< ১ কৰিন্থীয়া 15 >

1 হে প্ৰিয় ভাই আৰু ভনী সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে;
Bet es jums daru zināmu, brāļi, to evaņģēliju, ko jums esmu pasludinājis, ko jūs arī esat pieņēmuši, kurā jūs arī stāvat,
2 আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।
Caur ko jūs arī mūžīgi dzīvosiet, ja to paturat tādā prātā, kādā es jums to esmu pasludinājis; - ja tikai neesat velti ticējuši.
3 কিয়নো মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে, ধৰ্মশাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল;
Jo mācīdams visu papriekš esmu devis, ko es arī esmu dabūjis, ka Kristus par mūsu grēkiem ir nomiris pēc tiem rakstiem,
4 আৰু তেওঁক মৈদাম দিয়া হ’ল; আৰু ধৰ্মশাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ’ল;
Un ka Tas ir aprakts, un ka Tas trešā dienā uzmodināts pēc tiem rakstiem,
5 আৰু তেওঁ কৈফাক দেখা দিলে; পাছত সেই বাৰ জনক,
Un ka Tas ir redzēts no Kefasa, pēc no tiem divpadsmit.
6 আৰু তাৰ পাছত পাঁচশতকৈ অধিক ভাই আৰু ভনি সকলক একে সময়তে দেখা দিলে; তেওঁলোকৰ অধিক ভাগ এতিয়ালৈকে আছে, কিন্তু কোনো কোনো নিদ্ৰিত হ’ল।
Un pēc Tas ir redzēts no vairāk nekā piecsimt brāļiem vienā reizē, no kuriem vēl daudz dzīvi un citi arī aizmiguši.
7 পাছত যাকোবক আৰু তাৰ পাছত পাঁচনি সকলৰ আগত তেওঁ দেখা দিলে।
Pēc Tas ir redzēts no Jēkaba, pēc no visiem apustuļiem.
8 সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে।
Pēc visiem šiem Tas arī redzēts no manis, kā no kāda nelaikā dzimuša bērna.
9 কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।
Jo es esmu tas vismazākais no tiem apustuļiem un neesmu cienīgs, ka mani sauc par apustuli, tāpēc ka es Dieva draudzi esmu vajājis.
10 ১০ তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
Bet no Dieva žēlastības esmu, kas es esmu, un Viņa žēlastība pie manis nav bijusi veltīga, bet es esmu vairāk strādājis nekā tie visi, tomēr ne es, bet Dieva žēlastība, kas ir ar mani.
11 ১১ এতেকে মই বা তেওঁলোক যেয়ে হওক, আমি সেইদৰে ঘোষণা কৰিলোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে।
Tad nu lai būtu vai es, vai viņi, tā mēs sludinājam, un tā jūs esat ticējuši.
12 ১২ কিন্তু খ্ৰীষ্টক যে মৃতবোৰৰ মাজৰ পৰা তোলা হ’ল, ইয়াক যদি ঘোষণা কৰা হয়, তেনেহলে মৃতবোৰৰ পুনৰুত্থান নাই বুলি আপোনালোকৰ কোনো কোনো লোকে কেনেকৈ কয়?
Ja nu Kristus top sludināts, ka Tas no miroņiem ir uzmodināts, kā tad citi jūsu starpā saka, ka miroņu augšāmcelšanās neesot?
13 ১৩ যদি মৃতবোৰৰ পুনৰুত্থান নাই, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল;
Bet ja miroņu augšāmcelšanās nav, tad arī Kristus nav augšāmcēlies.
14 ১৪ আৰু খ্ৰীষ্টক যদি তোলা নহ’ল, তেনেহলে আমাৰ ঘোষণা বৃথা, আপোনালোকৰ বিশ্বাসো বৃথা।
Un ja Kristus nav augšāmcēlies, tad mūsu sludināšana ir veltīga, un jūsu ticība arīdzan veltīga;
15 ১৫ আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছোঁ বুলি ওলাই পৰিম; কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলোঁ যে, তেওঁ খ্ৰীষ্টক তুলিলে;
Un mēs arī topam atrasti nepatiesīgi Dieva liecinieki; jo mēs esam liecinājuši pret Dievu, ka Viņš Kristu ir uzmodinājis, ko Viņš nav uzmodinājis, ja miroņi netop uzmodināti.
16 ১৬ কিয়নো, যদি মৃতবোৰক তোলা নহয়, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল;
Jo ja miroņi netop uzmodināti, tad arī Kristus nav uzmodināts.
17 ১৭ আৰু যদি খ্ৰীষ্টক তোলা নহ’ল, তেনেহলে অাপোনালোকৰ বিশ্বাস অসাৰ্থক; আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে।
Un ja Kristus nav uzmodināts, tad jūsu ticība ir veltīga; tad jūs vēl esat iekš saviem grēkiem;
18 ১৮ তেনেহ’লে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলো বিনষ্ট হৈছে।
Tad arīdzan tie ir pazuduši, kas iekš Kristus aizmiguši.
