< ԵԲՐԱՅԵՑԻՍ 9 >

1 Արդարեւ առաջին ուխտն ալ ունէր պաշտամունքի կանոններ, նաեւ աշխարհային սրբարան մը.
সেই প্ৰথম ব্যৱস্থাত এই জগতত সেৱা উপাসনা কৰিবলৈ নানা বিধান দিয়া হৈছিল আৰু উপাসনাৰ বাবে এটি বিশেষ মহা-পবিত্ৰ স্থান আছিল৷
2 որովհետեւ խորան մը կառուցանուած էր: Առաջինը, որուն մէջ կային աշտանակը, սեղանը եւ առաջադրութեան հացը, Սրբութիւն կը կոչուէր:
সেই অনুসাৰে এটা তম্বু নির্ম্মাণ কৰা হৈছিল আৰু তাৰ ভিতৰত এটা কোঠালি যুগুত কৰিছিল৷ সেই তম্বুৰ প্ৰথম অংশক ‘অতি পবিত্ৰ স্থান’ বোলা হয়, তাতে দীপাধাৰ, মেজ আৰু ঈশ্বৰলৈ উৎসৰ্গ কৰা বিশেষ পিঠা থাকে।
3 Իսկ երկրորդ վարագոյրին ետեւ կար խորան մը՝ որ Սրբութիւններու սրբութիւն կը կոչուէր.
আৰু দ্বিতীয় আঁৰ-কাপোৰৰ পাছফালে আন এটা অংশ আছিল, সেই অংশক ‘মহা-পবিত্ৰ স্থান’ বোলা হৈছিল৷
4 անոր մէջ էին ոսկիէ բուրվառը եւ ամէն կողմէ ոսկեպատ ուխտին տապանակը, որուն մէջ կային ոսկիէ սափորը՝ մանանայով լեցուն, Ահարոնի գաւազանը՝ որ ծաղկեցաւ, եւ ուխտին տախտակները:
এই অংশত ধুপ জ্বলোৱাৰ কাৰণে সোণৰ বেদি অাৰু ব্যৱস্থাৰ নিয়ম-চন্দুক আছিল; ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, হাৰোণৰ লাখুটি আৰু বিধান থকা দুখন শিলৰ ফলি।
5 Անոր վրայ ալ՝ փառքի քերովբէները, որ հովանի կ՚ընէին Քաւութեան վրայ: Այս մասին հիմա մանրամասն խօսելու կարիք չկայ:
সেই চন্দুকৰ ওপৰত প্ৰতাপৰ দুটা সোণৰ কৰূব আছিল, সিহঁতৰ পাখিবোৰে সেই চন্দুকৰ ঢাকনিৰ ওপৰত ছাঁ দি ৰাখিছিল৷ এই সকলোৰ বিষয়ে আমি এতিয়া ভাঙি পাতি ক’বলৈ নোৱাৰিম।
6 Ասոնք այսպէս կառուցանուած ըլլալով, քահանաները ամէն ատեն կը մտնէին առաջին խորանը՝ պաշտամունք կատարելու:
এইদৰে সেইবোৰ নিৰ্ম্মিত হোৱাত পুৰোহিত সকলে উপাসনাৰ কাৰ্য সিদ্ধ কৰিবলৈ প্ৰথম কোঁঠালিত সদায় সোমায়;
7 Իսկ միայն քահանայապետը կը մտնէր երկրորդին մէջ, տարին մէ՛կ անգամ. բայց ո՛չ առանց արիւնի, որ կը մատուցանէր իրեն համար, նաեւ ժողովուրդին անգիտութեան մեղքերուն համար:
কিন্তু দ্বিতীয়টোত হ’লে, কেৱল মহা-পুৰোহিতে অকলে বছেৰেকত এবাৰ সোমায়; তেওঁ নিজৰ পাপৰ কাৰণে আৰু মানুহবোৰে নাজানি কৰা পাপৰ কাৰণে উৎসৰ্গ কৰা পশুৰ তেজ নোলোৱাকৈ নোসোমায়।
8 Սուրբ Հոգին սա՛ կը բացայայտէր, թէ սրբարանին ճամբան յայտնաբերուած չէր, քանի դեռ կը կենար առաջին խորանը,
ইয়াতে পবিত্ৰ আত্মাই জনাইছে যে যিমান দিন এই প্ৰথম উপাসনাৰ তম্বু থাকিব সিমান দিনলৈ সেই মহা-পবিত্ৰ স্থানত সোমোৱা প্ৰৱেশৰ পথ খোলা নহব।
9 որ նախատիպար մըն էր ներկայ ատենին համար: Անոր մէջ կը մատուցանուէին ընծաներ ու զոհեր, որոնք չէին կրնար կատարեալ ընել պաշտամունք կատարողը՝ խղճմտանքին հանդէպ. հապա՝ կերակուրներով, խմելիքներով
ই আজিৰ কাৰণে এটা দৃষ্টান্ত স্বৰূপ; উৎসৰ্গিত বলি আৰু উপহাৰে উপাসনাকাৰীৰ বিবেকক সর্ম্পূণ ৰূপে নিখুঁত কৰিব পৰা নাই৷
10 եւ տարբեր լուացումներով՝ միայն մարմնաւոր կանոններ էին, որոնք կը պարտադրուէին մինչեւ ուղղումի ատենը:
