< ԳԱՂԱՏԱՑԻՍ 2 >

1 Յետոյ, տասնչորս տարի ետք, դարձեալ բարձրացայ Երուսաղէմ՝ Բառնաբասի հետ, Տիտոսն ալ միասին առնելով:
চৌদ্ধ বছৰ পাৰ হ’ল। মই বার্ণব্বাৰ সৈতে যিৰূচালেমলৈ পুনৰ গৈছিলোঁ, লগত তীতকো লৈছিলোঁ।
2 Բարձրացած էի յայտնութեամբ, եւ անոնց ներկայացուցի այն աւետարանը՝ որ հեթանոսներուն մէջ կը քարոզեմ. բայց առանձին անոնց՝ որ երեւելիներ էին, որպէսզի ընդունայն չվազեմ կամ վազած չըլլամ:
ঈশ্বৰৰ পৰা পোৱা প্ৰকাশিত আজ্ঞা অনুসাৰে মই তালৈ গৈছিলোঁ। যি শুভবার্তা মই অনা-ইহুদী সকলৰ মাজত প্রচাৰ কৰি থাকো, তাকে তেওঁলোকৰ আগত ব্যাখ্যা কৰিলোঁ; কিন্তু সেই ঠাইৰ গণ্য-মান্য নেতা সকলৰ ওচৰত মই সকলোবোৰ গোপনে ক’লো। মই বিচাৰিছিলোঁ, তেওঁলোকে যেন বুজিব পাৰে যে মই বৃথাই দৌৰি থকা নাই বা বৃথাই দৌৰিলোঁ বুলি যেন নাভাবে।
3 Բայց ո՛չ իսկ ինծի հետ եղող Տիտոսը, որ Յոյն էր, հարկադրուեցաւ թլփատուիլ՝
মোৰ সঙ্গী তীতক গ্রীক মানুহ হোৱা সত্বেও তেওঁক চুন্নৎ কৰিবলৈ বাধ্য নকৰিলে।
4 գաղտնի ներս բերուած սուտ եղբայրներուն պատճառով, որոնք ներս սպրդած էին՝ լրտեսելու համար Քրիստոս Յիսուսով մեր ունեցած ազատութիւնը, որպէսզի ստրուկ ընեն մեզ.
গুপ্তচৰৰ দৰে পঠোৱা কেইজনমান ভণ্ড খ্রীষ্টিয়ান ভাইৰ কাৰণে এনে হ’ল। খ্ৰীষ্ট যীচুৰ বিশ্বাসী হিচাপে আমাৰ যি স্বাধীনতা আছে, তাত দোষ উলিয়াবলৈ তেওঁলোক গোপনে সোমাইছিল যাতে আমাক ইহুদী ৰীতি-নীতিৰ দাস কৰিব পাৰে।
5 անոնց տեղի չտուինք՝ նոյնիսկ քիչ մը ատեն՝՝ ենթարկուելով, որպէսզի աւետարանին ճշմարտութիւնը ձեր մէջ մնայ:
কিন্তু শুভবার্তাৰ সত্য যেন আপোনালোকৰ লগত থাকে, সেয়ে এক মুহূর্তৰ কাৰণেও সেই ভণ্ড বিশ্বাসী ভাই সকলৰ বশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ বশৱর্তী নহ’লো।
6 Իսկ անոնք որ կը կարծուէին բա՛ն մը ըլլալ - ինչ որ էին՝ ատիկա ինծի հարց չէ, քանի որ Աստուած մարդոց աչառութիւն չ՚ըներ -, այնպէս կարծուածները աւելի ոչինչ հաղորդեցին ինծի.
