< ১ বংশাবলি 16 >

1 তেওঁলোকে ঈশ্বৰৰ নিয়ম-চন্দুক বৈ আনিলে আৰু দায়ূদে নিয়ম-চন্দুকৰ বাবে তৰা তম্বুৰ মাজত ৰাখিলে। তাৰ পাছত ঈশ্বৰৰ সাক্ষাতে হোম-বলি আৰু সমজুৱা বলি উৎসৰ্গ কৰিলে।
Принесоша убо кивот Божий и поставиша его посреде скинии, юже водрузи ему Давид, и принесоша всесожжения и спасителная пред Господем.
2 দায়ূদে হোম-বলি আৰু সমজুৱা বলি উৎসৰ্গ কৰি শেষ কৰাৰ পাছত, তেওঁ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে।
И соверши Давид вознося всесожжения и спасителная, и благослови люди во имя Господне,
3 তেওঁ ইস্ৰায়েলৰ সকলো লোকক, পুৰুষ আৰু মহিলাৰ মাজত এটাকৈ পিঠা, এটুকুৰাকৈ মাংস, আৰু এটাকৈ কিচমিচৰ পিঠা ভগাই দিলে।
и раздели всякому мужу Израилску, от мужа даже до жены, мужу хлеб един печеный, (и часть печена мяса, ) и пряженый со елеем семидал:
4 দায়ূদে যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গুণ গাবলৈ, আৰু তেওঁৰ ধন্যবাদ-প্ৰশংসা কৰিবলৈ, লেবীয়াসকলৰ কেইজনমানক নিযুক্ত কৰিলে।
постави же пред лицем кивота завета Господня от левит, еже служити и возглашати (дела Его), и исповедати и хвалити Господа Бога Израилева:
5 সেই লেবীয়াসকলৰ মাজত প্ৰধান আছিল আচফ। তেওঁৰ পাছত জখৰিয়া, যিয়ীয়েল, চমীৰামোৎ, যিহীয়েল, মত্তিথিয়া, ইলীয়াব, বনায়া, ওবেদ-ইদোম, আৰু যিয়ীয়েল, এওঁলোকে বেহেলা আৰু বীণা বজাইছিল। আচফে মহা-ধ্বনিৰে তাল বজাইছিল,
Асаф началник, и другий по нем Захариа, Иеиил и Семирамоф, и Иеиил и Маттафиа, и Елиав и Ванеа и Авдедом: Иеиил же во органех и псалтири и гуслех, Асаф же в кимвалех возглашая:
6 যহজীয়েল আৰু বনায়া, এই দুজন পুৰোহিতে যিহোৱাৰ নিয়ম-চন্দুকৰ আগত প্রতিদিনে শিঙা বজাইছিল।
и Ванеа и Озиил священницы (трубиша) выну в трубы пред кивотом завета Божия.
7 তাৰ পাছত সেই দিনাই দায়ুদে যিহোৱাক ধন্যবাদ দিবৰ বাবে এই গীত গাবলৈ আচফ আৰু তেওঁৰ ভাইসকলক নিযুক্ত কৰিলে।
В той день устрои Давид в начале хвалити Господа рукою Асафа и братии его.
8 যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰা; জাতি সমূহৰ মাজত কৰা তেওঁৰ কাৰ্যবোৰ জনোৱা।
Песнь. Исповедайтеся Господеви и призывайте Его во имени Его, знаема сотворите людем начинания Его:
9 তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ মহিমা কৰা; তেওঁৰ সকলো আচৰিত কাৰ্যবোৰ কোৱা।
пойте Ему и воспойте Ему, поведите вся чудеса Его, яже сотвори Господь:
10 ১০ তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচাৰা সকলৰ মনে আনন্দ কৰক।
хвалите имя святое Его, да возвеселится сердце ищущее благоволения Его:
11 ১১ যিহোৱাক বিচাৰা আৰু তেওঁৰ শক্তিক বিচাৰা; সদায় তেওঁৰ উপস্থিতি বিচাৰা।
взыщите Господа и укрепитеся, взыщите лица Его выну:
12 ১২ তেওঁ কৰা আচৰিত কৰ্মবোৰ সোঁৱৰণ কৰা, তেওঁৰ অদ্ভুত কাম আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ সোৱঁৰা।
помяните чудеса Его, яже сотвори, знамения и судбы уст Его,
13 ১৩ তেওঁৰ দাস ইস্ৰায়েলৰ বংশধৰসকল, তেওঁৰ মনোনীত সকলৰ মাজৰ এজন যাকোবৰ লোক,
семя Израилево, раби Его, сынове Иаковли, избраннии Его.
14 ১৪ তেওঁ যিহোৱা, আমাৰ ঈশ্ৱৰ। তেওঁৰ শাসন-প্ৰণালী সকলো পৃথিৱীত প্ৰচলিত।
Той Господь Бог наш, во всей земли судбы Его.
