< ՄԱՏԹԷՈՍ 9 >

1 Ուստի նաւ մտնելով՝ անցաւ միւս կողմը ու գնաց իր քաղաքը:
পাছত যীচুৱে নাৱত উঠি সাগৰ পাৰ হৈ নিজৰ নগৰলৈ আহিল।
2 Եւ բերին իրեն անդամալոյծ մը, որ պառկած էր մահիճի մէջ: Յիսուս՝ տեսնելով անոնց հաւատքը՝ ըսաւ անդամալոյծին. «Քաջալերուէ՛, որդեա՛կ, մեղքերդ ներուած են քեզի»:
এনেতে কেইজনমান লোকে বিচনাত পৰি থকা এজন পক্ষাঘাত ৰোগত আক্রান্ত অৱশ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। সেই লোক সকলৰ দৃঢ় আস্থা দেখি যীচুৱে ৰোগীজনক ক’লে, “বোপা, নিৰ্ভয় হোৱা; তোমাৰ সকলো পাপ ক্ষমা কৰা হ’ল।”
3 Դպիրներէն ոմանք ըսին՝ իրենք իրենց մէջ. «Ասիկա կը հայհոյէ»:
তেতিয়া বিধানৰ অধ্যাপক কেইজনমানে নিজৰ মাজতে মনে মনে কবলৈ ধৰিলে, “এই মানুহ জনে ঈশ্বৰৰ নিন্দা কৰিছে।”
4 Յիսուս՝ գիտնալով անոնց մտածումները՝ ըսաւ. «Ինչո՞ւ չար բան կը մտածէք ձեր սիրտերուն մէջ:
যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, ‘আপোনালোকে মনে মনে বেয়া চিন্তা কৰিছে কিয়?’
5 Ո՞րը աւելի դիւրին է, “մեղքերդ ներուած են” ըսե՞լը, թէ՝ “ոտքի՛ ելիր ու քալէ՛” ըսելը:
কোনটো কোৱা সহজ- ‘তোমাৰ পাপ সমূহ ক্ষমা কৰা হ’ল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
6 Բայց որպէսզի գիտնաք թէ մարդու Որդին իշխանութիւն ունի մեղքերը ներելու երկրի վրայ, (այն ատեն ըսաւ անդամալոյծին.) “Ոտքի՛ ելիր, ա՛ռ մահիճդ ու գնա՛ տունդ”»:
কিন্তু আপোনালোকে যেন জানিব পাৰে যে, এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগীজনক ক’লে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।’
7 Ան ալ ոտքի ելաւ եւ գնաց իր տունը:
তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ’ল।
8 Երբ բազմութիւնները տեսան՝ զարմացան, ու փառաբանեցին Աստուած, որ այդպիսի իշխանութիւն տուած էր մարդոց:
ইয়াকে দেখি লোক সকলৰ ভয় লাগিল আৰু ঈশ্বৰে মানুহক এনে ক্ষমতা দিয়াৰ কাৰণে ঈশ্বৰৰ প্রশংসা কৰিবলৈ ধৰিলে।
9 Յիսուս անկէ յառաջ երթալով՝ տեսաւ մարդ մը, Մատթէոս կոչուած, որ նստած էր մաքս ընդունելու տեղը, եւ ըսաւ անոր. «Հետեւէ՛ ինծի»: Ան ալ կանգնեցաւ ու հետեւեցաւ անոր:
যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, “মোৰ পাছত আহা।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল।
10 Տունը սեղան նստած՝՝ ատենը՝ ահա՛ ուրիշ շատ մաքսաւորներ եւ մեղաւորներ եկած ու սեղան նստած էին Յիսուսի եւ անոր աշակերտներուն հետ:
১০ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত কৰ সংগ্রহকৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল।
11 Երբ Փարիսեցիները տեսան՝ ըսին անոր աշակերտներուն. «Ինչո՞ւ ձեր վարդապետը կ՚ուտէ մաքսաւորներու եւ մեղաւորներու հետ»:
১১ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, “তোমালোকৰ গুৰুৱে কৰ সংগ্রহকৰী আৰু ‘পাপী লোক’ সকলৰ সৈতে কিয় ভোজন কৰে?”
