< ՄԱՏԹԷՈՍ 28 >

1 Շաբաթ գիշերը, երբ Մէկշաբթին կը լուսնար, Մարիամ Մագդաղենացին ու միւս Մարիամը եկան՝ տեսնելու գերեզմանը:
তেতিয়া বিশ্ৰামবাৰ পাৰ হৈ, সপ্তাহৰ প্ৰথম দিন ওচৰ চাপিল, মগ্দলীনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ’ল।
2 Եւ ահա՛ հզօր երկրաշարժ մը եղաւ, որովհետեւ Տէրոջ հրեշտակը երկինքէն իջնելով՝ եկաւ, դռնէն մէկդի գլորեց քարը ու նստաւ անոր վրայ:
চোৱা, তাতে বৰ ভুমিকম্প হ’ল; কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰালে আৰু তাৰ ওপৰতে বহিল।
3 Անոր տեսքը փայլակի պէս էր, եւ անոր հագուստը՝ ձիւնի պէս ճերմակ:
তেওঁৰ শৰীৰ বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰদৰে শুক্ল আৰু তেওঁৰ ভয়তে প্ৰহৰী সকল কঁপি কঁপি মৰাৰ নিচিনা হ’ল।
4 Անոր վախէն՝ պահակները ցնցուեցան ու մեռելի պէս եղան:
কিন্তু সেই মহিলা কেইজনীক,
5 Հրեշտակը ըսաւ կիներուն. «Դուք մի՛ վախնաք, քանի որ գիտեմ թէ կը փնտռէք Յիսուսը՝ որ խաչուեցաւ:
দূতে মাত লগাই ক’লে, “তোমালোকে ভয় নকৰিবা; কিয়নো ক্রুচত হত হোৱা যীচুক তোমালোকে বিচাৰিছা বুলি মই জানিছোঁ।
6 Ան հոս չէ, որովհետեւ յարութիւն առաւ (ինչպէս ըսած էր): Եկէ՛ք, տեսէ՛ք այն տեղը՝ ուր Տէրը դրուած էր:
তেওঁ ইয়াত নাই; কিন্তু যেনেকৈ তেওঁ কৈছিল, তেনেকৈ তেওঁ উঠিল৷ আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি।
7 Յետոյ շուտո՛վ գացէք, ըսէ՛ք անոր աշակերտներուն. “Ան մեռելներէն յարութիւն առաւ, ու ձեր առջեւէն կ՚երթայ Գալիլեա. հո՛ն պիտի տեսնէք զայն”: Ահա՛ ըսի ձեզի»:
এতিয়া তোমালোকে বেগাই যোৱা আৰু তেওঁৰ শিষ্য সকলক এই কথা কোৱাগৈ যে, তেওঁ মৃত লোকৰ মাজৰ পৰা উঠিল৷ চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালীল প্ৰদেশলৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা; চোৱা, এই কথা মই তোমালোকক ক’লো”।
8 Անոնք ալ շուտով դուրս ելան գերեզմանէն, վախով եւ մեծ ուրախութեամբ, ու վազեցին պատմելու աշակերտներուն:
তাতে তেওঁলোকে ভয় আৰু মহা-আনন্দেৰে মৈদামৰ পৰা ততাতৈয়াকৈ গুচি গ’ল আৰু তেওঁৰ শিষ্য সকলক সম্বাদ দিবলৈ ল’ৰি গ’ল।
9 Երբ կ՚երթային՝ պատմելու անոր աշակերտներուն, Յիսուս դիմաւորեց զանոնք եւ ըսաւ. «Ողջո՜յն»: Անոնք ալ մօտենալով՝ բռնեցին անոր ոտքերը ու երկրպագեցին անոր:
তাতে চোৱা যীচুৱে তেওঁলোক সাক্ষাৎ হৈ ক’লে, “তোমালোকৰ মঙ্গল হওক”। তাতে মহিলা সকল ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে।
10 Այն ատեն Յիսուս ըսաւ անոնց. «Մի՛ վախնաք, գացէ՛ք՝ լո՛ւր տուէք իմ եղբայրներուս որ երթան Գալիլեա: Հո՛ն պիտի տեսնեն զիս»:
