< ՄԱՏԹԷՈՍ 26 >

1 Երբ Յիսուս աւարտեց այս բոլոր խօսքերը, ըսաւ իր աշակերտներուն.
যীচুৱে এই সকলো কথা কৈ শেষ কৰোঁতে, তেওঁৰ শিষ্য সকলক ক’লে,
2 «Գիտէք թէ երկու օր ետք՝ Զատիկ պիտի ըլլայ, ու մարդու Որդին պիտի մատնուի՝ խաչուելու համար»:
“তোমালোকে জানা নে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হ’ব, মানুহৰ পুত্ৰক ক্রুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ’ব।”
3 Այն ատեն քահանայապետները, դպիրները եւ ժողովուրդին երէցները հաւաքուեցան գաւիթը քահանայապետին՝ որ Կայիափա կը կոչուէր,
তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;
4 ու խորհրդակցեցան նենգութեամբ բռնել Յիսուսը եւ սպաննել:
তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷
5 Բայց կ՚ըսէին. «Ո՛չ տօնին ատենը, որպէսզի աղմուկ չըլլայ ժողովուրդին մէջ»:
তেওঁলোকে ক’লে, ‘ভোজৰ সময়ত নহয়, কিয়নো লোক সকলৰ মাজত হুৰামুৰা লাগিব৷’
6 Երբ Յիսուս Բեթանիա էր, բորոտ Սիմոնի տունը,
পাছত যীচু বৈথনিয়া গাঁৱত চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত
7 կին մը՝ որ ունէր թանկարժէք օծանելիքի ալապաստրէ շիշ մը՝ եկաւ անոր ու թափեց զայն անոր գլուխին վրայ, երբ ան սեղան նստած էր:
এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোঁতে, তেওঁৰ মুৰত বাকি দিলেহি।
8 Անոր աշակերտները տեսնելով՝ ընդվզեցան եւ ըսին. «Ինչո՞ւ այս վատնումը.
শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ ক’লে, ‘কি কাৰণে এইদৰে অপচয় কৰিছা?
9 քանի որ այդ օծանելիքը կրնար սուղ գինով ծախուիլ ու աղքատներուն տրուիլ»:
কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গ’লহেঁতেন’।
10 Յիսուս հասկնալով՝ ըսաւ անոնց. «Ինչո՞ւ կ՚անհանգստացնէք կինը. ան լա՛ւ գործ մը ըրաւ ինծի:
১০কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পায়, তেওঁলোকক ক’লে, “এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে।
11 Որովհետեւ ամէ՛ն ատեն ունիք աղքատները ձեզի հետ, բայց ամէն ատեն չունիք զիս:
১১কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকো৷
12 Ա՛ն որ թափեց այդ օծանելիքը մարմինիս վրայ, ըրաւ իմ թաղումի՛ս համար:
১২এই কাৰণে তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে; এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে।
13 Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Ամբողջ աշխարհի մէջ՝ ո՛ւր որ այս աւետարանը քարոզուի, ասոր ըրածն ալ պիտի պատմուի՝ իր յիշատակին համար”»:
১৩মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই ঠাইতে এই যি কৰ্ম মহিলা গৰাকীয়ে কৰিলে, তেওঁক সুঁৱৰিবলৈ, ইয়াকো কোৱা হ’ব।”
14 Այն ատեն տասներկուքէն մէկը, որ կը կոչուէր Յուդա Իսկարիովտացի, գնաց քահանայապետներուն եւ ըսաւ.
১৪তেতিয়া বাৰ জনৰ মাজৰ, ঈষ্কৰিয়োতীয়া যিহূদা নামেৰে এজনে প্ৰধান পুৰোহিত সকলৰ ওচৰলৈ গ’ল,
15 «Ի՞նչ կ՚ուզէք տալ ինծի, որպէսզի մատնեմ զայն ձեզի»: Անոնք ալ խոստացան անոր երեսուն կտոր արծաթ:
১৫আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷
16 Այդ ատենէն ետք պատեհութիւն կը փնտռէր, որպէսզի մատնէր զայն անոնց:
১৬তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।
17 Բաղարջակերքի առաջին օրը՝ աշակերտները եկան Յիսուսի ու ըսին անոր. «Ո՞ւր կ՚ուզես որ պատրաստենք քեզի պէտք եղածը՝ զատիկը ուտելու համար»:
১৭পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “নিস্তাৰ-পৰ্ব ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে”?
