< ১ বংশাবলি 17 >

1 দায়ূদে নিজৰ ঘৰত স্থায়ীভাৱে বাস কৰাৰ পাছত, তেওঁ নাথন ভাববাদীক ক’লে, “চোৱা, মই এৰচ কাঠেৰে সজা ঘৰত বাস কৰি আছোঁ, কিন্তু যিহোৱাৰ নিয়ম-চন্দুক তম্বুৰ ভিতৰত আছে।”
Now it came to pass, as David sat in his house, that David said to Nathan the prophet, Lo, I dwell in an house of cedars, but the ark of the covenant of the LORD remaineth under curtains.
2 তেতিয়া নাথনে দায়ূদক ক’লে, “যাওক, আপোনাৰ মনৰ ভিতৰত যি আছে, তাকে কৰক, কাৰণ ঈশ্বৰ আপোনাৰ লগত আছে।”
Then Nathan said to David, Do all that is in thy heart; for God is with thee.
3 কিন্তু সেই ৰাতিয়েই নাথনলৈ ঈশ্বৰৰ বাক্য আহিল আৰু ক’লে,
And it came to pass the same night, that the word of God came to Nathan, saying,
4 “তুমি যোৱা, মোৰ দাস দায়ূদক কোৱা, ‘যিহোৱাই এই কথা কৈছে: মই বাস কৰিবলৈ মোৰ বাবে তুমি ঘৰ নাসাজিবা।
Go and tell David my servant, Thus saith the LORD, Thou shalt not build me an house to dwell in:
5 কাৰণ মই ইস্ৰায়েলক উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো ঘৰত বাস কৰা নাই। বৰঞ্চ এটা তম্বুত, এটা আবাসত আৰু বিভিন্ন ঠাইত বাস কৰি আছোঁ।
For I have not dwelt in an house since the day that I brought up Israel to this day; but have gone from tent to tent, and from one tabernacle to another.
6 ইস্ৰায়েলৰ মাজত মই ঠাই সমূহ সলাই থাকোঁতে ইস্ৰায়েলৰ প্ৰজাসকলক প্ৰতিপালন কৰিবলৈ যি সকলক মই নিযুক্ত কৰিছিলোঁ, তেওঁলোকৰ কোনো এজন জানো কৈছিলোঁ, “তোমালোকে কিয় মোৰ বাবে এৰচ কাঠৰ ঘৰ নিৰ্ম্মাণ কৰা নাই?””
Wherever I have walked with all Israel, have I spoken a word to any of the judges of Israel, whom I commanded to feed my people, saying, Why have ye not built me an house of cedars?
7 “সেয়ে এতিয়া, তুমি মোৰ দাস দায়ূদক কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত প্রশাসক হ’বলৈ, মই তোমাক চৰণীয়া ঠাইৰ পৰা, আৰু মেৰৰ জাকৰ পাছে পাছে যোৱাৰ পৰা বাচি ললোঁ।
Now therefore thus shalt thou say to my servant David, Thus saith the LORD of hosts, I took thee from the sheepfold, even from following the sheep, that thou shouldest be ruler over my people Israel:
8 আৰু তুমি যি যি ঠাইলৈ গৈছিলা, মই তোমাৰ লগত থাকি তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুবোৰক ছেদন কৰিলোঁ। আৰু পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
And I have been with thee wherever thou hast walked, and have cut off all thy enemies from before thee, and have made thee a name like the name of the great men that are in the earth.
9 মই মোৰ ইস্ৰায়েলৰ লোকসকলৰ বাবে এটা ঠাই নিৰ্বাচন কৰিম আৰু তেওঁলোকক ৰোপণ কৰিম, সেয়ে তেওঁলোকে নিজৰ ঠাইতে বাস কৰিব পাৰিব আৰু তেওঁলোকক লৰোৱা নহব। দুৰ্জন লোকসকলে তেওঁলোকক উপদ্রৱ কৰিব নোৱাৰিব, যেনেকৈ আগৰ দিনত কৰিছিল,
Also I will ordain a place for my people Israel, and will plant them, and they shall dwell in their place, and shall be moved no more; neither shall the children of wickedness waste them any more, as at the beginning,
10 ১০ যেতিয়া মই মোৰ ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক আজ্ঞা কৰিছিলোঁ যে, মই তোমাৰ শত্ৰুসকলক বশীভূত কৰিম। তদুপৰি মই তোমাক কৈছো যে, মই যিহোৱাই তোমাৰ বাবে এটা ঘৰ নিৰ্ম্মাণ কৰিম।
And since the time that I commanded judges to be over my people Israel. Moreover I will subdue all thy enemies. Furthermore I tell thee that the LORD will build thee an house.
