঈজেবলে তেওঁলোকলৈ পত্রবোৰত লিখি পঠিওৱাৰ দৰে, সেই লোকসকলে পত্ৰত লিখা আজ্ঞা অনুসাৰে কাৰ্য কৰিলে।
Choncho akuluakulu ndi anthu olemekezeka amene ankakhala ndi Naboti mu mzinda mwake anachita monga analamulira Yezebeli mʼmakalata amene anawalembera.
12 ১২ তেওঁলোকে উপবাস প্ৰচাৰ কৰি লোকসকলৰ মাজত নাবোতক তেওঁলোকৰ ওপৰত ওখ পদত ঠাই দিলে।
Iwo analengeza kuti anthu asale chakudya ndipo anayika Naboti pa malo aulemu pakati pa anthu.
13 ১৩ আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।
Ndipo anthu awiri oyipa anabwera nakhala moyangʼanana naye ndipo anamunenera zoyipa Naboti pamaso pa anthu, ponena kuti, “Naboti watemberera Mulungu ndiponso mfumu.” Choncho anamutulutsira kunja kwa mzinda ndi kumuponya miyala ndi kumupha.
14 ১৪ তাৰ পাছত সেই বৃদ্ধ লোকসকলে ঈজেবলৰ ওচৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, “নাবোতলৈ শিল দলিওৱাত, তেওঁৰ মৃত্যু হ’ল।”
Atatero anatumiza mawu kwa Yezebeli akuti, “Naboti amuponya miyala ndipo wafa.”
15 ১৫ তেতিয়া নাবোতলৈ শিল দলিওৱাত, তেওঁৰ মৃত্যু হোৱাৰ কথা শুনা মাত্রকে ঈজেবলে আহাবক ক’লে, “উঠা, যিজ্ৰিয়েলীয়া নাবোতে যি দ্ৰাক্ষাবাৰী তোমাক বিক্রী কৰিবলৈ অসন্মত আছিল, তাক অধিকাৰ কৰাগৈ; কিয়নো নাবোত জীয়াই থকা নাই, তেওঁৰ মৃত্যু হ’ল।
Yezebeli atangomva kuti Naboti amuponya miyala ndipo wafa, iye anakamuwuza Ahabu kuti, “Dzukani, katengeni munda wamphesa wa Naboti wa ku Yezireeli umene anawukaniza kukugulitsani. Naboti sali moyonso, koma wafa.”
16 ১৬ যেতিয়া আহাবে নাবোতৰ মৃত্যু হোৱাৰ কথা শুনিলে তেতিয়া তেওঁ উঠি যিজ্ৰিয়েলীয়া নাবোতৰ দ্ৰাক্ষাবাৰীখন অধিকাৰ কৰিবলৈ নামি গ’ল।
Ahabu atamva kuti Naboti wafa, ananyamuka kukatenga munda wamphesa wa Naboti.
17 ১৭ সেই সময়ত তিচবীয়া এলিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
Ndipo Yehova anayankhula ndi Eliya wa ku Tisibe kuti,
18 ১৮ “উঠা, চমৰিয়া-নিবাসী ইস্ৰায়েলৰ ৰজা আহাবৰ লগত সাক্ষ্য কৰিবলৈ যোৱা। তেওঁ নাবোতৰ দ্ৰাক্ষাবাৰীত আছে; তেওঁ তাক অধিকাৰ কৰিবলৈ সেই ঠাইলৈ গ’ল।
“Nyamuka, pita ukakumane ndi Ahabu, mfumu ya Israeli amene amalamulira ku Samariya. Pano ali ku munda wamphesa wa Naboti kumene wapita kuti akatenge mundawo kuti ukhale wake.
19 ১৯ তুমি তেওঁৰ আগত এই কথা ক’বা, যিহোৱাই এই কথা কৈছে, ‘তুমি নৰ-বধ কৰি উত্তৰাধীকাৰ লৈছা নে?’ আৰু তুমি তেওঁক ক’বা, যিহোৱাই এই কথা কৈছে, ‘যি ঠাইত কুকুৰবোৰে নাবোতৰ তেজ চেলেকি খালে, সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। হয়, তোমাৰো তেজ চেলেকি খাব’।”
Ukamuwuze kuti: ‘Yehova akuti, Kodi siwapha munthu ndi kumulandanso munda wake?’ Ndipo ukamuwuzenso kuti, ‘Yehova akuti, Pamalo pamene agalu ananyambita magazi a Naboti, pamalo pomwepo agalu adzanyambita magazi ako, inde, akonso!’”