18 Ան պատասխանեց. «Գացէ՛ք քաղաքը՝ այսինչ մարդուն, եւ ըսէ՛ք անոր. “Վարդապետը կ՚ըսէ. "Ժամանակս մօտ է, քո՛ւ քովդ պիտի կատարեմ Զատիկը՝ աշակերտներուս հետ"”»:
১৮তেওঁ ক’লে, “নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্বৰ ভোজ পালন কৰিম”।
19 Աշակերտներն ալ ըրին՝ ինչպէս Յիսուս հրամայեց իրենց, ու պատրաստեցին զատիկը:
১৯তেতিয়া শিষ্য সকলে যীচুৱে আদেশ দিয়াৰ দৰে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলেগৈ।
20 Երբ իրիկուն եղաւ՝ սեղան նստաւ տասներկուքին հետ:
২০পাছত সন্ধিয়া হোৱা সময়ত তেওঁ বাৰ জন শিষ্যৰ সৈতে ভোজনত বহিল;
21 Մինչ կ՚ուտէին՝ ըսաւ. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի թէ ձեզմէ մէկը պիտի մատնէ զիս»:
২১এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’।
22 Չափազանց տրտմեցան եւ անոնցմէ իւրաքանչիւրը սկսաւ ըսել անոր. «Տէ՛ր, միթէ ե՞ս եմ»:
২২তেতিয়া তেওঁলোকে অতি দুখিত হৈ, প্ৰতিজনে যীচুক সুধিবলৈ ধৰিলে, ‘হে প্ৰভু, সেই জন মই নে’?
23 Ան ալ պատասխանեց. «Ա՛ն որ ինծի հետ թաթխեց իր ձեռքը պնակին մէջ, անիկա՛ պիտի մատնէ զիս»:
২৩যীচুৱে উত্তৰ দি ক’লে, ‘মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব।
24 Ի՛րապէս մարդու Որդին կ՚երթայ՝ ինչպէս գրուած է իր մասին, բայց վա՜յ այն մարդուն՝ որուն միջոցով մարդու Որդին կը մատնուի: Այդ մարդուն լաւ պիտի ըլլար՝ որ ծնած չըլլար»:
২৪মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল’।
25 Յուդա, որ պիտի մատնէր զայն, պատասխանեց. «Վարդապե՛տ, միթէ ե՞ս եմ»: Ըսաւ անոր. «Դո՛ւն ըսիր»:
২৫তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই ক’লে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক ক’লে, “তুমি নিজকে নিজেই ক’লা”।
26 Մինչ անոնք կ՚ուտէին, Յիսուս հաց առաւ, օրհնեց, կտրեց, տուաւ աշակերտներուն եւ ըսաւ. «Առէ՛ք, կերէ՛ք. ա՛յս է իմ մարմինս»:
২৬পাছত তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্য সকলক দি ক’লে, “লোৱা, খোৱা এয়ে মোৰ শৰীৰ”।
27 Նաեւ բաժակը առաւ, շնորհակալ եղաւ, տուաւ անոնց ու ըսաւ.