মণ্ডলীত যি সকল মান্যৱন্ত বুলি খ্যাত, তেওঁলোকে হ’লে মোক একোকে নজনালে। তেওঁলোক কি প্রকাৰৰ লোক আছিল, তাতে মোৰ একো প্রয়োজন নাই। ঈশ্বৰে মানুহৰ সমাদৃত বিষয়বোৰ গ্ৰহন নকৰে।
7 հապա՝ ընդհակառակը, երբ տեսան թէ անթլփատներուն աւետարանը ինծի վստահուած է, ինչպէս Պետրոսի ալ՝ թլփատուածներունը,
এই মান্যৱন্ত লোক সকলে দেখিলে যে ঈশ্বৰে মোক অচুন্নৎ সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব দিছে, যেনেকৈ চুন্নৎ হোৱা সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব পিতৰৰ ওপৰত দিছিল।
8 (որովհետեւ ա՛ն որ ներգործեց Պետրոսի մէջ՝ թլփատուածներուն առաքելութեան համար, նոյնպէս ներգործեց իմ մէջս՝ հեթանոսներուն հանդէպ, )
কিয়নো চুন্নৎ হোৱা সকলৰ প্ৰতি যি ঈশ্বৰে পিতৰৰ হৈ পাঁচনি পদৰ কার্য সাধন কৰিছে, তেওঁ অনা-ইহুদী সকলৰ কাৰণে মোৰ হৈয়ো একে পাঁচনি পদৰ কাৰ্য সাধন কৰিছে;
9 ու երբ Յակոբոս, Կեփաս եւ Յովհաննէս, որոնք սիւներ կարծուած էին, գիտակցեցան ինծի տրուած շնորհքին, իրենց աջ ձեռքը տուին ինծի ու Բառնաբասի՝ իբր նշան հաղորդակցութեան, որպէսզի մենք քարոզենք հեթանոսներուն, իսկ իրենք՝ թլփատուածներուն:
যেতিয়া মান্য হিচাপে খ্যাত নেতা যাকোব, কৈফা আৰু যোহনে বুজি পালে যে মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ পাইছোঁ, তেতিয়া মোক আৰু বাৰ্ণব্বাক কৰমর্দন কৰি তেওঁলোকৰ সহভাগিতাত গ্রহণ কৰিলে। তেওঁলোক ৰাজী হ’ল যে, আমি অনা-ইহুদী সকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নৎ হোৱা সকলৰ ওচৰলৈ যাব;
10 Միայն թէ կ՚ուզէին որ աղքատները յիշենք, ինչ որ ես ալ փութացի ընել:
১০তেওঁলোকৰ কেৱল মাত্র এটা অনুৰোধ আছিল যে, আমি যেন দৰিদ্র সকলৰ কথা মনত ৰাখো। অৱশ্যে, এই কার্য কৰিবলৈ ময়ো যত্নবান আছিলোঁ।
11 Սակայն երբ Պետրոս եկաւ Անտիոք՝ ես դիմադարձեցի անոր, որովհետեւ պարսաւելի էր:
১১কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সন্মুখতে তেওঁৰ সাৱধান কৰিলোঁ; কাৰণ তেওঁ দোষ কৰিছিল।
12 Արդարեւ Յակոբոսի քովէն ոմանց գալէն առաջ՝ ինք հեթանոսներուն հետ անխտրաբար կ՚ուտէր. բայց երբ եկան՝ ընկրկեցաւ եւ ինքզինք զատեց, թլփատուածներէն վախնալով:
১২কিয়নো যাকোবৰ ওচৰৰ পৰা কেইজনমান ইহুদী লোক আহিছিল আৰু তেওঁলোক অহাৰ আগেয়ে, কৈফাই অনা-ইহুদী সকলৰ সৈতে খোৱা-বোৱা কৰি আছিল। কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া চুন্নৎ হোৱা লোক সকললৈ ভয় কৰি কৈফাই অনা-ইহুদী সকলৰ সঙ্গ এৰি নিজক পৃথকে ৰাখিছিল।
13 Միւս Հրեաներն ալ նոյնպէս անոր հետ կեղծեցին, ա՛յնքան՝ որ Բառնաբաս ալ անոնց կեղծիքէն տպաւորուեցաւ:
১৩অন্যান্য বিশ্বাসী ইহুদী সকলেও কৈফাৰ লগত এই কপট আচৰণত যোগ দিছিল। এনে কি বাৰ্ণব্বাও তেওঁলোকৰ কপটতাৰ দ্বাৰা প্রভাৱিত হৈছিল।
14 Բայց երբ տեսայ թէ ուղիղ չեն ընթանար՝ աւետարանին ճշմարտութեան համաձայն, բոլորին առջեւ Պետրոսի ըսի. «Եթէ դուն՝ որ Հրեայ ես՝ հեթանոսներու պէս կ՚ապրիս, եւ ո՛չ թէ Հրեաներու պէս, ինչո՞ւ կը հարկադրես հեթանոսները՝ որ Հրեաներու պէս ապրին»:
১৪কিন্তু মই যেতিয়া দেখিলোঁ যে, তেওঁলোক শুভবার্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই, তেতিয়া মই কৈফাক সকলোৰে সন্মুখত ক’লো, “আপুনি এজন ইহুদী হৈয়ো যদি ইহুদী সকলৰ দৰে আচৰণ নকৰি, অনা-ইহুদী সকলৰ দৰে আচৰণ কৰে, তেনেহলে যি সকল অনা-ইহুদী তেওঁলোকক ইহুদী সকলৰ দৰে জীৱন-ধাৰণ কৰিবলৈ জোৰ কৰিছে কিয়?”
