< ՅԱՅՏՆՈՒԹԻՒՆ ՅՈՎՀԱՆՆՈՒ 6 >

1 Նայեցայ՝ երբ Գառնուկը բացաւ կնիքներէն մէկը՝՝, եւ լսեցի չորս էակներէն մէկուն ձայնը՝ որոտումի պէս, որ կ՚ըսէր. «Եկո՛ւր ու տե՛ս»:
পাছত মই সেই মেৰ-পোৱালি জনে সাতোটা ছাব মেলা দেখিলোঁ আৰু তেতিয়া সেই চাৰি জীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, “আহা”!
2 Եւ տեսայ. ահա՛ ճերմակ ձի մը կար, որուն վրայ հեծնողը ունէր աղեղ մը: Պսակ մը տրուեցաւ անոր, ու դուրս ելաւ իբր յաղթող՝ որպէսզի յաղթէ:
তেতিয়া মই চাওতে সেই ঠাইত এটা বগা ঘোঁৰা দেখিলোঁ আৰু তাৰ অশ্ৱাৰোহী জনৰ হাতত এখন ধনু আছিল, আৰু তেওঁক এটা কিৰীটি দিয়া হ’ল; তাতে তেওঁ জয় লাভ কৰোঁতাৰ দৰে জয় কৰিবলৈ ওলাই গ’ল।
3 Երբ բացաւ երկրորդ կնիքը, լսեցի երկրորդ էակը՝ որ կ՚ըսէր. «Եկո՛ւր»:
যেতিয়া সেই মেৰ-পোৱালিয়ে দ্বিতীয় ছাবটো মেলিলে, তেতিয়া মই দ্বিতীয় জীৱিত প্ৰাণীটোক কোৱা শুনিলোঁ, “আহা”!
4 Ուրիշ, շառագոյն ձի մը դուրս ելաւ, եւ անոր վրայ հեծնողին իշխանութիւն տրուեցաւ՝ որ երկրէն վերցնէ խաղաղութիւնը, որպէսզի մորթեն զիրար. ու մեծ սուր մը տրուեցաւ անոր:
তেতিয়া আৰু এটা ঘোঁৰা ওলাল, সি জুইৰ দৰে ৰঙা আৰু মানুহবোৰে পৰস্পৰে যাতে বধ কৰিব সেই কাৰণে তাত উঠা জনক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ’ল; এই অশ্বাৰোহী জনক এখন বৃহৎ আকাৰৰ তৰোৱাল দিয়া হ’ল।
5 Երբ բացաւ երրորդ կնիքը, լսեցի երրորդ էակը՝ որ կ՚ըսէր. «Եկո՛ւր ու տե՛ս»: Եւ տեսայ. ահա՛ սեւ ձի մը կար, որուն վրայ հեծնողը՝ ձեռքին մէջ ունէր կշիռք մը:
যেতিয়া তেওঁ তৃতীয় ছাবটো মেলিলে, তেতিয়া তৃতীয় প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ “আহা”! তেতিয়া মই এটা ক’লা ঘোঁৰা দেখিলোঁ; আৰু তাত উঠা জনৰ হাতত এখন পাল্লা আছিল।
6 Չորս էակներուն մէջէն լսեցի ձայն մը՝ որ կ՚ըսէր. «Կապիճ մը ցորենը՝ մէկ դահեկանի, ու երեք կապիճ գարին՝ մէկ դահեկանի: Մի՛ վնասեր ձէթին եւ գինիին»:
পাছত সেই চাৰি জীৱিত প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে, এই কথা মই শুনিলো, বোলে, “এসেৰ ঘেঁহু ধানৰ মূল্য এক আধলি; তিনি সেৰ যৱ ধানৰ মূল্য এক আধলি; কিন্তু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা”।
7 Երբ բացաւ չորորդ կնիքը, լսեցի չորրորդ էակին ձայնը՝ որ կ՚ըսէր. «Եկո՛ւր ու տե՛ս»:
যেতিয়া তেওঁ চতুৰ্থ ছাবটো মেলিলে, তেতিয়া চতুৰ্থ প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ, “আহা”!