11 ১১ যেতিয়া তোমাৰ আয়ুস সম্পূৰ্ণ হ’ব আৰু তোমাৰ ওপৰ-পিতৃসকলৰ ওচৰলৈ যাব লগা হ’ব, তেতিয়া তোমাৰ পাছত তোমাৰ বংশধৰক বৃদ্ধি কৰিম, আৰু তোমাৰ নিজৰ বংশৰ এজনৰ কাৰণে, মই তেওঁৰ ৰাজ্য স্থাপন কৰিম।
And it shall come to pass, when thy days shall be ended that thou must go to be with thy fathers, that I will raise up thy seed after thee, who shall be of thy sons; and I will establish his kingdom.
12 ১২ মোৰ বাবে তেওঁহে এটা ঘৰ নিৰ্ম্মাণ কৰিব, আৰু মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
He shall build me an house, and I will establish his throne for ever.
13 ১৩ মই তেওঁৰ পিতৃ হ’ম, আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তোমাৰ পূৰ্বে শাসন কৰা, চৌলৰ পৰা যেনেকৈ মই আঁতৰাইছিলোঁ, তেনেকৈ মই তেওঁৰ পৰা মোৰ বিশ্ৱাসযোগ্য নিয়ম আঁতৰ নকৰোঁ।
I will be his father, and he shall be my son: and I will not take my mercy away from him, as I took it from him that was before thee:
14 ১৪ মোৰ ঘৰত আৰু মোৰ ৰাজ্যত তেওঁক সদায় থিৰে ৰাখিম, আৰু তেওঁৰ সিংহাসন চিৰস্থায়ীভাৱে স্থাপন কৰিম।”
But I will settle him in my house and in my kingdom for ever: and his throne shall be established for evermore.
15 ১৫ এই সকলো বাক্য, আৰু এই সকলো দৰ্শন অনুসাৰে নাথনে দায়ূদক বিৱৰণ দি ক’লে।
According to all these words, and according to all this vision, so did Nathan speak to David.
16 ১৬ তেতিয়া ৰজা দায়ূদে ভিতৰলৈ গৈ যিহোৱাৰ সন্মুখত বহিলে; আৰু তেওঁ ক’লে, “মই নো কোন, ঈশ্বৰ যিহোৱা, আৰু মোৰ পৰিয়ালেই বা কি যে, আপুনি মোক আগ স্থান দিছে?
And David the king came and sat before the LORD, and said, Who am I, O LORD God, and what is my house, that thou hast brought me thus far?
17 ১৭ আৰু হে ঈশ্বৰ, আপোনাৰ দৃষ্টিত ইও এটা ক্ষুদ্র বিষয় আছিল, আপুনি আপোনাৰ দাসৰ পৰিয়ালৰ বিষয়েও সুদীৰ্ঘদিনৰ কথা কলে, আৰু হে ঈশ্বৰ, মোৰ ভৱিষ্যত পুৰুষসকলকো মোক দেখালে।
And yet this was a small thing in thy eyes, O God; for thou hast also spoken of thy servant’s house for a great while to come, and hast regarded me according to the estate of a man of high degree, O LORD God.
18 ১৮ আপুনি আপোনাৰ দাসক সন্মান দিছে। আপুনি আপোনাৰ দাসক বিশেষ স্ৱীকৃতি প্রদানৰ বিষয়ে মই, দায়ুদ, আপোনাক পুনৰ কি ক’ম?
What can David speak more to thee for the honour of thy servant? for thou knowest thy servant.
19 ১৯ হে যিহোৱা, আপোনাৰ দাসৰ বাবে আৰু নিজৰ অভিপ্রায় সিদ্ধ কৰিবলৈ, আপুনি এই মহৎ কৰ্ম সাধন কৰিলে আৰু সকলো মহৎ কৰ্ম প্রকাশ কৰিলে।
O LORD, for thy servant’s sake, and according to thy own heart, hast thou done all this greatness, in making known all these great things.
