< ১ রাজাবলি 10 >

1 যেতিয়া চিবা দেশৰ ৰাণীয়ে শুনিলে যে, যিহোৱাৰ নামৰ দ্বাৰাই চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেওঁক কঠিন প্ৰশ্নৰ দ্বাৰাই পৰীক্ষা কৰিবলৈ তেওঁ আহিল।
When the queen of Sheba heard of the fame of Solomon concerning the name of the LORD, she came to prove him with hard questions.
2 তেওঁ অধিক লোকৰ সৈতে যিৰূচালেমলৈ আহিল, লগতে তেওঁ উটৰ পিঠিত সুগন্ধি দ্ৰব্য, বহু পৰিমাণৰ সোণ আৰু বহুমূলীয়া পাথৰ বোজা দি কঢ়িয়াই লৈ আহিল। পাছত তেওঁ যেতিয়া আহি চলোমনৰ ওচৰ পালে, তেতিয়া তেওঁৰ মনৰ সকলো কথা চলোমনৰ ওচৰত মুকলিলৈ ক’লে।
She came to Jerusalem with a very great train, with camels that bore spices, and very much gold, and precious stones; and when she had come to Solomon, she talked with him of all that was in her heart.
3 তাতে চলোমনে তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে৷ ৰজাই উত্তৰ নিদিয়াকৈ তেওঁৰ এনে কোনো প্ৰশ্ন নাথাকিল৷
Solomon told her all her questions: there was not anything hidden from the king which he did not tell her.
4 চিবাৰ ৰাণীয়ে যেতিয়া চলোমনৰ সকলো জ্ঞান দেখিবলৈ পালে, তেওঁ নিৰ্মান কৰা ৰাজপ্ৰাসাদ দেখিলে,
When the queen of Sheba had seen all the wisdom of Solomon, and the house that he had built,
5 তেওঁৰ মেজত থকা আহাৰ, তেওঁৰ দাসবোৰে বহা ঠাইবোৰ, আৰু তেওঁলোকৰ কৰ্মবোৰ, তেওঁলোকে পিন্ধা সাজ-পোচাক, আনকি পান-পাত্ৰ কৰোঁতাসকল, আৰু তেওঁ যিহোৱাৰ গৃহলৈ হোম-বলি উৎসৰ্গ কৰিবলৈ যোৱা পদ্ধতি, এইবোৰ দেখি তেওঁ মুগ্ধ হৈ গৈছিল।
and the food of his table, and the sitting of his servants, and the attendance of his ministers, and their clothing, and his cup bearers, and his burnt offerings which he presented at the house of the LORD; it left her breathless.
6 তেতিয়া তেওঁ ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিলোঁ, সেয়ে সঁচা।”
She said to the king, "It was a true report that I heard in my own land of your acts, and of your wisdom.
7 মই আহি যেতিয়ালৈকে নিজ চকুৰে দেখা নাছিলোঁ, তেতিয়ালৈকে মই সেই কথাৰ বিষয়ে বিশ্বাস কৰা নাছিলো৷ আপোনাৰ জ্ঞান আৰু ধনৰ বিষয়ে মোক তেতিয়া আধাও কোৱা নাছিল! মই যি কথা শুনিছিলোঁ আপোনাৰ সেই যশস্যা তাতোকৈয়ো অধিক।
However I did not believe the words, until I came, and my eyes had seen it. Look, the half was not told me. Your wisdom and prosperity exceed the fame which I heard.
8 আপোনাৰ যি লোকসকল আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক অতি ধন্য।
Happy are your wives, happy are these your servants, who stand continually before you, who hear your wisdom.
9 যি জনে আপোনাক ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহুৱাবলৈ আপোনাত সন্তোষ পালে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য৷ কিয়নো যিহোৱাই ইস্ৰায়েলক সদাকাললৈকে প্ৰেম কৰে, সেই কাৰণে তেওঁ বিচাৰ আৰু ধৰ্ম প্ৰচলিত কৰিবলৈ আপোনাক ৰাজপদত নিযুক্ত কৰিলে।”
Blessed is the LORD your God, who delighted in you, to set you on the throne of Israel. Because of the LORD's everlasting love for Israel, therefore he made you king, to do justice and righteousness."
