< ՄԱՏԹԷՈՍ 7 >

1 «Մի՛ դատէք, որպէսզի չդատուիք:
তোমালোকে অন্য লোকৰ সোধ-বিচাৰ নকৰিবা, তেতিয়াহে তোমালোকৰো বিচাৰ কৰা নহ’ব।
2 Որովհետեւ ի՛նչ դատաստանով որ դատէք՝ անո՛վ պիտի դատուիք, եւ ի՛նչ չափով որ չափէք՝ անո՛վ պիտի չափուի ձեզի:
কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
3 Եւ ինչո՞ւ կը տեսնես եղբօրդ աչքին մէջի շիւղը, ու չես նշմարեր քո՛ւ աչքիդ մէջի գերանը:
তুমি নিজৰ চকুত থকা চতি ডাললৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা?
4 Կամ ի՞նչպէս կրնաս ըսել եղբօրդ. “Թո՛յլ տուր որ հանեմ աչքէդ շիւղը”, երբ ահա՛ գերան կայ քո՛ւ աչքիդ մէջ:
তোমাৰ নিজৰ চকুত এডাল চতি লাগি থাকোতেই, তোমাৰ ভাইক “আহা, তোমাৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ দিয়া” এই কথা কেনেকৈ কব পাৰা?
5 Կեղծաւո՛ր, նախ հանէ՛ քո՛ւ աչքէդ գերանը, եւ ա՛յն ատեն յստակ պիտի տեսնես՝ հանելու համար շիւղը եղբօրդ աչքէն:
হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি ডাল উলিয়াই পেলোৱা, তেতিয়াহে তোমাৰ ভাইৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ ভালকৈ দেখিবা।
6 Սուրբ բանը մի՛ տաք շուներուն, ու ձեր մարգարիտները մի՛ նետէք խոզերուն առջեւ, որպէսզի չկոխկռտեն զանոնք իրենց ոտքերուն տակ, եւ դառնալով չբզքտեն ձեզ»:
কোনো পবিত্র বস্তু কুকুৰবোৰক নিদিবা আৰু গাহৰিৰ আগত তোমালোকৰ মুকুতা নেপেলাবা; হয়তো সিহঁতে সেইবোৰ ভৰিৰ তলত লৈ গচকি নষ্ট কৰিব আৰু তোমাৰ ফালে ঘূৰি আহি তোমাকো টুকুৰা-টুকুৰ কৰি ছিৰি পেলাব।
7 «Խնդրեցէ՛ք՝ ու պիտի տրուի ձեզի. փնտռեցէ՛ք՝ ու պիտի գտնէք. դուռը բախեցէ՛ք՝ ու պիտի բացուի ձեզի:
খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
8 Որովհետեւ ո՛վ որ խնդրէ՝ կը ստանայ, ո՛վ որ փնտռէ՝ կը գտնէ, եւ ո՛վ որ դուռը բախէ՝ պիտի բացուի անոր:
কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।
9 Ձեզմէ ո՞վ է այն մարդը, որմէ եթէ իր որդին հաց ուզէ՝ քար կու տայ անոր.
তোমালোকৰ মাজত এনে কোনো মানুহ আছে নেকি যে, তেওঁৰ ল’ৰাই পিঠা খুজিলে তাক শিল দিব?
10 կամ եթէ ձուկ ուզէ՝ միթէ օ՞ձ կու տայ անոր:
১০নাইবা মাছ খুজিলে সাপ দিব?
11 Ուրեմն եթէ դո՛ւք՝ որ չար էք, գիտէք բարի նուէրներ տալ ձեր զաւակներուն, ո՜րչափ աւելի ձեր Հայրը՝ որ երկինքն է, բարի՛ բաներ պիտի տայ անոնց՝ որ կը խնդրեն իրմէ:
১১তোমালোক দুষ্ট হৈয়ো যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোক সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব?
12 Ուրեմն ամէն ինչ որ կ՚ուզէք՝ որ մարդիկ ընեն ձեզի, դո՛ւք ալ այնպէս ըրէք անոնց, որովհետեւ ասիկա՛ է Օրէնքն ու Մարգարէները»:
১২এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।
13 «Նե՛ղ դռնէն ներս մտէք. որովհետեւ լայն է այն դուռը, եւ ընդարձակ՝ այն ճամբան, որ դէպի կորուստ կը տանի, ու շատ են անոնք՝ որ կը մտնեն անկէ.
