< ১ কৰিন্থীয়া 16 >

1 পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব।
A gledé zbire za svete storite tudi vi tako, kakor sem naredil za Galatijske cerkve.
2 সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷
Prvi dan po sobotah naj vsak vas pri sebi deva na stran in spravlja, kolikor mu se dobro zdí, da ne bodo zbire ta krat, kedar pridem.
3 এই কাৰণে মই যেতিয়া উপস্থিত হ’ম, তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷
Kedar pa pridem, pošljem tiste, ktere za dobre za to spoznate po listih, da odnesó vaš blagoslov v Jeruzalem;
4 যদি আমি যোৱাতো উচিত হয়, তেনেহলে তেওঁলোক অামাৰ লগতে যাব।
Ko bi pa vredno bilo, da tudi jaz grem, pojdejo z menoj.
5 কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ - যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম।
Prišel bom pa k vam, kedar Macedonijo prejdem, (kajti šel bom skozi Macedonijo).
6 আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো জাৰ-কালো আপোনালোকৰ লগত কটাম; পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যবস্থা কৰি দিব পাৰিব৷
A pri vas se more biti pomudim, ali pa tudi črez zimo ostanem, da me vi spremite, kedar bom hodil.
7 এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হ’লে, আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছোঁ।
Kajti ne čem vas le mimo gredé videti, a upam nekoliko časa pri vas ostati, če Gospod ukrene,
8 তথাপি পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম;
Ostal pa bom v Efezu noter do binkošti.
9 কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে।
Kajti vrata so mi odprta velika in široka in nasprotnikov je mnogo.
10 ১০ এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়ঞ্জান নকৰে৷
Če pa pride Timotej, glejte, da bo brez straha pri vas; kajti opravlja Gospodovo delo kakor jaz.
11 ১১ কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থ’ব; কিয়নো তেওঁ ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছোঁ।
Nikdor naj ga torej ne zaničuje, a odpošljite ga v miru, da pride k meni, ker ga pričakujem z brati.
12 ১২ এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব।
Gledé brata Apola pa: mnogo sem ga prosil, da bi prišel k vam z brati, in nikakor ga ni bila volja sedaj priti, a prišel bo, kedar utegne.
13 ১৩ আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হওক।
Čujte, stojte v veri, možki se držite, trdni bodite.
14 ১৪ আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক।
Vse vaše naj se v ljubezni godi.
15 ১৫ হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেই বিষয়ে আপোনালোকে জানে;
Prosim vas pa, bratje: veste za Štefanov dom, da je prvina v Ahaji, in da so se na služenje svetim odločili;
16 ১৬ আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক।
Da se tudi vi podlagate takim in vsakemu, kteri ž njimi dela in se trudi.
17 ১৭ আমি সকলো আনন্দিত হৈছোঁ, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ অহাত আপোনালোক নথকাত মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে।
Veselim se pa prihoda Stefanovega in Fortunatovega in Ahajikovega, ker so mi nadomestili, da nisem vas pogrešal;
18 ১৮ কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে আপোনালোকে এনে লোকক চিনি পাবলৈ ভুল নকৰিব।
Zakaj spokojili so mojega duha in vašega. Spoštujte torej take.
19 ১৯ এচিয়া দেশৰ মণ্ডলী সমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷
Pozdravljajo vas cerkve Azijske; pozdravljata vas v Gospodu mnogo Akvila in Priscila s cerkvijo v njunem domu.
20 ২০ সকলো ভাই, ভনী সকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷
Pozdravljajo vas bratje vsi; pozdravite eden drugega v svetem poljubku.
21 ২১ মই, পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ৷
Pozdrav z mojo, Pavlovo roko.
22 ২২ কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷
Če kdo ne ljubi Gospoda Jezusa Kristusa, preklet bodi, maràn athà!
23 ২৩ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
Milost Gospoda Jezusa Kristusa z vami!
24 ২৪ খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন।
Moja ljubezen z vami vsemi v Kristusu Jezusu! Amen. Korinčanom prvi list pisan iz mesta Filipov a poslan po Štefanu in Fortunatu in Ahajiku in Timoteji.

< ১ কৰিন্থীয়া 16 >