২৭পাছত তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি ক’লে, “লোৱা, তোমালোকে সকলোৱে পান কৰা;
28 «Բոլո՛րդ ալ խմեցէ՛ք ասկէ. որովհետեւ ա՛յս է իմ արիւնս, նո՛ր ուխտին արիւնը, որ կը թափուի՝ շատերուն մեղքերու ներումին համար:
২৮কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ৷ অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।
29 Բայց կը յայտարարեմ ձեզի. “Ասկէ ետք բնա՛ւ պիտի չխմեմ որթատունկին բերքէն, մինչեւ այն օրը՝ երբ ձեզի հետ նո՛ր կերպով խմեմ զայն իմ Հօրս թագաւորութեան մէջ”»:
২৯কিন্তু মই তোমালোকক কওঁ, তোমালোকে সৈতে মই মোৰ পিতৃৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে, এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ”।
30 Օրհներգելէ ետք՝ գացին Ձիթենիներու լեռը:
৩০পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্বতলৈ গ’ল।
31 Այն ատեն Յիսուս ըսաւ անոնց. «Դուք բոլորդ պիտի գայթակղիք այս գիշեր իմ պատճառովս, որովհետեւ գրուած է. “Հովիւը պիտի զարնեմ, ու հօտին ոչխարները պիտի ցրուին”:
৩১তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই ৰাতি তোমালোক সকলোৱে মোক এৰি যাবা; কিয়নো লিখা আছে, ‘মই মেৰৰখীয়াক আঘাত কৰিম তাতে জাকৰ মেৰবোৰ ছিন্ন-ভিন্ন হৈ যাব৷’
32 Բայց յարութիւն առնելէս ետք՝ ձեզմէ առաջ պիտի երթամ Գալիլեա»:
৩২কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”
33 Պետրոս պատասխանեց անոր. «Թէեւ բոլորն ալ գայթակղին քու պատճառովդ, ես բնա՛ւ պիտի չգայթակղիմ»:
৩৩তেতিয়া পিতৰে তেওঁক ক’লে, “সকলোৱে আপোনাত বিঘিনি পাই আতৰি গলেও, মই কেতিয়াও নাযাও”।
34 Յիսուս ըսաւ անոր. «Ճշմա՛րտապէս կը յայտարարեմ քեզի. “Այս գիշեր՝ դեռ աքաղաղը չկանչած՝ երե՛ք անգամ պիտի ուրանաս զիս”»:
৩৪যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, এই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা”।
35 Պետրոս ըսաւ անոր. «Նոյնիսկ եթէ պէտք ըլլայ որ քեզի հետ մեռնիմ՝ բնա՛ւ պիտի չուրանամ քեզ»: Այսպէս կ՚ըսէին նաեւ բոլոր աշակերտները:
৩৫পিতৰে তেওঁক ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্বীকাৰ নকৰিম”। সেইদৰে সকলো শিষ্যয়ো ক’লে।
36 Այն ատեն Յիսուս գնաց անոնց հետ վայր մը՝ որ Գեթսեմանի կը կոչուէր, եւ ըսաւ աշակերտներուն. «Հո՛ս նստեցէք, մինչ ես կ՚երթամ հոն՝ աղօթելու»:
৩৬তেতিয়া যীচুৱে তেওঁলোকৰ সৈতে গেৎচিমানী নামেৰে এখন ঠাইলৈ গৈ, তেওঁৰ শিষ্য সকলক ক’লে, “মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা”।
37 Իրեն հետ առնելով Պետրոսն ու Զեբեդէոսի երկու որդիները, սկսաւ տրտմիլ եւ շատ վշտանալ:
৩৭পাছত তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হ’বলৈ ধৰিলে।
38 Այն ատեն ըսաւ անոնց. «Իմ անձս չափազանց տրտում է՝ մեռնելու աստիճան: Հո՛ս մնացէք եւ արթո՛ւն կեցէք ինծի հետ»:
৩৮তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া”।
39 Ու քիչ մը առջեւ երթալով՝ ինկաւ իր երեսին վրայ, եւ աղօթեց՝ ըսելով. «Իմ հա՜յրս, եթէ կարելի է՝ այս բաժակը թող անցնի ինձմէ. բայց ո՛չ թէ ինչպէս ե՛ս կ՚ուզեմ, հապա՝ ինչպէս դո՛ւն կ՚ուզես»:
৩৯পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”
40 Երբ եկաւ աշակերտներուն, քնացած գտաւ զանոնք ու ըսաւ Պետրոսի. «Այդպէս մէ՞կ ժամ ալ չկրցաք արթուն կենալ ինծի հետ:
৪০পাছত শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখি, তেওঁ পিতৰক ক’লে, “তোমালোকে মোৰ লগত এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে?
