< ԳԱՂԱՏԱՑԻՍ 6 >

1 Եղբայրնե՛ր, եթէ մարդ մը որեւէ յանցանքի մէջ բռնուի, դուք որ հոգեւոր էք՝ այդպիսին հեզութեա՛ն հոգիով ուղղեցէք. ուշադի՛ր եղիր դուն քեզի, որ դո՛ւն ալ չփորձուիս:
হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
2 Կրեցէ՛ք իրարու ծանրութիւնները, եւ ա՛յդպէս գործադրեցէք Քրիստոսի օրէնքը:
আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
3 Արդարեւ եթէ մէկը՝ որ ոչի՛նչ է՝ կարծէ թէ ինք բա՛ն մըն է, ինքզինք կը խաբէ:
কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।
4 Բայց իւրաքանչիւրը թող քննէ իր գործը, եւ ա՛յն ատեն պարծենայ՝ միայն ինքնիր վրայ, ո՛չ թէ ուրիշի վրայ.
প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
5 որովհետեւ իւրաքանչիւրը պիտի կրէ ի՛ր բեռը:
কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব’ব।
6 Խօսքին աշակերտը հաղորդակից թող ընէ իր վարդապետը ամէն բարի բանի:
যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।
7 Մի՛ խաբուիք, Աստուած չի ծաղրուիր. որովհետեւ ի՛նչ որ մարդ կը սերմանէ, զա՛յն ալ պիտի հնձէ:
আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
8 Ա՛ն որ իր մարմինին համար կը սերմանէ, այդ մարմինէն ապականութիւն պիտի հնձէ. իսկ ա՛ն որ Հոգիին համար կը սերմանէ, այդ Հոգիէն յաւիտենական կեանք պիտի հնձէ: (aiōnios g166)
কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। (aiōnios g166)
9 Ուստի բարիք գործելէ չձանձրանա՛նք, քանի որ յատուկ ատենին պիտի հնձենք՝ եթէ չպարտասինք:
আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
10 Ուրեմն, քանի պատեհութիւն ունինք, բարի՛ք ընենք բոլորին, մա՛նաւանդ՝ հաւատքի ընտանիքէն եղողներուն:
১০এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
11 Նայեցէ՛ք, ո՛րքան մեծ գիրերով գրեցի ձեզի՝ ի՛մ ձեռքովս:
১১চাওক, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ।
12 Բոլոր անոնք՝ որ կ՚ուզեն մարմինին համեմատ լաւ երեւնալ, կը հարկադրեն ձեզ որ թլփատուիք, միայն՝ որպէսզի չհալածուին Քրիստոսի խաչին համար:
১২যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
13 Արդարեւ ո՛չ իսկ իրե՛նք՝ թլփատուածները կը պահեն Օրէնքը. բայց կ՚ուզեն որ դուք թլփատուիք, որպէսզի պարծենան ձեր մարմինով:
১৩কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।
14 Բայց ես ամե՛նեւին պիտի չպարծենամ, այլ միայն մեր Տէրոջ՝ Յիսուս Քրիստոսի խաչով. անով աշխարհը խաչուած է ինծի համար, ես ալ՝ աշխարհի:
১৪কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।
15 Որովհետեւ Քրիստոս Յիսուսով ո՛չ թլփատութիւնը որեւէ ազդեցութիւն ունի, ո՛չ անթլփատութիւնը, հապա՝ նոր արարած ըլլալը:
১৫কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ।
16 Խաղաղութիւն ու ողորմութիւն բոլոր անոնց վրայ՝ որ այս կանոնին համաձայն կ՚ընթանան, եւ Աստուծոյ Իսրայէլին վրայ:
১৬যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক; আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷
17 Ասկէ ետք ո՛չ մէկը թող անհանգստացնէ զիս. որովհետեւ ես մարմինիս վրայ կը կրեմ Տէր Յիսուսի վէրքին սպիները:
১৭এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰি আছোঁ।
18 Եղբայրնե՛ր, մեր Տէրոջ՝ Յիսուս Քրիստոսի շնորհքը ձեր հոգիին հետ: Ամէն:
১৮ভাই সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।

< ԳԱՂԱՏԱՑԻՍ 6 >