১০এইবোৰ কেৱল আহাৰ, পানীয় আৰু নানা বিধ বাহ্যিক শুচিতাৰ স্নান; এই সকলো নতুন আদেশ নহালৈকে মাংসিক ধর্ম-বিধি মাত্ৰ৷
11 Բայց երբ Քրիստոս եկաւ իբր գալիք բարիքներու Քահանայապետ, անցաւ աւելի մեծ ու կատարեալ խորանին մէջէն՝ որ անձեռակերտ է, (այսինքն՝ այս արարչութենէն չէ, )
১১ভৱিষ্যত মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে খ্ৰীষ্ট আহিল, তেওঁ অধিক মহত্ত্ব আৰু অধিক সিদ্ধতাৰ পবিত্ৰ তম্বুৱেদি আহিল, এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয়, এই জগতৰ কোনো বস্তুৱেদিও নহয়৷
12 եւ ի՛ր իսկ արիւնով - ո՛չ թէ նոխազներու եւ զուարակներու արիւնով - մէ՛կ անգամ ընդմիշտ մտաւ սրբարանը, յաւիտենական ազատագրութիւն ստանալով: (aiōnios g166)
১২ছাগলীৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁ নিজৰ তেজৰ গুণে খ্ৰীষ্ট একেবাৰতে সকলোৰে কাৰণে অতি পবিত্ৰ স্থানত সোমাই আমাৰ বাবে অনন্তকাল স্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে। (aiōnios g166)
13 Որովհետեւ եթէ ցուլերուն ու նոխազներուն արիւնը, եւ պիղծերուն վրայ սրսկուող երինջին մոխիրը, կը սրբացնէին՝ մարմինի մաքրութեան համար,
১৩ছাগ বা ভতৰাৰ তেজ আৰু চেঁউৰীৰ ভস্ম, এই সকলো অশুচি মানুহৰ ওপৰত চতিয়াই তেওঁলোকৰ শৰীৰৰ শুচিতাৰ কাৰণে পবিত্ৰ কৰে৷
14 ա՛լ ո՜րչափ աւելի Քրիստոսի արիւնը, որ յաւիտենական Հոգիին միջոցով մատուցանեց ինքզինք Աստուծոյ՝ իբր անարատ զոհ, պիտի մաքրէ ձեր խղճմտանքը մեռած գործերէն՝ պաշտելու համար ապրող Աստուածը: (aiōnios g166)
১৪তেনেহলে যি জনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বলি স্বৰূপে নিজকে উ‌‌ৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কর্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব! যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ৷ (aiōnios g166)
15 Հետեւաբար ինք նոր ուխտին միջնորդն է, քանի որ իր մահը եղաւ առաջին ուխտին ժամանակ գործուած օրինազանցութիւններուն ազատագրութեան համար, որպէսզի կանչուածները ստանան յաւիտենական ժառանգութեան խոստումը: (aiōnios g166)
১৫ঈশ্বৰে যি সকলক আমন্ত্ৰণ কৰি অনন্ত কালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকে যেন তাক পায়, সেই কাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হ’ল৷ তেওঁলোক সেইবোৰৰ অধিকাৰী হ’ব, কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে, সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে৷ (aiōnios g166)
16 Որովհետեւ հո՛ն՝ ուր կտակ մը կայ, հարկ է որ կտակարարը մեռնի:
১৬কোনোবাই নিয়ম-পত্ৰ কৰি গ’লে, যি জনে নিয়ম কৰিছে তেওঁৰ মৃত্যুৰ প্ৰমাণ পোৱা আৱশ্যক।
17 Արդարեւ կտակը կը հաստատուի մահէն ետք. այլապէս ոյժ չունի՝ այնքան ատեն որ կտակարարը ողջ է:
১৭মৃত্যু ঘটিলেহে নিয়ম-পত্ৰ কাৰ্যকৰী হয়; কাৰণ নিয়ম কৰা জন জীয়াই থাকে মানে সেই নিয়ম-পত্ৰ কাৰ্যকৰী নহয়৷
18 Հետեւաբար առաջին ուխտն ալ չէր կրնար հաստատուիլ՝՝ առանց արիւնի.
