< ՄԱՏԹԷՈՍ 17 >

1 Վեց օր ետք՝ Յիսուս առաւ իրեն հետ Պետրոսը, Յակոբոսն ու անոր եղբայրը՝ Յովհաննէսը, հանեց զանոնք բարձր լեռ մը՝ առանձին,
ছয় দিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এটা ওখ পাহাৰৰ ওপৰলৈ উঠি গ’ল।
2 եւ այլակերպեցաւ անոնց առջեւ. իր երեսը փայլեցաւ արեւի պէս, ու իր հանդերձները ճերմակ եղան՝ լոյսի պէս:
যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ’ল।
3 Եւ ահա՛ Մովսէս ու Եղիա երեւցան անոնց, եւ կը խօսակցէին իրեն հետ:
তেতিয়া হঠাৎ মোচি আৰু এলিয়াই তেওঁলোকৰ কাষত উপস্থিত হৈ যীচুৰ লগত কথোপকথন কৰিলে।
4 Պետրոս ըսաւ Յիսուսի. «Տէ՛ր, լաւ է որ կենանք հոս. եթէ կ՚ուզես, շինենք հոս երեք վրան, մէկը՝ քեզի, մէկը՝ Մովսէսի, ու մէկը՝ Եղիայի»:
তাতে পিতৰে মাত লগাই যীচুক ক’লে, “প্ৰভু, ভালেই হৈছে যে, আমি ইয়াত আছোঁ৷ আপোনাৰ ইচ্ছা হ’লে, মই ইয়াত তিনিটা পঁজা সাজিম - এটা আপোনাৰ, এটা মোচিৰ আৰু এটা এলিয়াৰ কাৰণে।”
5 Մինչ ան կը խօսէր, լուսաւոր ամպ մը հովանի եղաւ անոնց վրայ, եւ ձայն մը եկաւ ամպէն՝ ըսելով. «Ա՛յս է իմ սիրելի Որդիս՝ որուն հաճեցայ. անո՛ր մտիկ ըրէք»:
তেওঁ যেতিয়া কথা কৈ আছিল, সেই সময়ত এচপৰা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে৷ সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।”
6 Երբ աշակերտները լսեցին, իրենց երեսին վրայ ինկան ու սաստիկ վախցան:
এই কথা শুনি শিষ্য সকলে অতিশয় ভয় পাই মাটিত উবুৰি খাই পৰিল।
7 Յիսուս մօտենալով՝ դպաւ անոնց եւ ըսաւ. «Ոտքի՛ ելէք, մի՛ վախնաք»:
তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক র্স্পশ কৰি ক’লে, “উঠা, ভয় নকৰিবা।”
8 Իրենց աչքերը բարձրացուցին ու ո՛չ մէկը տեսան՝ բայց միայն Յիսուսը:
তাৰ পাছত তেওঁলোকে চকু তুলি চাই যীচুৰ বাহিৰে আন কাকো দেখা নাপালে।
9 Երբ լեռնէն վար կ՚իջնէին, Յիսուս հրահանգեց անոնց. «Այդ տեսիլքը ո՛չ մէկուն պատմեցէք, մինչեւ որ մարդու Որդին մեռելներէն յարութիւն առնէ»:
পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহি থাকোতে, যীচুৱে তেওঁলোকক আজ্ঞা দি ক’লে, “মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা উত্থান নোহোৱা পর্যন্ত তোমালোকে এই দৰ্শনৰ কথা কাকো নকবা।”
10 Աշակերտները հարցուցին իրեն. «Հապա ինչո՞ւ դպիրները կ՚ըսեն թէ “պէտք է որ նախ Եղիա գայ”»:
১০তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “তেনেহলে এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
11 Յիսուս պատասխանեց անոնց. «Իրաւ է թէ նախ Եղիա պիտի գայ եւ վերահաստատէ ամէն բան:
১১তেওঁ উত্তৰ দি ক’লে, “এলিয়া অৱশ্যেই আহিব আৰু তেওঁ সকলো পুনঃস্থাপন কৰিব৷
12 Բայց ձեզի կ՚ըսեմ թէ Եղիա արդէն եկած է, ու չճանչցան զայն, հապա ինչ որ ուզեցին՝ ըրին անոր. նոյնպէս ալ մարդու Որդին պիտի չարչարուի անոնցմէ»:
১২কিন্তু মই তোমালোকক কওঁ, এলিয়া ইতিমধ্যেই আহি গ’ল আৰু লোক সকলে তেওঁক চিনি নাপালে; লোক সকলে তেওঁৰ প্ৰতি যি ইচ্ছা তাকে কৰিলে। এইদৰে মানুহৰ পুত্ৰয়ো তেওঁলোকৰ হাতত দুখভোগ কৰিব লাগিব।”
13 Այն ատեն աշակերտները հասկցան թէ Յովհաննէս Մկրտիչին մասին ըսաւ իրենց:
১৩তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ বাপ্তিস্ম দিয়া যোহনৰ বিষয়ে তেওঁলোকক কৈ আছে।
14 Երբ եկան բազմութեան քով, մարդ մը մօտեցաւ անոր, եւ ծնրադրելով՝ ըսաւ.
১৪যীচু আৰু তেওঁৰ শিষ্য সকল যেতিয়া লোক সকলৰ ওচৰলৈ ঘূৰি আহিল, তেতিয়া এজন মানুহ যীচুৰ ওচৰলৈ আহি, তেওঁৰ আগত আঁঠুকাঢ়ি ক’লে,
15 «Տէ՛ր, ողորմէ՜ որդիիս, որ կը լուսնոտի ու չարաչար կը տանջուի. քանի որ յաճախ կրակի մէջ կ՚իյնայ, եւ յաճախ՝ ջուրի մէջ:
১৫“হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক৷ সি মৃগী ৰোগত আক্ৰান্ত হৈ বৰ কষ্ট পাই আছে৷ সি বাৰে বাৰে হয় জুই অথবা পানীত পৰি যায়৷
16 Զինք բերի քու աշակերտներուդ, ու չկրցան զինք բժշկել»:
১৬মই আপোনাৰ শিষ্য সকলৰ ওচৰলৈ আনিছিলো, কিন্তু তেওঁলোকে তেওঁক সুস্থ কৰিব নোৱাৰিলে।”
17 Յիսուս պատասխանեց. «Ո՛վ անհաւատ եւ խոտորեալ սերունդ, մինչեւ ե՞րբ պիտի ըլլամ ձեզի հետ, մինչեւ ե՞րբ պիտի հանդուրժեմ ձեզի: Հո՛ս՝ ինծի՛ բերէք զայն»:
১৭তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “তোমালোক অবিশ্বাসী আৰু অপথে যোৱা বংশ; আৰু কিমান কাল মই তোমালোকৰ লগে লগে থাকিম? কিমান দিন নো মই তোমালোকক সহিম? লৰাটিক মোৰ ওচৰলৈ আনা।”
18 Յիսուս սաստեց զայն, դեւը ելաւ անկէ, ու պատանին բժշկուեցաւ նոյն ժամուն:
১৮তেতিয়া যীচুৱে সেই ভূতৰ আত্মাক ডবিয়াই দিয়াত, সি লৰাটোৰ পৰা ওলাই গ’ল আৰু সেই মুহুৰ্তৰে পৰা ল’ৰাটো সুস্থ হ’ল।
19 Այն ատեն աշակերտները գացին Յիսուսի քով՝ առանձին, եւ ըսին. «Մե՛նք ինչո՞ւ չկրցանք հանել զայն»:
১৯তাৰ পাছত শিষ্য সকলে নিৰলে যীচুৰ ওচৰলৈ আহি সুধিলে, “আমি নো তাক কিয় খেদাব নোৱাৰিলো?”
