< ՄԱՏԹԷՈՍ 22 >

1 Յիսուս դարձեալ առակներով խօսեցաւ անոնց եւ ըսաւ.
যীচুৱে উত্তৰ দিলে, আৰু দৃষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক’লে যে,
2 «Երկինքի թագաւորութիւնը կը նմանի թագաւորի մը՝ որ հարսանիք ըրաւ իր որդիին, ու ղրկեց իր ծառաները՝ կանչելու հարսանիքին հրաւիրեալները.
“স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,
3 սակայն անոնք չուզեցին գալ:
এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে।
4 Դարձեալ ուրիշ ծառաներ ղրկեց եւ ըսաւ. “Ըսէ՛ք հրաւիրեալներուն. «Ահա՛ պատրաստեցի իմ ճաշս. զուարակներս ու գէր անասուններս մորթուած են, եւ ամէն բան պատրաստ է. եկէ՛ք հարսանիքի»”:
পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।
5 Բայց անոնք անհոգութիւն ընելով՝ գացին մէկը իր արտը, ու միւսը՝ իր առեւտուրին:
কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গ’ল।
6 Ուրիշներ՝ բռնեցին անոր ծառաները, նախատեցին եւ սպաննեցին:
আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে।
7 Թագաւորն ալ՝ երբ լսեց՝ բարկացաւ. ղրկեց իր զօրքերը, կորսնցուց այդ մարդասպանները ու այրեց անոնց քաղաքը:
তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে।
8 Այն ատեն ըսաւ իր ծառաներուն. “Հարսանիքը պատրաստ է, բայց հրաւիրեալները արժանի չէին:
তেতিয়া তেওঁৰ দাসবোৰক ক’লে, ‘বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল;
9 Ուրեմն գացէ՛ք դէպի ճամբաներուն գլուխները, եւ ո՛վ որ գտնէք՝ հրաւիրեցէ՛ք հարսանիքի”:
এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ’।
10 Այդ ծառաները դուրս ելան՝ դէպի ճամբաներուն գլուխները, եւ ո՛վ որ գտան՝ թէ՛ չար, թէ՛ բարի, բոլորն ալ հաւաքեցին. ու հարսնետունը լեցուեցաւ հրաւիրեալներով:
১০তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ, ভাল-বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল।
11 Երբ թագաւորը մտաւ՝ տեսնելու հարսնեւորները, տեսաւ մարդ մը՝ որ հագած չէր հարսանիքի հագուստ:
১১কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে,
12 Ըսաւ անոր. “Ընկե՛ր, ի՞նչպէս մտար հոս՝ առանց հարսանիքի հագուստի”: Ան ալ պապանձեցաւ:
১২‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল;
13 Այն ատեն թագաւորը ըսաւ սպասարկուներուն. “Կապեցէ՛ք ասոր ոտքերն ու ձեռքերը, եւ առէ՛ք ու նետեցէ՛ք զայն դուրսի խաւարը. հոն պիտի ըլլայ լաց եւ ակռաներու կրճտում”:
১৩তাতে ৰজাই তেওঁৰ দাস সকলক মাতি ক’লে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব’।
14 Որովհետեւ կանչուածները շատ են, բայց ընտրուածները՝ քիչ»:
১৪কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ।”
15 Այն ատեն Փարիսեցիները գացին խորհրդակցելու, թէ ի՛նչպէս խօսքով ձգեն զայն ծուղակի մէջ:
১৫তাৰ পাছত ফৰীচী সকল গ’ল, আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে৷
16 Ու ղրկեցին անոր իրենց աշակերտները՝ Հերովդէսեաններուն հետ, եւ ըսին. «Վարդապե՛տ, գիտենք թէ ճշմարտախօս ես ու ճշմարտութեամբ կը սորվեցնես Աստուծոյ ճամբան, եւ հոգ չես ըներ ոեւէ մէկուն համար, քանի որ երեսպաշտութիւն չես ըներ մարդոց:
১৬এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে, আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে; এই কাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে।
17 Ուստի ըսէ՛ մեզի, ի՞նչ է քու կարծիքդ. “Արտօնուա՞ծ է տուրք տալ կայսրին՝ թէ ոչ”»:
১৭গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?”
18 Յիսուս՝ գիտնալով անոնց չարամտութիւնը՝ ըսաւ. «Ինչո՞ւ կը փորձէք զիս, կեղծաւորնե՛ր:
১৮যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে?
19 Ցո՛յց տուէք ինծի տուրքին դրամը»: Անոնք դահեկան մը բերին իրեն:
১৯কৰ দিয়া ধন মোক দেখুৱাওঁক৷” তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে।
20 Ըսաւ անոնց. «Որո՞ւնն են այս պատկերն ու գրութիւնը»:
২০যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?”
21 Ըսին անոր. «Կայսրի՛ն»: Այն ատեն ըսաւ անոնց. «Ուրեմն ինչ որ կայսրինն է՝ տուէ՛ք կայսրին, եւ ինչ որ Աստուծոյ է՝ Աստուծո՛յ»:
২১তেতিয়া তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ৷” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।”
22 Երբ լսեցին՝ զարմացան, ու թողուցին զայն եւ գացին:
২২এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে৷ পাছত তেওঁলোকে তেওঁক এৰি গুচি গ’ল।
23 Նոյն օրը անոր քով եկան Սադուկեցիները, որոնք կ՚ըսեն թէ յարութիւն չկայ, ու հարցուցին անոր.
