< ԿՈՂՈՍԱՑԻՍ 2 >

1 Արդարեւ կ՚ուզեմ որ գիտնաք թէ ի՛նչպէս մեծ պայքար կը մղեմ ձեզի, Լաւոդիկեցիներուն ու բոլոր անոնց համար՝ որ չեն տեսեր իմ երեսս մարմինով,
আপোনালোকক সহায় কৰাৰ কাৰণে মই কিমান কঠোৰ প্ৰতিকুল অৱস্থাৰ মূখা-মূখি হৈছোঁ, সেই বিষয়ে আপোনালোকে জনাটো মই বিচাৰো৷ যি সকল লায়দিকেয়াত আছে আৰু যিমান মানুহে মোৰ মাংসময় মুখ দেখা নাই, সেই সকলৰ বাবেও মোৰ যুজ হৈ আছে৷
2 որպէսզի անոնց սիրտերը մխիթարուին՝ սիրով իրարու կցուած, եւ ըմբռնեն լման վստահութեան ամբողջ ճոխութիւնը, այսինքն գիտակցին Հայր Աստուծոյ ու Քրիստոսի խորհուրդին,
মই বিচাৰো তেখেত সকলৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেখেত সকলে প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধনত ধনী হ’বৰ বাবে যেন ঈশ্বৰৰ নিগূঢ়-তত্ব জানে, সেই নিগূঢ় তত্বই হ’ল, খ্ৰীষ্ট৷
3 որուն մէջ պահուած են իմաստութեան եւ գիտութեան բոլոր գանձերը:
সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।
4 Կ՚ըսեմ ասիկա՝ որպէսզի ո՛չ մէկը խաբէ ձեզ հրապուրիչ խօսքերով.
কোনেও যেন আপোনালোকক প্ৰলোভন-বাক্যেৰে নুভুলায়, এই কাৰণে মই এইবোৰ কথা কৈছোঁ।
5 որովհետեւ թէպէտ բացակայ եմ մարմինով, ձեզի հետ եմ հոգիով, ու կ՚ուրախանամ՝ տեսնելով ձեր կարգապահութիւնը եւ ձեր հաւատքին ամրութիւնը՝ Քրիստոսի վրայ:
আৰু মই শাৰীৰিক ভাবে উপস্থিত নাথাকিলেও, আত্মাৰে আপোনালোকৰ লগত আছোঁ; আৰু আনন্দ কৰি আপোনালোকৰ সু-ৰীতি আৰু খ্ৰীষ্টত আপোনালোকৰ বিশ্বাসৰ যি অলৰতা, সেয়া চাই আছোঁ।
6 Ուրեմն, ի՛նչպէս ընդունեցիք Քրիստոս Յիսուս Տէրը՝ ա՛յնպէս ընթացէք անով,
এতেকে আপোনালোকে খ্রীষ্ট যীচুক যেনেকৈ গ্ৰহণ কৰিলে, তেনেকৈ তেওঁতেই জীৱন-যাপন কৰক৷
7 արմատացած ու շինուած անոր վրայ, եւ հաստատուած հաւատքին մէջ՝ ինչպէս սորվեցաք, ու ճոխացէ՛ք անոր մէջ շնորհակալութեամբ:
তেওঁতেই দৃঢ় ৰূপে শিপা ধৰি, তেওঁত গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিল, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকক, আৰু ধন্যবাদত উপচি পৰক।
8 Զգուշացէ՛ք որ ո՛չ մէկը որսայ ձեզ փիլիսոփայութեամբ եւ ունայն խաբէութեամբ, մարդոց աւանդութեան ու աշխարհի սկզբունքներուն համաձայն, եւ ո՛չ թէ Քրիստոսի վարդապետութեան համաձայն.
কোনোৱে যেন আপোনালোকক দৰ্শন-বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই কাৰণে সাৱধান হব; সেইবোৰ মানুহ পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়।
9 որովհետեւ Աստուածութեան ամբողջ լիութիւնը կը բնակի անոր մէջ մարմնապէս,
কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে।
10 ու դուք ալ ամբողջացած էք անով՝ որ գլուխն է ամէն պետութեան եւ իշխանութեան:
১০যি জন সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ, তেওঁতেই আপোনালোক সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছে৷
11 Անո՛վ ալ թլփատուեցաք՝ անձեռակերտ թլփատութեամբ, մերկանալով մեղքերու մարմինէն՝՝ Քրիստոսի թլփատութեամբ:
১১তেওঁতেই আপোনালোক বিনাহাতে কৰা চুন্নৎ, মাংসময় শৰীৰ বস্ত্ৰ স্বৰূপে সোলোকাই পোলোৱাৰ দ্বাৰাই আপোনালোকে খ্ৰীষ্টৰ চুন্নতেৰে চুন্নৎ হ’ল৷
12 Անոր հետ թաղուեցաք մկրտութեամբ, նաեւ անով եւ անոր հետ յարութիւն առիք՝ հաւատալով Աստուծոյ ներգործութեան, որ մեռելներէն յարուցանեց զայն,
১২বাপ্তিস্মত আপোনালোক তেওঁৰ সৈতে মৈদামত থোৱা হ’ল আৰু ঈশ্বৰৰ কাৰ্য সাধন শক্তিত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁৰ সৈতে তোলাও হ’ল।
13 եւ ձեզի՛ ալ՝ որ ժամանակին մեռած էիք յանցանքներու մէջ ու ձեր մարմինին անթլփատութեան մէջ՝ կեանք տուաւ անոր հետ: Մեր բոլոր յանցանքները ներեց մեզի,
১৩আৰু আপোনালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচুন্নতত মৃত আছিল, তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে আপোনালোকক জীয়ালে আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে৷
14 եւ մեզի դէմ հրամաններով եղած պարտամուրհակը՝ որ հակառակ էր մեզի՝ ջնջեց, ու մէջտեղէն վերցուց զայն՝ գամելով խաչափայտին վրայ.