19 ১৯ খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱনৰ আয়ুস কাললৈ হয়, তেনেহলে আমি সকলো মানুহতকৈ অধিক দয়া নপোৱাকৈ আছোঁ।
Ja vien šinī dzīvībā cerējam uz Kristu, tad esam jo nožēlojami pār visiem cilvēkiem.
20 ২০ কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃত লোক সকলৰ মাজত প্ৰথম ফল৷
Bet nu Kristus ir uzmodināts no miroņiem, Viņš tas pirmais ir tapis no tiem, kas ir aizmiguši.
21 ২১ কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ’ল।
Jo kad caur vienu cilvēku nāve, tad arī caur vienu cilvēku miroņu augšāmcelšanās.
22 ২২ কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব।
Jo tā kā iekš Ādama visi mirst, tāpat arī iekš Kristus visi taps dzīvi darīti.
23 ২৩ কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব; প্ৰথম ফল খ্ৰীষ্ট, খ্ৰীষ্টত যি সকল মোনোনীত, তেওঁৰ আগমণত সেই মৃত লোক সকলেই উঠিব।
Bet ikviens savā kārtā: tas pirmais ir Kristus, pēc tie, kas Kristum pieder pie Viņa atnākšanas.
24 ২৪ ইয়াৰ পাছত শেষ হ’ব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব।
Pēc tam tas gals, kad Viņš nodos to valstību Dievam Tam Tēvam, kad Viņš iznīcinās visu valdību un visu varu un spēku.
25 ২৫ কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।
Jo Viņam pienākas valdīt, tiekams Viņš visus ienaidniekus būs licis Sev apakš kājām.
26 ২৬ শেষ শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হ’ব।
Tas pēdīgais ienaidnieks, kas taps izdeldēts, ir nāve.
27 ২৭ কিয়নো ‘তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে’। কিন্তু ‘সকলোৱে বশীভূত হ’ব’ বুলি যেতিয়া তেওঁ কয়, তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়।
Jo Tas Viņam visu ir licis apakš kājām, tomēr kad saka, ka viss Viņam padots, tad protams, ka bez Tā, kas Viņam visu padevis.
28 ২৮ আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হ’লে, পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হব৷ যেন ঈশ্বৰ, যি জনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেৱেঁই সৰ্বেসৰ্বা হয়৷
Bet kad Viņam viss būs padots, tad arī pats Tas Dēls taps padots Tam, kas Viņam visu ir padevis, lai Dievs ir viss iekš visiem.
29 ২৯ আৰু মৃতবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবোৰক সমুলি তোলা নহয়, তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?
Jo ko tie darīs, kas par miroņiem top kristīti, ja miroņi nemaz netop uzmodināti? Kādēļ tad tie par miroņiem top kristīti?
30 ৩০ আৰু আমিও বা কিয় প্ৰতি মূহুৰ্তত সঙ্কটত পৰো?
Kādēļ arī mēs ikstundas esam briesmās?
31 ৩১ হে প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছোঁ, প্ৰতি দিনেই মই মৃত্যু-মুখত আছোঁ।
Es mirstu ikdienas, - tik tiešām, ka jūs, brāļi, esat mans gods iekš Kristus Jēzus, mūsu Kunga.
32 ৩২ মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”।
Ja es pēc cilvēku prāta Efesū esmu kāvies ar zvēriem, kas man no tā atlec, ja miroņi netop uzmodināti? Ēdīsim un dzersim, jo rītu mēs mirsim.
33 ৩৩ আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে।
Nepieviļaties! Ļaunas sabiedrības samaitā labus tikumus.
34 ৩৪ ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।
Uzmostaties it no tiesas un negrēkojiet; jo citiem nav Dieva atzīšanas, to es saku jums par kaunu.
35 ৩৫ কিন্তু কিছুমানে কয়, “মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব? আৰু কেনেকুৱা দেহৰ সৈতে তেওঁলোক আহিব?”
Bet ja kāds saka: kā tad miroņi top uzmodināti? Un kādā miesā tie nāk?
36 ৩৬ হে নিৰ্ব্বোধ, তুমি যি বীজ ৰোপণ কৰিছা, সি নমৰা পৰ্য্যন্ত নগজে;
Tu nesapraša, ko tu sēji, tas nepaliek atkal dzīvs, ja tas nemirst.
37 ৩৭ আৰু পাছত যি ডাল ওলাব, সেয়া তুমি ৰোৱা নাই৷ গোম হওক, বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা;
Un ko tu sēji, nav tā miesa, kas celsies, bet tikai grauds, vai nu kviešu, vai cits kāds.
38 ৩৮ কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে।
Bet Dievs tam dod tādu miesu, kādu Viņš grib, un ikkatrai sēklai savu īpašu miesu.
39 ৩৯ সকলো মঙহ একে ৰূপ মঙহ নহয়; কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে।
Ne ikkatra miesa ir vienāda miesa; bet savāda ir cilvēku miesa un savāda lopu un savāda zivju un savāda putnu miesa.