15 ১৫ তোমালোকে তেওঁৰ নিয়মটি চিৰদিনলৈকে মনত ৰাখা, এক হাজাৰ পুৰুষক তেওঁৰ বাক্য আজ্ঞা কৰা।
Помянем во век завет Его, слово Его, еже заповедал в тысящы родов,
16 ১৬ তেওঁ অব্ৰাহামৰ লগত স্থাপন কৰা নিয়ম, আৰু ইচহাকলৈ কৰা শপত তোমালোকে সোঁৱৰণ কৰা।
еже завеща Аврааму, и клятву Свою Исааку:
17 ১৭ আৰু এইদৰে তেওঁ যাকোবৰ বাবে এটা বিধান স্থিৰ কৰিলে, আৰু ইস্ৰায়েলৰ কাৰণে এটা অনন্তকাল স্থায়ী নিয়ম স্থিৰ কৰিলে।
и постави е Иакову в повеление, Израилю в завет вечен,
18 ১৮ তেওঁ ক’লে, “মই তোমাক কনান দেশ দিম, তোমাৰ স্বত্ব থকা আধিপত্য দিম।”
глаголя: тебе дам землю Ханааню, уже достояния вашего.
19 ১৯ মই কৈছিলোঁ সেই সময়ত তোমালোকৰ সদস্য কম আছিল, সেয়ে অতি তাকৰ, আৰু দেশত প্ৰবাসী আছিলা।
Внегда быти им малым числом, яко умалишася и преселишася в ню,
20 ২০ তেওঁলোক এক দেশৰ পৰা আন দেশলৈ, এক ৰাজ্যৰ পৰা আন ৰাজ্যলৈ
и преидоша от языка в язык и от царствия к людем иным,
21 ২১ তেওঁ তেওঁলোকক অত্যাচাৰ কৰিবলৈ কাকো নিদিলে; তেওঁ তেওঁলোকৰ বাবে ৰজা সকলকো শাস্তি দিছিল।
не остави мужа обидети их, и обличи о них цари:
22 ২২ তেওঁ কৈছিল, “তোমালোকে মোৰ অভিষিক্ত সকলক নুচুবা, আৰু মোৰ ভাববাদী সকলৰ কোনো অনিষ্ট নকৰিবা।”
не прикасайтеся помазанным Моим, и во пророцех Моих не лукавнуйте.
23 ২৩ হে সমস্ত পৃথিৱী, যিহোৱাৰ উদ্দেশে গীত গোৱা; প্রতিদিনে তেওঁৰ পৰিত্ৰাণ ঘোষণা কৰা।
Воспойте Господеви, вся земля, возвестите от дне на день спасение Его,
24 ২৪ জাতি সমূহৰ মাজত, তেওঁৰ গৌৰৱ প্ৰকাশ কৰা, জাতি সমূহৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।
возвестите во языцех славу Его, во всех людех чудеса Его,
25 ২৫ কাৰণ যিহোৱা মহান আৰু অতি প্ৰশংসনীয়; আৰু আন সকলো দেৱতা বোৰতকৈ তেওঁ ভয়ানক।
яко велий Господь и хвален зело, страшен есть над всеми боги.
26 ২৬ কাৰণ জাতি সকলৰ সকলো দেৱতাবোৰ প্রতিমা মাথোন, কিন্তু তেওঁ যিহোৱা যি জনে আকাশ-মণ্ডল সৃষ্টি কৰিলে।
Яко вси бози языков идоли: Господь же наш небеса сотвори.
27 ২৭ মহিমা আৰু প্ৰতাপ তেওঁৰ সাক্ষাতে আছে। তেওঁৰ স্থানত শক্তি আৰু আনন্দ থাকে।
Слава и величество пред лицем Его, крепость и похвала в месте Его святем.
28 ২৮ জাতি সমূহৰ লোকসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গৌৰৱ আৰু শক্তি আৰোপ কৰা। যিহোৱাৰ উদ্দেশে গৌৰৱ আৰু শক্তি দিয়া;
Дадите Господеви, отечествия языков, дадите Господеви славу и крепость,
29 ২৯ যিহোৱাৰ উদ্দেশে তেওঁৰ নাম গৌৰৱ কৰা। তেওঁৰ আগত উপহাৰ লৈ আহাঁ। পবিত্ৰতাৰে বিভূষিত হৈ যিহোৱাৰ আগত আঁঠুকাঢ়া।
дадите Господеви славу имени Его: возмите дары и принесите пред лице Его, и поклонитеся Господеви во дворех святых Его.
30 ৩০ সমস্ত পৃথিৱী, তেওঁৰ আগত কম্পমান হোৱা। পৃথিৱী খনো লৰচৰ নোহোৱাকৈ স্থাপিত হৈছে।
Да убоится от лица Его вся земля, да исправится земля и да не подвижится:
31 ৩১ আকাশ-মণ্ডল আনন্দ কৰক, আৰু পৃথিৱীও উল্লাসিত হওক; জাতি সমূহৰ মাজত তেওঁলোকে কওঁক, “যিহোৱাই ৰাজত্ব কৰিছে।”
да возвеселятся небеса и да возрадуется земля, и да рекут во языцех: Господь царствует.