১৮ঠিক সেইদৰে সেই প্ৰথম বিধান তেজৰ বিনে স্থাপন নহ’ল।
19 քանի որ երբ Մովսէս ամբողջ ժողովուրդին հաղորդեց Օրէնքին բոլոր պատուէրները, ցուլերուն եւ նոխազներուն արիւնը առաւ ու նոյնինքն Գիրքին եւ ամբողջ ժողովուրդին վրայ սրսկեց՝ ջուրով, որդան կարմիր բուրդով ու զոպայով,
১৯সকলো লোকৰ ওচৰত বিধানৰ প্ৰতিটো আদেশ ঘোষণা কৰাৰ পাছত মোচিয়ে দামুৰি আৰু ছাগৰ তেজ লৈ তাৰ লগত পানী মিহলাই উজ্বল ৰঙা বৰণীয়া মেষৰ নোম আৰু এচোব বনেৰে সৈতে বিধান পুস্তক আৰু সকলো মানুহৰ ওপৰত চতিয়াই দিছিল৷
20 եւ ըսաւ. «Ա՛յս է արիւնը այն ուխտին՝ որ Աստուած հրահանգեց ձեզի»:
২০তেতিয়া তেওঁ কৈছিল “ঈশ্বৰে তোমালোকৰ উদ্দেশ্যে দিয়া যি বিধানৰ আজ্ঞা, এয়ে সেই নিয়মৰ তেজ।”
21 Ու խորանին վրայ, եւ պաշտօնին բոլոր առարկաներուն վրայ նոյնպէս սրսկեց արիւնը:
২১উপাসনা তম্বু আৰু উপাসনাৰ কামত ব্যৱহৃত সকলো পাত্ৰৰ ওপৰত মোচিয়ে সেইদৰে তেজ ছটিয়াই দিছিল৷
22 Օրէնքին համաձայն՝ գրեթէ ամէն բան կը մաքրուի արիւնով. եւ առանց արիւն թափելու՝ ներում չ՚ըլլար:
২২বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়; তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়।
23 Ուրեմն հարկ էր որ երկնային բաներուն օրինակները մաքրուէին ասոնցմով, իսկ նոյնինքն երկնաւորները՝ ասոնցմէ լաւագոյն զոհերով:
২৩এতেকে যি স্বৰ্গীয় বিষয়ৰ নকল মাত্ৰ, সেইবোৰ এই উপায়েৰে শুচি কৰা হোৱা আৱশ্যক; কিন্তু আচল যি স্বৰ্গীয় বিষয়, সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই শুচি কৰা হোৱা আৱশ্যক।
24 Քանի որ Քրիստոս մտաւ ո՛չ թէ ձեռակերտ սրբարանը, որ ճշմարիտին կրկնատիպն էր, հապա նոյնինքն երկինքը, որպէսզի հիմա Աստուծոյ առջեւ երեւնայ մեզի համար.
২৪কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, সেয়া সত্যৰ নকলহে মাত্র। খ্ৰীষ্ট সেই ঠাইত নোসোমাল; কিন্তু সম্প্ৰতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’বলৈ স্বৰ্গতহে সোমাল।
25 ո՛չ ալ մտաւ՝ ինքզինք յաճախ իբր զոհ մատուցանելու համար, ինչպէս քահանայապետը՝ որ ամէն տարի սրբարանը կը մտնէ ուրիշին արիւնով.
২৫কিন্তু মহা-পুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছেৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উ‌‌ৎসৰ্গ কৰিবলৈ যে সোমাল, এনে নহয়;
26 այլապէս, պէտք էր որ յաճախ չարչարուէր՝ աշխարհի հիմնադրութենէն ի վեր: Բայց հիմա, դարերու վախճանին, մէ՛կ անգամ երեւցաւ՝ ջնջելու համար մեղքը ինքզինք զոհելով: (aiōn g165)
২৬সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলহেঁতেন; কিন্তু এতিয়া তেওঁ আত্ম-বলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ’ল। (aiōn g165)
27 Եւ ինչպէս մարդոց վերապահուած է մէ՛կ անգամ մեռնիլ, իսկ անկէ ետք՝ դատաստանը,
২৭আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,
28 նոյնպէս ալ Քրիստոս մէ՛կ անգամ իբր զոհ մատուցանուեցաւ՝ քաւելու համար շատերու մեղքերը, ու երկրորդ անգամ պիտի երեւնայ՝ առանց մեղքի, փրկելու համար անոնք՝ որ կը սպասեն իրեն:
২৮তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎসৃ্ষ্ট হ’লত; দ্বিতীয় বাৰ বিনাপাপে তেওঁলৈ অপেক্ষা কৰি থকা সকলক তেওঁ পৰিত্রাণৰ অৰ্থে দৰ্শন দিব।

< ԵԲՐԱՅԵՑԻՍ 9 >