15 Մենք՝ որ բնիկ Հրեաներ ենք, եւ ո՛չ թէ հեթանոս մեղաւորներ,
১৫আমি জন্মসূত্রে ইহুদী, “অনা-ইহুদী পাপী” নহয়।
16 գիտնալով թէ մարդ Օրէնքին գործերով չէ որ կ՚արդարանայ, հապա Յիսուս Քրիստոսի հաւատքով, մե՛նք ալ հաւատացինք Քրիստոս Յիսուսի՝ որպէսզի արդարանանք Քրիստոսի՛ հաւատքով, ո՛չ թէ Օրէնքին գործերով. որովհետեւ Օրէնքին գործերով ո՛չ մէկը պիտի արդարանայ:
১৬তথাপি আমি জানো যে কোনেও বিধানৰ কর্মেৰে নহয়, কিন্তু অকল যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে ধাৰ্মিক বুলি গণিত হয়; সেই কাৰণে আমিও খ্রীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰিছোঁ যেন আমিও বিধানৰ কৰ্মেৰে নহয়, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হওঁ। কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহেই ধাৰ্মিক বুলি গণিত নহ’ব।
17 Իսկ եթէ մենք ալ՝ Քրիստոսով արդարանալու մեր ջանքին մէջ՝ մեղաւոր գտնուինք, ուրեմն Քրիստոս մեղքի սպասարկո՞ւ կ՚ըլլայ: Ամե՛նեւին:
১৭কিন্তু আমি ইহুদী সকলে খ্ৰীষ্টত ধাৰ্মিক ৰূপে ঈশ্বৰৰ গ্রহণীয় হবলৈ গৈ যদি নিজে পাপী হৈ পৰো, তেনেহলে তাৰ অর্থ এয়ে নেকি যে, খ্ৰীষ্ট পাপৰ সেৱক? কেতিয়াও নহয়!
18 Քանի որ եթէ իմ քակած բաներս դարձեալ կառուցանեմ, ես զիս օրինազանց կը դարձնեմ:
১৮কিয়নো, মই যিহকে ভাঙিলোঁ, তাকে যদি মই আকৌ সাজোঁ, তেনেহলে মই নিজকে নিজে অপৰাধী বুলি প্রমাণ কৰোঁ।
19 Որովհետեւ ես՝ Օրէնքին միջոցով՝ մեռայ Օրէնքին, որպէսզի ապրիմ Աստուծոյ համար:
১৯মইতো বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলোঁ, যেন ঈশ্বৰৰ উদ্দেশ্যে জীয়াই থাকিব পাৰোঁ।
20 Քրիստոսի հետ խաչուեցայ. սակայն կ՚ապրի՛մ, բայց ա՛լ ո՛չ թէ ես՝ հապա Քրիստո՛ս կ՚ապրի իմ մէջս: Իսկ այն կեանքը որ հիմա մարմինովս կ՚ապրիմ՝ Աստուծոյ Որդիին հաւատքով կ՚ապրիմ, որ սիրեց զիս եւ ինքզինք ընծայեց ինծի համար:
২০মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো; মই জীয়াই আছোঁ বুলিলেও, সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে; মোৰ শৰীৰত যি জীৱন এতিয়া আছে, ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন-যাপন কৰিছোঁ। তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।
21 Ես Աստուծոյ շնորհքը չեմ ջնջեր. որովհետեւ եթէ արդարութիւնը Օրէնքէն է, ուրեմն Քրիստոս ընդունայն մեռաւ:
২১ঈশ্বৰৰ এই অনুগ্ৰহ মই ব্যৰ্থ নকৰোঁ; কিয়নো বিধান পালনৰ দ্বাৰাই যদি ধাৰ্মিকতা হয়, তেনেহলে খ্ৰীষ্ট অকাৰণে মৰিল।

< ԳԱՂԱՏԱՑԻՍ 2 >