১৪আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণ পত্ৰ খন আমাৰ বিপক্ষে আছিল, সেই খন তেওঁ মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই, সেই খন দূৰ কৰিলে৷
15 եւ մերկացուց պետութիւններն ու իշխանութիւնները, եւ հանրութեան նշաւակ դարձուց՝ անով յաղթելով անոնց:
১৫তেওঁ সকলো আধিপত্য আৰু শাসনকৰ্তাবোৰক অপসাৰিত কৰিলে, আৰু তেওঁলোকক মুকলিভাবে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ যোগেদি এটা বিজয়ৰ শোভাযাত্ৰাত তেওঁলোকক চালিত কৰিলে৷
16 Ուրեմն ա՛լ ո՛չ մէկը թող դատէ ձեզ կերակուրի կամ խմելիքի համար, կամ տօներու, ամսագլուխներու կամ Շաբաթներու կապակցութեամբ,
১৬এতেকে কোনেও আপোনালোকক ভোজনত বা পান কৰাত বা উৎসৱত বা ন জোনত বা বিশ্ৰামবাৰৰ কথাত, বিচাৰ নকৰক।
17 որոնք գալիք բաներուն շուքն են. բայց մարմինը Քրիստոսի է:
১৭এই সকলো ভাবী বিষয়ৰ ছাঁ মাথোন; কিন্তু প্ৰকৃত সত্য হৈছে খ্ৰীষ্ট।
18 Ո՛չ մէկը ձեզ թող զրկէ ձեր մրցանակէն՝ յօժարակամ խոնարհութեամբ ու հրեշտակներու կրօնով, միջամուխ ըլլալով չտեսած բաներուն, զուր տեղը հպարտանալով իր մարմնաւոր միտքով,
১৮কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।
19 եւ չբռնելով գլուխը՝ որմէ ամբողջ մարմինը, յօդերով ու յօդակապերով հայթայթուած եւ իրարու կցուած, կ՚աճի Աստուծոյ աճումով:
১৯কিন্তু সংস্পৰ্শ আৰু বন্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যি জনৰ পৰা ঐশ্বৰিক বৃদ্ধি পাই বাঢ়িছে, সেই মূৰ স্বৰূপ খ্ৰীষ্টক অৱলম্বন নকৰে৷
20 Ուրեմն, եթէ դուք մեռաք Քրիստոսի հետ՝ այս աշխարհի սկզբունքներուն հանդէպ, ա՛լ ինչո՞ւ՝ աշխարհի մէջ ապրողներու նման՝ ենթակայ կ՚ըլլաք հրամաններու, ինչպէս՝
২০যদি আপোনালোকে জগতৰ পাপপূৰ্ণ নিয়মবোৰৰ বিশ্বাসত খ্ৰীষ্টৰ সৈতে একেলগে মৰিল, তেনেহলে কিয় জগতৰ বিশ্বাসত জীৱন-যাপন কৰি বশীভূত হৈ আছে:
21 «մի՛ մերձենար, մի՛ համտեսեր, մի՛ դպչիր»,
২১“সেইবোৰক নধৰিবা, নাচাকিবা, নুচুবাও?”
22 (ասոնք՝ բոլորը գործածութեամբ սահմանուած են ապականութեան, ) մարդոց պատուէրներուն ու վարդապետութիւններուն համաձայն:
২২লোক সকলৰ বাবে এই আজ্ঞা আৰু শিক্ষা সকলো বস্তু ভোগ কৰাৰ দ্বাৰাই ক্ষয় পাবৰ কাৰেণেহে হৈছে৷
23 Ասոնք արդարեւ իմաստութեան կերպարանք մը ունին՝ ինքնակամ կրօնով, խոնարհութեամբ եւ մարմինին չխնայելով. բայց արժանի են ո՛չ մէկ պատիւի, հապա կը ծառայեն մարմինը գոհացնելու:
২৩এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান, আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰিক দুখ দিয়া, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সাৰ্থক নহয়।

< ԿՈՂՈՍԱՑԻՍ 2 >