41 Արթո՛ւն կեցէք եւ աղօթեցէ՛ք, որպէսզի չմտնէք փորձութեան մէջ. արդարեւ հոգին յօժար է, բայց մարմինը՝ տկար»:
৪১পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল”।
42 Դարձեալ երկրորդ անգամ գնաց աղօթեց՝ ըսելով. «Իմ հա՜յրս, եթէ կարելի չէ որ այս բաժակը անցնի ինձմէ՝ առանց խմելու անկէ, քու կամքդ թող ըլլայ»:
৪২পুনৰায় তেওঁ দ্বিতীয় বাৰ গৈ, প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ পিতৃ, মই পান নকৰাকৈ যদি এই দূখৰ পান-পাত্ৰ দুৰ হ’ব নোৱাৰে, তেনেহলে তোমাৰ ইচ্ছাই পুৰ হওক”।
43 Երբ եկաւ՝ դարձեալ քնացած գտաւ զանոնք, որովհետեւ անոնց աչքերը ծանրացած էին:
৪৩পাছত তেওঁ পুনৰায় আহি তেওঁলোকক টোপনি যোৱা দেখিলে; কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল।
44 Թողուց զանոնք ու դարձեալ գնաց, երրորդ անգամ աղօթեց՝ նո՛յն խօսքը ըսելով:
৪৪পুনৰায় তেওঁ তেওঁলোকক এৰি থৈ, তৃতীয়বাৰো একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।
45 Այն ատեն եկաւ իր աշակերտներուն եւ ըսաւ անոնց. «Ասկէ ետք քնացէ՛ք ու հանգստացէ՛ք. ահա՛ ժամը մօտեցաւ, եւ մարդու Որդին պիտի մատնուի մեղաւորներուն ձեռքը:
৪৫তেতিয়া তেওঁ শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক ক’লে, “বাৰু, এতিয়া টোপনিত থাকি বিশ্ৰাম কৰা? চোৱা, সময় ওচৰ হ’ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শোধাই দিয়া হৈছে।
46 Ոտքի՛ ելէք, երթա՛նք ասկէ. ահա՛ մօտեցաւ ա՛ն՝ որ պիտի մատնէ զիս»:
৪৬উঠা, আমি যাওঁহক; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”
47 Մինչ ան դեռ կը խօսէր, Յուդա՝ տասներկուքէն մէկը՝ եկաւ, եւ իրեն հետ մեծ բազմութիւն մը՝ սուրերով ու բիրերով, քահանայապետներէն եւ ժողովուրդին երէցներէն:
৪৭যীচুৱে কথা কৈ থাকোতেই, চোৱা, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল তৰোৱাল আৰু টাঙোন ধৰা মানুহৰ ডাঙৰ দল এটা সেই ঠাইলৈ আহিল।
48 Զայն մատնողը նշան մը տուեր էր անոնց՝ ըսելով. «Ո՛վ որ համբուրեմ՝ ա՛ն է, բռնեցէ՛ք զայն»:
৪৮তেওঁক শোধাই দিয়া জনে তেওঁলোকক এই চিনেৰে সঙ্কেত দিছিল, বোলে, ‘মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকে ধৰিবা’।
49 Եւ իսկոյն մօտենալով Յիսուսի՝ ըսաւ. «Ողջո՜յն, Վարդապե՛տ», ու համբուրեց զայն:
৪৯তেতিয়াই তেওঁ যীচুৰ ওচৰলৈ গৈ, ‘ৰব্বি প্ৰণাম’ এই বুলি, তেওঁক চুমা খালে।
50 Յիսուս ըսաւ անոր. «Ընկե՛ր, ըրէ՛ ի՛նչ բանի համար որ եկար»: Այն ատեն մօտեցան, ձեռք բարձրացուցին Յիսուսի վրայ ու բռնեցին զայն:
৫০যীচুৱে তেওঁক ক’লে, “বন্ধু, তুমি যি কৰিবলৈ আহিলা তাকে কৰা”। তেতিয়া তেওঁলোকে ওচৰলৈ আহি, যীচুৰ গাত হাত দি তেওঁক ধৰিলে।
51 Յիսուսի հետ եղողներէն մէկը՝ երկարեց ձեռքը, եւ քաշելով իր սուրը՝ զարկաւ քահանայապետին ծառային ու խլեց անոր ականջը:
৫১চোৱা, যীচুৰ লগৰ এজনে হাত মেলি, নিজৰ তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে।
52 Այն ատեն Յիսուս ըսաւ անոր. «Վերադարձո՛ւր սուրդ իր տեղը, որովհետեւ բոլոր սուր առնողները՝ սուրո՛վ պիտի կորսուին:
৫২তেতিয়া যীচুৱে তেওঁক ক’লে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব।
53 Կը կարծես թէ չե՞մ կրնար հի՛մա աղաչել իմ Հօրս, որ հասցնէ ինծի տասներկու լեգէոնէն աւելի հրեշտակներ:
৫৩‘মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়োঅধিক স্বৰ্গৰ দূত পঠাই দিয়ক’, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে?