২৩সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা চদ্দূকী সকল যীচুৰ ওচৰলৈ আহিল৷ তেওঁলোকে তেওঁক সুধিলে,
24 «Վարդապե՛տ, Մովսէս ըսաւ. “Եթէ մէկը մեռնի առանց զաւակի, անոր եղբայրը թող ամուսնանայ անոր կնոջ հետ, եւ զարմ հանէ իր եղբօր”:
২৪“হে গুৰু মোচিয়ে ক’লে, ‘কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব’।
25 Ուրեմն եօթը եղբայրներ կային մեր քով: Առաջինը ամուսնացաւ ու վախճանեցաւ, եւ զարմ չունենալուն համար՝ իր կինը թողուց իր եղբօր:
২৫আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল।
26 Նմանապէս ալ երկրորդն ու երրորդը՝ մինչեւ եօթներորդը:
২৬পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল।
27 Ամենէն ետք կինն ալ մեռաւ:
২৭সকলোৰে পাছত সেই তিৰোতা জনী মৰিল।
28 Ուրեմն, յարութեան ատեն՝ այդ եօթնէն որո՞ւն կինը պիտի ըլլայ. որովհետեւ բոլորն ալ ունեցան զայն իբր կին»:
২৮তেনেহলে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।”
29 Յիսուս պատասխանեց անոնց. «Դուք մոլորած էք. ո՛չ Գիրքերը գիտէք, ո՛չ ալ Աստուծոյ զօրութիւնը:
২৯যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে।
30 Քանի որ յարութեան ատեն՝ ո՛չ կ՚ամուսնանան եւ ո՛չ ամուսնութեան կը տրուին, հապա երկինքի մէջ՝ Աստուծոյ հրեշտակներուն պէս են:
৩০কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
31 Բայց մեռելներուն յարութեան մասին չէ՞ք կարդացեր Աստուծմէ ձեզի ըսուած խօսքը.
৩১মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই আপোনালোকক কোৱা হৈছিল বোলে,
32 “Ե՛ս եմ Աբրահամի Աստուածը, Իսահակի Աստուածը եւ Յակոբի Աստուածը”: Աստուած մեռելներուն Աստուածը չէ, հապա՝ ողջերուն»:
৩২‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
33 Բազմութիւնը ասիկա լսելով՝ կ՚ապշէր անոր ուսուցումին վրայ:
৩৩ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে।
34 Բայց Փարիսեցիները՝ երբ լսեցին թէ ան պապանձեցուց Սադուկեցիները, տեղ մը հաւաքուեցան,
৩৪যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল;
35 եւ անոնցմէ օրինական մը հարցուց՝ զայն փորձելով.
৩৫তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে-
36 «Վարդապե՛տ, ո՞ր պատուիրանը մեծ է Օրէնքին մէջ»:
৩৬“হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?”
37 Յիսուս ըսաւ անոր. «“Սիրէ՛ Տէրը՝ քու Աստուածդ՝ ամբողջ սիրտովդ, ամբողջ անձովդ եւ ամբողջ միտքովդ”:
৩৭যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’
38 Ա՛յս է առաջին ու մեծ պատուիրանը:
৩৮এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।
39 Եւ երկրորդը՝ ասոր նման. “Սիրէ՛ ընկերդ քու անձիդ՝՝ պէս”:
৩৯এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
40 Այս երկու պատուիրաններէն կախուած են ամբողջ Օրէնքն ու Մարգարէները»:
৪০এই দুটাআজ্ঞাই গোটেইবিধান আৰু ভাৱবাদী সকলৰ কথাক নির্ভৰ কৰে।”
41 Երբ Փարիսեցիները հաւաքուեցան, Յիսուս հարցուց անոնց.
৪১ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,
42 «Քրիստոսի մասին ի՞նչ է ձեր կարծիքը. որո՞ւ որդին է»:
৪২তেওঁ সুধিলে, “খ্ৰীষ্টৰ বিষয়ে আপোনালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?” তেওঁলোকে তেওঁক ক’লে, “দায়ুদৰ সন্তান”।
43 Ըսին իրեն. «Դաւիթի՛»: Յիսուս ըսաւ անոնց. «Հապա ի՞նչպէս Դաւիթ Հոգիով զայն Տէր կը կոչէ ու կ՚ըսէ.
৪৩যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক’লে,
44 “Տէրը ըսաւ իմ Տէրոջս. «Բազմէ՛ իմ աջ կողմս, մինչեւ որ քու թշնամիներդ պատուանդան դնեմ ոտքերուդ»”:
৪৪প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰালৈকে, মোৰ সোঁ হাতে বহি থাকা৷
45 Ուրեմն եթէ Դաւիթ զայն Տէր կը կոչէ, ի՞նչպէս ան իր որդին կ՚ըլլայ»:
৪৫এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?”
46 Ո՛չ մէկը կրնար խօսքո՛վ մը պատասխանել անոր: Այդ օրէն ետք՝ ո՛չ մէկը կը յանդգնէր բան մը հարցնել անոր:
৪৬তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।

< ՄԱՏԹԷՈՍ 22 >