40 ৪০ স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিৱ শৰীৰো আছে; কিন্তু স্বৰ্গীয়বোৰৰ কান্তি এক প্ৰকাৰ আৰু পাৰ্থিৱবোৰৰ কান্তি এক প্ৰকাৰ।
Un ir gan debesu lietas un ir gan zemes lietas; bet savāda godība ir debesu lietām un savāda zemes lietām,
41 ৪১ সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ; আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয়।
Cits spožums ir saulei, un cits spožums mēnesim, un cits spožums zvaigznēm; jo viena zvaigzne ir spožāka pār otru.
42 ৪২ সেইদৰে মৃতবোৰৰ পুনৰুত্থানো একে। যিহক ৰোৱা যায়, সেয়ে ক্ষয়ৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে অক্ষয়তাৰ পাত্ৰ;
Tāpat arī būs miroņu augšāmcelšanās. Sēts top iekš satrūdēšanas un top uzmodināts iekš nesatrūdēšanas;
43 ৪৩ যিহক ৰোৱা যায়, সেয়ে অনাদৰৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে গৌৰৱৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে দূৰ্বলতাৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে প্ৰভাৱৰ শক্তি;
Sēts top iekš negodības un top uzmodināts iekš godības; sēts top iekš vājības un top uzmodināts iekš spēka.
44 ৪৪ যিহক ৰোৱা যায়, সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয়, সেয়ে আত্মিক দেহ। যদি দৈহিক দেহ আছে, তেনেহলে আত্মিক দেহো আছে।
Sēta top dabīga miesa, uzmodināta garīga miesa. Jo kā ir dabīga miesa, ir arī garīga miesa.
45 ৪৫ এইদৰে লিখাও আছে, “প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল”।
Tāpat arīdzan ir rakstīts: tas pirmais cilvēks, Ādams, ir palicis par dzīvu dvēseli, tas pēdīgais Ādams par garu, kas dzīvu dara.
46 ৪৬ তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়; কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হ’ল।
Bet tā garīgā miesa nav tā pirmā, bet tā dabīgā, pēc tam tā garīgā.
47 ৪৭ প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা, মৃন্ময়; কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা।
Tas pirmais cilvēks ir no zemes, no pīšļiem, tas otrais cilvēks ir Tas Kungs no debesīm.
48 ৪৮ সেই মৃন্ময় জন যেনে আছিল, মৃন্ময়বোৰো তেনে; আৰু সেই স্বৰ্গীয়লোক সকল, সেই স্বর্গীয় লোক খ্ৰীষ্টৰ দৰে৷
Kāds tas, kas no pīšļiem, tādi pat arīdzan tie no pīšļiem, un kāds Tas debešķīgais, tādi pat arī tie debešķīgie.
49 ৪৯ আৰু আমি যেনেকৈ সেই মৃন্ময় জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয় জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম।
Un tā kā esam nesuši tā ģīmi, kas no pīšļiem, tā arī nesīsim Tā ģīmi, kas no debesīm.
50 ৫০ কিন্তু হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে।
Bet to es saku, brāļi, ka miesa un asinis Dieva valstību nevar iemantot, nedz iznīcība iemantos neiznīcību.
51 ৫১ চাওক, মই আপোনালোকক এটি নিগূঢ়-তত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ’ম; কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হ’ম।
Redzi, es jums saku noslēpumu: mēs gan visi neaizmigsim, bet visi tapsim pārvērsti,
52 ৫২ এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম।
It piepeši, acumirklī, pie pēdīgās bazūnes skaņas. Jo tā bazūne skanēs un miroņi taps uzmodināti nesatrūdami un mēs tapsim pārvērsti.
53 ৫৩ কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব।
Jo šim, kas ir satrūdams, būs apvilkt nesatrūdēšanu, un šim mirstamam būs apvilkt nemirstību.
54 ৫৪ পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব”
Un kad tas, kas iznīcīgs, apvilks neiznīcību, un tas, kas mirstams, apvilks nemirstību, tad tas vārds notiks, kas ir rakstīts: nāve ir aprīta uzvarēšanā!
55 ৫৫ “হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?” (Hadēs g86)
Nāve, kur ir tavs dzelonis? Elle, kur ir tava uzvarēšana? (Hadēs g86)
56 ৫৬ মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷
Bet nāves dzelonis ir grēks, un grēka spēks ir bauslība.
57 ৫৭ কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
Bet pateicība Dievam, kas mums to uzvarēšanu devis caur mūsu Kungu Jēzu Kristu.
58 ৫৮ এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।
Tad nu, mani mīļie brāļi, esiet pastāvīgi, nešaubīgi, pilnīgi iekš Tā Kunga darba vienmēr, zinādami, ka jūsu darbs nav veltīgs iekš Tā Kunga.

< ১ কৰিন্থীয়া 15 >