10 ১০ তেওঁ ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য আৰু বহুমূলীয়া মণি দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক যিমান সুগন্ধি দ্ৰব্য দিলে, সিমান অধিক সুগন্ধি দ্ৰব্য ৰজা চলোমনলৈ কেতিয়াও তেনেকৈ দিয়া হোৱা নাছিল।
She gave the king one hundred twenty talents of gold, and of spices very great store, and precious stones. There came no more such abundance of spices as these which the queen of Sheba gave to king Solomon.
11 ১১ হীৰমৰ যি জাহাজে ওফীৰৰ পৰা সোণ আনিছিল, সেই জাহাজৰ দ্বাৰাই ওফীৰৰ পৰা বিস্তৰ অলমূগ কাঠ আৰু বহুমূল্য মণিও আনিছিল।
The navy also of Hiram, that brought gold from Ophir, brought in from Ophir great plenty of almug trees and precious stones.
12 ১২ ৰজাই সেই অলমূগ কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে খুঁটা সাজিছিল আৰু গায়কসকলৰ কাৰণে বীণা আৰু নেবল সজাইছিল; তেনেকুৱা অলমূগ কাঠ আজিলৈকে কেতিয়াও অহা নাই আৰু কোনেও দেখা নাই।
The king made of the almug trees pillars for the house of the LORD, and for the king's house, harps also and stringed instruments for the singers: there came no such almug trees, nor were seen, to this day.
13 ১৩ ৰজা চলোমনে চিবাৰ ৰাণীক দিবলৈ বাধ্য হোৱা বস্তুৰ বাহিৰে, তেওঁ যি যি বিচাৰিছিল আৰু যিয়ে খুজিছিল সেই অনুসাৰে তেওঁক সকলো দিলে। তাৰ পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ ঘূৰি গ’ল।
King Solomon gave to the queen of Sheba all her desire, whatever she asked, besides that which Solomon gave her of his royal bounty. So she turned, and went to her own land, she and her servants.
14 ১৪ সেই সময়ত এবছৰত চলোমনলৈ ছশ ছয়ষষ্ঠী কিক্কৰ সোণ আহিছিল।
Now the weight of gold that came to Solomon in one year was six hundred sixty-six talents of gold,
15 ১৫ ইয়াৰ বাহিৰেও বেপাৰীসকলৰ পৰা আৰু বণিকসকলৰ বাণিজ্যৰ পৰা তেওঁলোকে চলোমনলৈ সোণ আনিছিল৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমনলৈ সোণ আৰু ৰূপ আনিছিল৷
besides that which the traders brought, and the traffic of the merchants, and of all the kings of Arabia, and of the governors of the country.
16 ১৬ ৰজা চলোমনে সোণ পিটাই দুশটা বৰ ঢাল সজাইছিল৷ প্ৰত্যেকটো ঢালত ছশ চেকল সোণ প্ৰয়োজন হৈছিল৷
King Solomon made two hundred large shields of beaten gold; six hundred shekels of gold went to each shield.
17 ১৭ তেওঁ সোণ পিটাই আকৌ তিনিশটা ঢাল যুগুত কৰিলে৷ সেই প্ৰত্যেকটো ঢালত তিনি মানি সোণ খৰচ হৈছিল। তাৰ পাছত ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিছিল।
He made three hundred shields of beaten gold; three minas of gold went to one shield: and the king put them in the house of the forest of Lebanon.
18 ১৮ তাৰ পাছত ৰজাই হাতী দাঁতৰ এখন ডাঙৰ সিংহাসন সজালে, আৰু সেই সিংহাসনৰ ওপৰত উত্তম সোণৰ পতা মাৰিলে।
Moreover the king made a great throne of ivory, and overlaid it with the finest gold.