12 Բայց երբ Յիսուս լսեց՝ ըսաւ անոնց. «Ո՛չ թէ առողջներուն բժիշկ պէտք է, հապա՝ հիւանդներուն:
১২এই কথা শুনি যীচুৱে ক’লে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্রয়োজন নাই; কিন্তু ৰোগী সকলৰ কাৰণেহে প্রয়োজন আছে।
13 Գացէ՛ք, սորվեցէ՛ք թէ ի՛նչ ըսել է. “Կարեկցութի՛ւն կ՚ուզեմ, ու ո՛չ թէ զոհ”. որովհետեւ ես եկայ կանչելու ո՛չ թէ արդարները, հապա մեղաւորները՝ ապաշխարութեան»:
১৩“মই বলিদান নোখোজো, দয়াহে বিচাৰো,”শাস্ত্রৰ এই কথাষাৰৰ অৰ্থ কি সেই বিষয়ে শিকি আহাগৈ। কিয়নো মই ধাৰ্মিক লোকক মন-পালটন কৰিবৰ বাবে নিমন্ত্রণ কৰা নাই, কিন্তু পাপী লোকক নিমন্ত্ৰণ কৰিবৰ বাবেহে মই আহিছোঁ।”
14 Այն ատեն Յովհաննէսի աշակերտները եկան անոր եւ ըսին. «Ինչո՞ւ մենք ու Փարիսեցիները յաճախ ծոմ կը պահենք, իսկ քու աշակերտներդ չեն պահեր»:
১৪তাৰ পাছত যোহনৰ শিষ্য সকলে যীচুৰ ওচৰলৈ আহি ক’লে, “আমি আৰু ফৰীচী সকলে প্রায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্য সকলে কিয় লঘোন নিদিয়ে?”
15 Յիսուս ըսաւ անոնց. «Միթէ կարելի՞ է՝ որ հարսնեւորները սգան, քանի փեսան իրենց հետ է: Բայց օրերը պիտի գան՝ երբ փեսան պիտի վերցուի իրենցմէ. ա՛յն ատեն ծոմ պիտի պահեն:
১৫তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে জানো দৰাৰ সখি সকলে শোক কৰিব পাৰে? কিন্তু এনে দিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হ’ব; তেতিয়া তেওঁলোকেও লঘোন দিব।”
16 Ո՛չ մէկը կը ձգէ նոր լաթի կտոր մը հին հանդերձի մը վրայ, որովհետեւ անիկա որ անոր լրումին համար դրուած է, կը քաշէ հանդերձը, ու պատռուածքը աւելի գէշ կ՚ըլլայ:
১৬“কোনেও পুৰণি বস্ত্ৰত নতুন কাপোৰৰ টাপলি নামাৰে; কিয়নো টাপলি মাৰা নতুন কাপোৰ ডোখৰে সেই বস্ত্ৰক ফালি নিয়ে; তাতে ফটা ডোখৰ বেচিকৈহে ফাটে।”
17 Ո՛չ ալ նոր գինին կը դնեն հին տիկերու մէջ. այլապէս՝ տիկերը կը պատռին, ե՛ւ գինին կը թափի, ե՛ւ տիկերը կը կորսուին: Հապա նոր գինին կը դնեն նո՛ր տիկերու մէջ, ու երկուքն ալ կը պահուին»:
১৭এনেদৰে কোনো মানুহে নতুন দ্ৰাক্ষাৰসচামৰাৰ পুৰণি মোটতনথয়; যদি থয়, মোটবোৰ ফাটি গৈ সেই দ্রাক্ষাৰস পৰি যায় আৰু মোটবোৰো নষ্ট হয়। বৰং মানুহে নতুন দ্ৰাক্ষাৰস নতুন মোটতহে থয়, আৰু তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।”
18 Երբ ան այս բաները կը խօսէր անոնց հետ, ահա՛ պետ մը եկաւ ու երկրպագեց անոր՝ ըսելով. «Աղջիկս թերեւս վախճանած է մինչեւ հիմա. բայց եկո՛ւր, դի՛ր ձեռքդ անոր վրայ, եւ պիտի ապրի»:
১৮যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।”
19 Յիսուս ալ ոտքի ելաւ ու հետեւեցաւ անոր՝ իր աշակերտներուն հետ:
১৯তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গ’ল।
20 Եւ ահա՛ կին մը, որ արիւնահոսութենէ կը տառապէր տասներկու տարիէ ի վեր, մօտեցաւ ետեւէն ու դպաւ անոր հանդերձին քղանցքին.