32 ৩২ সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক; আৰু যিবোৰে তাক পূৰ্ণ কৰে, সেইবোৰেও উচ্চস্বৰে আনন্দ কৰক। পথাৰবোৰ আৰু তাত থকা সকলোৱেও আনন্দ কৰক।
Да возгласит море и исполнение его, и древа польская, и вся яже на них.
33 ৩৩ তেতিয়া কাঠনিৰ সকলো গছবোৰে যিহোৱাৰ সাক্ষাতে উচ্ছস্বৰে আনন্দ কৰিব, কাৰণ তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে।
Тогда возвеселятся древа дубравная пред лицем Господним, яко прииде судити земли.
34 ৩৪ যিহোৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
Исповедайтеся Господеви, яко благ, яко в век милость Его,
35 ৩৫ আৰু কোৱা, “হে আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰ, আমাক উদ্ধাৰ কৰা। তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিবলৈ, তোমাৰ প্ৰশংসাত জয়-ধ্বনি কৰিবলৈ; আমাক একলগ কৰি আন জাতিবোৰৰ পৰা আমাক উদ্ধাৰ কৰা। যাতে আমি আপোনাৰ পবিত্র নামত ধন্যবাদ কৰিব পাৰোঁ আৰু আপোনাৰ প্রশংসাত মহিমা কৰিব পাৰোঁ।
и глаголите: спаси ны, Боже, Спасителю наш, и собери нас, и изми нас от язык, да хвалим имя святое Твое, и хвалимся во хвалениих Твоих.
36 ৩৬ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওক। অনাদি কালৰ পৰা অনন্ত কাললৈকে।” তেতিয়া সকলো লোকে ক’লে, “আমেন” আৰু যিহোৱাৰ প্ৰশংসা কৰিলে।
Благословен Господь Бог Израилев от века даже и до века. И рекут вси людие: аминь. И восхвалиша Господа.
37 ৩৭ প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে নিয়ম-চন্দুকৰ আগত একেৰাহে পৰিচৰ্যা কৰিবলৈ, তেওঁ আচফক আৰু তেওঁৰ ভাইসকলক যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত ৰাখিলে।
И оставиша тамо пред кивотом завета Господня Асафа и братию его, да служат пред кивотом выну по вся дни:
38 ৩৮ ওবেদ-ইদোমৰ লগত তেওঁলোকৰ আঠষষ্টি জন সম্পৰ্কীয় লোকক ভুক্ত কৰা হ’ল, যিদূথূনৰ পুত্ৰ ওবেদ-ইদোম আৰু লগতে হোচা দুৱৰী হ’ল।
и Авдедом и братия его, шестьдесят осмь: и Авдедом сын Идифунь и Осай (поставлени) во дверники:
39 ৩৯ চাদোক পুৰোহিত, আৰু লগৰীয়া পুৰোহিতসকল গিবিয়োনৰ ওখ ঠাইত যিহোৱাৰ আবাসৰ আগত পৰিচৰ্যা কৰিলে।
Садока же священника и братию его священниками пред скиниею Господнею в вышних иже в Гаваоне,
40 ৪০ হোম-বেদিৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে একেৰাহে ৰাতিপুৱা আৰু গধূলি হোম-বলি উৎসৰ্গ কৰিছিল, এইসকলো যিহোৱাই লিখাৰ দৰে কাৰ্য কৰিবলৈ ইস্ৰায়েলক যিহোৱাই আজ্ঞা কৰিছিল।
да возносят всесожжения Господеви на олтари всесожжений выну утро и вечер, и по всем яже писана суть в законе Господни, елика повеле сыном Израилевым рукою Моисеа раба Божия:
41 ৪১ যিহোৱাক ধন্যবাদ দিবলৈ, হেমন, আৰু যিদূথূন লগত নামেৰে মনোনীত অৱশিষ্ট লোকসকলক একেলগে ৰাখিলে, কাৰণ “যিহোৱাৰ দয়া চিৰকাললৈকে থাকে,”
и с ними Еман и Идифум и прочии избраннии кийждо званием своим еже хвалити Господа, яко в век милость Его:
42 ৪২ হেমন আৰু যিদূথূন তূৰী, তাল আৰু ঈশ্বৰীয় বাদ্যযন্ত্ৰসমূহ বজোৱাসকলৰ তত্ত্ৱাৱধানত আছিল। যিদূথূনৰ পুত্ৰসকল দুৱাৰ ৰখীয়া কৰিছিল।
и с ними трубы и кимвалы еже возглашати, и органы пений Божиих: сынове же Идифумли во вратех (стояху).
43 ৪৩ তাৰ পাছত সকলো লোক নিজৰ নিজৰ ঘৰলৈ উভটি আহিল, আৰু দায়ূদেও নিজৰ পৰিয়ালসকলক আশীৰ্ব্বাদ কৰিবলৈ উভতি আহিল।
И идоша вси людие кийждо в дом свой, и Давид возвратися, да благословит дом свой.

< ১ বংশাবলি 16 >