54 Բայց ի՞նչպէս պիտի իրագործուին գրուածները, թէ ա՛յսպէս պէտք է ըլլայ»:
৫৪কিন্তু ধৰ্মশাস্ত্ৰৰ বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হ’বলৈ নঘটিব নে?”
55 Այդ ժամուն Յիսուս ըսաւ բազմութիւններուն. «Իբր թէ աւազակի՞ դէմ ելաք՝ սուրերով ու բիրերով բռնելու զիս: Ամէ՛ն օր տաճարին մէջ կը նստէի ձեզի հետ եւ կը սորվեցնէի, ու չբռնեցիք զիս:
৫৫সেই সময়ত যীচুৱে লোক সকলক ক’লে, “আপোনালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছে যে; যেতিয়া মই নিতৌ মন্দিৰত বহি উপদেশ দি আছিলোঁ, তেতিয়া আপোনালোকে মোক নধৰিলে,
56 Բայց այս ամէնը կատարուեցաւ, որպէսզի մարգարէներուն գրածները իրագործուին»: Այն ատեն բոլոր աշակերտները թողուցին զայն եւ փախան:
৫৬কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ’ল।
57 Անոնք որ բռնեցին Յիսուսը՝ տարին Կայիափա քահանայապետին, ուր դպիրներն ու երէցները հաւաքուած էին:
৫৭পাছত বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকল যি ঠাইত গোট খাই আছিল, সেই ঠাইলৈকে যীচুক ধৰা সকলে লৈ গৈ কায়াফা নামেৰে মহা-পুৰোহিতৰ ওচৰলৈ তেওঁক আনিলে।
58 Պետրոս հեռուէն հետեւեցաւ անոր՝ մինչեւ քահանայապետին գաւիթը, ներս մտաւ եւ նստաւ սպասաւորներուն հետ, որպէսզի տեսնէ վախճանը:
৫৮কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে আতৰে আতৰে তেওঁৰ পাছে পাছে গৈ, তাত সোমাই শেষত কি হয়, তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল।
59 Քահանայապետներն ու երէցները եւ ամբողջ ատեանը կը փնտռէին սուտ վկայութիւն մը Յիսուսի դէմ, որպէսզի մեռցնեն զայն.
৫৯তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
60 բայց չգտան: Թէպէտ շատ սուտ վկաներ ալ եկան, ոչինչ գտան: Յետոյ երկու սուտ վկաներ եկան
৬০অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু ক’লে,
61 ու ըսին. «Ասիկա ըսաւ. “Ես կրնամ քակել Աստուծոյ տաճարը եւ կառուցանել զայն երեք օրուան մէջ”»:
৬১“এওঁ কৈছিল - ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিন দিনৰ ভিতৰতে তাক সাজিব পাৰোঁ’।”
62 Քահանայապետը կանգնելով՝ ըսաւ անոր. «Ոչի՞նչ կը պատասխանես. ի՞նչ կը վկայեն ասոնք քեզի դէմ»:
৬২তেতিয়া মহা-পুৰোহিতে উঠি যীচুক ক’লে, “তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে?”
