< ՄԱՏԹԷՈՍ 21 >

1 Երբ մօտեցան Երուսաղէմի ու հասան Բեթփագէ, Ձիթենիներու լերան մօտ, Յիսուս ղրկեց երկու աշակերտ՝
যীচু আৰু তেওঁৰ শিষ্য সকল যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ বৈৎফগী গাওঁলৈ আহিল, তেতিয়া যীচুৱে দুজন শিষ্যক এই কথা কৈ পঠিয়ালে,
2 ըսելով անոնց. «Գացէ՛ք այդ ձեր դիմացի գիւղը, ու իսկոյն պիտի գտնէք կապուած էշ մը, եւ անոր հետ՝ աւանակ մը. արձակեցէ՛ք զանոնք ու բերէ՛ք ինծի:
“তোমালোক সন্মুখৰ গাওঁখন লৈ যোৱা; তাতে বান্ধি থোৱা গাধ এজনী পোৱালিয়ে সৈতে পাবা; সেই দুটা মোৰ বাবে খুলি আনাগৈ।
3 Եթէ մէկը բան մը ըսէ ձեզի, ըսէ՛ք. “Տէրոջ պէտք են”, եւ իսկոյն պիտի ղրկէ զանոնք»:
যদি তোমালোকক কোনোবাই কিবা কয়, তেনেহলে তোমালোকে কবা, ‘প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব’।”
4 Այս ամէնը կատարուեցաւ, որպէսզի իրագործուի մարգարէին միջոցով ըսուած խօսքը.
যি বচন ভাববাদীৰ দ্বাৰাই কোৱা হৈছিল, এইটো সম্পূর্ণ হওক,
5 «Ըսէ՛ք Սիոնի աղջիկին. “Ահա՛ Թագաւորդ կու գայ քեզի, հեզ եւ հեծած իշու վրայ, իշու ձագի՝ աւանակի վրայ”»:
“তোমালোকে চিয়োন-জীয়ৰীক কোৱা, চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে, তেওঁ নম্ৰ হৈ, গাধৰ ওপৰত বহি, অৰ্থাৎ গাধ পোৱালিৰ ওপৰত উঠি৷”
6 Աշակերտները գացին, եւ ըրին ինչպէս Յիսուս պատուիրած էր իրենց.
সেই বচন সিদ্ধ হবলৈ এয়ে ঘটিল; তেতিয়া শিষ্য সকল গ’ল আৰু যীচুৱে দিয়া আদেশ অনুসৰি কৰিলে,
7 բերին էշն ու աւանակը, դրին անոնց վրայ իրենց հանդերձները, եւ նստաւ անոնց վրայ:
গাধজনী আৰু পোৱালিটো আনিলে, আৰু সিহঁতৰ পিঠিত তেওঁলোকৰ কাপোৰ পাৰি দিলে; তাৰ পাছত তেওঁ তাৰ ওপৰত বহিল।
8 Ահագին բազմութիւն մը փռեց իր հանդերձները ճամբային վրայ. ուրիշներ ճիւղեր կը կտրէին ծառերէն ու կը տարածէին ճամբային վրայ:
তেতিয়া লোক সকলৰ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে; আৰু কিছুমান লোকে গছৰ ডালবোৰকে কাটি আনি বাটত পাৰি দিলে;
9 Եւ առջեւէն գացող ու իրեն հետեւող բազմութիւնները կ՚աղաղակէին. «Ովսաննա՜ Դաւիթի Որդիին: Օրհնեա՜լ է ան՝ որ կու գայ Տէրոջ անունով: Ովսաննա՜ ամենաբարձր վայրերուն մէջ»:
আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক’লে, “হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান৷ যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!”
10 Երբ ան մտաւ Երուսաղէմ, ամբողջ քաղաքը շարժեցաւ եւ ըսաւ. «Ո՞վ է ասիկա»:
১০যেতিয়া যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে, তেতিয়া লোক সকলে পুণৰ উৎফুল্লিত হৈ কব ধৰিলে “এই জন কোন?”