20 Յիսուս ըսաւ. «Ձեր թերահաւատութեա՛ն պատճառով. քանի որ ճշմա՛րտապէս կը յայտարարեմ ձեզի. “Եթէ մանանեխի հատիկի չափ հաւատք ունենաք, պիտի ըսէք այս լերան. "Փոխադրուէ՛ ասկէ հոն", ու պիտի փոխադրուի, եւ ոչինչ անկարելի պիտի ըլլայ ձեզի”:
২০যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ অল্প-বিশ্বাসৰ কাৰণে; কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহলে এই পৰ্বতটোক যদি তোমালোকে কোৱা ‘ইয়াৰ পৰা তালৈ যা’ তেতিয়া ই যাব৷ তোমালোকৰ বাবে একোৱেই অসাধ্য নহব।
21 Սակայն այս տեսակը ուրիշ բանով դուրս չ՚ելլեր, բայց միայն աղօթքով ու ծոմապահութեամբ»:
২১প্ৰাৰ্থনা আৰু লঘোনৰ বিনে এই ধৰণৰ দুষ্ট আত্মা কোনোমতে বাহিৰ নহয়।”
22 Մինչ անոնք Գալիլեայի մէջ կը մնային, Յիսուս ըսաւ անոնց. «Մարդու Որդին պիտի մատնուի մարդոց ձեռքը,
২২পাছত যীচু আৰু তেওঁৰ শিষ্য সকল গালীল প্ৰদেশত থকা সময়ত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মানুহৰ পুত্ৰক লোক সকলৰ হাতত শোধাই দিয়া হব৷
23 ու պիտի սպաննեն զինք. բայց յարութիւն պիտի առնէ երրորդ օրը»: Անոնք ալ չափազանց տրտմեցան:
২৩লোক সকলে তেওঁক বধ কৰিব আৰু তিন দিনৰ দিনা তেওঁ পুনৰাই জীয়াই উঠিব৷” এই কথা শুনি শিষ্য সকল অতি দুঃখিত হ’ল৷
24 Երբ անոնք եկան Կափառնայում, երկդրամեան տուրքը գանձողները եկան Պետրոսի եւ ըսին. «Ձեր վարդապետը չի՞ վճարեր երկդրամեանը»: Ան ալ ըսաւ. «Այո՛, կը վճարէ»:
২৪যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গ’ল৷ যি সকল কৰ সংগ্ৰহকাৰীয়ে আধলি তোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক’লে, “তোমালোকৰ গুৰুৱে আধলিটো নিদিয়ে নে?”
25 Երբ տուն մտաւ, Յիսուս կանխեց զինք՝ ըսելով. «Ի՞նչ է քու կարծիքդ, Սիմո՛ն. երկրի թագաւորները որմէ՞ կը ստանան հարկը կամ տուրքը, իրենց որդիներէ՞ն՝ թէ օտարներէն»:
২৫তেওঁ ক’লে “দিয়ে৷” ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীচুৱে তেওঁক ক’লে, “চিমোন, তোমাৰ মনত কি ভাব হয়? পৃথিৱীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোক সকলৰ পৰা নে আন বিদেশী সকলৰ পৰা?”
26 Պետրոս ըսաւ. «Օտարներէ՛ն»: Յիսուս ըսաւ անոր. «Ուրեմն որդիները ազատ են:
২৬পিতৰে ক’লে “বিদেশী সকলৰ পৰা”, যীচুৱে তেওঁক ক’লে, “তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত।
27 Բայց որպէսզի չգայթակղեցնենք զանոնք, գնա՛ ծովը ու կա՛րթ նետէ, եւ ա՛ռ առաջին ձուկը որ կ՚ելլէ: Երբ անոր բերանը բանաս՝ սատեր մը պիտի գտնես. ա՛ռ զայն ու տո՛ւր անոնց՝ ինծի եւ քեզի համար»:
২৭তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপপাবা; সেইটো আনি, মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।”

< ՄԱՏԹԷՈՍ 17 >