< ՄԱՏԹԷՈՍ 15 >

1 Այն ատեն Յիսուսի եկան դպիրներ ու Փարիսեցիներ, որոնք Երուսաղէմէն էին, եւ ըսին.
সেই সময়ত যিৰূচালেমৰ পৰা কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক যীচুৰ ওচৰলৈ আহি সুধিলে,
2 «Ինչո՞ւ քու աշակերտներդ զանց կ՚ընեն նախնիքներուն աւանդութիւնը, քանի որ չեն լուար իրենց ձեռքերը՝ երբ հաց կ՚ուտեն»:
“আমাৰ পৰিচাৰক সকলৰ দিনৰ পৰা চলি অহা বিধান, আপোনাৰ শিষ্য সকলে কিয় মানি নচলে? কিয়নো তেওঁলোকে ভোজন কৰাৰ আগত হাতো নোধোৱে।”
3 Ինք ալ պատասխանեց անոնց. «Հապա դո՛ւք ինչո՞ւ զանց կ՚ընէք Աստուծոյ պատուիրանը՝ ձեր աւանդութեան պատճառով:
যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকৰ পৰম্পৰাগত বিধান পালনৰ কাৰণে আপোনালোকে কিয় ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰে?”
4 Արդարեւ Աստուած պատուիրեց. “Պատուէ՛ հայրդ ու մայրդ.
কাৰণ ঈশ্বৰে কৈছে, ‘তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’; আৰু ‘যি কোনোৱে নিজৰ পিতৃ-মাতৃক কুবচন কয়, তেওঁৰ মৃত্যুদণ্ড হব।’
5 եւ ո՛վ որ անիծէ իր հայրը կամ մայրը, մահո՛վ թող վախճանի”:
কিন্তু আপোনালোকে কয়, ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, “মোৰ যি যি বস্তু আপোনালোকৰ সহায় হব পাৰে, সেইবোৰ মই ঈশ্বৰক উপহাৰ দিলোঁ।”
6 Բայց դուք կ՚ըսէք. “Ո՛վ որ իր հօր կամ մօր ըսէ թէ "ի՛նչ օգուտ որ պիտի ստանաս ինձմէ՝ Աստուծոյ տալիք ընծայ է", եւ իր հայրը կամ մայրը չպատուէ՝ ազատ է”: Ա՛յսպէս՝ անվաւեր դարձուցած էք Աստուծոյ պատուիրանը՝ ձեր աւանդութեան պատճառով:
তেনেহলে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধানৰ কাৰণেই আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে।
7 Կեղծաւորնե՛ր, Եսայի ճի՛շդ մարգարէացաւ ձեր մասին՝ ըսելով.
আপোনালোক কপটীয়া! যিচয়া ভাৱবাদীয়ে আপোনালোকৰ বিষয়ে ঠিকেই ভাববাণী কৰিলে,
8 “Այս ժողովուրդը միայն շրթունքո՛վ կը պատուէ զիս, բայց իրենց սիրտը հեռու է ինձմէ.
“এই মানুহবোৰে ওঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে;
9 եւ պարապ տեղը կը պաշտեն զիս՝ մարդոց պատուէրները սորվեցնելով իբր վարդապետութիւն”»:
তেওঁলোকে অনর্থকৰূপে মোৰ আৰাধনা কৰে। কাৰণ তেওঁলোকে মানুহৰ ৰীতি নীতিবোৰ, আজ্ঞাৰ দৰে শিকায়।”
10 Եւ բազմութիւնը կանչելով իրեն՝ ըսաւ անոնց. «Լսեցէ՛ք ու հասկցէ՛ք.
১০তাৰ পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি ক’লে, “মোৰ কথা শুনক আৰু বুজক।
11 ո՛չ թէ ինչ որ կը մտնէ բերանը՝ կը պղծէ մարդը, հապա ինչ որ կ՚ելլէ բերանէն՝ անիկա՛ կը պղծէ մարդը»:
১১মুখত যি সোমায়, সেয়ে মানুহক অশুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে।”
12 Այն ատեն իր աշակերտները մօտեցան եւ ըսին իրեն. «Գիտե՞ս թէ Փարիսեցիները գայթակղեցան, երբ լսեցին այդ խօսքը»:
১২তেতিয়া শিষ্য সকলে আহি যীচুক ক’লে, “ফৰীচী সকলে যে আপোনাৰ এই কথা শুনি অপমান বোধ কৰিছে, ইয়াক আপুনি জানে নে?”