19 ১৯ সিংহাসন খনত ছখপিয়া খটখটী আছিল আৰু সিংহাসনৰ ওপৰ ভাগৰ পাছ ফালটো ঘূৰণীয়া আছিল৷ বহা ঠাইৰ দুয়োফালে হাত ৰখাৰ বাবে ব্যৱস্থা আছিল আৰু সেই হাত ৰখা ঠাইৰ কাষত দুইফালে দুটা সিংহৰ মুৰ্ত্তি থিয় কৰোঁৱা আছিল।
There were six steps to the throne, and the top of the throne was round behind; and there were stays on either side by the place of the seat, and two lions standing beside the stays.
20 ২০ সেই ছয়খাপৰ সিংহাসন খনৰ প্ৰতিটো খলপৰ দুই মূৰে এটা এটা কৈ বাৰ টা সিংহৰ মূৰ্তি থিয় হৈ আছিল। এনে আকৃতিৰ সিংহাসন আন কোনো ৰাজ্যত নাছিল।
Twelve lions stood there on the one side and on the other on the six steps: there was nothing like it made in any kingdom.
21 ২১ ৰজা চলোমনৰ সকলো পানপাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ গৃহৰ আটাই পাত্ৰ শুদ্ধ সোণৰ আছিল৷ ৰূপৰ একোৱেই নাছিল, কিয়নো চলোমনৰ ৰাজত্বৰ কালত ৰূপক বহু মূল্যৱান বুলি গণ্য কৰা হোৱা নাছিল।
And all king Solomon's drinking vessels were of gold, and washing vessels were of gold, and all the vessels of the house of the forest of Lebanon were of pure gold. None were of silver; it was not considered anything in the days of Solomon.
22 ২২ সমূদ্ৰত হীৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল; সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনিবছৰৰ মূৰত এবাৰ এবাৰ আহিছিল।
For the king had at sea a navy of Tarshish with the navy of Hiram: once every three years came the navy of Tarshish, bringing gold, and silver, ivory, and apes, and peacocks.
23 ২৩ এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত ৰজা চলোমনে পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান আছিল।
So king Solomon exceeded all the kings of the earth in riches and in wisdom.
24 ২৪ ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবৰ বাবে গোটেই পৃথিৱীৰ মানুহে তেওঁক সাক্ষাত কৰিব বিচাৰিছিল।
All the earth sought the presence of Solomon, to hear his wisdom, which God had put in his heart.
25 ২৫ যিসকল লোক তেওঁৰ ওচৰলৈ আহিছিল, তেওঁলোকে নিজ নিজ উপহাৰ লৈ আহিছিল; তেওঁলোকে সোণ আৰু ৰূপৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ প্ৰত্যেক বছৰে বছৰে লৈ আহিছিল।
They brought every man his tribute, vessels of silver, and vessels of gold, and clothing, and armor, and spices, horses, and mules, a rate year by year.
26 ২৬ চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক একত্রিত কৰিছিল। তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ তেওঁলোকক নানা ৰথ-নগৰত আৰু যিৰূচালেমতো তেওঁ নিজৰ লগত ৰাখিছিল।
Solomon gathered together chariots and horsemen: and he had a thousand and four hundred chariots, and twelve thousand horsemen, that he bestowed in the chariot cities, and with the king at Jerusalem.
27 ২৭ ৰজাৰ লগত ৰূপ যিৰূচালেমৰ মাটিত পোৱা শিলবোৰতকৈয়ো অধিক আছিল৷ তেওঁ এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছবোৰতকৈয়ো অধিক কৰিছিল।
The king made silver to be in Jerusalem as stones, and cedars made he to be as the sycamore trees that are in the lowland, for abundance.
28 ২৮ চলোমনৰ যিবোৰ ঘোঁৰা আছিল, সেই ঘোঁৰাবোৰ মিচৰ পৰা অনা হৈছিল৷ সেই ঘোঁৰাবোৰ ৰজাঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনিছিল।
The horses which Solomon had were brought out of Egypt and Kue; and the king's merchants received them from Kue at a price.
29 ২৯ মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ; এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হৈছিল।
And came up and went out of Egypt a chariot for six hundred pieces of silver, and a horse for one hundred fifty; and so for all the kings of the Hittites, and for the kings of Aram, they brought them out by their means.

< ১ রাজাবলি 10 >