8 Եւ տեսայ. ահա՛ տժգոյն ձի մը կար, որուն վրայ հեծնողին անունը Մահ էր, ու դժոխքը կը հետեւէր անոր: Իշխանութիւն տրուեցաւ անոնց՝ երկրի քառորդին վրայ, որ սպաննեն թուրով, սովով, մահով ու երկրի գազաններով: (Hadēs g86)
তেতিয়া মই এটা অনুজ্জ্ৱল বৰণৰ ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনৰ নাম মৃত্যু; আৰু পৰলোক তাৰ পাছে পাছে আহি আছিল। তেওঁলোকক দিয়া তৰোৱালেৰে আকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীৰ চাৰিভাগৰ এভাগৰ ওপৰত সেই উভয়ক ক্ষমতা দিয়া হ’ল। (Hadēs g86)
9 Երբ բացաւ հինգերորդ կնիքը, զոհասեղանին ներքեւ տեսայ անձերը անոնց՝ որ մորթուած էին Աստուծոյ խօսքին համար, եւ իրենց տուած վկայութեան համար:
যেতিয়া মেৰ-পোৱালিটোৱে পঞ্চম ছাব মেলিলে, তেতিয়া সেই স্বৰ্গীয় বেদিৰ তলত, যি লোক সকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ।
10 Անոնք բարձրաձայն աղաղակեցին. «Սո՛ւրբ եւ ճշմարի՛տ Տիրակալ, մինչեւ ե՞րբ պիտի չդատես ու չառնես մեր արիւնին վրէժը երկրի բնակիչներէն»:
১০তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “হে সকলোৰে শাসনকর্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সোধ-বিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ, তুমি কিমান কাল পলম কৰিবা?”
11 Ճերմակ պարեգօտ տրուեցաւ անոնցմէ իւրաքանչիւրին, եւ ըսուեցաւ անոնց որ հանգչին քիչ մը ժամանակ ալ, մինչեւ որ ամբողջանան իրենց ծառայակիցներն ու անոնց եղբայրները՝ որոնք պիտի սպաննուէին իրենց պէս:
১১তেতিয়া তেওঁলোকৰ প্ৰত্যেক জনক বগা বস্ত্ৰ দিয়া হ’ল আৰু তেওঁলোকক এই কথা কোৱা হ’ল যে, যেতিয়ালৈ তেওঁলোকৰ সহদাস, ভাই আৰু ভনী সকলক তেওঁলোকৰ নিচিনাকৈ বধ কৰা নহ’ব, আৰু সেই সকলো সংখ্যা পুৰ নোহোৱালৈকে, তেওঁলোকে অলপ কাল ক্ষান্ত হব লাগিব।
12 Տեսայ՝ երբ բացաւ վեցերորդ կնիքը, եւ ահա՛ մեծ երկրաշարժ մը եղաւ: Արեւը սեւցաւ՝ մազեղէն քուրձի մը պէս, լուսինը (բոլորովին) արիւնի գոյնի պէս եղաւ,
১২পাছত তেওঁ যেতিয়া ষষ্ঠ ছাবটো মেলিলে, মই চাই দেখিলোঁ যে মহা-ভুমিকম্প হবলৈ ধৰিলে; আৰু নোমৰ চট কাপোৰৰ নিচিনা সুৰ্য্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল।
13 ու երկինքի աստղերը ինկան երկրի վրայ, ինչպէս սաստիկ հովէն շարժուած թզենին կը թափէ իր տհաս պտուղները:
১৩আৰু বৰ বতাহে লৰোৱা ডিমৰু গছৰ অপঁইতা গুটি সৰি পৰাৰ দৰে আকাশৰ তৰাবোৰ পৃথিৱীত পৰিবলৈ ধৰিলে৷
14 Երկինքը կծկուեցաւ ոլորուող մագաղաթի մը պէս, եւ բոլոր լեռներն ու կղզիները շարժեցան իրենց տեղերէն:
১৪আকাশমণ্ডল নুৰিওৱা পুথিৰ দৰে লুপ্ত হ’ল; আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ’ল।
15 Երկրի թագաւորները, մեծամեծները, հարուստները, հազարապետները, զօրաւորները, եւ բոլոր ստրուկներն ու բոլոր ազատները պահուըտեցան քարայրներու եւ լեռներու ժայռերուն մէջ,
১৫তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোক সকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে৷
16 ու կ՚ըսէին լեռներուն եւ ժայռերուն. «Ինկէ՛ք մեր վրայ ու պահեցէ՛ք մեզ գահին վրայ բազմողին երեսէն, եւ Գառնուկին բարկութենէն:
১৬তাতে সেই পৰ্বত আৰু শিলবোৰক তেওঁলোকে ক’লে, “আমাৰ ওপৰত পৰি, সেই সিংহাসনত বহি থকা জনৰ সন্মুখৰ পৰা আৰু মেৰ-পোৱালি জনৰ ক্ৰোধৰ পৰা আমাক লুকুৱাই ৰাখা;
17 Որովհետեւ անոր բարկութեան մեծ օրը եկաւ, եւ ո՞վ կրնայ դիմանալ»:
১৭কিয়নো তেওঁলোকৰ ক্ৰোধৰ সেই মহা-দিন আহিল আৰু সেইদিন কোনে সহিব পাৰে?”

< ՅԱՅՏՆՈՒԹԻՒՆ ՅՈՎՀԱՆՆՈՒ 6 >