20 ২০ তেতিয়া আহাবে এলিয়াক কলে, “হে মোৰ শত্ৰু, তুমি মোক বিচাৰি পালা নে?” তেতিয়া তেওঁ ক’লে, “হয়, মই তোমাক বিচাৰি পালোঁ, কিয়নো যিহোৱাৰ দৃষ্টিত যি পাপ, তুমি তাকে কৰিবলৈ নিজকে বেচি দিলা।
Ahabu anati kwa Eliya, “Tsono wandipeza, iwe mdani wanga!” Eliya anayankha kuti, “Inde ndakupezani chifukwa mwadzigulitsa kuti muchite zoyipa pamaso pa Yehova.
21 ২১ যিহোৱাই তোমাক এই কথা কৈছে: মই তোমালৈ অমঙ্গল ঘটাম আৰু তোমাক সম্পূৰ্ণৰূপে ধংস কৰিম আৰু তোমাৰ সম্বন্ধীয়া প্ৰতিজন পুৰুষক বা ইস্ৰায়েলৰ মাজত বন্দী বা মুক্ত অৱস্থাত থকা দুয়োকে উচ্ছন্ন কৰিম।
Iye akuti ‘Taonani, ine ndidzabweretsa mavuto pa iwe. Ndidzawononga kotheratu zidzukulu zako ndi kuchotsa mu Israeli munthu aliyense wamwamuna wa banja la Ahabu, kapolo kapena mfulu.
22 ২২ আৰু যি অসন্তোসজনক কাৰ্যবোৰেৰে তুমি মোৰ ক্রোধ উত্তেজিত কৰিলা আৰু ইস্ৰায়েলক পাপ কৰোৱালা, সেই কাৰণে মই তোমাৰ বংশ, নবাটৰ পুত্র যাৰবিয়ামৰ বংশ আৰু অহিয়াৰ পুত্র বাচাৰ বংশৰ দৰে কৰিম।’
Ndidzawononga nyumba yako monga momwe ndinawonongera nyumba ya Yeroboamu mwana wa Nebati ndiponso ngati nyumba ya Baasa mwana wa Ahiya, chifukwa wandikwiyitsa Ine ndi kuchimwitsa Israeli.’
23 ২৩ আৰু যিহোৱাই ঈজেবলৰ বিষয়েও কৈছে বোলে, ‘যিজ্ৰিয়েলৰ গড়ৰ কাষত ঈজেবলক কুকুৰবোৰে খাব।’
“Ndipo kunena za Yezebeli, Yehova akuti, ‘Agalu adzadya Yezebeli mʼmbali mwa khoma la Yezireeli.’
24 ২৪ আহাবৰ বংশৰ যি জন লোকৰ যেতিয়া নগৰত মৃত্যু হ’ব- তেওঁক কুকুৰবোৰে খাব। আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
“Agalu adzadya munthu aliyense wa nyumba ya Ahabu amene adzafere mu mzinda, ndipo mbalame za mu mlengalenga zidzadya aliyense wofera ku thengo.”
25 ২৫ কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল।
(Kunalibe munthu ngati Ahabu, amene anadzigulitsa kuchita zoyipa pamaso pa Yehova, amene anakopedwa ndi mkazi wake Yezebeli.
26 ২৬ আৰু যিহোৱাই যি ইমোৰীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা দূৰ কৰিলে, তেওঁলোকৰ সকলো কৰ্মৰ দৰে, তেওঁ প্ৰতিমাবোৰৰ পাছত চলোঁতা হৈ অতিশয় ঘিণলগীয়া কাৰ্য কৰিলে।
Iye anachita zonyansa kwambiri popembedza mafano, monga mmene ankachitira Aamori amene Yehova anawachotsa pamene Aisraeli ankafika).
27 ২৭ যেতিয়া আহাবে এইবোৰ কথা শুনিলে, তেতিয়া তেওঁ নিজৰ কাপোৰ ফালিলে আৰু গাত চট কাপোৰ পিন্ধি লঘোন দিলে আৰু চটত শয়ন কৰি অতি দুখী হ’ল।
Ahabu atamva mawu amenewa, anangʼamba zovala zake, navala ziguduli ndi kusala chakudya. Anagona pa ziguduli, nayenda pangʼonopangʼono.
28 ২৮ পাছত তিচবীয়া এলিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
Pamenepo Yehova anayankhula ndi Eliya wa ku Tisibe kuti,
29 ২৯ “আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”
“Kodi waona mmene Ahabu wadzichepetsera pamaso panga? Chifukwa wadzichepetsa, sindidzabweretsa mavuto amenewa pa nthawi ya moyo wake, koma ndidzawabweretsa pa nyumba yake pa nthawi ya mwana wake.”

< ১ রাজাবলি 21 >