11 Բազմութիւնը ըսաւ. «Ա՛յս է Յիսուս մարգարէն՝ Գալիլեայի Նազարէթէն»:
১১তাতে লোক সকলে ক’লে, “এওঁ গালীল প্ৰদেশৰ নাচৰতৰ পৰা অহা ভাৱবাদী যীচু।”
12 Յիսուս մտաւ Աստուծոյ տաճարը, դուրս հանեց բոլոր անոնք՝ որ տաճարին մէջ կը ծախէին ու կը գնէին, եւ տապալեց լումայափոխներուն սեղաններն ու աղաւնի ծախողներուն աթոռները,
১২পাছত যীচু ঈশ্বৰৰ মন্দিৰত সোমাল, তাত যি সকলে মন্দিৰৰ ভিতৰত বেচা-কিনা কৰে, তেওঁলোকক বাহিৰ কৰিলে আৰু ধন সলোৱা সকলৰ মেজ আৰু কপৌ বেচাবোৰৰ আসনবোৰ লুটিয়াই পেলালে।
13 եւ ըսաւ անոնց. «Գրուած է. “Իմ տունս աղօթքի տուն պիտի կոչուի”, բայց դուք աւազակներու քարայր ըրիք զայն»:
১৩যীচুৱে তেওঁলোকক ক’লে, “এইটো লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ কোৱা হ’ব’, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা।”
14 Կոյրեր ու կաղեր եկան իրեն՝ տաճարին մէջ, եւ բուժեց զանոնք:
১৪তেতিয়া অন্ধ আৰু খোৰা সকল সেই মন্দিৰলৈ আহিল আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
15 Երբ քահանայապետներն ու դպիրները տեսան անոր գործած սքանչելիքները, եւ մանուկները՝ որոնք տաճարին մէջ կ՚աղաղակէին. «Ովսաննա՜ Դաւիթի Որդիին», ընդվզեցան
১৫কিন্তু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁ কৰা আচৰিত কৰ্মবোৰ দেখি আৰু যেতিয়া ল’ৰাবোৰে মন্দিৰত চিঞৰি “জয়! জয়! দায়ুদৰ বংশৰ সন্তান”, বুলি কোৱা শুনিলে, তেতিয়া তেওঁলোক ক্ষোভিত হ’ল৷
16 եւ ըսին անոր. «Կը լսե՞ս ի՛նչ կ՚ըսեն ատոնք»: Յիսուս ըսաւ անոնց. «Այո՛, բնաւ չէ՞ք կարդացած գրուածը. “Երախաներուն ու ծծկերներուն բերանով գովաբանութիւն կատարեցիր”»:
১৬তেতিয়া তেওঁলোকে যীচুক ক’লে, “লোক সকলে কি কৈছে তুমি শুনিছা নে?” যীচুৱে তেওঁলোকক ক’লে, “হয়! আপোনালোকে কেতিয়াও পঢ়া নাই নে, ‘তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা’?”
17 Ապա ձգեց զանոնք, գնաց քաղաքէն դուրս՝ Բեթանիա, ու կեցաւ հոն գիշերը:
১৭পাছত তেওঁ তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈথনিয়া গাঁৱলৈ গ’ল আৰু ৰাতিতো তাতেই থাকিল।
18 Առտուն, մինչ կը վերադառնար քաղաքը, անօթեցաւ:
১৮ৰাতিপুৱা নগৰলৈ ঘূৰি আহোতে তেওঁৰ ভোক লাগিল৷
19 Ու ճամբան տեսնելով թզենի մը՝ քովը գնաց: Ոչինչ գտաւ անոր վրայ՝ տերեւներէն զատ, եւ ըսաւ անոր. «Ասկէ ետք ո՛չ մէկ պտուղ ըլլայ վրադ՝ յաւիտեան»: Թզենին անմի՛ջապէս չորցաւ: (aiōn g165)
১৯এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখা পালে আৰু তেওঁ ওচৰলৈ গ’ল, কিন্তু পাতৰ বাহিৰে একো নোপোৱাত, তেওঁ ক’লে, “এতিয়াৰ পৰা এই গছত কোনো কালে ফল নধৰক”। লগে লগেই সেই ডিমৰু জোপা শুকাই গ’ল৷ (aiōn g165)
20 Երբ աշակերտները տեսան, զարմացան ու ըսին. «Ի՜նչպէս թզենին անմի՛ջապէս չորցաւ»:
২০যেতিয়া শিষ্য সকলে সেই গছজোপাৰ অৱস্থা দেখা পালে, তেতিয়া তেওঁলোকে বিস্ময় মানি ক’লে, “এই ডিমৰু গছজোপা অকস্মাৎ কেনেকৈ শুকাই গ’ল?”
21 Յիսուս պատասխանեց անոնց. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Եթէ հաւատք ունենաք ու չտատամսիք, ո՛չ միայն պիտի ընէք այդ թզենիին եղածը, այլ նաեւ եթէ ըսէք այս լերան. "Ելի՛ր ու ծո՛վը նետուէ", պիտի ըլլայ”:
২১যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে যদি সন্দেহ নকৰি বিশ্বাস কৰা, তেনেহলে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়; কিন্তু এই পৰ্বতটোক যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, তেতিয়া সিওঁ হ’ব।
22 Ամէն ինչ որ կը խնդրէք աղօթքի մէջ՝ հաւատքով, պիտի ստանաք»:
২২তোমালোকে প্ৰাৰ্থনাৰে বিশ্বাস কৰি যি যি খোজা সকলোকে পাবা।”
23 Երբ ան եկաւ տաճարը, քահանայապետներն ու ժողովուրդին երէցները մօտեցան անոր՝ մինչ կը սորվեցնէր, եւ ըսին. «Ի՞նչ իշխանութեամբ կ՚ընես այդ բաները. ո՞վ տուաւ քեզի այդ իշխանութիւնը»:
২৩যীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, “তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই অধিকাৰ তোমাক কোনে দিলে?”