13 Ան ալ պատասխանեց. «Ամէն տունկ՝ որ իմ երկնաւոր Հայրս չէ տնկած, պիտի խլուի:
১৩যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ গছপুলি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই, তাক উভালি পেলোৱা যাব।
14 Թողուցէ՛ք զանոնք. իրենք կոյր են, ու կոյրերու առաջնորդ: Եթէ կոյրը առաջնորդէ կոյրը, երկուքն ալ փոսը պիտի իյնան»:
১৪তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
15 Պետրոս ըսաւ անոր. «Բացատրէ՛ մեզի այս առակը»:
১৫তেতিয়া পিতৰে যীচুক ক’লে, “এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক।”
16 Յիսուս ըսաւ. «Դո՞ւք ալ տակաւին անխելք էք.
১৬তেওঁ ক’লে, “তোমালোকে এতিয়াও বুজি পোৱা নাই নে?
17 չէ՞ք հասկնար թէ ամէն ինչ որ կը մտնէ բերանը, կը պարունակուի փորին մէջ, ու կը ձգուի արտաքնոցը:
১৭তোমালোকে এই কথাও নুবুজা নে- মুখত যি সোমায়, সেয়ে পেটৰ ভিতৰলৈ যায় আৰু শৌচৰ দ্বাৰেদি বাহিৰলৈ ওলায়।
18 Իսկ ինչ որ բերանէն դուրս կ՚ելլէ՝ սիրտէ՛ն յառաջ կու գայ, եւ անիկա՛ կը պղծէ մարդը:
১৮কিন্তু মুখৰ পৰা যিবোৰ ওলায়, সেইবোৰ মানুহৰ হৃদয়ৰ পৰা বাহিৰলৈ ওলায় আৰু সেইবোৰেই মানুহক অশুচি কৰে।
19 Որովհետեւ սիրտէ՛ն կ՚ելլեն չար մտածումներ, սպանութիւններ, շնութիւններ, պոռնկութիւններ, գողութիւններ, սուտ վկայութիւններ ու հայհոյութիւններ:
১৯কিয়নো মানুহৰ মনৰ পৰাই সকলো কুচিন্তা, নৰ-বধ, ব্যভিচাৰ, যৌনপাপ, চুৰি, মিছা সাক্ষ্য আৰু নিন্দা এইবোৰ ওলায়।
20 Ասո՛նք են որ կը պղծեն մարդը, բայց անլուայ ձեռքով հաց ուտելը՝ չի պղծեր մարդը»:
২০এইবোৰেহে মানুহক অশুচি কৰে; কিন্তু নোধোৱা হাতেৰে ভোজন কৰিলে মানুহ অশুচি নহয়।”
21 Յիսուս անկէ մեկնելով՝ գնաց Տիւրոսի ու Սիդոնի երկրամասերը:
২১তাৰ পাছত যীচুৱে সেই ঠাই এৰি তুৰ আৰু চীদোন অঞ্চললৈ গ’ল।
22 Եւ ահա՛ քանանացի կին մը, այդ հողամասերէն ելած, կը պոռար անոր. «Ողորմէ՜ ինծի, Տէ՛ր, Դաւիթի՛ որդի, աղջիկս սաստիկ կը չարչարուի դեւէն»:
২২সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”
23 Ինք ո՛չ մէկ խօսքով պատասխանեց անոր. իսկ իր աշակերտները մօտենալով՝ կը թախանձէին իրեն ու կ՚ըսէին. «Արձակէ՛ զայն, որովհետեւ կ՚աղաղակէ մեր ետեւէն»:
২৩কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “তাইক বিদায় দিয়ক; কিয়নো তাই চিঞৰি চিঞৰি আমাৰ পাছে পাছে আহি আছে।”
24 Ինք ալ պատասխանեց. «Ես ղրկուեցայ միայն Իսրայէլի տան կորսուած ոչխարներուն»:
২৪কিন্তু যীচুৱে উত্তৰ দি ক’লে, “মোক আন কোনো মানুহৰ ওচৰলৈ পঠোৱা নাই, কেৱল ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰৰ ওচৰলৈহে পঠোৱা হৈছে।”
25 Բայց անիկա եկաւ, երկրպագեց անոր եւ ըսաւ. «Տէ՛ր, օգնէ՛ ինծի»:
২৫তাতে মহিলা গৰাকীয়ে আহি যীচুক প্ৰণিপাত কৰি ক’লে, “হে প্ৰভু, মোলৈ দয়া কৰক।”
26 Ան ալ պատասխանեց. «Լաւ չէ առնել զաւակներուն հացը ու նետել շուներուն»:
২৬কিন্তু যীচুৱে উত্তৰ দি ক’লে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”
27 Անիկա ալ ըսաւ. «Այո՛, Տէ՛ր. սակայն շուները կը կերակրուին իրենց տիրոջ սեղանէն ինկած փշրանքներով»:
২৭তাই ক’লে, “হয় প্ৰভু, কিন্তু গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰে খাবলৈ পায়।”
28 Այն ատեն Յիսուս պատասխանեց անոր. «Ո՛վ կին, մեծ է հաւատքդ. թող ըլլայ քեզի՝ ի՛նչ որ կ՚ուզես»: Եւ նոյն ժամուն անոր աղջիկը բժշկուեցաւ:
২৮তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।
29 Յիսուս անկէ մեկնեցաւ. երբ Գալիլեայի ծովեզերքը հասաւ՝ լեռը ելլելով նստաւ:
২৯তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা গালীল সাগৰৰ ওচৰলৈ গ’ল। তাতে তেওঁ গৈ এটা পাহাৰৰ ওপৰত উঠি বহিল।
30 Ու մեծ բազմութիւններ եկան իրեն, որոնք ունէին իրենց հետ կաղեր, կոյրեր, համրեր, հաշմանդամներ եւ շատ ուրիշներ, ու ձգեցին զանոնք Յիսուսի ոտքը: Ան ալ բուժեց զանոնք.