১০তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাই সকলক গালীল প্ৰদেশলৈ যাবৰ বাবে সম্বাদ দিয়াগৈ; তেওঁলোকে তাতে মোক দেখা পাব”।
11 Երբ անոնք կ՚երթային, պահակազօրքէն ոմանք գացին քաղաքը եւ պատմեցին քահանայապետներուն բոլոր պատահածները:
১১পাছত মহিলা সকল যাওঁতে, চোৱা, চন্তৰীবোৰৰ কোনো কোনোৱে নগৰলৈ আহি, যি যি ঘটিছিল, সেই সকলোৰ সম্বাদ প্ৰধান পুৰোহিত সকলৰ আগত দিলেহি।
12 Անոնք ալ՝ երէցներուն հետ հաւաքուելով ու խորհրդակցելով՝ շատ դրամ տուին զինուորներուն,
১২তেতিয়া তেওঁলোকে পৰিচাৰক সকলৰ সৈতে একত্ৰিত হৈ আলোচনা কৰিলে আৰু সেনাবোৰক ভালেমান ধন দি ক’লে,
13 եւ ըսին. «Սա՛ ըսէ՛ք. “Անոր աշակերտները եկան գիշերուան մէջ ու գողցան զայն, երբ մենք կը քնանայինք”:
১৩“আমি টোপনিত থাকোঁতে, যীচুৰ শিষ্যবোৰে ৰাতি আহি, তাক চুৰ কৰি নিলে, এই বুলি ক’বা।
14 Եթէ այդ բանը հասնի կառավարիչին ականջը, մենք կը համոզենք զինք եւ ապահով կ՚ընենք ձեզ»:
১৪এই কথা যদি দেশাধিপতিয়ে শুনে, তেতিয়া আমি তেওঁক বুজাই-বঢ়াই লম আৰু তোমালোকক এই বিষয়তোৰ পৰা দূৰত ৰাখিম”।
15 Անոնք ալ առին դրամը, ըրին ի՛նչպէս որ սորվեցուցած էին իրենց, եւ այս զրոյցը մինչեւ այսօր տարածուեցաւ Հրեաներուն մէջ:
১৫তেতিয়া সিহঁতে ধন ললে আৰু তেওঁলোকে শিকাই দিয়াৰ দৰেই সিহঁতে কৰিলে; এইদৰে এই কথা ইহুদী সকলৰ মাজত বিয়পি গ’ল আৰু আজিলৈকে এই কথা, এইদৰে প্ৰচলিত হৈ আছে।
16 Իսկ տասնմէկ աշակերտները գացին Գալիլեա, այն լեռը՝ որ Յիսուս որոշած էր:
১৬পাছত গালীল প্ৰদেশৰ যি পৰ্বত যীচুৱে নিৰূপণ কৰি থৈছিল তালৈকে তেওঁৰ এঘাৰ জন শিষ্য গ’ল;
17 Երբ տեսան զայն՝ երկրպագեցին անոր. բայց ոմանք կասկածեցան:
১৭আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে; কিন্তু কোনো কোনোৱে সংশয় কৰিলে।
18 Իսկ Յիսուս մօտեցաւ եւ խօսեցաւ անոնց՝ ըսելով. «Ամէ՛ն իշխանութիւն ինծի՛ տրուեցաւ՝ երկինքի մէջ ու երկրի վրայ:
১৮তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।
19 Ուրեմն գացէ՛ք, աշակերտեցէ՛ք բոլոր ազգերը, մկրտեցէ՛ք զանոնք Հօր, Որդիին եւ Սուրբ Հոգիին անունով:
১৯এই হেতুকে, তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁলোকক বাপ্তাইজ কৰা;
20 Սորվեցուցէ՛ք անոնց պահել ամէն ինչ որ պատուիրեցի ձեզի: Եւ ահա՛ ամէն օր ես ձեզի հետ եմ՝ մինչեւ աշխարհի վախճանը»: Ամէն: (aiōn g165)
২০মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”। (aiōn g165)

< ՄԱՏԹԷՈՍ 28 >