১৩ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যিয়ে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ ডাঙৰ আৰু বাটো বহল। তাৰ মাজেদি সোমোৱা লোকো অনেক।
14 որովհետեւ նեղ է այն դուռը, եւ անձուկ՝ այն ճամբան, որ դէպի կեանք կը տանի, ու քիչ են անոնք՝ որ կը գտնեն զայն»:
১৪কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়।
15 «Զգուշաց՛էք սուտ մարգարէներէն, որոնք կու գան ձեզի ոչխարի հանդերձներով, բայց ներսէն՝ յափշտակող գայլեր են:
১৫ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।
16 Իրենց պտուղէ՛ն պիտի ճանչնաք զանոնք: Միթէ փուշերէն կը քաղե՞ն խաղող, կամ տատասկէն՝ թուզ:
১৬সিহঁতৰ জীৱনৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙুৰ ফল বা কাঁইট গছৰ পৰা ডিমৰু ফল পাব পাৰে?
17 Այսպէս ամէն բարի ծառ՝ լաւ պտուղ կը բերէ, եւ վատ ծառ՝ չար պտուղ կը բերէ:
১৭ঠিক তেনেদৰে প্রত্যেক ভাল গছত ভাল ফল ধৰে আৰু বেয়া গছত বেয়া ফল ধৰে।
18 Բարի ծառը չի կրնար չար պտուղ բերել, ո՛չ ալ վատ ծառը՝ լաւ պտուղ բերել:
১৮ভাল গছত বেয়া ফল আৰু বেয়া গছত ভাল ফল ধৰিব নোৱাৰে।
19 Ամէն ծառ որ լաւ պտուղ չի բերեր, կը կտրուի ու կը նետուի կրակը:
১৯যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়।
20 Ուրեմն՝ իրենց պտուղէ՛ն պիտի ճանչնաք զանոնք»:
২০এতেকে সিহঁতৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা।
21 «Ո՛չ թէ ո՛վ որ ինծի՝ “Տէ՛ր, Տէ՛ր” կ՚ըսէ, պիտի մտնէ երկինքի թագաւորութիւնը, հապա ան՝ որ կը գործադրէ իմ երկնաւոր Հօրս կամքը:
২১যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।
22 Շատեր այն օրը պիտի ըսեն ինծի. “Տէ՛ր, Տէ՛ր, միթէ չմարգարէացա՞նք քու անունովդ, դեւեր չհանեցի՞նք քու անունովդ, եւ շատ հրաշքներ չգործեցի՞նք քու անունովդ”:
২২সেইদিনা বহুলোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূত খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে?
23 Այն ատեն պիտի յայտարարեմ անոնց. “Ես բնա՛ւ չէի ճանչնար ձեզ. հեռացէ՛ք քովէս դո՛ւք՝ որ անօրէնութիւն կը գործէիք”»:
২৩তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, ‘মই তহঁতক কেতিয়াও চিনি নাপাও, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’।
24 «Ուրեմն ո՛վ որ կը լսէ այս խօսքերս եւ կը գործադրէ զանոնք, պիտի նմանցնեմ զայն ուշիմ մարդու մը՝ որ իր տունը կառուցանեց վէմի վրայ:
২৪সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
25 Տեղատարափ անձրեւ իջաւ, հեղեղները եկան, հովերը փչեցին ու զարկին այդ տան՝ բայց չփլաւ, որովհետեւ հիմնուած էր վէմի վրայ:
২৫পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰত আহি খুন্দা লাগিল; কিন্তু সেই ঘৰটো নপৰিল, কাৰণ ইয়াক শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।
26 Իսկ ո՛վ որ կը լսէ այս խօսքերս ու չի գործադրեր, կը նմանի յիմար մարդու մը՝ որ իր տունը կառուցանեց աւազի վրայ:
২৬পুনৰ যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন নকৰে, তেওঁ এনেকুৱা এজন মূর্খ লোকৰ নিচিনা, যি জনে বালিৰ ওপৰত তেওঁৰ ঘৰ সাজিছিল।
27 Տեղատարափ անձրեւ իջաւ, հեղեղները եկան, հովերը փչեցին եւ զարկին այդ տան, ու փլաւ. եւ անոր անկումը մեծ եղաւ»:
২৭পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰতো আহি খুন্দা লাগিল; তাতে সেই ঘৰটো পৰি গ’ল আৰু সম্পূর্ণকৈ ঘৰটোৰ পতন হ’ল।
28 Երբ Յիսուս լմնցուց այս խօսքերը, բազմութիւնը ապշած մնաց անոր ուսուցումին վրայ.
২৮যীচুৱে যেতিয়া কথা কৈ শেষ কৰিলে, তেতিয়া লোক সকলে তেওঁৰ শিক্ষাত বিস্মিত হৈ গ’ল;
29 որովհետեւ իշխանութիւն ունեցողի մը պէս կը սորվեցնէր անոնց, ո՛չ թէ դպիրներուն պէս:
২৯কিয়নো তেওঁ তেওঁলোকৰ বিধানৰ অধ্যাপক সকলৰ দৰে উপদেশ দিয়া নাছিল, বৰঞ্চ এজন অধিকাৰ থকা লোকৰ নিচিনাকৈ তেওঁলোকক উপদেশ দিছিল।

< ՄԱՏԹԷՈՍ 7 >