৩০তেতিয়া বহু মানুহৰ দল এটা তেওঁৰ ওচৰলৈ আহিল; তেওঁলোকে খোৰা, অন্ধ, বোবা, কোঙা আৰু অনেক ৰোগীক যীচুৰ চৰণলৈ আনিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
31 այնպէս որ բազմութիւնը զմայլեցաւ՝ տեսնելով որ համրերը կը խօսէին, հաշմանդամները կը բժշկուէին, կաղերը կը քալէին եւ կոյրերը կը տեսնէին. ու կը փառաբանէին Իսրայէլի Աստուածը:
৩১তাতে সেই লোক সকলে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া আৰু অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইস্ৰায়েলৰ ঈশ্বৰৰ স্তুতি কৰিলে।
32 Յիսուս՝ քովը կանչելով իր աշակերտները՝ ըսաւ. «Կը գթամ այդ բազմութեան վրայ, որովհետեւ արդէն երեք օրէ ի վեր քովս են, եւ ուտելիք ոչի՛նչ ունին: Չեմ ուզեր անօթի արձակել զանոնք, որպէսզի ճամբան չպարտասին»:
৩২পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো তেওঁলোক মোৰ লগত তিনি দিন ধৰি আছে আৰু তেওঁলোকৰ লগত একো খোৱা বস্তু নাই। তেওঁলোকক লঘোনে বিদায় দিবলৈ মোৰ ইচ্ছা নাই; হয়তো বাটত অসুস্থ হৈ পৰিব পাৰে।”
33 Աշակերտները ըսին անոր. «Մենք անապատին մէջ ուրկէ՞ պիտի ունենանք այնչափ հաց, որ կշտացնենք ա՛յսչափ մեծ բազմութիւն մը»:
৩৩তেতিয়া শিষ্য সকলে তেওঁক ক’লে, “এনেকুৱা এক নির্জন ঠাইত ইমানবোৰ মানুহক খুৱাবৰ বাবে আমি ইমান পিঠা ক’ত পাম?”
34 Յիսուս ըսաւ անոնց. «Քանի՞ նկանակ ունիք»: Անոնք ալ ըսին. «Եօթը, ու քանի մը մանր ձուկ»:
৩৪যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতটা পিঠা আৰু কেইটামান সৰু মাছ আছে।”
35 Հրամայեց բազմութեան՝ որ նստին գետինին վրայ:
৩৫তেতিয়া যীচুৱে লোক সকলক মাটিত বহিবলৈ আজ্ঞা দিলে।
36 Առաւ եօթը նկանակներն ու ձուկերը, շնորհակալ եղաւ, կտրեց եւ տուաւ աշակերտներուն, աշակերտներն ալ՝ բազմութեան:
৩৬তেওঁ সেই সাতোটা পিঠা আৰু মাছকেইটা ললে। তাৰ পাছত ঈশ্বৰক ধন্যবাদ দি সেইবোৰ ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে খাবৰ বাবে লোক সকলক ভগাই দিলে।
37 Բոլորը կերան ու կշտացան, եւ վերցնելով աւելցած բեկորները՝ եօթը զամբիւղ լեցուցին:
৩৭তাতে সকলোৱে খাই তৃপ্ত হ’ল আৰু যি টুকুৰাবোৰ পৰি থাকিল শিষ্য সকলে সেইবোৰ গোটাই সাতটা পাচি পূৰ কৰিলে।
38 Անոնք որ կերան՝ չորս հազար այր մարդիկ էին, կիներէն ու մանուկներէն զատ:
৩৮যি সকলে খাইছিল সেই সকলৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ উপৰি চাৰি হাজাৰ পুৰুষ আছিল।
39 Երբ արձակեց բազմութիւնը, նաւ մտաւ եւ գնաց Մագդաղայի հողամասը:
৩৯তাৰ পাছত যীচুৱে লোক সকলক বিদায় দি নাৱত উঠি মগদনৰ অঞ্চললৈ গ’ল।

< ՄԱՏԹԷՈՍ 15 >