২০সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল।
21 քանի որ կ՚ըսէր ինքնիրեն. «Եթէ միայն դպչիմ անոր հանդերձին՝ պիտի բժշկուիմ»:
২১তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।”
22 Յիսուս, երբ ետեւ դարձաւ ու տեսաւ զայն, ըսաւ. «Քաջալերուէ՛, աղջիկ, հաւատքդ բժշկեց քեզ»: Եւ կինը բժշկուեցաւ նոյն ժամուն:
২২যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
23 Երբ Յիսուս հասաւ պետին տունը, ու տեսաւ սրնգահարները եւ աղմկարար բազմութիւնը,
২৩তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে।
24 ըսաւ անոնց. «Մեկնեցէ՛ք, որովհետեւ աղջիկը մեռած չէ, հապա կը քնանայ»:
২৪যীচুৱে ক’লে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে।
25 Անոնք ալ ծաղրեցին զինք: Բայց երբ բազմութիւնը դուրս հանուեցաւ, ինք ներս մտաւ, բռնեց անոր ձեռքէն, եւ աղջիկը ոտքի ելաւ:
২৫পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গ’ল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল।
26 Այս լուրը տարածուեցաւ ամբողջ երկիրը:
২৬পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল।
27 Երբ Յիսուս յառաջ անցաւ անկէ, երկու կոյրեր հետեւեցան անոր՝ աղաղակելով. «Ողորմէ՜ մեզի, Դաւիթի՛ Որդի».
২৭যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ’ল। তেওঁলোকে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।”
28 Երբ տուն հասաւ, կոյրերը եկան իրեն: Յիսուս ըսաւ անոնց. «Կը հաւատա՞ք թէ կրնամ ընել այս բանը»: Ըսին անոր. «Այո՛, Տէ՛ր»:
২৮পাছত যীচু যেতিয়া ঘৰ আহি পালে, সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “মই এই কম কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে তেওঁক ক’লে, “হয় প্ৰভু, কৰোঁ।”
29 Այն ատեն դպաւ անոնց աչքերուն եւ ըսաւ. «Թող ըլլայ ձեզի՝ ձեր հաւատքին համեմատ»:
২৯তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক’লে, “তোমালোকে যেনেদৰে বিশ্বাস কৰিছা, তোমালোকৰ প্রতি সেইদৰেই হওক।”
30 Անոնց աչքերը բացուեցան, ու Յիսուս ազդարարեց անոնց՝ ըսելով. «Զգուշացէ՛ք որ ո՛չ մէկը գիտնայ»:
৩০সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”
31 Բայց անոնք մեկնելով տարածեցին անոր համբաւը այդ ամբողջ երկրին մէջ:
৩১কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে।
32 Երբ անոնք դուրս ելան, ահա՛ համր դիւահար մարդ մը բերին իրեն:
৩২সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে।
33 Երբ դեւը ելաւ, համրը խօսեցաւ: Ուստի բազմութիւնները զարմացան, ու կ՚ըսէին թէ բնա՛ւ այսպիսի բան երեւցած չէր Իսրայէլի մէջ:
৩৩যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
34 Բայց Փարիսեցիները կ՚ըսէին. «Ան դեւերուն իշխանո՛վ դուրս կը հանէ դեւերը»:
৩৪কিন্তু ফৰীচী সকলে ক’লে, “সি ভূতবোৰৰ ৰজা চয়তানৰ সহায়ত ভূতক খেদায়।”
35 Յիսուս կը շրջէր բոլոր քաղաքներն ու գիւղերը, կը սորվեցնէր անոնց ժողովարաններուն մէջ, կը քարոզէր արքայութեան աւետարանը, եւ կը բուժէր բոլոր ախտերն ու բոլոր վատառողջութիւնները ժողովուրդին մէջ:
৩৫যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।
36 Եւ տեսնելով բազմութիւնները՝ գթաց անոնց վրայ, որովհետեւ պարտասած ու ցրուած էին՝ հովիւ չունեցող ոչխարներու պէս:
৩৬তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
37 Այն ատեն ըսաւ իր աշակերտներուն. «Հունձքը ի՛րապէս շատ է, բայց գործաւորները՝ քիչ.
৩৭তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।
38 ուրեմն աղերսեցէ՛ք հունձքին Տէրոջ, որ գործաւորներ ուղարկէ իր հունձքին»:
৩৮এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”

< ՄԱՏԹԷՈՍ 9 >