24 Յիսուս պատասխանեց անոնց. «Ես ալ ձեզի՛ հարցնեմ բան մը. եթէ ըսէք ինծի, ես ալ պիտի ըսեմ ձեզի թէ ի՛նչ իշխանութեամբ կ՚ընեմ այդ բաները:
২৪যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “ময়ো আপোনালোকক এই কথা সুধো; যদি আপোনালোকে মোক কয়, তেনেহলে ময়ো কি অধিকাৰেৰে এইবোৰ কৰিছোঁ, সেই বিষয়ে আপোনালোকক কম। কওকচোন-
25 “Յովհաննէսի մկրտութիւնը ուրկէ՞ էր, երկինքէ՞ն՝ թէ մարդոցմէ”»: Անոնք կը մտածէին իրենց մէջ՝ ըսելով. «Եթէ պատասխանենք. “Երկինքէն”, պիտի ըսէ մեզի. “Հապա ինչո՞ւ չհաւատացիք անոր”:
২৫বাপ্তিস্ম দিওঁতা যোহন- তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰাজ্যৰ পৰা নে মানুহৰ পৰা?” তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি ক’লে, “আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক ক’ব, তেনেহলে কিয় তেওঁত বিশ্বাস নকৰিলা?
26 Իսկ եթէ պատասխանենք. “Մարդոցմէ”, բազմութենէն կը վախնանք, որովհետեւ բոլորն ալ մարգարէ կը համարեն Յովհաննէսը»:
২৬কিন্তু আমি যদি কওঁ ‘মানুহৰ পৰা’, তেনেহলে লোক সকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাববাদী বুলি মানে।”
27 Ուստի պատասխանեցին Յիսուսի. «Չենք գիտեր»: Ինք ալ ըսաւ անոնց. «Ես ալ չեմ ըսեր ձեզի թէ ի՛նչ իշխանութեամբ կ՚ընեմ այդ բաները»:
২৭পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো”। তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, “তেনেহলে কি অধিকাৰেৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো আপোনালোকক নকওঁ।”
28 «Ի՞նչ է ձեր կարծիքը. մարդ մը ունէր երկու զաւակ: Առաջինին ըսաւ. “Որդեա՛կ, գնա՛, գործէ՛ այսօր այգիիս մէջ”:
২৮“কিন্তু আপোনালোকে কি ভাবে? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথম জনৰ ওচৰলৈ গৈ ক’লে, ‘বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ’।
29 Ան ալ պատասխանեց. “Չեմ ուզեր երթալ”: Բայց յետոյ զղջաց ու գնաց:
২৯তাতে সি পিতাকক উত্তৰ দিলে, ‘মই নাযাওঁ’; কিন্তু পাছত মনত অনুশোচনা কৰি গ’ল।
30 Միւսին ալ գնաց եւ նոյնը ըսաւ: Ան ալ պատասխանեց. “Կ՚երթամ, տէ՛ր”, սակայն չգնաց:
৩০দ্বিতীয় জনৰ ওচৰলৈকো গৈ, সেই একে কথাকে ক’লে। তাতে তেওঁ উত্তৰ দিলে, ‘মই যাম পিতা’; কিন্তু তেওঁ নগ’ল।
31 Այս երկուքէն ո՞վ գործադրեց իր հօր կամքը»: Ըսին անոր. «Առաջի՛նը»: Յիսուս ըսաւ անոնց. «Ճշմա՛րտապէս կը յայտարարեմ ձեզի թէ մաքսաւորներն ու պոռնիկները ձեզմէ առաջ պիտի մտնեն Աստուծոյ թագաւորութիւնը:
৩১এই দুয়োজনৰ মাজত পিতাকৰ ইচ্ছা কোন জনে পালন কৰিলে?” তেওঁলোকে ক’লে, “প্ৰথম জনে”। যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে আপোনালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব।
32 Արդարեւ Յովհաննէս արդարութեան ճամբայով եկաւ ձեզի, եւ դուք չհաւատացիք անոր. բայց մաքսաւորներն ու պոռնիկները հաւատացին անոր, իսկ դուք տեսաք եւ յետոյ չզղջացիք՝ որ հաւատայիք անոր»:
৩২কিয়নো যোহন আপোনালোকৰ ওচৰলৈ ধাৰ্মিকতাৰ পথেৰে আহিল, তথাপি আপোনালোকে তেওঁত বিশ্বাস নকৰিলে; কিন্তু কৰ সংগ্রহকাৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; আপোনালোকে এইবোৰ দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলে।”
33 «Լսեցէ՛ք ուրիշ առակ մըն ալ: Հողատէր մը կար՝ որ այգի մը տնկեց, ցանկով պատեց զայն, հնձան փորեց անոր մէջ, աշտարակ կառուցանեց, մշակներու յանձնեց զայն եւ ճամբորդեց:
৩৩“আৰু এটা দৃষ্টান্ত শুনক। এজন মানুহ আছিল; তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে, আৰু তাৰ চাৰিওফালে বেৰা দি, তাৰ মাজত পেৰাশাল পাতিলে৷ তাৰ পাছত টঙি সাজিলে, আৰু খেতিয়ক সকলৰ হাতত গতাই দি, তেওঁ আন দেশলৈ গ’ল।
34 Երբ պտուղի ատենը մօտեցաւ՝ իր ծառաները ղրկեց մշակներուն, որպէսզի ստանան անոր պտուղները:
৩৪যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ’ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।
35 Մշակները բռնեցին անոր ծառաները, մէկը ծեծեցին, միւսը սպաննեցին, ուրիշ մը քարկոծեցին:
৩৫কিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰিলে; এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে।
36 Դարձեալ ծառաներ ղրկեց՝ առաջիններէն շատ, եւ անոնց ալ նոյնպէս ըրին:
৩৬পুনৰায় তেওঁ আগতকৈ অধিক দাস পঠালে; তাতে সিহঁতকো সেই একেদৰে ব্যৱহাৰ কৰিলে।
37 Ամենէն ետք իր որդին ղրկեց անոնց՝ ըսելով. “Թերեւս պատկառին որդիէս”:
৩৭পাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ‘পুত্ৰক আদৰ কৰিব বুলি’, সিহঁতৰ ওচৰলৈ পঠালে।
38 Բայց մշակները՝ երբ տեսան որդին՝ ըսին իրարու. “Ա՛յս է ժառանգորդը. եկէ՛ք սպաննենք զայն եւ տիրանանք անոր ժառանգութեան”:
৩৮কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক’লে, ‘এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁহক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ’ব’।
39 Ու բռնեցին զայն, այգիէն դուրս հանեցին եւ սպաննեցին:
৩৯এই বুলি সিহঁতে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে।
40 Ուրեմն երբ այգիին տէրը գայ, ի՞նչ պիտի ընէ այդ մշակներուն»:
৪০এনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী জন আহিলে, সেই খেতিয়ক সকলক কি কৰিব?”
41 Ըսին իրեն. «Չարաչար պիտի կորսնցնէ այդ չարերը, եւ այգին պիտի յանձնէ ուրիշ մշակներու, որոնք պտուղները իրենց ատենին պիտի տան իրեն»:
৪১লোক সকলে তেওঁক ক’লে, “তেওঁ সেই দূৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।”
42 Յիսուս ըսաւ անոնց. «Բնաւ չէ՞ք կարդացեր Գիրքին մէջ. “Այն քարը՝ որ կառուցանողները մերժեցին, անիկա՛ եղաւ անկիւնաքարը: Ասիկա Տէրոջմէ՛ն եղաւ, եւ սքանչելի է մեր աչքերուն”:
৪২যীচুৱে তেওঁলোকক ক’লে, “এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত’?
43 Ուստի կը յայտարարեմ ձեզի. “Աստուծոյ թագաւորութիւնը պիտի առնուի ձեզմէ, ու պիտի տրուի այնպիսի ազգի մը՝ որ անոր պտուղները բերէ”:
৪৩এই হেতুকে মই আপোনালোকক কওঁ, আপোনালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ’ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ’ব।
44 Ո՛վ որ իյնայ այս քարին վրայ՝ պիտի կոտրտի, եւ որո՛ւն վրայ որ իյնայ՝ պիտի փսորէ զայն»:
৪৪এই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।”
45 Երբ քահանայապետներն ու Փարիսեցիները լսեցին անոր առակները, ըմբռնեցին որ իրենց մասին կը խօսէր.
৪৫তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি, তেওঁ যে তেওঁলোকৰ বিষয়ে কৈছে এই কথা বুজি পালে।
46 եւ կը ջանային բռնել զայն: Բայց բազմութենէն կը վախնային, քանի որ իբր մարգարէ կ՚ընդունէին զայն:
৪৬কিন্তু তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰিলে, কাৰণ লোক সকলক ভয় কৰিলে; কিয়নো লোক সকলে তেওঁক ভাববাদী বুলি মানিছিল।

< ՄԱՏԹԷՈՍ 21 >