< ԵԲՐԱՅԵՑԻՍ 2 >

1 Ուստի պէտք է ա՛լ աւելի ուշադիր ըլլանք մեր լսած բաներուն, որպէսզի չզրկուինք անոնցմէ:
এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ।
2 Որովհետեւ եթէ հրեշտակներուն ըսած խօսքը հաստատուեցաւ, եւ որեւէ օրինազանցութիւն ու անհնազանդութիւն՝ ստացաւ արդար վարձատրութիւն,
কিয়নো যি বাক্য স্বর্গৰ দূত সকলৰ দ্বাৰাই কোৱা হৈছিল, সেই বাক্য সত্য বুলি প্রমাণিত হ’ল; পাপ-আচৰণ কৰা আৰু ঈশ্বৰৰ আদেশ অমান্য কৰা প্রত্যেকেই ন্যায়ৰ শাস্তি যোগ্যৰূপে পালে।
3 մենք ի՞նչպէս զերծ պիտի մնանք՝ եթէ անհոգ ըլլանք այնպիսի մեծ փրկութեան մը հանդէպ, որ սկիզբ առաւ Տէրոջ խօսքով ու մեր մէջ հաստատուեցաւ լսողներուն միջոցով.
তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল আৰু যি সকলে শুনিলে, তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্রমাণ কৰিলে।
4 Աստուած ալ վկայեց նշաններով եւ սքանչելիքներով, ու զանազան հրաշքներով եւ Սուրբ Հոգիին բաշխումներով՝ իր կամքին համաձայն:
ঈশ্বৰে নানা চিন, অদ্ভুত লক্ষণ, অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰা এই বিষয়ে সাক্ষ্য প্রদান কৰিলে।
5 Արդարեւ հրեշտակներուն չհպատակեցուց այն գալիք երկրագունդը՝ որուն մասին մենք կը խօսինք,
আমি যি ভাবী জগতৰ বিষয়ে কথা কৈছোঁ, সেই বিষয় ঈশ্বৰে স্বর্গৰ দূত সকলৰ অধীনত ৰখা নাই।
6 հապա մէկը տեղ մը վկայեց եւ ըսաւ. «Մարդը ի՞նչ է՝ որ կը յիշես զայն, կամ մարդու որդին՝ որ կ՚այցելես անոր:
কিন্তু ইয়াৰ পৰিৱর্তে, কোনো এজনে কোনো এঠাইত এই সাক্ষ্য দি কৈছে, “মানুহনো কি, তুমি যে তেওঁক সোঁৱৰণ কৰা? অথবা মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলৈ দৃষ্টি কৰা?
7 Հրեշտակներէն քիչ մը վար ըրիր զայն. փառքով ու պատիւով պսակեցիր զայն, եւ քու ձեռքերուդ գործերուն վրայ նշանակեցիր զայն.
তুমি স্বর্গৰ দূত সকলতকৈ মানুহক অলপহে সৰু কৰিলা; কিন্তু তুমি তেওঁকেই মহিমা আৰু সন্মানৰ মুকুটেৰে বিভূষিত কৰিলা;
8 ամէն բան հպատակեցուցիր անոր ոտքերուն ներքեւ»: Քանի որ բոլորը հպատակեցուց անոր, անոր դէմ ըմբոստացող ոչինչ թողուց. բայց հիմա բոլորը անոր հպատակած չենք տեսներ:
আৰু সকলো বস্তু তুমি তেওঁৰ ভৰিৰ তলত ৰাখিলা।” কিয়নো ঈশ্বৰে সকলোকে মানুহৰ অধীন কৰিলে। তেওঁৰ কর্ত্তৃত্বৰ বাহিৰত তেওঁ একোৱেই নাৰাখিলে। অৱশ্যে আমি এতিয়ালৈকে সকলো তেওঁৰ অধীনত দেখা নাই।
9 Սակայն փառքով ու պատիւով պսակուած կը տեսնենք Յիսո՛ւսը, որ հրեշտակներէն քիչ մը վար եղած էր մահուան չարչարանքին համար, որպէսզի Աստուծոյ շնորհքով մահ համտեսէ բոլորին համար:
তথাপি আমি যীচুক দেখিছোঁ, যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হ’ল; তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ’ল। সেয়েহে, ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল’লে।
10 Որովհետեւ կը պատշաճէր անոր, - որուն համար է ամէն բան, եւ անո՛վ եղած է ամէն բան, - որ շատ որդիներ փառքի մէջ մտցնելու համար՝ չարչարանքներո՛վ կատարեալ ընէ անոնց փրկութեան Ռահվիրան:
১০সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ’ল। সেই বাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে আৰু তেওঁলোকৰ পৰিত্রাণৰ অর্থে যীচুক কষ্টভোগৰ মাজেদি সিদ্ধ কৰি তোলা কার্য ঈশ্বৰৰ সঠিক কার্য আছিল।
11 Արդարեւ ա՛ն որ կը սրբացնէ եւ անո՛նք որ կը սրբանան՝ բոլորն ալ մէկէ՛ մըն են: Այս պատճառով ինք ամօթ չի սեպեր եղբայր կոչել զանոնք՝ ըսելով.