63 Յիսուս լուռ կեցաւ: Ուստի քահանայապետը ըսաւ անոր. «Ապրո՛ղ Աստուծմով կ՚երդմնեցնեմ քեզ, որ ըսես մեզի թէ դո՞ւն ես Քրիստոսը՝ Աստուծոյ Որդին»:
৬৩কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”
64 Յիսուս ըսաւ անոր. «Դո՛ւն ըսիր: Բայց կը յայտարարեմ ձեզի. “Ասկէ ետք պիտի տեսնէք մարդու Որդին՝ բազմած Զօրութեան աջ կողմը, ու եկած երկինքի ամպերուն վրայ”»:
৬৪যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই আপোনালোকক কওঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিব।”
65 Այն ատեն քահանայապետը պատռեց իր հանդերձները եւ ըսաւ. «Հայհոյե՛ց. ա՛լ ի՞նչ պէտք ունինք վկաներու: Ահա՛ հիմա լսեցիք ատոր հայհոյութիւնը.
৬৫তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰ নিন্দা শুনিলা।
66 ի՞նչ կը մտածէք»: Անոնք պատասխանեցին. «Մահապա՛րտ է»:
৬৬গতিকে তোমালোকে কি ভাবা?” তেওঁলোকে উত্তৰ দি ক’লে, “এওঁ প্ৰাণদণ্ডৰ যোগ্য”।
67 Այն ատեն թքնեցին անոր երեսը, ու կռփահարեցին զայն: Ոմանք ալ ապտակելով՝ ըսին.
৬৭তেতিয়া তেওঁলোকে যীচুৰ মুখত থুই পেলাই ভুকুৱালে;
68 «Մարգարէացի՛ր մեզի, դո՛ւն՝ Քրիստո՛ս, ո՞վ է ան՝ որ զարկաւ քեզի»:
৬৮আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”?
69 Երբ Պետրոս դուրսը՝ գաւիթը նստած էր, աղախին մը եկաւ անոր եւ ըսաւ. «Դո՛ւն ալ Գալիլեացի Յիսուսի հետ էիր»:
৬৯সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, ‘তুমিও গালীলীয়া যীচুৰ লগত আছিলা’।
70 Բայց ան ուրացաւ բոլորին առջեւ՝ ըսելով. «Չեմ գիտեր ի՛նչ կը խօսիս»:
৭০কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি ক’লে, ‘তুমি কি কৈছা, মই বুজা নাই’।
71 Երբ դուրս ելաւ՝ նախագաւիթը, ուրիշ աղախին մը տեսաւ զայն ու ըսաւ հոն եղողներուն. «Ասիկա՛ ալ Յիսուս Նազովրեցիին հետ էր»:
৭১পাছত তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল, তাতো আন এজনী চাকৰনীয়ে তেওঁক দেখিলে আৰু তাত থকা লোক সকলৰ আগত ক’লে, ‘এওঁ নাচৰতীয়া যীচুৰ লগত আছিল’।
72 Պետրոս դարձեալ երդում ընելով ուրացաւ. «Չեմ ճանչնար այդ մարդը»:
৭২তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক’লে, “মই সেই মানুহ জনক চিনি নাপাও”।
73 Քիչ ետք՝ հոն կայնողները եկան եւ ըսին Պետրոսի. «Ճշմա՛րտապէս դո՛ւն ալ անոնցմէ ես, որովհետեւ խօսուածքդ ալ կը յայտնէ քեզ»:
৭৩অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক ক’লে, ‘অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ ভাষাই তোমাৰ চিনাকি দিছে’।
74 Այն ատեն սկսաւ նզովել ու երդում ընել՝ ըսելով. «Չեմ ճանչնար այդ մարդը»: Իսկոյն աքաղաղը կանչեց:
৭৪তাতে তেওঁ শাও দি আৰু শপত খাই ক’লে, “মই সেই মানুহক চিনিয়ে নাপাওঁ” আৰু তেতিয়াই কুকুৰাই ডাক দিলে।
75 Պետրոս յիշեց Յիսուսի խօսքը՝ որ իրեն ըսեր էր. «Դեռ աքաղաղը չկանչած՝ երե՛ք անգամ պիտի ուրանաս զիս». եւ դուրս ելլելով՝ դառնապէս լացաւ:
৭৫তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।

< ՄԱՏԹԷՈՍ 26 >