20 ২০ হে যিহোৱা, আমি সদায় শুনা অনুসাৰে, আপোনাৰ তুল্য কোনো নাই, আৰু আপোনাৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
O LORD, there is none like thee, neither is there any God besides thee, according to all that we have heard with our ears.
21 ২১ আৰু পৃথিৱীৰ মাজত আপোনাৰ ইস্রায়েল লোকসকলৰ দৰে এনে কোন জাতি আছে? আপুনি ঈশ্বৰ যাক নিজৰ লোক কৰিবলৈ মিচৰৰ পৰা মুক্ত কৰিলে, যাতে মহৎ আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই আপোনাৰ নাম কৰিব। আৰু মিচৰৰ পৰা মুক্ত কৰা আপোনাৰ লোকসকলৰ আগৰ পৰা জাতি সমূহক খেদিলে।
And what one nation in the earth is like thy people Israel, whom God went to redeem to be his own people, to make thee a name by great and terrible things, by driving out nations from before thy people, whom thou hast redeemed out of Egypt?
22 ২২ তোমাৰ ইস্ৰায়েল লোকসকলক তুমি নিজৰ চিৰস্থায়ী লোক কৰিলা, আৰু হে যিহোৱা, তুমি তেওঁলোকৰ ঈশ্বৰ থ’লো।
For thy people Israel didst thou make thy own people for ever; and thou, LORD, becamest their God.
23 ২৩ সেয়ে এতিয়া হে যিহোৱা, আপুনি আপোনাৰ দাস আৰু তাৰ পৰিয়ালৰ বিষয়ে যি প্রতিজ্ঞা কৰিলে, তাক সদাকাললৈকে স্থিৰ কৰা হওক। যেনেকৈ আপুনি ক’লে, তেনেকৈয়ে কৰক।
Therefore now, LORD, let the thing that thou hast spoken concerning thy servant and concerning his house be established for ever, and do as thou hast said.
24 ২৪ আপোনাৰ নাম চিৰকালৰ বাবে স্থাপিত আৰু মহিমান্বিত হ’বৰ বাবে লোকসকলে এইদৰে ক’ব, বাহিনীসকলৰ যিহোৱা ইস্ৰায়েলৰ ঈশ্বৰ, আপোনাৰ দাস দায়ূদৰ বংশ আপোনাৰ সাক্ষাতে থিৰে থাকিব।
Let it even be established, that thy name may be magnified for ever, saying, The LORD of hosts is the God of Israel, even a God to Israel: and let the house of David thy servant be established before thee.
25 ২৫ কাৰণ হে মোৰ ঈশ্বৰ, মই তোমাৰ বাবে এক বংশ স্থাপন কৰিম বুলি আপুনিয়েই আপোনাৰ দাসৰ আগত প্ৰকাশ কৰিলে। সেই বাবেই মই আপোনাৰ দাস আপোনাৰ আগত প্ৰাৰ্থনা সাহ পালোঁ।
For thou, O my God, hast told thy servant that thou wilt build him an house: therefore thy servant hath found in his heart to pray before thee.
26 ২৬ এতিয়া হে যিহোৱা, আপুনি ঈশ্বৰ, আৰু আপুনিয়েই আপোনাৰ দাসলৈ এই মঙ্গল-প্ৰতিজ্ঞা কৰিলে।
And now, LORD, thou art God, and hast promised this goodness to thy servant:
27 ২৭ এতিয়া আপুনি অনুগ্ৰহ কৰি আপোনাৰ দাসৰ বংশক আশীৰ্ব্বাদ কৰক। যাতে আপোনাৰ দাসৰ বংশ যেন আপোনাৰ আগত চিৰকাল থাকে। হে যিহোৱা, আপুনিয়েই আশীৰ্ব্বাদ কৰিলে, আৰু সেয়ে চিৰকাললৈকে আশীৰ্ব্বাদযুক্ত হৈ থাকিব।
Now therefore let it please thee to bless the house of thy servant, that it may be before thee for ever: for thou blessest, O LORD, and it shall be blessed for ever.

< ১ বংশাবলি 17 >