১১যি জনে পবিত্ৰ কৰে আৰু যি সকলক পবিত্ৰ কৰা হয়, সেই সকলোৱে একে জন ঈশ্বৰৰ পৰিয়ালৰ লোক। সেই কাৰণে যি জনে পবিত্র কৰে সেই যীচুৱে লোক সকলক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায়।
12 «Քու անունդ պիտի հաղորդեմ եղբայրներուս, համախմբումին մէջ պիտի օրհներգեմ քեզի»:
১২যীচুৱে কৈছে, “মোৰ ভাই সকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগীতাৰ মাজত তোমাৰ গুণ কীৰ্ত্তন কৰিম।”
13 Եւ դարձեալ. «Ես պիտի վստահիմ անոր»: Ու դարձեալ. «Ահա՛ւասիկ ես եւ այն զաւակները՝ որ Աստուած տուաւ ինծի»:
১৩তেওঁ আকৌ কৈছে, “মই তেওঁতহে ভাৰসা কৰিম।” তেওঁ আকৌ ইয়াকো কৈছে, “চোৱা, এয়া মই আৰু মোৰ সন্তান সকল, ঈশ্বৰে যি সকলক মোক দিছে।”
14 Ուրեմն, քանի որ զաւակները հաղորդակցեցան մարմինին ու արիւնին, ինք ալ նմանապէս բաժնեկից եղաւ անոնց, որպէսզի իր մահով ոչնչացնէ ա՛ն՝ որ մահուան իշխանութիւնը ունէր, այսինքն՝ Չարախօսը,
১৪ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
15 եւ ազատէ անոնք՝ որ, մահուան վախով, ենթակայ էին ստրկութեան՝ իրենց ամբողջ կեանքի ընթացքին:
১৫মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰিব পাৰে।
16 Արդարեւ ան կը բռնէ ո՛չ թէ հրեշտակներուն ձեռքը, հապա կը բռնէ Աբրահամի՛ զարմին ձեռքը:
১৬বাস্তৱিক এই কথা নিশ্চিত যে, যীচুৱে স্বর্গৰ দূত সকলক সহায় কৰা নাই, কিন্তু তাৰ পৰিৱর্তে অব্ৰাহামৰ বংশধৰ সকলকহে সহায় কৰিছে।
17 Ուստի պարտաւոր էր բոլորովին նմանիլ իր եղբայրներուն, որպէսզի ըլլար ողորմած ու հաւատարիմ քահանայապետ մը Աստուծոյ քով՝ քաւելու համար ժողովուրդին մեղքերը:
১৭সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বস্ত মহা-পুৰোহিত হব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে।
18 Հետեւաբար կարող է օգնել անոնց՝ որ կը փորձուին, որովհետեւ ինք իսկ չարչարուեցաւ՝ փորձուելով:
১৮কিয়নো যীচুৱে নিজে পৰীক্ষা আৰু দুখভোগৰ মাজেদি গৈছিল, সেই বাবে যি সকল লোক পৰীক্ষাৰ সন্মুখীন হয় তেওঁলোকক তেওঁ সহায় কৰিব পাৰে।

< ԵԲՐԱՅԵՑԻՍ 2 >